Blog

কলকাতাৰ মেডিকা চুপাৰস্পেচিয়েলিটি হস্পিটেলত উপলব্ধ অত্যাধুনিক চতুৰ্থ প্ৰজন্মৰ

কলকাতাৰ মেডিকা চুপাৰস্পেচিয়েলিটি হস্পিটেলত উপলব্ধ অত্যাধুনিক চতুৰ্থ প্ৰজন্মৰ

মেডিকা চুপাৰ স্পেচিয়েলিটি হস্পিটেলে, কলকাতাত বিশ্বমানৰ কৰ্কট ৰোগৰ চিকিৎসা প্ৰদান কৰি অংক'লজী বিভাগ স্থাপন কৰিছে, সুবিধাটোত উপলব্ধ চতুৰ্থ প্ৰজন্মৰ দা ভিঞ্চি অস্ত্ৰোপচাৰ ৰবটৰ অন্তৰ্ভুক্তিৰ দ্বাৰা সম্ভৱ হোৱা প্ৰথম ডেকেয়াৰ ৰবটিক হিষ্টেৰেকটমীৰ এক গুৰুত্বপূৰ্ণ কৃতিত্ব অৰ্জন কৰিছে। মিদনাপুৰৰ ৫০ বছৰীয়া ৰজোনিবৃত্তিপূৰ্ব (ৰজোনিবৃত্তিৰ চাৰিওফালে) মধ্যবিত্ত গৃহিণী শ্ৰীমতী সামন্ত গধুৰ আৰু দীঘলীয়া ঋতুস্ৰাৱৰ ৰক্তক্ষৰণত ভুগি আছিল। কলকাতাৰ মেডিকা চুপাৰস্পেচিয়েলিটি হস্পিটেলত উপলব্ধ অত্যাধুনিক চতুৰ্থ প্ৰজন্মৰ দা ভিঞ্চি অস্ত্ৰোপচাৰ ৰবটৰ জৰিয়তে উপলব্ধ কৰা অস্ত্ৰোপচাৰৰ লাভালাভবোৰ বুজি পোৱাৰ পিছত ৰোগী আৰু তেওঁৰ পৰিয়ালে ৰবটিক হিষ্টেৰেকটমী কৰাৰ সিদ্ধান্ত লয়।শ্ৰীমতী সামন্তক অস্ত্ৰোপচাৰৰ ৰাতিপুৱা ৭ বজাত ভৰ্তি কৰোৱা হৈছিল আৰু একেদিনাই সন্ধিয়া প্ৰায় 8 বজাত ডিচচাৰ্জ কৰা হৈছিল। এসপ্তাহৰ…
Read More
মাজুলী জিলাৰ আগতীয়া প্ৰশাসন

মাজুলী জিলাৰ আগতীয়া প্ৰশাসন

সমাগত বাৰিষাৰ প্ৰতি লক্ষ্যৰাখি মাজুলী জিলাত সম্ভাব্য যিকোনো ধৰণৰ জৰুৰী পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ সকলো প্ৰস্তুতি আৰম্ভ কৰিছে জিলা প্ৰশাসনে। এই বিষয়ে মঙ্গলবাৰে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা দুৰ্যোগ প্ৰশসন প্ৰাধিকৰণ( ডি ডি এম এ ) ৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰা হয়। বাৰিষাৰত হ’ব পৰা যিকোনো ধৰণৰ আপাদকালীন পৰিস্থিতি সূচাৰুৰূপে চম্ভালিব পৰাকৈ প্ৰতিটো বিভাগকে শীঘ্ৰে নিজাববীয়াকৈ আগতীয়া কাৰ্য পৰিকল্পনা যুগুত কৰি ডি ডি এম এ‌ৰ ওচৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হয়।
Read More
ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিষয়ত গুৰুত্বপূৰ্ণ বৈঠক

ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিষয়ত গুৰুত্বপূৰ্ণ বৈঠক

অসম মাধ্যমিক স্বাস্থ্যসেৱা প্ৰণালী সংস্কাৰ প্ৰকল্প সম্পৰ্কত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকতে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, জি এম চি এইচ আৰু প্ৰস্তাৱিত কৰ্মচাৰী স্বাস্থ্য নিশ্চিতি আঁচনিৰ স্থিতিৰ বিষয়েও পৰ্যালোচনা কৰা হয়। এই বৈঠকতে সকলো চৰকাৰী কৰ্মচাৰীৰ চিকিৎসা বিল দাখিলৰ বাবে পৰ্টেল আধাৰিত জমা প্ৰৱৰ্তন কৰিবলৈ কোৱা হৈছে। এটল অমৃত অভিযান চ’চাইটিৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত এখন এজনীয়া ব’ৰ্ড গঠনৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই ব’ৰ্ডে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ভৰ্তি হোৱা ৰোগীৰ মাচুল পৰিমাণ মুকলি তথা প্ৰমাণীকৰণ আৰু অন্যান্য প্ৰক্ৰিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ বাবে এটা প’ৰ্টেল তৈয়াৰ কৰিবলৈ উপযুক্ত নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ কোৱা…
Read More
বহু এপ, ৱেবছাইট বন্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে

বহু এপ, ৱেবছাইট বন্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে পুনৰ কেইবাটাও এপ, ৱেবছাইট সামাজিক মাধ্যমৰ একাউণ্ট বন্ধ কৰিছে। খালিস্তানি সংগঠন শিখ ফৰ জাষ্টিছৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে এই এপ, ৱেবছাইট, সামাজিক মাধ্যমৰ একাউণ্টসমূহ বন্ধ কৰি দিছে। ৰাজনীতি পাঞ্জাৱ টিভি’ৰ সকলো একাউণ্ট যোৱা ১৮ফেব্ৰুৱাৰীত বন্ধ কৰা হৈছিল। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে কৈছে যে, এই এপ, ৱেবছাইট আৰু সামাজিক মাধ্যমৰ একাউণ্টসমূহৰ জৰিয়তে পঞ্জাৱ নিৰ্বাচনৰ সময়ছোৱাত ৰাইজক অনলাইম মাধ্যমত প্ৰভাৱিত কৰি আহিছিল ।
Read More
এন টি এছ ই পৰ্যায় সফলতা

এন টি এছ ই পৰ্যায় সফলতা

এন চি ই আৰ টিয়ে ঘোষণা কৰা এন টি এছ ই(NTSE) পৰ্যায়-২ৰ ফলাফলত এলেন, গুৱাহাটীয়ে অভূতপূৰ্ব সফলতা লাভ কৰে। ক্লাছৰোম ক’ৰ্ছৰ শিক্ষাৰ্থী তপস্যা শইকীয়া, ফ্ৰিচিয়া সজিব কুমাৰ ব্ৰহ্মা, অনন্যা ডেকা , আকাংক্ষা বৰগোহাঁই,ৰশিক দাস আৰু নীহাৰ ৰঞ্জন কঞ্চ কৰ্মশালা পাঠ্যক্ৰমৰ(workshop course)পৰা উত্তীর্ণ হৈছে।
Read More
নগাঁৱত জনগোষ্ঠীয় ভাষা শিক্ষণ

নগাঁৱত জনগোষ্ঠীয় ভাষা শিক্ষণ

 নগাঁও কলেজ (অট’নমাচ)ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত আৰু অসমীয়া বিভাগৰ সহযোগত যজ্ঞেশ্বৰ শৰ্মা প্ৰেক্ষাগৃহত মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি এক বৰ্ক্তৃতা অনুষ্ঠানৰ লগতে নতুনকৈ প্ৰতিষ্ঠা কৰা জনগোষ্ঠীয় ভাষা-শিক্ষণ প্ৰশিক্ষণাগাৰ উদ্বোধন কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। অসমীয়া বিভাগৰ মুৰব্বী ধনদা দেৱীয়ে আঁত ধৰা এই সভাত সভাপতিত্ব কৰে অসমীয়া বিভাগৰ অধ্যাপক দীপক কুমাৰ বৰাই। সভাত উদ্বোধনী ভাষণ প্ৰদান কৰে কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে। ড০ বৰকটকীয়ে মাতৃভাষা দিৱসৰ তাৎপর্য ব্যক্ত কৰি মাতৃভাষা বিকাশৰ বাবে গ্ৰন্থ প্ৰণয়নকে ধৰি বিভিন্ন কাৰ্যসূচীৰ কথা ব্যক্ত কৰে। নগাঁও কলেজৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গুণ শইকীয়া। শইকীয়াই বক্তব্যত মাতৃভাষাৰ গভীৰ সংকটৰ কথা উল্লেখ কৰি বিশ্বত প্ৰায় বৃহৎ সংখ্যক…
Read More
ট্ৰেন্সইউনিয়ন চিবিআইএলৰ এমএছএমই উপভোক্তা শিক্ষা কাৰ্যসূচী আৰম্ভ

ট্ৰেন্সইউনিয়ন চিবিআইএলৰ এমএছএমই উপভোক্তা শিক্ষা কাৰ্যসূচী আৰম্ভ

ট্ৰেন্সইউনিয়ন চিবিআইএলৰ আৰু এফআইচিচিআই (ফেডাৰেচন অফ ইণ্ডিয়ান চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী)য়ে এক অনন্য দেশব্যাপী এমএছএমই উপভোক্তা শিক্ষা কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে এক অংশীদাৰীত্ব তৈয়াৰ কৰিছে যি ঋণ ব্যৱস্থাপনা, চিবিআইএল ৰেংক আৰু বাণিজ্যিক ঋণ তথ্যৰ বিষয়ে সজাগতা প্ৰাপ্ত কৰাত এমএছএমইসকলক সহায় কৰিব।কাৰ্যসূচীৰ উদ্দেশ্য হৈছে এমএছএমইবোৰক কেনেদৰে এক ভাল ক্ৰেডিট ইতিহাস গঢ়ি তুলিব লাগে আৰু চিবিআইএল ৰেংক কেনেদৰে বিত্তৰ সহজ আৰু দ্ৰুত প্ৰৱেশাধিকাৰ প্ৰাপ্ত কৰিব পাৰি তাৰ জ্ঞানৰ সৈতে শক্তিশালী কৰা। এই কাৰ্যসূচী মহাৰাষ্ট্ৰ, অসম আৰু ত্ৰিপুৰাত এমএছএমই ক্লাষ্টাৰৰ সৈতে আৰম্ভ হ'ব। ট্ৰেন্সইউনিয়ন চিবিআইএল বেংক আৰু ঋণ প্ৰতিষ্ঠানবোৰক তেওঁলোকৰ এমএছএমই পৰ্টফলিঅ'ৰ বহনক্ষম বিকাশত সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু এমএছএমইৰ বাবে বিত্তীয় প্ৰৱেশাধিকাৰ…
Read More
অক্ষয় কুমাৰে ষ্টিংৰ কৰিব পৰা শক্তি প্ৰদৰ্শন কৰিছিল

অক্ষয় কুমাৰে ষ্টিংৰ কৰিব পৰা শক্তি প্ৰদৰ্শন কৰিছিল

পেপচিকো ইণ্ডিয়াৰ ষ্টিং য়ে যুৱসকলক এক বৈদ্যুতিক নতুন গ্ৰীষ্মকালীন অভিযানৰ দ্বাৰা সতেজ কৰিবলৈ সাজু হৈছে যি হৈছে ব্ৰেণ্ডটোৰ 'এনাৰ্জি বোলে তো ষ্টিং' মন্ত্ৰৰ এক সম্প্ৰসাৰণ। ষ্টিংয়ে ব্ৰেণ্ড এম্বেচেডৰ আৰু চুপাৰষ্টাৰ অক্ষয় কুমাৰক লৈ এটা নতুন টিভিচি উন্মোচন কৰিছে।ষ্টিং আৰু অক্ষয় কুমাৰে একেলগে সমগ্ৰ দেশতে ব্ৰেণ্ডটোৰ পদচিহ্ন সম্প্ৰসাৰিত কৰিবলৈ, যুৱসকলক নিয়োজিত কৰিবলৈ আৰু দৰ্শকসকলক তেওঁলোকৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত কেন-ডু শক্তিৰে সৰ্বাধিক কৰিবলৈ উৎসাহিত কৰিবলৈ সাজু হৈছে। নতুন ষ্টিং টিভিচিটো ৩৬০ ডিগ্ৰী প্ৰচাৰৰ সৈতে টিভি, ডিজিটেল, বাহিৰৰ আৰু ছ'চিয়েল মিডিয়াত সম্প্ৰসাৰিত কৰা হ'ব। ষ্টিং ভাৰতৰ সকলো আধুনিক আৰু পৰম্পৰাগত ৰিটেইল আউটলেটত ২০০ মিলি আৰু ২৫০ মিলিত সৰু একক চাৰ্ভ পেক আৰু ৫০০…
Read More
ৰাস্তা পাৰ হ’ব লওতেই তীব্ৰবেগী বাহনৰ খুন্দাত নিহত এজন

ৰাস্তা পাৰ হ’ব লওতেই তীব্ৰবেগী বাহনৰ খুন্দাত নিহত এজন

দেওবাৰে সন্ধিয়া কলিয়াবৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। কলিয়াবৰ তিনিআলিত ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হ’ব লওতেই দ্ৰুতবেগী অচিনাক্ত বাহনৰ খুন্দাত এজন পথচাৰী থিতাতে নিহত হয় । দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহন খনে পলায়ন কৰে । কলিয়াবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ধন বিশ্বাসৰ মৃতদেহ ৰাষ্ট্ৰীয় ঘাই পথৰ মাজৰ পৰা উদ্ধাৰ কৰে।‌ বাহন খনৰ সন্ধানত কলিয়াবৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ।
Read More
দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ

দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ

ঢকুৱাখনা  পৌৰ সভা নিৰ্বাচনৰ ১০ টা ৱাৰ্ডৰ বাবে  মুঠ ২৪ গৰাকী  প্ৰাৰ্থীয়ে দাখিল কৰা মনোনয়ন পত্ৰৰ দুগৰাকীয়ে দেওবাৰে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰে । ঢকুৱাখনা মহকুমা প্ৰশাসনে নিৰ্দ্ধাৰণ প্ৰাৰ্থী সকলৰ  মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। সেই অনুসৰি ঢকুৱাখনা  পৌৰ সভাৰ ৫ নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী  অকণ গগৈ আৰু ৯  নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী  জোনটি দত্তই দেওবাৰে  নিজৰ প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰে ।
Read More