28
Jul
অৰুণাচল প্ৰদেশৰ মীনপালন খণ্ডক শক্তিশালী কৰাৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। মীনপালন বিভাগে শ্বি-ইয়মি জিলাৰ মেচুকাৰ প্ৰিমিয়াম ৰেইনব’ ট্ৰাউট বজাৰলৈ নিবৰ বাবে এটা ৰেফ্ৰিজাৰেটেড পৰিবহণ সেৱা আৰম্ভ কৰিছে। মীনপালন মন্ত্ৰী গেব্ৰিয়েল ডি. ৱাংছুৱে প্ৰায় ৩০০ কেজি অৰ্থাৎ ৩ কুইণ্টল ৰেইনব’ ট্ৰাউট লৈ যোৱা প্ৰথমখন ৰেফ্ৰিজাৰেটেড বাহনক আালো, পাছিঘাট আৰু ইটানগৰৰ বজাৰৰ বাবে ফ্লেগ অফ কৰে। এই অনুষ্ঠানত শিক্ষা মন্ত্ৰী পি.ডি. সোণা, জ্যেষ্ঠ চৰকাৰী বিষয়া, ৰাজহুৱা প্ৰতিনিধি আৰু স্থানীয় মাছ খেতিয়কসকলো উপস্থিত আছিল। এই আঁচনিৰ উদ্দেশ্য হৈছে ক’ল্ড-চেইন লজিষ্টিক্স উন্নত কৰা, উৎপাদনৰ পিছত হোৱা লোকচান কমোৱা আৰু দুৰ্গম হিমালয় অঞ্চলৰ উচ্চমানৰ ট্ৰাউট গ্ৰাহকৰ হাতলৈ সতেজ অৱস্থাত পাই দিয়া। চৰকাৰে বিশ্বাস…
