Sonakshi Sarkar

1909 Posts
মেঘালয়ৰ অবৈধ কয়লা খনিৰ বিস্ফোৰণত পুনৰ এজনৰ মৃত্যু! মৃতকৰ সংখ্যা ২৮ লৈ বৃদ্ধি

মেঘালয়ৰ অবৈধ কয়লা খনিৰ বিস্ফোৰণত পুনৰ এজনৰ মৃত্যু! মৃতকৰ সংখ্যা ২৮ লৈ বৃদ্ধি

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰত অবৈধ কয়লা খনিত সংঘটিত বিস্ফোৰণত নিহত সংখ্যা এতিয়া ২৮লৈ বৃদ্ধি পাইছে। জিলাখনৰ থাংচু অঞ্চলত পূৰ্বে সংঘটিত বিস্ফোৰণত গুৰুতৰভাৱে আহত আৰু এজন শ্ৰমিকে চিকিৎসালয়ত মৃত্যুক সাৱটি লোৱাৰ লগে লগে এই ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২৮ জনলৈ বৃদ্ধি পায়। শ্বিলঙৰ নেগ্ৰিমছ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰাজু তামাং নামৰ শ্ৰমিকজনৰ মৃত্যুৰ পাছতে আৰক্ষী অধীক্ষক বিকাশ কুমাৰে মৃতকৰ এই নতুন তথ্য নিশ্চিত কৰে। ঘটনাৰ ভয়াৱহতা আৰু প্ৰশাসনৰ ব্যৰ্থতাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি মেঘালয় চৰকাৰে ইতিমধ্যে এক ন্যায়িক তদন্তৰ নিৰ্দেশ দিছে। ইফালে, সমগ্ৰ বিষয়টোত মেঘালয় উচ্চ ন্যায়ালয়ে স্বতন্ত্ৰভাৱে হস্তক্ষেপ কৰি পূব জয়ন্তীয়া পাহাৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক আদালতত তলব…
Read More
বোমা বিস্ফোৰণ কাণ্ডঃ মণিপুৰত ৩ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰি অস্ত্ৰ উদ্ধাৰ

বোমা বিস্ফোৰণ কাণ্ডঃ মণিপুৰত ৩ উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰি অস্ত্ৰ উদ্ধাৰ

আজিৰ দিনত, মণিপুৰৰ ইম্ফল পশ্চিম জিলাত বোমা বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত নিষিদ্ধ সংগঠন কেচিপি (অপুন্‌বা)ৰ তিনিগৰাকী সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। এই গ্ৰেপ্তাৰ হৈছে তিনিদিনৰ আগৰে পৰা সংঘটিত বোমা বিস্ফোৰণৰ তদন্তৰ অন্তত। আৰক্ষী আৰু নিৰাপত্তাৰক্ষী দলৰ যৌথ অভিযানত এই উগ্ৰপন্থী কেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে। অভিযুক্ত সক্ৰিয় সদস্যৰ পৰা অনুসন্ধানৰ সময়ত এক পিষ্টল আৰু কিছু সজীৱ গুলী উদ্ধাৰ হৈছে। ২০২৩ চনৰ মে' মাহৰ পৰা অধিক দীঘলীয়া গোষ্ঠীগত সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত, মণিপুৰৰ সমগ্ৰ অঞ্চলত এখন গম্ভীৰ তালাচী অভিযান চলি আছে। এই সংঘৰ্ষৰ বাবে এতিয়ালৈকে ২৬০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে, যিয়ে এই অঞ্চলৰ শান্তি আৰু সুৰক্ষাক উল্লেখযোগ্যভাৱে প্ৰভাৱিত কৰিছে।
Read More
১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচ

১৫ ফেব্ৰুৱাৰীত ভাৰত-পাকিস্তানৰ হাই ভল্টেজ মেচ

অহা ১৫ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ।সোমবাৰে নিশা পাকিস্তান চৰকাৰে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা নিশ্চিত কৰিছে। তেওঁলোকে উল্লেখ কৰিছে যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ ডিছানায়াকে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক ফোন কৰি ভাৰতৰ বিৰুদ্ধে খেলখন খেলিবলৈ আহ্বান জনায়। তদুপৰি বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আমিনুল ইছলামেও পাকিস্তান ক্ৰিকেট ব’ৰ্ডক মেচ খেলিবলৈ পৰামৰ্শ দিয়ে। দৰাচলতে পাকিস্তানে টি-২০ বিশ্বকাপৰ পৰা বাংলাদেশক বাদ পৰাৰ প্ৰতিবাদত ১ ফেব্ৰুৱাৰীত ভাৰতৰ বিৰুদ্ধে খেলখন বৰ্জন কৰাৰ কথা ঘোষণা কৰিছিল। অৱশ্যে প্ৰতিযোগিতাখনৰ বাকী থকা মেচসমূহ খেলিবলৈ সন্মত হৈছিল। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰ কুমাৰ দিছানায়কে টেলিফোনিক বাৰ্তালাপ কৰে। ভাৰত-পাকিস্তানৰ প্ৰস্তাৱিত খেলখন শ্ৰীলংকাত…
Read More
কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা

“ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ, ২০২৬” উপলক্ষে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু স্বদেশী একাডেমিৰ সহযোগত শনিবাৰে কামৰূপ মহানগৰ জিলা ভিত্তিক আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়। তৰ্ক প্ৰতিযোগিতাত কামৰূপ মহানগৰ জিলাৰ আগশাৰীৰ বিভিন্ন বিদ্যালয়ৰ ১৫টা দলে অৰ্থাৎ ৩০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ “স্কুলীয়া পাঠ্যক্ৰমত পথ সুৰক্ষাক এক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিলেহে ভৱিষ্যতে দুৰ্ঘটনামুক্ত সমাজ গঢ়া সম্ভৱ” শীৰ্ষক বিষয়ত অসমীয়া আৰু ইংৰাজী মাধ্যমত অনুষ্ঠিত তৰ্ক প্ৰতিযোগিতাত অধ্যক্ষতা কৰে কটন মহাবিদ্যালয় প্ৰাক্তন তাৰ্কিক, “জীৱন” আলোচনীৰ সম্পাদক ড° সুৰেশ ৰঞ্জন গডুকাই । বিচাৰক হিচাপে উপস্থিত থাকে কটন বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ তৰ্ক বিভাগৰ সম্পাদক তথা বিশ্ববিদ্যালয়খনৰ বৰ্তমানৰ শ্ৰেষ্ঠ তাৰ্কিক গীতাৰ্থ বৰা আৰু “আৰণ্যক”ৰ সহকাৰী…
Read More
লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব বিৰোধীয়ে

লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব বিৰোধীয়ে

বিৰোধীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব। সূত্ৰৰ উদ্ধৃতিৰে এই কথা প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠানে। এই প্ৰস্তাৱ উত্থাপন কৰিবলৈ কমেও ৫০ জন সাংসদৰ সমৰ্থন প্ৰয়োজন। ১৪ দিন আগতীয়াকৈ সদনত লিখিত জাননী দাখিল কৰিব লাগিব। বাজেট অধিবেশনৰ নৱম দিন অৰ্থাৎ সোমবাৰেও বিৰোধীৰ প্ৰতিবাদ অব্যাহত থাকে। বিৰোধীয়ে ৰাহুল গান্ধীক ভাষণ দিবলৈ অনুমতি দিবলৈ দাবী জনায়। লোকসভাৰ অধ্যক্ষই তেওঁলোকক প্ৰশ্নকালীন ঘণ্টাৰ পিছত নিজৰ মতামত দাঙি ধৰিবলৈ নিৰ্দেশ দিয়ে। কিন্তু বিৰোধী নিজৰ স্থিতিত অটল থাকি সদন উত্তাল কৰি ৰাখে। ইয়াৰ পিছত লোকসভাৰ অধ্যক্ষই সংসদ মঙলবাৰে পুৱা ১১ বজালৈ স্থগিত বুলি ঘোষণা কৰে। প্ৰথমে দিনৰ ২ বজালৈ স্থগিত ৰাখিছিল।
Read More
উত্তৰ-পূবৰ প্রথমটো ‘কোৱালিটি কনক্লেভ ২০২৬’ (Quality Conclave 2026) সফলতাপূর্বক সম্পন্ন অঞ্চলটোৰ স্বাস্থ্যসেরাত উৎকর্ষণ নতুন মানদণ্ড নির্ধাৰণ

উত্তৰ-পূবৰ প্রথমটো ‘কোৱালিটি কনক্লেভ ২০২৬’ (Quality Conclave 2026) সফলতাপূর্বক সম্পন্ন অঞ্চলটোৰ স্বাস্থ্যসেরাত উৎকর্ষণ নতুন মানদণ্ড নির্ধাৰণ

জিএনআৰচি (GNRC) হাস্পতালে কন্যটিযাম অফ এক্রেডিটেড হেল্পকেয়াব অর্গানাইজেচন (CAHO) আৰু এছ'চিয়েচন অফ হেলথকেয়াৰ প্রভাইডার্চ-ইন্ডিয়া (AHPI) NE-1 এ সহযোগত ৭ ফেব্রুৱাৰী, ২০২৬ তাৰিখে গুৱাহাটীৰ নেড়ফি (NEDFI) কনভেনচন চেন্টাৰত প্ৰথমটো উত্তৰ-পূব কোরালিটি কনক্লেভ 2026 সফলতাপূর্বক সামৰণি মানে। এই ঐতিহাসিক অনুষ্ঠানটোরে স্বাস্থ্যসেবার মানদণ্ড আৰু ৰোগীৰ সুৰক্ষাৰ দিশত উৎকর্ষ সাধনৰ লক্ষ্যৰে সমগ্র অঞ্চলটোৰ স্বাস্থ্যসেবা খণ্ডৰ নেতৃবৃন্দ, চিকিৎসক, গুণগত মানৰ বিশেষজ্ঞ আৰু সমাধান প্রদানকাৰীসকলক একেলগ কৰে। দিনজোৰা এই সমাবেশত উত্তৰ-পূব ভাৰতৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক, চৰকাৰী বিষয়া আৰু প্রতিনিধিসকলে সক্রিয়ভাবে অংশগ্রহণ কৰে। অনুষ্ঠানটোত চাৰিটা বিশেষ অধিবেশন, গুণগত মান উন্নয়ন প্রকল্পৰ উপস্থাপন আৰু এটা কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়, যাৰ মূল লক্ষ্য আছিল স্বাস্থ্যসেৱাৰ ধাৰাবাহিক উন্নতিৰ…
Read More
ৰীল বনোৱাৰ নিচাই কাঢ়িলে প্ৰাণ! উত্তৰ প্ৰদেশত অভিনয় কৰোঁতেই চিপজৰীত চটফটাই মৃত্যু মহিলাৰ

ৰীল বনোৱাৰ নিচাই কাঢ়িলে প্ৰাণ! উত্তৰ প্ৰদেশত অভিনয় কৰোঁতেই চিপজৰীত চটফটাই মৃত্যু মহিলাৰ

ছ’চিয়েল মিডিয়াত জনপ্ৰিয় হোৱাৰ তীব্ৰ হেঁপাহে সময়ে সময়ে সৃষ্টি কৰি আহিছে ভয়ংকৰ ঘটনা। উত্তৰ প্ৰদেশৰ বাৰা জিলাত ইনষ্টাগ্ৰাম ৰীলৰ বাবে ফাঁচী লোৱাৰ অভিনয় কৰিবলৈ গৈ এগৰাকী ২৭ বছৰীয়া মহিলাই অকাল মৃত্যুক আঁকোৱালি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। কেমেৰাৰ সন্মুখত অভিনয় কৰি থকাৰ সময়তে ডিঙিত চিপজৰী লাগি ধৰাত মোহনী নামৰ মহিলাগৰাকীয়ে আত্মৰক্ষাৰ কোনো সুযোগেই নাপালে। যোৱা ২ ফেব্ৰুৱাৰীৰ সন্ধিয়া ববেৰু চহৰৰ কৰুইয়া পুৰৱাত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। পৰিয়ালৰ লোকে জনোৱা অনুসৰি মহিলাগৰাকীয়ে কোঠাৰ ভিতৰত চিলিং ফেনৰ কুন্দাত চিপজৰী লগাই টুল এখনত থিয় হৈ অভিনয় কৰি থকাৰ সময়তে হঠাৎ ভৰি পিচল খাই যায়। মাত্ৰ কেইচেকেণ্ডমানৰ ভিতৰতে এই কাল্পনিক ফাঁচীৰ…
Read More
অসমৰ গৌৰৱ গামোচাৰে দেশৰ শিক্ষাৰ্থীক আদৰণি প্ৰধানমন্ত্ৰীৰঃ নাৰী শক্তিৰ প্ৰশংসাত পঞ্চমুখ মোদী

অসমৰ গৌৰৱ গামোচাৰে দেশৰ শিক্ষাৰ্থীক আদৰণি প্ৰধানমন্ত্ৰীৰঃ নাৰী শক্তিৰ প্ৰশংসাত পঞ্চমুখ মোদী

অসমৰ স্বাভিমান তথা নাৰী শক্তিৰ প্ৰতীক স্বৰূপ গামোচাখনে আজি ৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিলে এক অনন্য স্বীকৃতি। নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত নৱম সংস্কৰণৰ 'পৰীক্ষা পে চৰ্চা' অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষাৰ্থীসকলক গামোচাৰে আদৰণি জনাই নৰেন্দ্ৰ মোদীয়ে ইয়াক নিজৰ সবাতোকৈ প্ৰিয় সম্পদ বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক এই সন্মানীয় উপহাৰ প্ৰদান কৰি কয় যে গামোচাই কেৱল এটুকুৰা বস্ত্ৰকে নুবুজায়, বৰঞ্চ ই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলৰ সৱলীকৰণ আৰু তেওঁলোকৰ শক্তিৰ প্ৰতিফলন ঘটায়। শুকুৰবাৰে অনুষ্ঠিত এই মত বিনিময় অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ শৈক্ষিক চাপ আৰু মানসিক প্ৰস্তুতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক উৎসাহিত কৰে। এজন ছাত্ৰৰ প্ৰশ্নৰ উত্তৰত তেওঁ শিক্ষকসকলক উদ্দেশ্যি কয়…
Read More
অগ্নি-৩ মিছাইলৰ সফল পৰীক্ষণেৰে ভাৰতৰ শক্তি প্ৰদৰ্শনঃ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন মাত্ৰা

অগ্নি-৩ মিছাইলৰ সফল পৰীক্ষণেৰে ভাৰতৰ শক্তি প্ৰদৰ্শনঃ প্ৰতিৰক্ষা ক্ষেত্ৰত নতুন মাত্ৰা

দেশৰ পাৰমাণৱিক প্ৰতিৰোধ ক্ষমতাক অধিক সুৰক্ষিত কৰিবলৈ ভাৰতে শুকুৰবাৰে সম্পন্ন কৰে শক্তিশালী বেলিষ্টিক মিছাইল অগ্নি-৩ৰ সফল পৰীক্ষণ। ওড়িশাৰ চাণ্ডীপুৰস্থিত ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা হোৱা এই পৰীক্ষণে দেশৰ সামৰিক শক্তিৰ উচ্চ প্ৰযুক্তি আৰু যুদ্ধংদেহী স্থিতিক পুনৰ এবাৰ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছে। ষ্ট্ৰ্যাটেজিক ফৰ্চেছ কমাণ্ডৰ তত্ত্বাৱধানত হোৱা এই পৰীক্ষণত মিছাইলটোৱে সকলো ধৰণৰ অপাৰেচনেল আৰু কাৰিকৰী মানদণ্ডত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। ৩০০০ ৰ পৰা ৩৫০০ কিলোমিটাৰ দূৰত্বত থকা শত্ৰুৰ লক্ষ্যবস্তুক নিখুঁতভাৱে আঘাত হানিব পৰা এই মিছাইলটোৱে ভাৰতৰ সামৰিক ভঁৰালত এক বিশেষ স্থান দখল কৰিছে। পৃষ্ঠৰ পৰা পৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা এই বেলিষ্টিক মিছাইলটো পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিবলৈ সক্ষম হোৱাৰ লগতে আধুনিক নেভিগেচন…
Read More
বিফ বিৰিয়ানীক কেন্দ্ৰ কৰি নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত ৰাজনীতিঃ অখিল গগৈক মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি

বিফ বিৰিয়ানীক কেন্দ্ৰ কৰি নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত ৰাজনীতিঃ অখিল গগৈক মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিফ বিৰিয়ানীক লৈ সৃষ্টি হোৱা সাম্প্ৰদায়িক উত্তেজনাই এতিয়া ধাৰণ কৰিছে তীব্ৰ ৰাজনৈতিক ৰূপ। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে গো-মাংসৰ বিৰিয়ানিৰ ৰেচিপি শ্বেয়াৰ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ মাজতে আজি মুখ্যমন্ত্ৰীয়ে বিধায়কগৰাকীৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। খাদ্যৰ দৰে সংবেদনশীল বিষয় এটাক লৈ সমাজত মেৰুকৰণৰ সৃষ্টি কৰা কাৰ্যক চৰকাৰৰ মুৰব্বীগৰাকীয়ে কঠোৰ ভাষাৰে সমালোচনা কৰি ইয়াৰ অন্তৰালত থকা ৰাজনৈতিক উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত স্পষ্টকৈ কয় যে খাদ্যৰ পছন্দ ধৰ্মীয় আৰু সাংস্কৃতিক বিশ্বাসৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, সেয়ে ইয়াক কোনো সম্প্ৰদায়ক উচতনি দিবলৈ ব্যৱহাৰ কৰিব নালাগে। বিধায়কগৰাকীৰ বিৰুদ্ধে সাম্প্ৰদায়িক আখ্যান প্ৰচাৰৰ অভিযোগ তুলি তেওঁ কয়…
Read More