Sonakshi Sarkar

1909 Posts
বিয়া খাই ওভতাৰ পথত ভয়াৱহ দুৰ্ঘটনা, ছয় যুৱকৰ মৃত্যু

বিয়া খাই ওভতাৰ পথত ভয়াৱহ দুৰ্ঘটনা, ছয় যুৱকৰ মৃত্যু

বিবাহৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি অহাৰ পথত মঙলবাৰে নিশা জয়পুৰ-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কেলাইত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ছয়জন যুৱকে। নিহতসকল দৌচা জিলাৰ কালাখোহ গাঁৱৰ বাসিন্দা বুলি জানিব পৰা গৈছে। পুলিচৰ তথ্য মতে, নিশা প্ৰায় ১২ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাত থিতাতে চাৰিজন যুৱকৰ মৃত্যু হয়। আন দুজন গুৰুতৰভাৱে আহত ব্যক্তিক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়। ঘটনাস্থলীৰ পৰা পোৱা তথ্য অনুসৰি, দ্ৰুতবেগী এখন ছুইফট ডিজায়াৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ অতিক্ৰম কৰি বিপৰীত দিশৰ পৰা অহা এখন ট্ৰেইলাৰৰ সৈতে মুখামুখীকৈ খুন্দা মাৰে। সংঘৰ্ষৰ ভয়াৱহতাৰ ফলত গাড়ীখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে আৰু পুলিচে যথেষ্ট কষ্টৰে মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম…
Read More
বন্দে মাতৰম’ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা; চৰকাৰী অনুষ্ঠানত থিয় হোৱাটো বাধ্যতামূলক

বন্দে মাতৰম’ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ নতুন নিৰ্দেশনা; চৰকাৰী অনুষ্ঠানত থিয় হোৱাটো বাধ্যতামূলক

ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম'ৰ মৰ্যাদা আৰু সন্মানক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নতুন নিৰ্দেশনাই সমগ্ৰ দেশতে এতিয়া চৰ্চা লাভ কৰিছে। নতুন নিয়ম অনুসৰি, যিকোনো চৰকাৰী অনুষ্ঠান, চৰকাৰী বিদ্যালয়ৰ কাৰ্যসূচী বা আনুষ্ঠানিক সভাবোৰত 'বন্দে মাতৰম' পৰিৱেশন কৰাৰ সময়ত উপস্থিত সকলো লোক থিয় হোৱাটো বাধ্যতামূলক কৰা হৈছে। দেশপ্ৰেমৰ ভাৱধাৰা সুদৃঢ় কৰাৰ লক্ষ্যৰে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ৰ ঠিক পাছতেই ৰাষ্ট্ৰীয় গীত 'বন্দে মাতৰম' বজোৱা হ’ব। গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে চৰকাৰী কাৰ্যসূচীত এই নিয়ম কঠোৰভাৱে পালন কৰিব লাগিব যদিও চিনেমা হ’লৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব। অৰ্থাৎ চিনেমা আৰম্ভ হোৱাৰ পূৰ্বে 'বন্দে মাতৰম' বজোৱা বা দৰ্শক থিয় হোৱাটো…
Read More
বিতৰ্কিত ভিডিঅ’ৰ জৰিয়তে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ; বিজেপিৰ বিৰুদ্ধে এজাহাৰ কংগ্ৰেছৰ

বিতৰ্কিত ভিডিঅ’ৰ জৰিয়তে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ; বিজেপিৰ বিৰুদ্ধে এজাহাৰ কংগ্ৰেছৰ

যিমানেই চমু চাপিছে বিধানসভা নিৰ্বাচনৰ দিন, সিমানেই তুংগত উঠিছে কংগ্ৰেছ-বিজেপিৰ সংঘাত। অসম বিজেপিৰ অফিচিয়েল এক্স হেণ্ডেলত শেহতীয়াকৈ আপলোড হোৱা এটা বিতৰ্কিত এনিমেটেড ভিডিঅ’ৰ বিৰুদ্ধে আজি দিছপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। কংগ্ৰেছ বিধায়ি্কা শিৱামণি বৰা আৰু দিগন্ত বৰ্মনে দাখিল কৰা এই অভিযোগত উল্লেখ কৰা হৈছে যে এআই প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত উক্ত ভিডিঅ’টোৱে ৰাজ্যত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব পাৰে। উল্লেখ্য যে, যোৱা ৭ ফেব্ৰুৱাৰীত পোষ্ট কৰা ভিডিঅ’টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এটা পিষ্টল হাতত লৈ সাংকেতিকভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ লোকক লক্ষ্য কৰি থকা দেখুওৱা হৈছিল। ভিডিঅ’টোত 'নো মাৰ্চি', 'পাকিস্তানলৈ কিয় নগ’লা?' আৰু 'বাংলাদেশীৰ বাবে কোনো ক্ষমা…
Read More
বিৰোধীৰ কণ্ঠৰোধৰ অভিযোগত কঁপিল সংসদ; অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

বিৰোধীৰ কণ্ঠৰোধৰ অভিযোগত কঁপিল সংসদ; অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিতৰ্কত বিৰোধী দলপতি ৰাহুল গান্ধীক বক্তব্য ৰাখিবলৈ বাধা দিয়াৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে লোকসভাৰ মজিয়া। সংসদীয় মৰ্যাদা আৰু নিৰপেক্ষতাৰ প্ৰশ্ন তুলি অধ্যক্ষ ওম বিৰলাৰ বিৰুদ্ধে আজি এক অভূতপূৰ্ব অনাস্থা প্ৰস্তাৱ দাখিল কৰে কংগ্ৰেছসহ বিৰোধী দলসমূহে। লোকসভাৰ কাৰ্যবিধিৰ ধাৰা ৯৪চি অনুসৰি এই ঐতিহাসিক জাননী ইতিমধ্যে লোকসভা সচিবালয়ৰ মহাসচিবৰ হাতত অৰ্পণ কৰা হৈছে। কংগ্ৰেছৰ উপ-দলপতি গৌৰৱ গগৈয়ে সদৰী কৰা মতে, মুঠ ১১৯ জন সাংসদৰ স্বাক্ষৰ সম্বলিত এই জাননী আজি দিনৰ ১:১৪ বজাত আনুষ্ঠানিকভাৱে দাখিল কৰা হয়। বিৰোধীৰ দাবী যে যিহেতু অধ্যক্ষৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনা হৈছে, সেয়েহে ওম বিৰলাই বৰ্তমান সদনৰ কাম-কাজ পৰিচালনা কৰাৰ নৈতিক অধিকাৰ হেৰুৱাইছে।…
Read More
৫০০ কোটিৰ মানহানিঃ জীতেন্দ্ৰ সিং, ভূপেশ বাঘেল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতত মুখ্যমন্ত্ৰী

৫০০ কোটিৰ মানহানিঃ জীতেন্দ্ৰ সিং, ভূপেশ বাঘেল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতত মুখ্যমন্ত্ৰী

পৰিয়ালৰ বিৰুদ্ধে অনা ভূমি কেলেংকাৰীৰ অভিযোগৰ এতিয়া আইনী প্ৰত্যুত্তৰ দি জীতেন্দ্ৰ সিং, ভূপেশ বাঘেল আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে ৫০০ কোটি টকাৰ মানহানিৰ গোচৰ তৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজীৱ ভৱনত সংবাদমেল পাতি কংগ্ৰেছৰ এই তিনি জ্যেষ্ঠ নেতাই মুখ্যমন্ত্ৰীৰ পৰিয়ালে ১২ হাজাৰ বিঘা ভূমি ক্ৰয় কৰা বুলি যি দাবী কৰিছিল, তাক ভিত্তিহীন আৰু কুৎসা ৰটনা আখ্যা দি এই পদক্ষেপ গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে মিছা অভিযোগেৰে কাৰোবাৰ ভাবমূৰ্তি নষ্ট কৰি সাৰি যোৱাৰ দিন এতিয়া শেষ হৈছে। চ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছী নেতাসকলক প্ৰত্যাহ্বান জনাই কয় যে যদি তেওঁলোকৰ হাতত কণমানো প্ৰমাণ আছে, তেন্তে সেইয়া আদালতৰ মজিয়াত প্ৰমাণ…
Read More
গৌৰৱ গগৈৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ সকীয়নি মুখ্যমন্ত্ৰীৰ, বিষয় নাবালক সন্তানৰ ধৰ্ম সলনি

গৌৰৱ গগৈৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ সকীয়নি মুখ্যমন্ত্ৰীৰ, বিষয় নাবালক সন্তানৰ ধৰ্ম সলনি

নাবালক সন্তানৰ ধৰ্ম আৰু ৰাষ্ট্ৰীয়তা সলনিৰ আইনগত বৈধতা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ মাজৰ সংঘাতত উত্তেজনা বৃদ্ধি হৈছে। গৌৰৱ গগৈৰ দুই সন্তানৰ নাগৰিকত্ব আৰু ধৰ্ম সলনিৰ বিষয়ে মুখ্যমন্ত্ৰী অভিযোগ কৰিছে যে, ১৮ বছৰ পূৰ্ট হোৱাৰ পূৰ্বে পিতৃ-মাতৃয়ে সন্তানৰ ধৰ্ম বা ৰাষ্ট্ৰীয়তা সলনি কৰিব নোৱাৰে। তেওঁ গগৈৰ বিৰুদ্ধে আইনী মোকাবিলা কৰিবলৈ জুভাইনাইল জাষ্টিচ কৰ্টলৈ যাবলৈও চেষ্টাৰ কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে, সন্তানের ধর্ম হিন্দুৰ পৰা খ্ৰীষ্টানলৈ সলনি কৰাৰ দৰে কাৰ্য্য সাংবিধানিক প্ৰশ্ন উত্পন্ন কৰিব পাৰে, আৰু তেওঁ গগৈৰ ওপৰত অভিযোগ কৰিছে যে তেওঁ নিজৰ সন্তানক শোষণ কৰিছে। গগৈৰ সেই দাবীৰ প্ৰতি তেওঁ কড়া প্ৰতিক্ৰিয়া…
Read More
ব্ৰহ্মপুত্ৰৰ চাপৰিত খিলঞ্জীয়াৰ ভূমিত বেদখলকাৰীৰ দপদপনি; মৰিগাঁৱত উচ্ছেদৰ দাবী ৰাইজৰ

ব্ৰহ্মপুত্ৰৰ চাপৰিত খিলঞ্জীয়াৰ ভূমিত বেদখলকাৰীৰ দপদপনি; মৰিগাঁৱত উচ্ছেদৰ দাবী ৰাইজৰ

মৰিগাঁৱত ব্ৰহ্মপুত্ৰৰ চৰত সন্দেহযুক্ত নাগৰিকৰ অবাধ বেদখলে এতিয়া শংকিত কৰিছে স্থানীয় খিলঞ্জীয়াক। জাতিয়াবৰীত ১৯৯৬-৯৮ চনৰ প্ৰলয়ংকাৰী খহনীয়াত নদীৰ বুকুত জাহ যোৱা প্ৰায় ১,২৩৬ বিঘা কৃষিভূমি ব্ৰহ্মপুত্ৰই গতিপথ সলনি কৰাৰ পাছত পুনৰ ওলাই পৰাত সন্দেহযুক্ত লোকৰ এক বৃহৎ দলে এই ভূ-খণ্ড অবৈধভাৱে দখল কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ২০১৪ চনত নদীৰ পৰা ওলাই পৰা এই পৈতৃক ভিঠাত এতিয়া গোলাঘাটৰ উৰিয়ামঘাটৰ পৰা উচ্ছেদিত লোকৰ সহযোগত সন্দেহযুক্ত নাগৰিকে দপদপনি চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। ভুক্তভোগী স্থানীয় পৰিয়ালসমূহৰ মতে, ১৯৯৮ চনৰ বানত সৰ্বস্বান্ত হোৱা ৩০ টাকৈ পৰিয়ালে নিজৰ মাটিৰ অধিকাৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে। এই সন্দৰ্ভত স্থানীয় ৰাজহ চক্ৰ বিষয়া আৰু মণ্ডলৰ ৰহস্যজনক মৌনতাই…
Read More
খেলি থাকোতেই মূৰৰ ওপৰত ভাগি পৰিল মন্দিৰৰ ছাদ! ৩ শিশুৰ মৃত্যু, আহত ১০

খেলি থাকোতেই মূৰৰ ওপৰত ভাগি পৰিল মন্দিৰৰ ছাদ! ৩ শিশুৰ মৃত্যু, আহত ১০

নিৰ্মীয়মান উপাসনা স্থলীৰ কাষত খেলি থকাৰ সময়তে তিনি শিশুৰ বাবে নামি আহিল অকাল মৃত্যু। মধ্যপ্ৰদেশৰ মৰেনো জিলাৰ জৌৰা অঞ্চলত এটা পুৰণি মাতা মন্দিৰৰ জিৰ্ণোদ্ধাৰৰ কাম চলি থকাৰ সময়তে মন্দিৰৰ ছাদৰ চিৰি খহি পৰাৰ ফলত তিনিগৰাকী নিষ্পাপ কন্যা শিশুৰ থিতাতে মৃত্যু ঘটে। মন্দিৰটোত গুহা বা গম্বুজ নিৰ্মাণৰ কাম চলি আছিল আৰু সেই সময়তে এই অঘটনটো ঘটে। এই মৰ্মান্তিক দুৰ্ঘটনাত আন আঠগৰাকী কন্যা শিশুৰ লগতে এহাল দম্পতিও গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছে। জানিব পৰা মতে, সতীশ গৌড় নামৰ ব্যক্তিজনে পৰিয়ালৰ সৈতে পূজা কৰিবলৈ যোৱাৰ সময়তে গাঁৱৰ আন দহ-বাৰগৰাকী কণমানিও তাত প্ৰসাদ ল’বলৈ উপস্থিত হৈছিল। হঠাতে মন্দিৰৰ চালখন হুৰমূৰকৈ খহি পৰে আৰু…
Read More
কটকটীয়া নিৰাপত্তাৰ মাজত আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা

কটকটীয়া নিৰাপত্তাৰ মাজত আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা

ৰাজ্যৰ ৪,৩৮,৫৬৫ গৰাকী শিক্ষাৰ্থীৰ শৈক্ষিক জীৱনৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। অসম চৰকাৰৰ মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ তত্ত্বাৱধানত অনুষ্ঠিত এই পৰীক্ষাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি ১,০৪৬ টা কেন্দ্ৰ গঢ়ি তোলা হৈছে। পৰীক্ষাৰ স্বচ্ছ আৰু নিকা পৰিৱেশ ৰক্ষা কৰিবলৈ কৰ্তৃপক্ষই সকলো অংশীদাৰক কঠোৰ নিয়ম পালনৰ নিৰ্দেশ দিছে। ধুবুৰী জিলাত ২৬,৯৩২ গৰাকী পৰীক্ষাৰ্থীৰ বাবে ৪৭ টা কেন্দ্ৰত সুৰক্ষাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পুৱা ৮ বজাৰ পৰাই শিক্ষাৰ্থীসকলে পৰীক্ষাকেন্দ্ৰত ভিৰ কৰা পৰিলক্ষিত হয় আৰু জিলা প্ৰশাসনে ম’বাইল ফোন, স্মাৰ্টৱাচ বা কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী নিয়াৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰে। বেছিভাগ কেন্দ্ৰতে চিচিটিভি কেমেৰাৰ জৰিয়তে নিৰীক্ষণ…
Read More
বিতৰ্কিত ভিডিঅ’! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১২ গৰাকী সামাজিক কৰ্মী

বিতৰ্কিত ভিডিঅ’! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দেশৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১২ গৰাকী সামাজিক কৰ্মী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত ভিডিঅ’ আৰু মন্তব্যক কেন্দ্ৰ কৰি দেশৰ শীৰ্ষ আদালতত আজি দাখিল কৰা হয় এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদন। দিল্লীৰ প্ৰাক্তন উপ-ৰাজ্যপাল নাজীব জং, সামাজিক কৰ্মী ৰূপৰেখা বাৰ্মা আৰু সংখ্যালঘু অধিকাৰ কৰ্মী জন দয়ালকে ধৰি ১২ গৰাকী বিশিষ্ট ব্যক্তিয়ে এই আবেদনৰ জৰিয়তে ন্যায়িক হস্তক্ষেপৰ দাবী জনাইছে। তেওঁলোকৰ মতে, সাংবিধানিক পদবীত অধিষ্ঠিত ব্যক্তিয়ে কৰা এনে মন্তব্যই দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ আৰু সামাজিক সম্প্ৰীতিৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। উচ্চতম ন্যায়ালয়ত দাখিল কৰা এই আবেদনত কেৱল হিমন্ত বিশ্ব শৰ্মাৰ বিৰূপ মন্তব্যই নহয়, বৰঞ্চ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ 'কঠমোল্লা'ৰ দৰে মন্তব্য আৰু মহাৰাষ্ট্ৰৰ মন্ত্ৰী নীতীশ ৰাণেৰ…
Read More