12
Feb
চাহ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এক বিশেষ অভিযানত অংশ ল'বলৈ মাৰ্চ মাহত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ৬ আৰু ৭ মাৰ্চত প্ৰধানমন্ত্ৰীগৰাকীৰ এই সম্ভাৱ্য ভ্ৰমণৰ সময়ত গুৱাহাটীত হাজাৰ হাজাৰ চাহ শ্ৰমিকক ভূমিৰ পট্টা বিতৰণ কৰাটো এক বিশেষ আকৰ্ষণ হিচাপে বিবেচিত হ'ব। বুধবাৰে লোক সেৱা ভৱনত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰি জনায় যে চাহ জনগোষ্ঠীৰ প্ৰতি চৰকাৰে এই বৃহৎ জনসম্পৰ্ক অভিযান হাতত লৈছে। চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া ভূমিৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ আগ্ৰহ প্ৰকাশ কৰে। সংবাদমেলত তেওঁ কয়, "মোৰ এটা ইচ্ছা আছে যে অতি কমেও ৫,০০০ চাহ শ্ৰমিকে প্ৰধানমন্ত্ৰী…
