07
Feb
কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত তীব্ৰ সংঘাত অব্যাহত থকাৰ মাজতে আমেৰিকাই আজি দিলে এক অভূতপূৰ্ব মোৰ। আমেৰিকা আৰু ভাৰতৰ মাজত সম্পন্ন হোৱা নতুন বাণিজ্যিক চুক্তিৰ এক আনুষ্ঠানিক মানচিত্ৰত পাকিস্তান অধিকৃত কাশ্মীৰক ভাৰতৰ অংশ হিচাপে প্ৰদৰ্শন কৰাৰ পাছতে এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৃষ্টি হৈছে তীব্ৰ জোকাৰণিৰ। আমেৰিকাৰ বাণিজ্য প্ৰতিনিধিৰ কাৰ্যালয়ে জাৰি কৰা এই বিশেষ নক্সাত কোনো ধৰণৰ নিয়ন্ত্ৰণ ৰেখা অথবা বিবাদিত অঞ্চলৰ অস্তিত্ব ৰখা হোৱা নাই। এই পদক্ষেপৰ জৰিয়তে ৱাশ্বিংটনে এতিয়া পাকিস্তানৰ অবৈধ দখলক পোনপটীয়াভাৱে অস্বীকাৰ কৰি ভাৰতৰ অখণ্ডতাৰ প্ৰতিহে সমৰ্থন আগবঢ়াইছে। আমেৰিকাৰ দৰে শক্তিশালী ৰাষ্ট্ৰই নিজৰ চৰকাৰী মানচিত্ৰত পিঅ'কে আৰু গিলগিট-বাল্টিস্তানক ভাৰতৰ অখণ্ড অংগ হিচাপে দেখুওৱাটোৱে পাকিস্তানৰ বাবে এক ডাঙৰ…
