Sonakshi Sarkar

425 Posts
২০৩৬ৰ অলিম্পিক আয়োজন কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত ভাৰত:অমিত শ্বাহ

২০৩৬ৰ অলিম্পিক আয়োজন কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত ভাৰত:অমিত শ্বাহ

২০৩৬ চনত ভাৰতে অলিম্পিক আয়োজনৰ অধিকাৰ পায় নে নাই সেয়া বৰ্তমান অনিশ্চিত, কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সামৰণি অনুষ্ঠানত অংশ লৈ কয় যে ভাৰতে অলিম্পিক ২০৩৬ আয়োজন কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত। অমিত শ্বাহে তেওঁৰ ভাষণত কয় যে ২০৩৬ চনৰ অলিম্পিকৰ বাবে ভাৰতৰ নিবিদা এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে, কিন্তু ক্ৰীড়া ক্ষেত্ৰত দেশৰ ভৱিষ্যত অতি উজ্জ্বল। তেওঁ কয় যে ভাৰতে অলিম্পিকৰ দৰে গুৰুত্বপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু ভৱিষ্যতে এই দিশত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ'ব।  অনুষ্ঠানত ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যনৰ (আইঅ'এ) সভাপতি পি টি ঊষাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক ৩৯ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আয়োজনৰ বাবে পতাকা প্ৰদান কৰে।…
Read More
২২ মাৰ্চৰ পৰা আইপিএলৰ ১৮তম ছিজন আৰম্ভৰ সম্ভাৱনা

২২ মাৰ্চৰ পৰা আইপিএলৰ ১৮তম ছিজন আৰম্ভৰ সম্ভাৱনা

আইপিএলৰ ১৮তম ছিজন ২২ মাৰ্চৰ পৰা আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। খবৰ অনুসৰি আইপিএল ২০২৫ ৰ প্ৰথমখন খেল কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। চেম্পিয়ন হিচাপে কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচ আয়োজন কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি, সম্পূৰ্ণ আই পি এল সময়সূচী ১ বা ২ দিনৰ ভিতৰত মুকলি কৰা হ'ব পাৰে। ফ্ৰেঞ্চাইজি দলবোৰক গুৰুত্বপূৰ্ণ খেলৰ বিষয়ে অৱগত কৰা হৈছে। ২০২৪ চনৰ ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি কলকাতাই খিতাপ জয় কৰিছিল। এইবাৰ, হায়দৰাবাদত দুখন প্লে অফ মেচ খেলা হ'ব। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আই পি এল ২০২৫ৰ চূড়ান্ত খেলখন ২৫ মে'ত কলকাতাত অনুষ্ঠিত হ'ব। এই ছিজনৰ বাবে,…
Read More
চেম্পিয়নছ ট্ৰফী বিজেতাই লাভ কৰিব ২০ কোটি টকা

চেম্পিয়নছ ট্ৰফী বিজেতাই লাভ কৰিব ২০ কোটি টকা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে পাকিস্তান আৰু সংযুক্ত আৰৱ আমিৰাত অনুষ্ঠিত হ'বলগীয়া চেম্পিয়নছ ট্ৰফীৰ পুৰস্কাৰৰ ধন ৫৩ শতাংশ বৃদ্ধি কৰিছে, আৰু এতিয়া বিজয়ী দলটোৱে ২.২৪ নিযুত ডলাৰ (প্ৰায় ২০ কোটি টকা) লাভ কৰিব। উপ বিজেতা দলে এই পৰিমাণৰ আধা লাভ কৰিব, যি হৈছে ১.১২ নিযুত ডলাৰ (৯.৭২কোটি টকা)। ছেমিফাইনেলত পৰাজিত হোৱা দলবোৰে ৫,৬০,০০০ ডলাৰ (৪.৮৬ কোটি টকা) লাভ কৰিব। মুঠ পুৰষ্কাৰৰ ধন ৬.০৯ নিযুত ডলাৰ (প্ৰায় ৬০কোটি টকা) নিৰ্ধাৰণ কৰা হৈছে। ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব লগা প্ৰতিযোগিতাখনৰ পূৰ্বে আইচিচিৰ সভাপতি জয় শ্বাহে এক বিজ্ঞপ্তিত কয় যে এই পুৰষ্কাৰৰ ধনে ক্ৰীড়াত বিনিয়োগ আৰু আমাৰ প্ৰতিযোগিতাসমূহৰ বিশ্বব্যাপী খ্যাতি বজাই ৰখাৰ প্ৰতি আইচিচিৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত…
Read More
ৰাষ্ট্ৰীয় ক্ৰীড়াত তিনিটা নতুন অভিলখ: পদকৰ তালিকাৰ শীৰ্ষত সেনা

ৰাষ্ট্ৰীয় ক্ৰীড়াত তিনিটা নতুন অভিলখ: পদকৰ তালিকাৰ শীৰ্ষত সেনা

ক্ৰীড়া ক্ষেত্ৰত তিনিটা অভিলেখৰ সৈতে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ট্ৰেক এণ্ড ফিল্ড ইভেণ্টসমূহ বুধবাৰে সমাপ্ত হয়। আনহাতে শক্তিশালী সেনা দলটো ছয়টা সংস্কৰণত পঞ্চমবাৰৰ বাবে পদক তালিকাৰ শীৰ্ষত থকাটো প্ৰায় নিশ্চিত। উত্তৰ প্ৰদেশৰ জেভলিন থ্ৰ'য়াৰ শচীন যাদৱ, হাৰিয়ানাৰ ১৮ বছৰীয়া হাই জাম্পাৰ পূজা সিং আৰু হিমাচল প্ৰদেশৰ দীৰ্ঘ দূৰত্বৰ দৌৰবিদ চাৱান বেৰৱালে ৰাষ্ট্ৰীয় ক্ৰীড়াত নতুন ৰাষ্ট্ৰীয় অভিলেখৰ সৈতে সোণৰ পদক অৰ্জন কৰে। নীৰজ চোপ্ৰা আৰু কিশোৰ জেনাৰ দৰে তাৰকা খেলুৱৈৰ অনুপস্থিতিত ২৫ বছৰীয়া যাদৱে তেওঁৰ পঞ্চম আৰু অন্তিম প্ৰচেষ্টাত জেভলিনক ৮৪.৩৯ মিটাৰ দূৰত্বলৈ দলিয়াই সোণৰ পদক অৰ্জন কৰে। যাদৱে ২০১৫ চনত ৰজিন্দৰ সিঙে স্থাপন কৰা ৮২.২৩ মিটাৰ পূৰ্বৰ ৰাষ্ট্ৰীয় খেলৰ অভিলেখ উন্নত কৰে।…
Read More
১৯৯৩-২০২২ চনলৈ প্ৰাকৃতিক দুৰ্যোগত ভাৰতত ৮০,০০০ লোকৰ মৃত্যু

১৯৯৩-২০২২ চনলৈ প্ৰাকৃতিক দুৰ্যোগত ভাৰতত ৮০,০০০ লোকৰ মৃত্যু

১৯৯৩ চনৰ পৰা ২০২২ চনলৈ প্ৰাকৃতিক দুৰ্যোগৰ বৰ্ধিত ঘটনাৰ দ্বাৰা আটাইতকৈ গুৰুতৰভাৱে প্ৰভাৱিত দেশসমূহৰ তালিকাত ভাৰত ষষ্ঠ স্থানত আছে। জাৰ্মানী স্থিত বেচৰকাৰী সংগঠন (এনজিঅ') জাৰ্মানৱাচৰ এক নতুন প্ৰতিবেদন অনুসৰি, এই সময়ছোৱাত ভাৰতত বৰ্ধিত প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাৰ ফলত প্ৰায় ৮০,০০০ লোকৰ মৃত্যু হৈছিল, যাৰ লোকচানৰ পৰিমাণ আছিল ১৮০ বিলিয়ন আমেৰিকান ডলাৰ। প্ৰতিবেদন অনুসৰি, ১৯৯৩ চনৰ পৰা ২০২২ চনলৈ, বিশ্বব্যাপী ৯,৪০০ ৰো অধিক ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৭,৬৫,০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল আৰু প্ৰায় ৪২ বিলিয়ন আমেৰিকান ডলাৰৰ পোনপটীয়া লোকচান হৈছিল (মুদ্ৰাস্ফীতি-সমাযোজিত)। প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতে ১৯৯৩ আৰু ২০২২ চনৰ ভিতৰত ৪০০ৰো অধিক বৰ্ধিত প্ৰাকৃতিক দুৰ্যোগৰ ঘটনাৰ সন্মুখীন হৈছিল, যাৰ…
Read More
২০২৭ত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ৩৯ তম সংস্কৰণ আয়োজন কৰিব মেঘালয়ে

২০২৭ত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ৩৯ তম সংস্কৰণ আয়োজন কৰিব মেঘালয়ে

২০২৭ৰ ফেব্ৰুৱাৰী-মাৰ্চত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ৩৯ তম সংস্কৰণ আয়োজন কৰিব মেঘালয়ে। ভাৰতীয় অলিম্পিক সংস্থাৰ (আইঅএ) সভাপতি পি টি ঊষাই মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাক এই কথা জনাইছে। উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা ৩৮ সংখ্যক খেলৰ সামৰণি অনুষ্ঠানত মেঘালয়ক পৰৱৰ্তী ছিজনৰ বাবে আয়োজক ৰাজ্য হিচাপে আইঅ'এ ৰ পতাকা প্ৰদান কৰা হ'ব। অনুষ্ঠানটো শুকুৰবাৰে হালদৱানীত অনুষ্ঠিত হ'ব। আইঅএৰ সভাপতি পি টি ঊষাই কয় যে মই আপোনালোকক জনাবলৈ পাই আনন্দিত যে ২০২৭ চনৰ ফেব্ৰুৱাৰী-মাৰ্চত অনুষ্ঠিত হ'বলগীয়া ৩৯ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আয়োজক অধিকাৰ মেঘালয়ক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে আইঅ'এয়ে। তেওঁ কয় যে মেঘালয়ে এক ৰোমাঞ্চকৰ যাত্ৰা আৰম্ভ কৰাৰ লগে লগে মই আপোনালোকক উত্তৰাখণ্ডৰ হালদৱানীত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয়…
Read More
দুৰ্নীতি সূচকত ১৮০খন দেশৰ ভিতৰত ৯৬ তম স্থানত ভাৰত

দুৰ্নীতি সূচকত ১৮০খন দেশৰ ভিতৰত ৯৬ তম স্থানত ভাৰত

ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেচনেলৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনৰ বাবে দুৰ্নীতি ধাৰণা সূচকত (চিপিআই) ১৮০খন দেশৰ ভিতৰত ভাৰত ৯৬ তম স্থানত আছে, কিয়নো ভাৰতৰ সামগ্ৰিক নম্বৰ এক পইণ্ট হ্ৰাস হৈ ৩৮ হৈছে।ৰাজহুৱা খণ্ডত দুৰ্নীতিৰ স্তৰৰ ওপৰত আধাৰিত কৰি এই সূচকে ১৮০ খন দেশ আৰু অঞ্চলৰ স্থান দিছে। য'ত শূন্যৰ পৰা ১০০ ৰ পইণ্ট নিৰ্ধাৰণ কৰা হৈছে, য'ত 'শূন্য'ৰ অৰ্থ হৈছে অত্যন্ত দুৰ্নীতিগ্ৰস্ত আৰু '১০০'ৰ অৰ্থ হৈছে এক পৰিষ্কাৰ প্ৰণালী। ২০২৪ চনত ভাৰতৰ মুঠ পইণ্ট আছিল ৩৮, আনহাতে ২০২৩ চনত ভাৰতৰ আছিল ৩৯ আৰু ২০২২ চনত ৪০। ২০২৩ চনত, ভাৰতৰ ৰেংকিং আছিল ৯৩। ভাৰতৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত পাকিস্তান (১৩৫) আৰু শ্ৰীলংকা (১২১) নিম্ন প্ৰান্তত…
Read More
চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ যশপ্ৰীত বুমৰাহ

চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ যশপ্ৰীত বুমৰাহ

পিঠিৰ আঘাতৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ দ্ৰুত বলাৰ যশপ্ৰীত বুমৰাহ আইচিচি চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) মঙলবাৰে নিশা এই কথা নিশ্চিত কৰিছে। বাছনি সমিতিয়ে ১৯ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া আইচিচি চেম্পিয়নছ ট্ৰফীৰ বাবে বুমৰাহৰ সলনি হৰ্ষিত ৰাণাক দলত অন্তৰ্ভুক্ত কৰিছে। নিৰ্বাচকসকলে বৰুণ চক্ৰৱৰ্তীকো দলত অন্তৰ্ভুক্ত কৰিছে। তেওঁ যশস্ৱী জয়ছোৱালৰ স্থান ল'ব, যাক আৰম্ভণিতে ঘোষণা কৰা দলত অন্তৰ্ভুক্ত কৰা হৈছিল। হাইব্ৰিড মডেল চুক্তিৰ অধীনত, ভাৰতে তেওঁলোকৰ সকলোবোৰ মেচ ডুবাইত খেলিব। ভাৰতৰ চেম্পিয়নছ ট্ৰফীৰ দলটোত আছে ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল (উপ-অধিনায়ক), বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ট (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্সাৰ…
Read More
গৌহাটী বিশ্ববিদ্যালয়ত “ভাৰত-নেপাল সম্পৰ্কৰ শিপা: গুৰু মচিন্দ্ৰনাথ সম্পৰ্কীয় দৃষ্টিভংগী” শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ

গৌহাটী বিশ্ববিদ্যালয়ত “ভাৰত-নেপাল সম্পৰ্কৰ শিপা: গুৰু মচিন্দ্ৰনাথ সম্পৰ্কীয় দৃষ্টিভংগী” শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ

গৌহাটী বিশ্ববিদ্যালয়ে ২০২৫ চনৰ ১০ তাৰিখৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ "ভাৰত-নেপাল সম্পৰ্কৰ শিপা: গুৰু মচিন্দ্ৰনাথৰ ওপৰত এক দৃষ্টিভংগী" শীৰ্ষক এখন দুদিনীয়া আন্তৰ্জাতিক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে ইয়াত ভাৰত আৰু নেপালৰ বিশিষ্ট পণ্ডিত আৰু বিশেষজ্ঞসকলক একত্ৰিত কৰি গুৰু মচিন্দ্ৰনাথৰ জীৱন আৰু অৱদানৰ জৰিয়তে দুয়োখন দেশৰ ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্কৰ বিষয়ে  আলোচনা কৰা হ'ব। এই আলোচনা চক্ৰত মৎস্যন্দ্ৰনাথ, মচীন্দ্ৰনাথ, মীনানাথ, মিনাপা নামেৰেও পৰিচিত গুৰু মচিন্দ্ৰনাথৰ ঐতিহাসিক গুৰুত্ব আৰু আধ্যাত্মিক প্ৰভাৱ সম্পৰ্কে অন্বেষণ কৰা হ'ব।  হিন্দু আৰু বৌদ্ধ উভয় পৰম্পৰাত পূজ্য মচিন্দ্ৰনাথ কামৰূপৰ বুলি জনবিশ্বাস আছে।  কিংবদন্তি অনুসৰি খৰাংত আক্ৰান্ত নেপালত তেওঁৰ আগমনে  বৰষুণৰ সৃষ্টি কৰিছিল বুলি উল্লেখ আছে।  এই আলোচনা চক্ৰৰ উদ্বোধনী…
Read More
বড়ো, মণিপুৰীসহ আন ৬ টা ভাষাৰেও হ’ব সংসদৰ কাৰ্যসূচী

বড়ো, মণিপুৰীসহ আন ৬ টা ভাষাৰেও হ’ব সংসদৰ কাৰ্যসূচী

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মঙলবাৰে সংসদত সাংসদসকলক কয় যে এতিয়াৰ পৰা সংসদৰ কাৰ্যসূচী ছয়টা ভাষাতো উপলব্ধ কৰা হ'ব। তেওঁ কয় যে মই ঘোষণা কৰি অত্যন্ত আনন্দিত যে হিন্দী আৰু ইংৰাজীৰ উপৰিও সংসদৰ কাৰ্যক্ৰম ইতিমধ্যে দহটা ভাষাত উপলব্ধ আছিল- অসমীয়া, বঙালী, গুজৰাটী, কানাড়া, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল আৰু তেলেগু। এতিয়া আমি ইয়াত বড়ো, ডোগৰী, মৈথিলী, মণিপুৰী, সংস্কৃত আৰু উৰ্দু অন্তৰ্ভুক্ত কৰিছো। তেওঁ কয় যে একে সময়তে, যি অতিৰিক্ত ১৬ টা ভাষা আছে, সেয়া মানৱ সম্পদ উপলব্ধ হোৱাৰ সৈতে আমি সেইবোৰক পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰি আছো। তেওঁ কয় যে মই আপোনালোকক এইটোও ক'ব বিচাৰো যে ভাৰতৰ সংসদ হৈছে বিশ্বৰ একমাত্ৰ গণতান্ত্ৰিক…
Read More