09
Apr
বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ ( এন এছ এছ) সহযোগত লংকেশ্বৰস্থিত পশ্চিম জালুকবাৰী প্ৰাথমিক বিদ্যালয়ত ৭ এপ্ৰিলত এক সচেতনতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয় । কাৰ্যসূচী উদ্ধোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক আৰু বিশ্ববিদ্যালয়ৰ এণন এছ এছ কোষৰ কাৰ্যসূচী সমনয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে ভাষণ প্ৰসংগত স্বাস্থ্য সুৰক্ষা, বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলা আৰু সুস্থ জীৱনশৈলী গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ডঃ কাকতিয়ে কয় যে এক সুস্থ সমাজ গঢ়ি তোলাত যুৱ সমাজ আৰু শিক্ষানুষ্ঠানসমূহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।অনুষ্ঠানটোত পশ্চিম জালুকবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী লক্ষ্মী কলিতা দত্তই চমু ভাষণত এই পদক্ষেপৰ প্ৰশংসা কৰি ছাত্ৰ-ছাত্ৰীসকলক স্বাস্থ্য আৰু…
