Sonakshi Sarkar

1880 Posts
ৰাজ্যত পুনৰ উন্মোচিত হৈছে যাতায়ত ও স্বাস্হ্য বিভাগৰ ফোপলাস্বৰূপ

ৰাজ্যত পুনৰ উন্মোচিত হৈছে যাতায়ত ও স্বাস্হ্য বিভাগৰ ফোপলাস্বৰূপ

কিন্তু নিৰ্বাচন যায় আহে৷চৰকাৰ পৰিবৰ্তন হয়৷যদিও ৰাইজৰ সমস্যা আজিলৈকে সমস্যা হৈয়েই থাকি গল৷কিয়নো বৰপেটা জিলাৰ চেঙা সমিষ্টিৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চল বাসীৰ দীৰ্ঘদিনীয়া এটা জ্বলন্ত সমস্যা হৈছে জলজলী নদীৰ ওপৰত এটা পকী দলঙৰ। কিন্তু প্ৰতিটো নিৰ্বাচনতে প্ৰতিটো দলৰ লগতে প্ৰাৰ্থী সকলে ৰাইজক বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ লগতে বাঘমাৰা-শিমলীতোলা,নগৰবেৰা-আলোপতি মাজৰচৰ আৰু দলগোমা-কদমতোলা সংযোগী জলজলী নদীৰ ওপৰত তিনিটা দলং নিৰ্মান কৰি চৰাঞ্চলবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি দিয়াৰ আশ্বাস দিয়ে৷ জলজলী নদীৰ ওপৰত পকী দলং নথকাৰ বাবেই নচলে গাড়ী মটৰ কিম্বা এম্বুলেন্স৷যাৰ বাবেই ৰোগী বা গৰ্ভৱতী মহিলাক লৈ প্ৰায়েই বিপদৰ সন্মুখীন হয় বৰপেটা জিলাৰ আলোপতি মাজৰচৰ,বাঘমাৰাচৰ,ধৰ্মপুৰ ভাতনাপাইতি,খোলাবান্ধা,মৈৰাদিয়া আৰু কাৰাইখাইতিকে ধৰি বৃহত্তৰ চৰাঞ্চলৰ লোক। বুধবাৰৰ দিনাও…
Read More
প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা পৰাগজ্যোতি প্ৰকাশনৰ

প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা পৰাগজ্যোতি প্ৰকাশনৰ

"পৰাগজ্যোতি প্ৰকাশন" ৰ উদ্যোগত  অসমৰ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক, গৱেষক, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ  ৮২ বৰ্ষীয়া ড০ নাৰায়ণ দাসক তেওঁৰ নিজৰ বাসগৃহ আজাৰা ৰাজহ চক্ৰৰ ডেকাপাৰাত  কালি উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে । আজাৰা সাহিত্য সভাৰ উপ-সভাপতি তথা বিশিষ্টা কবি বুলু কুমাৰী বড়াই অংশ লৈ কয়--- "ড০ নাৰায়ণ দাসৰ ৰচনা, নিবন্ধসমূহ সূক্ষ্মৰো সূক্ষ্ম উপলব্ধিযুক্ত । প্ৰতিটো নিবন্ধই গৱেষনালব্ধ ।" সম্বৰ্দ্ধনা গ্ৰহণ কৰি ড০ নাৰায়ণ দাসে কয়- "পৰাগজ্যোতি প্ৰকাশন আগুৱাই থাকক । অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ বাবে অহৰহ কাম কৰক । অসমীয়া ভাষাৰ কোনোকালে মৃত্যু নহয় । অসম সাহিত্য সভাই পূৰ্বৰ সন্মান আজুৰি আনিবলৈ আৰু  অনেক কাম কৰিব কৰিব লাগিব ।" প্ৰকাশনৰ…
Read More
ক’ভিড-১৯ ভেকছিন কভাক্সিন সুৰক্ষিত আৰু যিকোনো পাৰ্শ্বক্ৰিয়াৰ পৰা মুক্ত: ভাৰত বায়োটেক

ক’ভিড-১৯ ভেকছিন কভাক্সিন সুৰক্ষিত আৰু যিকোনো পাৰ্শ্বক্ৰিয়াৰ পৰা মুক্ত: ভাৰত বায়োটেক

ভাৰত বায়োটেকে দাবী কৰে যে তেওঁলোকৰ ক'ভিড-১৯ ভেকছিন কভাক্সিন সুৰক্ষিত আৰু যিকোনো পাৰ্শ্বক্ৰিয়াৰ পৰা মুক্ত। ভাৰত বায়োটেকৰ এই বিবৃতিটো ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰজেনেকাৰ ইউকে আদালতত পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰৰ সময়তে আহিছে। এষ্ট্ৰজেনেকাই ইউকে আদালতত স্বীকাৰ কৰিছিল যে তেওঁলোকৰ ক'ভিড-১৯ ভেকছিনৰ ফলত পাৰ্শ্বক্ৰিয়া হ'ব পাৰে। তেজ গোট মৰা পাৰ্শ্বক্ৰিয়াৰ কাৰণ হ'ব পাৰে বুলি স্বীকাৰ কৰিছিল। ভাৰতত, ভাৰতীয় চিৰাম ইনষ্টিটিউট (এছ.আই.আই.)ৰ দ্বাৰা নিৰ্মিত ভেকছিনটোক কভিশ্বিল্ড বুলি কোৱা হয়। ভাৰত বায়োটেকে এক বিবৃতিত কয়-সুৰক্ষা আৰু কাৰ্যকৰীতাৰ ওপৰত গুৰুত্ব দি কভাক্সিন বিকশিত কৰা হৈছে।
Read More
ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে

ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব ৰাহুল গান্ধীয়ে

কংগ্ৰেছে শুকুৰবাৰে উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু আমেঠি লোকসভা আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে। ৰাহুল গান্ধী ৰায়বৰেলী আসনৰ পৰা নিৰ্বাচনীত অৱতীৰ্ণ হ'ব। ৰায়বৰেলী আসনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আজি অৰ্থাৎ ৩ মে'। এইটো প্ৰথমবাৰৰ বাবে যে ৰাহুল গান্ধীয়ে ৰায়বৰেলী আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। বিজেপিয়ে ৰায়বৰেলী আসনৰ পৰা দিনেশ প্ৰতাপ সিঙক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ছোনিয়া গান্ধী ২০০৪ চনৰ পৰা ২০২৪ চনলৈ ৰায়বৰেলী আসনৰ পৰা সাংসদ হৈ আছে। এইবাৰ ছোনিয়া গান্ধীয়ে ৰায়বৰেলীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছিল। ছোনিয়া গান্ধী এতিয়া ৰাজ্যসভাৰ সাংসদ। আমেঠিত, কংগ্ৰেছে কিশোৰী লাল শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। বিজেপিৰ স্মৃতি ইৰাণীয়ে আমেঠি আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। যোৱাবাৰ, স্মৃতি…
Read More
ধুবুৰীত আৰু আজমলৰ জৰাফুকাৰ ৰাজনীতি নচলে

ধুবুৰীত আৰু আজমলৰ জৰাফুকাৰ ৰাজনীতি নচলে

ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে,সিমানেই শাসক বিৰোধীকে আদি কৰি প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় প্ৰাৰ্থীক জিকাবলৈ ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে৷ধুবুৰী লোক সভা সমষ্টিত অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।গোৱালপাৰা পূৱ সমষ্টিৰ বৰপথাৰত বুধবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে৷ ভৱেশ কলিতাই নিজৰ আক্ৰমণাত্মক ভাষনত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ দলে কেৱল ঠগবাজি,দুৰ্নীতি,ভ্ৰষ্টাচাৰৰ বাবেই আজি অচল টকাত পৰিণত হৈছে৷কংগ্ৰেছ আজি টায়াৰ পাম্পছাৰ আৰু টিউব পাম্পছাৰ দলত পৰিণত হৈছে।গতিকে কংগ্ৰেছৰ পাম্পছাৰ হোৱা গাড়ীত…
Read More
কংগ্ৰেছ,চিপিআইএমক ভোট দি ভুল কৰিলে  পঞ্চাছ বছৰ পিচুৱাই যাব সংখ্যালঘূ ৰাইজ

কংগ্ৰেছ,চিপিআইএমক ভোট দি ভুল কৰিলে  পঞ্চাছ বছৰ পিচুৱাই যাব সংখ্যালঘূ ৰাইজ

নিৰ্ব্বাচনৰ সময়ত কংগ্ৰেছ দলে ধৰ্মীয় সংখ্যালঘূ লোকৰ ত্ৰাণকৰ্তাৰূপে অৱতীৰ্ণ হয় ৷ কিন্তু নিৰ্ব্বাচন গলেই সংখ্যালঘূ লোক  সকলক পিঠি দিয়ে ৷ স্বাধীনতাৰ পিচৰ পৰাই ইয়াত বসবাস কৰা বহু লোক আছে ৷ এই লোক সকলক কিয় মাটিৰ পট্টা দিয়া নহ'ল ৷ যাৰ বাবে ১ কৌটি ৩০ লাখ সংখ্যালঘূ লোকৰ আজিও বিশেষ পৰিৱৰ্তন হোৱা নাই ৷"- এই মন্তব্য অগপ দলৰ সভাপতি অতুল বৰাৰ৷ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী সমষ্টিৰ কাৱৈমাৰীত আজি অনুষ্ঠিত এক বিশাল নিৰ্ব্বাচনী সভাত মিত্ৰজোঁটৰ অগপৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ তলাই অগপৰ সভাপতি গৰাকীয়ে কয় যে, সংখ্যালঘূ ৰাইজ যথেষ্ট সচেতন ৷ কিন্তু নিৰ্ব্বাচনৰ সময়ত আমি সেই সচেতনতা প্ৰতিফলন আপোনালোকৰ মাজত…
Read More
তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৪৮ ঘণ্টালৈ চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ

তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৪৮ ঘণ্টালৈ চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচন আয়োগে তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বিআৰএছৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰ্বাচন আয়োগে কে চন্দ্ৰশেখৰ ৰাওক নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে ৪৮ ঘণ্টাৰ বাবে প্ৰচাৰ চলাবলৈ নিষিদ্ধ কৰিছে।অস্থায়ী স্থগিতাদেশ বুধবাৰে নিশা ৮ বজাত আৰম্ভ হয়। আয়োগে এজন কংগ্ৰেছ নেতাৰ দ্বাৰা দাখিল কৰা অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰিছে। য'ত বিআৰএছ নেতাজনৰ বিৰুদ্ধে কংগ্ৰেছৰ বিৰুদ্ধে অপমানজনক আৰু আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল। নিৰ্বাচন আয়োগে এক বিবৃতিত কয়, "আয়োগে আদৰ্শ আচৰণ বিধি উলংঘন সম্পৰ্কীয় বিষয়ৰ পৰিপ্ৰেক্ষিতত বিআৰএছৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাৱে তেওঁৰ সংবাদমেলত দিয়া বিতৰ্কিত মন্তব্যক তীব্ৰ গৰিহণা দিয়ে। আয়োগে সংবিধানৰ ৩২৪ অনুচ্ছেদৰ উদ্ধৃতি দি বুধবাৰে…
Read More
অহা বছৰ গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

অহা বছৰ গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

ভাৰতে অহা বছৰ গুৱাহাটীত  বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজন কৰিব। ক্ৰীড়াৰ গোলকীয় পৰিচালনা সংস্থা বিডব্লিউএফে এই কথা ঘোষণা কৰে। ২০০৮ চনৰ পিছত এইটো প্ৰথমবাৰৰ বাবে হ'ব যে বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচন (বিডব্লিউএফ)ৰ প্ৰতিষ্ঠিত ইভেণ্ট ভাৰতত অনুষ্ঠিত হ'ব। বিডব্লিউএফে এক বিজ্ঞপ্তিত কয়, -দল আৰু ব্যক্তিগত দুয়োটা অনুষ্ঠান দেশৰ উত্তৰ-পূব অঞ্চলৰ বেডমিণ্টন এছ'চিয়েচন অৱ ইণ্ডিয়াৰ (বিএআই) ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰত অনুষ্ঠিত হ'ব। ভাৰতে শেষবাৰৰ বাবে পুনেত অনুষ্ঠানটো আয়োজন কৰিছিল। বিডব্লিউএফৰ সভাপতি পল-এৰিক হোয়াৰে কয়-ভাৰতত অভিজাত বেডমিণ্টন প্ৰতিভাৰ দ্ৰুত উত্থান দেখা গৈছে আৰু দ্বিতীয়বাৰৰ বাবে আমাৰ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ ভাৰতলৈ অনাটো বিডব্লিউএফৰ বাবে অতি গুৰুত্বপূৰ্ণ। নতুন বিএআই নেচনেল চেণ্টাৰ অৱ এক্সেলেন্স হৈছে বেডমিণ্টনৰ বাবে এক…
Read More
বিচাৰিব লাগিব ৰামদেৱ-বালকৃষ্ণই

বিচাৰিব লাগিব ৰামদেৱ-বালকৃষ্ণই

বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে অৱশেষত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগিব যোগ গুৰু ৰামদেৱ, তেওঁৰ সহযোগী বালকৃষ্ণই। উচ্চতম ন্যায়ালয়ে মঙলবাৰে যোগ গুৰু ৰামদেৱ, তেওঁৰ সহযোগী বালকৃষ্ণ আৰু পতঞ্জলি আয়ুৰ্বেদক বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ এসপ্তাহৰ সময় প্ৰদান কৰে। শুনানিৰ সময়ত উপস্থিত থকা ৰামদেৱ আৰু বালকৃষ্ণ দুয়োজনে শীৰ্ষ আদালতত তেওঁলোকৰ ব্যক্তিগত চৰ্তহীন ক্ষমা বিচাৰিছিল। ন্যায়াধীশ হিমা কোহলী আৰু আহছানুদ্দিন আমানুল্লাহৰ বিচাৰপীঠে তেওঁলোকৰ ক্ষমা প্ৰাৰ্থনাৰ প্ৰতি সকাহ নিদি ৰাজহুৱাভাৱে ক্ষমা বিচাৰিবলৈ এসপ্তাহৰ সময় প্ৰদান কৰে। বিচাৰপীঠে বালাকৃষ্ণক কয় যে আপুনি ভাল কাম কৰি আছে কিন্তু আপুনি এলোপেথিক অৱমাননা কৰিব নোৱাৰে। ৰামদেৱে বিচাৰপীঠক এইটোও কয় যে তেওঁ কোনো ধৰণে আদালতৰ প্ৰতি কোনো অসন্মান দেখুৱাব বিচৰা…
Read More
ইউপিএছচিৰ অসামৰিক সেৱা ২০২৩-ৰ ফলাফল ঘোষণা

ইউপিএছচিৰ অসামৰিক সেৱা ২০২৩-ৰ ফলাফল ঘোষণা

ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনে (ইউপিএছচি) মঙলবাৰে অসামৰিক সেৱা পৰীক্ষা ২০২৩-ৰ ফলাফল ঘোষণা কৰে, য'ত আদিত্য শ্ৰীবাস্তৱে প্ৰথম স্থান লাভ কৰে। অনিমেশ প্ৰধান আৰু ডোনুৰু অনন্যা ৰেড্ডীয়ে ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। ইউপিএছচিয়ে প্ৰকাশ কৰা অনুসৰি। মুঠ ১,০১৬ জন প্ৰাৰ্থীয়ে পৰীক্ষাত উত্তীৰ্ণ হৈছিল। উল্লেখ্য যে ইউপিএছচিয়ে প্ৰতি বছৰে তিনিটা পৰ্যায়ত ভাৰতীয় প্ৰশাসনিক সেৱা (আইএএছ), ভাৰতীয় বৈদেশিক সেৱা (আইএফএছ) আৰু ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) বাবে বিষয়া বাছনি কৰে। প্ৰাথমিক, মুখ্য আৰু সাক্ষাৎকাৰত অসামৰিক সেৱা পৰীক্ষা অনুষ্ঠিত কৰে।
Read More