Sonakshi Sarkar

1908 Posts
ছিংগাপুৰ অ’পেনৰ দ্বিতীয় ৰাউণ্ডত পি ভি সিন্ধু

ছিংগাপুৰ অ’পেনৰ দ্বিতীয় ৰাউণ্ডত পি ভি সিন্ধু

কানাডাৰ ৱেন ইউ জাঙক পোনপটীয়া খেলত পৰাস্ত কৰি মঙলবাৰে ছিংগাপুৰ অ’পেন ছুপাৰ ৭৫০ বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে। মাত্ৰ ৩১ মিনিটতে সিন্ধুৱে ২১-১৪,২১-৯ত জয়ী হয়। দ্বিতীয় ৰাউণ্ডত বিশ্বৰ পাঁচ নম্বৰ আৰু টকিঅ’অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী চীনৰ চেন ইউ ফেইৰ বিৰুদ্ধে খেলিব। অৱশ্যে প্ৰথম ৰাউণ্ডত পৰাস্ত হোৱাৰ পিছত ভাৰতৰ প্ৰিয়ংশু ৰাজাৱত, কিৰণ জৰ্জ, আনমোল খাৰব, মালবিকা বনছোদ বাহিৰ হয়। মালবিকাক পৰাস্ত কৰে অষ্টম স্থানৰ থাইলেণ্ডৰ সুপানীদা কেথঙে ১৪.২১, ২১.১৮, ২১.১১ত পৰাস্ত কৰাৰ বিপৰীতে প্ৰিয়ংশুক সপ্তম স্থানৰ জাপানৰ কোদাই নাৰাওকাই ১৪-২১, ২১-১০, ২১-১৪ত পৰাস্ত কৰে। মিক্সড ডাবলছত ভাৰতৰ ধ্ৰুৱ কপিলা আৰু তানিছা ক্ৰাষ্টো চীনৰ…
Read More
প্লে অফৰ শীৰ্ষ ২ত স্থান পঞ্জাব কিংছ

প্লে অফৰ শীৰ্ষ ২ত স্থান পঞ্জাব কিংছ

শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত খেলা পঞ্জাব কিংছে সোমবাৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে  জয় লাভ কৰি আই পি এল ২০২৫ প্লে অফত শীৰ্ষ ২ৰ ভিতৰত স্থান নিশ্চিত কৰে। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ খেলখনত পঞ্জাবে মুম্বাইক ৭ উইকেটত পৰাস্ত কৰি প্ৰথম কোৱালিফায়াৰত প্ৰৱেশ কৰে। টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰাৰ পিছত মুম্বাই ইণ্ডিয়ানছে দ্ৰুত আৰম্ভণি কৰে। পাৱাৰপ্লে’ত ৰোহিত শৰ্মা (২৪) আৰু ৰিয়ান ৰিকেল্টনে (২৭) ৰান সংগ্ৰহ কৰি ডাঙৰ স্ক’ৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে। ইয়াৰ পাছতে সূৰ্যকুমাৰ যাদৱে (৫৭ ৰান) নিজৰ উৎকৃষ্ট ফৰ্ম অব্যাহত ৰাখি ইনিংছটো স্থিৰ কৰি ৰাখে। অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ২৬ ৰান আৰু নমন ধীৰে ২০ ৰান আগবঢ়ায়। শেষৰ অভাৰত আৰ্শদ্বীপ…
Read More
পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা

পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা

গুৱাহাটী মহানগৰীৰ পাৰ্শ্ববৰ্তী  পবিতৰা বন্যপ্রাণী অভয়াৰণ্যত পূৰ্বতকৈ বৃদ্ধি পাইছে পৰ্যটক আৰু দৰ্শনাৰ্থীৰ সংখ্যা। একেদৰে ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি পাইছে। ইফালে ২৪ মে'ত ২০২৪-২৫ বৰ্ষৰ পৰ্যটন বৰ্ষৰ  সামৰণিও পৰিছে । বিগত ২০২৪ বৰ্ষৰ ১৫ অক্টোবৰত পবিতৰা অভয়াৰণ্যত আৰম্ভ  হৈছিল পৰ্যটক বর্ষ ।  বিগত ২০২৩-২৪ বৰ্ষতকৈ ২৪ মে'ত সামৰণি পৰা পৰ্যটন বৰ্ষত প্ৰায় চাৰি হাজাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। একেদৰে  বৃদ্ধি পাইছে ৰাজহ সংগ্ৰহৰ পৰিমাণো। পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া প্রাঞ্জল বৰুৱাই জানিবলৈ দিয়া এইবেলি পৰ্যটন বর্ষত মুঠ ৩৪,৫৭৭ জন পৰ্যটকে অভয়াৰণ্যখন দৰ্শন কৰে। ইয়াৰ ভিতৰত ৩৩,৯৪০ জন ভাৰতীয় আৰু ৬৩৭ জন বিদেশী পৰ্যটক আছিল । ইয়াৰ বিপৰীতে পৰ্যটক আৰু…
Read More
ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক শুভমান গিল

ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক শুভমান গিল

ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া পাঁচখন মেচৰ শৃংখলাৰ পূর্বে শনিবাৰে ভাৰতৰ নতুন টেষ্ট অধিনায়ক হিচাপে শুভমান গিলক নিযুক্তি দিয়াৰ বিপৰীতে ঋষভ পণ্টক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়৷ দলৰ নেতৃত্বৰ ওপৰত নিৰ্বাচকসকলৰ এই সিদ্ধান্ত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ অৱসৰৰ পিছত লোৱা হৈছে। যুৱ বাওঁহাতৰ বেটছমেন বি ছাই সুধৰচনক প্ৰথমবাৰৰ বাবে টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হয়। ৭ বছৰৰ মূৰত পুনৰ ৰাষ্ট্ৰীয় দললৈ ঘূৰি আহিছে কৰুণ নাইৰ। দ্ৰুত বলাৰ মহম্মদ ছামীক দলৰ পৰা বাদ দিয়া হৈছে। এই দীঘলীয়া ছিৰিজৰ বাবে তেওঁক যথেষ্ট ফিট বুলি গণ্য কৰা হোৱা নাছিল। দল ঘোষণাৰ পাছত বাছনিৰ অধ্যক্ষ অজিত আগৰকাৰে কয় যে যোৱা বছৰ বা তাৰ আগতেও আমি শুভমানক…
Read More
ভাৰতীয় টেষ্ট দলৰ অধিনায়কত্বৰ দৌৰৰ শীৰ্ষত শুভমান গিল

ভাৰতীয় টেষ্ট দলৰ অধিনায়কত্বৰ দৌৰৰ শীৰ্ষত শুভমান গিল

বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ অৱসৰৰ পাছত ভাৰতীয় ক্ৰিকেটত পৰিৱৰ্তনৰ এক নতুন যুগ আৰম্ভ হ’ব যেতিয়া ৰাষ্ট্ৰীয় নিৰ্বাচক দলে শনিবাৰে ইংলেণ্ডৰ পাঁচখন টেষ্ট ভ্ৰমণৰ বাবে নতুন টেষ্ট অধিনায়ক বাছনি কৰিব। ইংলেণ্ড ভ্ৰমণৰ লগে লগে আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ নতুন চক্ৰ আৰু ২৫ বছৰীয়া শুভমান গিলে অধিনায়কত্বৰ দৌৰত আগবাঢ়ি আছে। অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তিমখন ভ্ৰমণত জছপ্ৰিত বুমৰাহ উপ অধিনায়ক আছিল আৰু তেওঁক অধিনায়কত্ব দিয়া উচিত আছিল যদিও তেওঁৰ ফিটনেছ আৰু ৱৰ্কলোড মেনেজমেণ্টৰ কথা বিবেচনা কৰিলে তেওঁ হয়তো দৌৰত পিছ পৰি থাকিব পাৰে। আই পি এলত ঋষভ পণ্ট সম্পূৰ্ণ ব্যৰ্থ আছিল যদিও টেষ্ট ফৰ্মেটত পৰিৱৰ্তনৰ পৰ্যায়ৰ সন্মুখীন হ’বলগীয়া ভাৰতীয় দলটোৰ তেওঁ অবিচ্ছেদ্য…
Read More
আৰণ্যকৰ উদ্যোগত শিক্ষাৰ্থীৰ বাবে চতুৰ্থ আৱাসিক ওৰং প্ৰকৃতি শিবিৰ অনুষ্ঠিত

আৰণ্যকৰ উদ্যোগত শিক্ষাৰ্থীৰ বাবে চতুৰ্থ আৱাসিক ওৰং প্ৰকৃতি শিবিৰ অনুষ্ঠিত

“অসমৰ মনোমোহা ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যবোৰ কেৱল প্ৰাকৃতিক সম্পদৰ ভৰাঁলেই নহয়, এইবোৰ অঞ্চলটোৰ চহকী জৈৱ বৈচিত্ৰ্যৰো ধ্বজাবাহক। সম্পদেৰে ভৰপূৰ এই সংৰক্ষিত অঞ্চল সমূহৰ বহনক্ষম সংৰক্ষণৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ত্ৰুটী কৰা নাই।” ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে অনুষ্ঠিত কৰা “চতুৰ্থ ওৰাং প্ৰকৃতি শিবিৰ ২০২৫” অলপতে উদ্বোধন কৰি অসম চৰকাৰৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) ড: বিনয় গুপ্তাই এই মন্তব্য কৰে । চাৰিদিনীয়া এই অৱাসিক প্ৰকৃতি শিবিৰত অংশগ্ৰহণ কৰা শিক্ষাৰ্থী সকলক সম্বোধি ড: গুপ্তাই কয় যে এখন ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত আয়োজিত এনে শিবিৰে তেওঁলোকক প্ৰকৃতিৰ কোলাত বহি প্ৰকৃতিক নিৰীক্ষণ কৰি…
Read More
আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন

প্ৰতি বছৰে ২১ মে’ত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰা হয়। এই বাৰ্ষিক উৎসৱত সমগ্ৰ বিশ্বতে চাহৰ গভীৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু সামাজিক তাৎপৰ্য উদযাপন কৰা হয়। ইয়াৰ উপৰিও বহনক্ষম চাহ উৎপাদন আৰু চাহ উদ্যোগৰ শ্ৰমিকসকলক সহায় কৰাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্য লোৱা হয়। ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে শীৰ্ষ চাহ সেৱন দেশসমূহৰ ভিতৰত অন্যতম, দেশত উৎপাদিত চাহ ৮০% দেশৰ জনতাই সেৱন কৰে। ভাৰতৰ চাহ ব’ৰ্ডৰ তথ্য অনুসৰি ২৩ বিত্তীয় বৰ্ষত ১৩৭.৪৯৭ কোটি কিলোগ্ৰামৰ বিপৰীতে ২৪ বিত্তীয় বৰ্ষত ভাৰতৰ চাহ উৎপাদন ১৩৮.২০৩ কোটি কিলোগ্ৰাম হোৱাৰ বিপৰীতে ২৫ বিত্তীয় বৰ্ষত (এপ্ৰিল-ডিচেম্বৰ) চাহ উৎপাদন হয় ১১৮.৬৬২ কোটি কিলোগ্ৰাম। অসমৰ উজনি অসম আৰু কাছাৰত চাহ…
Read More
সোণাৰাম স্কুল খেলপথাৰৰ উন্নয়ন সম্পৰ্কীয় সভা সম্পন্ন

সোণাৰাম স্কুল খেলপথাৰৰ উন্নয়ন সম্পৰ্কীয় সভা সম্পন্ন

গুৱাহাটীৰ ভৰলুমুখস্থিত ঐতিহ্যমণ্ডিত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰখন ক্ৰমান্বয়ে খেলৰ অনুপযোগী হৈ পৰা কাৰ্যত গুৱাহাটীৰ ক্ৰীড়াপ্ৰেমী সকলৰ লগতে বিদ্যালয়খনৰ লগত জড়িত সকলোকে চিন্তিত কৰি তুলিছে। যাৰ বাবে ১৭ মে'ৰ দিনা বিয়লি  বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত  বিদ্যালয়ৰ খেলপথাৰখনৰ উন্নয়ন সম্পৰ্কত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। আনহাতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মালবিকা চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্দ্যেশ্য বাখ্যা কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ কাৰ্যকৰী সভাপতি আৰু অসামৰিক খাদ্য যোগান বিভাগৰ উপাধ্যক্ষ দেৱান ধ্ৰুৱজ্যোতি মৰলে। সভাত মূখ্য অতিথি হিচাপে ভাগ লৈ  পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ  বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সকলো পক্ষৰ সহযোগত যিকোনো প্ৰকাৰে খেলপথাৰখন পুনৰ খেলৰ উপযোগী কৰি তোলা হব বুলি ব্যক্ত কৰি…
Read More
এছিয়া কাপ নেখেলাৰ সিদ্ধান্ত বিচিচিআইৰ

এছিয়া কাপ নেখেলাৰ সিদ্ধান্ত বিচিচিআইৰ

এছিয়া কাপ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান ৰাজনৈতিক উত্তেজনাৰ মাজতে বিচিচিআইয়ে আগন্তুক এছিয়া কাপৰ দৰে বহুজাতিক প্ৰতিযোগিতাৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ অধীনত আগন্তুক সময়ত টিম ইণ্ডিয়াই এছিয়া কাপত অংশগ্ৰহণ নকৰে। এই সন্দৰ্ভত এছিয়ান ক্ৰিকেট কাউন্সিল (এচিচি)কো অৱগত কৰিছে বিচিচিআইয়ে। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি অহা মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া মহিলা এছিয়া কাপৰ পৰা ভাৰতক আঁতৰাই ৰখাৰ কথাও বিচিচিআইয়ে চিন্তা কৰিছে। ইয়াৰ বাহিৰেও ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া প্ৰস্তাৱিত পুৰুষ এছিয়া কাপৰ পৰা টিম ইণ্ডিয়া বাহিৰ হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান এচিচিৰ নেতৃত্বত আছে পাকিস্তানৰ ক্ৰীড়া মন্ত্ৰী তথা পাকিস্তান…
Read More
গুৱাহাটী বিশ্ববিদ্যালয়ত ১৬৪ সংখ্যক ৰবীন্দ্ৰ জয়ন্তী উদযাপন

গুৱাহাটী বিশ্ববিদ্যালয়ত ১৬৪ সংখ্যক ৰবীন্দ্ৰ জয়ন্তী উদযাপন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বঙালী ছাত্ৰ সমাজৰ উদ্যোগত  ১৬৪ সংখ্যক ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হয় । অনুষ্ঠানটোত বিশেষ অতিথি হিচাপে  উপস্থিত থাকি গুৱাহাটী  বিশ্ববিদ্যালয় ছাত্ৰকল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিয়ে তেওঁৰ ভাষণত ৰবীন্দ্ৰনাথৰ বিশাল অৱদানৰ কথা সুঁৱৰি বিশ্ববিদ্যালয়ত ৰবীন্দ্ৰ সংগীতৰ ওপৰত এখন কৰ্মশালাৰ আয়োজনৰ প্ৰস্তাৱ আগবঢ়ায় আৰু বিশ্ববিদ্যালয় চৌহদত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি স্থাপনৰ পৰামৰ্শ আগবঢ়ায়। অনুষ্ঠানত উপস্থিত থাকে ড°সঞ্জয় ভট্টাচাৰ্য, ড°সমীৰ সৰকাৰ, ড°বৰুণ কুমাৰ সাহা, ড°ৰোমা দাসৰ লগতে বাঙালী ছাত্ৰ সমাজৰ উপদেষ্টা ড°ৰূপাশ্ৰী দেৱনাথ আৰু বিভিন্ন বিভাগৰ গৱেষক,  ছাত্ৰ-ছাত্ৰী, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সদস্য সকল। অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিকৃতিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী, অধ্যাপক, আমন্ত্ৰিত…
Read More