16
May
উত্তৰ পূৱ ভাৰতত এছিয়ান হাতীৰ সংৰক্ষণৰ ক্ষেত্ৰত কৰা উৎকৃষ্ট কামৰ স্বীকৃতি স্বৰূপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকলৈ ব্ৰিটেইনৰ প্ৰসিদ্ধ দাতব্য সংস্থা “এলিফেণ্ট ফেমিলি”য়ে আগবঢ়োৱা অতি সন্মানীয় “মাৰ্ক শ্বাণ্ড বঁটা” ১৩ মে’ত প্ৰদান কৰা হয়। লণ্ডনৰ কিউস্থিত ৰয়েল বটানিক গাৰ্ডেনত আয়োজিত “ৱাণ্ডাৰছ অৱ দ্য ৱাইল্ড” শীৰ্ষক এক আড়ম্বৰপূৰ্ণ আৰু বিভিন্ন ক্ষেত্ৰৰ তাৰকাৰে ভৰি থকা অনুষ্ঠানত “এলিফেণ্ট ফেমিলি”ৰ যুটীয়া সভাপতিদ্বয় মহামহিম ৰজা চাৰ্লছ আৰু ৰাণী কেমিলাৰ পৰা আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ মুৰব্বী, জ্যেষ্ঠ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰে সংস্থাটোৰ হৈ বটাঁটো গ্ৰহণ কৰে। এই বঁটা প্ৰদান উপলক্ষে আয়োজিত “ৱাণ্ডাৰছ অৱ দ্য ৱাইল্ড” শীৰ্ষক অনুষ্ঠানত এইচ আৰ এইচ ৰাজকুমাৰী বিয়েট্ৰিচ, …
