Sonakshi Sarkar

1908 Posts
ফ্ৰেন্স অ’পেনৰ ছেমিত পৰাস্ত ন’ভাক জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ছেমিত পৰাস্ত ন’ভাক জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ৰোমাঞ্চিত ছেমি ফাইনেলত বিশ্বৰ এক নম্বৰ জানিক ছিনাৰৰ হাতত পৰাস্ত হয় ন’ভাক জ’কভিচ। এই পৰাজয়ৰ পিছত জ’কভিচ আৱেগিক হৈ পৰে। কিয়নো তেওঁ অহাবাৰ ফ্ৰেন্স অ'পেন খেলিব পাৰিব নে নোৱাৰে তাক লৈ জ’কভিচ অনিশ্চয়তাত আছে। মেচৰ পিছৰ সংবাদমেলত ৩৮ বছৰীয়া ন’ভাক জ’কভিচে পৰাজয়ৰ পিছত নিজৰ ভৱিষ্যতৰ অনিশ্চয়তাৰ কথা প্ৰকাশ কৰে। জ'কভিচে কয়-এইখন সম্ভৱতঃ মোৰ ইয়াত খেলা শেষ মেচ হ'ব পাৰে। গতিকে শেষত মই অলপ আৱেগিক হৈ পৰিছিলো। যদি এইখন ৰ'লেণ্ড গাৰোছত মোৰ কেৰিয়াৰৰ বিদায়ী মেচ আছিল, তেন্তে পৰিৱেশ আৰু ভিৰৰ পৰা মই যি পাইছিলো তাৰ ক্ষেত্ৰত ই কল্পনাতীত আছিল। মই আৰু বেছি খেলিব বিচাৰো নেকি? হয়, মই বিচাৰো। কিন্তু…
Read More
আজাৰা অঞ্চলত সদৌ অসম যুৱ সংঘৰ উদ্যোগত গছপুলি ৰোপণ, বিতৰণ আৰু সজাগতা সমদল

আজাৰা অঞ্চলত সদৌ অসম যুৱ সংঘৰ উদ্যোগত গছপুলি ৰোপণ, বিতৰণ আৰু সজাগতা সমদল

সদৌ অসম যুৱ সংঘ‌ৰ জালুকবাৰী সমজিলা সমিতিৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে পাঁচ জুনত বৃহত্তৰ আজাৰা অঞ্চলৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান - প্ৰতিষ্ঠানৰ চৌহদ আৰু পথৰ দাঁতিত গছপুলি ৰোপণ কৰা হয়। পুৱা এটি গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সদৌ অসম যুৱ সংঘ‌ৰ কেন্দ্ৰীয় সভাপতি বিজয় দাসে। আনহাতে কাৰ্যসূচীত সংঘৰ উপদেষ্টা তিলক নাথ আৰু ব্ৰজেন দাস। জালুকবাৰী  সমজিলা সমিতিৰ সভাপতি যুগল কলিতা,  বিজিত ভৰদ্বাজকে ধৰি কেবাজনো  সদস্য সদস্যা উপস্থিত থাকে। সকল, ইয়াৰ উপৰিও বৰঝাৰস্থিত  লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ চৌহদতো  সমিতিৰ উদ্যোগত আৰু বিমানবন্দৰ টেক্সী চালক সন্থাৰ সহযোগত  গছপুলি ৰোপণ কৰা হয়। ইয়াৰ উপৰিও কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজাৰা অঞ্চলত  ৰাইজৰ…
Read More
গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বুজাবুজি চুক্তি স্বাক্ষৰ

গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বুজাবুজি চুক্তি স্বাক্ষৰ

বিশ্ব পৰিৱেশ দিৱসত ভৱিষ্যত প্ৰজন্মৰ বাবে এক সুস্থ শৈক্ষিক তথা পাৰিৱেশিক বাতাবৰণ সৃষ্টিৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় । উক্ত চুক্তি অনুসৰি দুয়োটা প্ৰতিষ্ঠানে পৰিৱেশৰ লগত জড়িত আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ গৱেষণামূলক আৰু সজাগতামূলক প্ৰচাৰ তথা বিভিন্ন পৰিৱেশ হিতৈষী কাৰ্যসূচী হাতত ল'ব। উক্ত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত অনুষ্ঠানত মুখ্য বক্তা ৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক দুলাল চন্দ্ৰ গোস্বামী, মুখ্য অতিথি হিচাপে উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত, সন্মানীয় অতিথিৰূপে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ অধ্যক্ষ ড⁰ অৰূপ কুমাৰ মিশ্ৰ আৰু বিশিষ্ট অতিথিৰূপে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ সদস্য…
Read More
চৌদি আৰৱৰ মক্কাত উপস্থিত ১৪ লাখ হজ তীৰ্থযাত্ৰী

চৌদি আৰৱৰ মক্কাত উপস্থিত ১৪ লাখ হজ তীৰ্থযাত্ৰী

এইবছৰৰ হজ তীৰ্থযাত্ৰা আৰম্ভ হৈছে, য’ত ১৪ লাখৰো অধিক তীৰ্থযাত্ৰী চৌদি আৰৱৰ পবিত্ৰ চহৰ মক্কাত উপস্থিত হৈছে।গৰমৰ বাবে যোৱা বছৰ হাজ তীৰ্থযাত্ৰালৈ যোৱা ১৩০০ লোকৰ মৃত্যু হৈছিল। ছৌদি আৰৱে এইবাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকে বাৰ্ষিক অনুষ্ঠানটোৰ বাবে এইবাৰ নিৰাপত্তা বৃদ্ধি কৰিছে। তাপমাত্ৰা ৪৪ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হোৱাৰ সম্ভাৱনা থকাৰ বাবে তেওঁলোকে হাজাৰ হাজাৰ গছপুলি ৰোপণ কৰাৰ লগতে শ শ শীতল ইউনিট স্থাপন কৰি গৰমৰ পৰা সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ১২ বছৰৰ তলৰ শিশুকো নিষেধাজ্ঞা আৰোপ কৰিছে।লগতে চৰকাৰী অনুমতি অবিহনে হজ কৰা হজযাত্ৰীসকলক পাঁচ হাজাৰ ডলাৰৰ জৰিমনা আৰু ১০ বছৰৰ বাবে প্ৰৱেশ নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে বুলি সকীয়াই দিয়া…
Read More
ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টিৰে ছেমিফাইনেলত ন’ভাক জ’কভিচ

ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টিৰে ছেমিফাইনেলত ন’ভাক জ’কভিচ

ছাৰ্বিয়াৰ টেনিছ কিংবদন্তি ন’ভাক জ’কভিচে ২০২৫ ৰ ফ্ৰেন্স অ’পেনত ইতিহাস সৃষ্টি কৰিছে।বুধবাৰে অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল মেচখনত তেওঁ জাৰ্মানীৰ আলেকজেণ্ডাৰ ঝভেৰেভক ৪-৬, ৬-৩, ৬-২, ৬-৪ ছেটত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ৩৮ বছৰ বয়সত জ’কভিচে ৰ’লেণ্ড গাৰোছ (ফ্ৰেঞ্চ অ’পেন)ৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা আটাইতকৈ বয়সীয়াল খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ইয়াৰ সৈতে তেওঁ গ্ৰেণ্ড শ্লেমৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা প্ৰথমজন পুৰুষ খেলুৱৈও হিচাপে পৰিগণিত হয়, ৩৮ বছৰতকৈও অধিক বয়সত এই কৃতিত্ব অৰ্জন কৰে। এই জয়েৰে জ’কভিচে নিজৰ নামত বহু অভিলেখ গঢ়িবলৈ সক্ষম হয়। ১৯৬৮ চনৰ পিছত ৰ’লেণ্ড গাৰোছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰা আটাইতকৈ বয়সীয়াল পুৰুষ খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁৰ পূৰ্বে ১৯৬৮…
Read More
২০২৬ৰ ১ অক্টোবৰৰ পৰা দেশত জাতিগত লোকপিয়ল

২০২৬ৰ ১ অক্টোবৰৰ পৰা দেশত জাতিগত লোকপিয়ল

জাতিগত লোকপিয়ল দিন ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ভাৰতত জাতিগত লোকপিয়ল দুটা পৰ্যায়ত কৰা হ’ব। ইয়াৰ প্ৰথম পৰ্যায় ২০২৬ চনৰ ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায় ২০২৭ চনৰ ১ মাৰ্চৰ পৰা আৰম্ভ হ’ব। প্ৰথম পৰ্যায়ত চাৰিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত জাতিগত লোকপিয়ল কৰা হ’ব। এই ৰাজ্যসমূহৰ ভিতৰত উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, লাডাখ আৰু জম্মু-কাশ্মীৰ অন্যতম। স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল কৰা হ’ব। এইবাৰ লোকপিয়লৰ লগতে জাতিগত গণনা কৰা হ’ব। যোৱা মাহত মোদী চৰকাৰে জাতিগত লোকপিয়লত অনুমোদন জনাইছিল। ১৯৩১ চনৰ পৰা ভাৰতত জাতিভিত্তিক লোকপিয়ল হোৱা নাই। দেশত প্ৰতি ১০ বছৰৰ মূৰে মূৰে লোকপিয়ল কৰা হয়। যোৱা লোকপিয়ল ২০১১ চনত…
Read More
৫৫ মেগাৱাটৰ কুলসী শক্তি প্ৰকল্প নিৰ্মাণৰ সিন্ধান্ত অসম-মেঘালয়ৰ

৫৫ মেগাৱাটৰ কুলসী শক্তি প্ৰকল্প নিৰ্মাণৰ সিন্ধান্ত অসম-মেঘালয়ৰ

অসম- মেঘালয় আন্ত:ৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰিবলৈ পুনৰ এবাৰ বৈঠকত মিলিত হ'ল দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী। সোমবাৰে মহানগৰীৰ কইনাধৰাৰ অতিথি শালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বহু বিষয়ৰ ওপৰত আলোচনা কৰে। মহানগৰীৰ কৃত্ৰিম বান, সীমা বিবাদকে ধৰি বহু বিষয়ৰ ওপৰত আজিৰ বৈঠকত আলোচনা হয়। পূৰ্বে দুই পক্ষৰ মাজত হোৱা বৈঠকত এক সিদ্ধান্তত মিলিত হৈ ৬ টা স্পৰ্শকাতৰ অঞ্চলক লৈ চুক্তি স্বাক্ষৰ হৈছিল। সেই চুক্তি এতিয়া সাৰ্থক কৰাৰ দিশে আগবাঢ়িছে। এই সন্দৰ্ভত বৈঠকৰ পিছত সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই কয় যে বিবাদ মান ৬ টা অঞ্চলক লৈ স্বাক্ষৰিত হোৱা চুক্তি অনুসৰি পিলিংকাতাক বাদ দি বাকী ৫ টা…
Read More
১১ বছৰৰ পিছত প্ৰথমবাৰলৈ ফাইনেলত পঞ্জাব কিংছ

১১ বছৰৰ পিছত প্ৰথমবাৰলৈ ফাইনেলত পঞ্জাব কিংছ

শ্ৰেয়াছ আয়েৰে ৪১ বলত অপৰাজিত ৮৭ ৰান সংগ্ৰহ কৰি দেওবাৰে দ্বিতীয় কোৱালিফায়াৰত মুম্বাই ইণ্ডিয়ানছক ৫ উইকেটত পৰাস্ত কৰি পঞ্জাব কিংছক ফাইনেলত প্ৰৱেশ কৰাত সহায় কৰে, যাৰ ফলত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে এই ছিজনত নতুন চেম্পিয়ন লাভ কৰাটো নিশ্চিত হয়। এতিয়া ৩ জুনত পঞ্জাৱে ফাইনেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰৰ বিৰুদ্ধে খেলিব আৰু ১৮ বছৰত এবাৰো খিতাপ দখল কৰিব পৰা নাই দুয়োটা দলে। যোৱা বছৰ কলকাতা নাইট ৰাইডাৰ্ছক খিতাপ দখল কৰোৱা শ্ৰেয়াছে পৰিপক্ক ইনিংছ খেলি ১১ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে পঞ্জাবক ফাইনেললৈ লৈ যায়। মুম্বাইৰ বিপজ্জনক বলিং আক্ৰমণৰ সন্মুখত ২০৪ ৰানৰ লক্ষ্য সহজ নাছিল যদিও শ্ৰেয়াছে আগ্ৰাসী বেটিঙৰ এক নতুন সংজ্ঞা সৃষ্টি কৰে। তেওঁ…
Read More
ন্যায়াধীশ এন ভি অঞ্জৰিয়া, বিজয় বিষ্ণোই, এ এছ চন্দুৰকাৰৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত

ন্যায়াধীশ এন ভি অঞ্জৰিয়া, বিজয় বিষ্ণোই, এ এছ চন্দুৰকাৰৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত

ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে শুকুৰবাৰে ন্যায়াধীশ এন ভি অঞ্জৰিয়া, ন্যায়াধীশ বিজয় বিষ্ণোই আৰু ন্যায়াধীশ এ এছ চন্দুৰকাৰক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰূপে শপত বাক্য পাঠ কৰোৱায়। উচ্চতম ন্যায়ালয়ৰ কমপ্লেক্সত অনুষ্ঠিত এক অনুষ্ঠানত ন্যায়াধীশসকলক শপত বাক্য পাঠ কৰোৱায় । এই ন্যায়াধীশসকলৰ শপত গ্ৰহণৰ লগে লগে মুখ্য ন্যায়াধীশকে ধৰি উচ্চতম ন্যায়ালয়ত সম্পূৰ্ণৰূপে কাৰ্যক্ষম ন্যায়াধীশৰ সংখ্যা ৩৪ জনলৈ বৃদ্ধি পাইছে। সোমবাৰে উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ অঞ্জৰিয়া, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিষ্ণোই আৰু বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ চন্দুৰকাৰক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ পৰামৰ্শ আগবঢ়ায়। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত নিযুক্তিৰ কথা ঘোষণা কৰে…
Read More
১৪ জুনৰপৰা বছৰজোৰা দিলীপ শৰ্মা জন্ম শতবৰ্ষ উদযাপন

১৪ জুনৰপৰা বছৰজোৰা দিলীপ শৰ্মা জন্ম শতবৰ্ষ উদযাপন

দিলীপ শৰ্মা জন্মশতবৰ্ষ উদযাপনৰ বছৰজোৰা কাৰ্যসূচী অহা ২২ জুনৰ পৰা আগুৱাই আনি অহা ১৪ জুনত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ১৪ জুনত বক্তৃতানুষ্ঠান  আৰু সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে দিলীপ শৰ্মা জন্ম  শতবৰ্ষ আৰম্ভ হ'ব। দিলীপ শৰ্মা জন্ম শতবৰ্ষ উদযাপন সমিতিৰ গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত কাৰ্যনিৰ্বাহকৰ বৈঠকত উক্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰয়াত দিলীপ  শৰ্মাৰ সৈতে বহু অনুষ্ঠানত গীত পৰিৱেশন কৰা বিশিষ্ট শিল্পী তথা পশ্চিম বঙ্গৰ বৰ্ধমান বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, কলকতা নিবাসী শুভপ্ৰসাদ নন্দী মজুমদাৰে শতবৰ্ষ উদ্বোধনী কাৰ্যসূচীত "প্ৰয়াত দিলীপ শৰ্মা আৰু গণনাট্য আন্দোলন" শীৰ্ষক বক্তৃতা প্ৰদান কৰিব। বক্তৃতানুষ্ঠানৰ সৈতে সঙ্গতি ৰাখি এক চমু সাংস্কৃতিক কাৰ্যসূচীৰো উক্ত দিনা আয়োজন কৰা হৈছে৷…
Read More