Sonakshi Sarkar

1402 Posts
আৰণ্যকৰ ডি এন এ ফৰেনছিক সেৱাৰ দশক সম্পূৰ্ণ

আৰণ্যকৰ ডি এন এ ফৰেনছিক সেৱাৰ দশক সম্পূৰ্ণ

যোৱা দহ বছৰ ধৰি গুৱাহাটীস্থিত আৰণ্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰে বন্যপ্ৰাণীৰ ডি এন এ ফৰেনছিক বিশ্লেষণ সেৱা সফলতাৰে আগবঢ়াই আহিছে । এই পৰীক্ষাগাৰটোৱে অসমৰ এশৰো অধিক কেচৰ উপৰিও আন ৰাজ্যতো নিজৰ সেৱা আগবঢ়াইছে, যাৰ ফলত অঞ্চলটোৰ বন্যপ্ৰাণী অপৰাধৰ তদন্ত দ্ৰুততাৰে আগবঢ়াত যথেষ্ট সহায় হৈছে। পৰীক্ষাগাৰটোৱে ৰূপগত ভাৱে পৃথক কৰিব নোৱাৰা জৈৱিক সামগ্ৰীৰ পৰা বন্যপ্ৰাণীৰ প্ৰজাতি চিনাক্তকৰণ, গঁড়, হাতী, বাঘ, নাহৰফুটুকীৰ ডি এন এৰ জৰিয়তে ফৰেনছিক, বন্দী হাতী পোৱালিৰ পিতৃ-মাতৃৰ পৰীক্ষা আদি বিভিন্ন ডি এন এ বিশ্লেষণৰ সেৱা আগবঢ়াই অহিছে ।  ২০১২ চনত আৰন্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰ বিশ্বৰ প্ৰথম এনে গৱেষণাগাৰ হিচাপে পৰিগণিত হয় যিয়ে বনাঞ্চলত এশিঙীয়া গঁড়ৰ ব্যক্তিগত চিনাক্তকৰণৰ বাবে ডিএনএৰ…
Read More
২৩ বছৰৰ পিছত প্ৰথমবাৰলৈ কোপা আমেৰিকাৰ ফাইনেলত কলম্বিয়া

২৩ বছৰৰ পিছত প্ৰথমবাৰলৈ কোপা আমেৰিকাৰ ফাইনেলত কলম্বিয়া

কলম্বিয়াই উৰুগুৱেৰ বিৰুদ্ধে উত্তেজাপূৰ্ণ ছেমি ফাইনেলত ১-০ গ'ল জয়ৰে তেওঁলোকে ২৩ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে কোপা আমেৰিকা ফুটবল চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হয়। খেলখনৰ অন্তিম হুইচেল বজাৰ পিছত খেলুৱৈ আৰু দৰ্শকৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। কলম্বিয়াৰ হৈ জেফাৰচন লেৰমাই ৩৯ মিনিটত গ'ল কৰে। কলম্বিয়াই এতিয়া দেওবাৰে ডিফেণ্ডিং চেম্পিয়ন লিয়নেল মেছিৰ আৰ্জেণ্টিনাৰ মুখামুখি হ'ব। উৰুগুৱেৰ দলটোৱে তৃতীয় স্থানৰ খেলখনত কানাডাৰ সৈতে খেলিব।  কলম্বিয়াই আগতে ২০০১ চনত কোপা আমেৰিকা খিতাপ জিকিছিল। এই খেলখনত, এখন ৰেড কাৰ্ডৰ উপৰিও সাতখন হালধীয়া কাৰ্ড দেখুওৱা হৈছিল। দুয়োটা দলৰ খেলুৱৈসকলৰ মাজত বহুবাৰ কাজিয়া হয়। খেলখনৰ পিছত ডাৰউইন নুনেজ আৰু উৰুগুৱেৰ ডজনডজন খেলুৱৈয়ে দৰ্শকৰ মাজত হোৱা কাজিয়াত জঁপিয়াই পৰিছিল।…
Read More
খাবলাৰভিঠাত  মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

খাবলাৰভিঠাত  মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

পাকাবেতবাৰী বিধানসভা সমষ্টিৰ খাবলাৰ ভিঠা মাধ্যমিক বিদ্যালয় প্ৰাংগণত ক্ৰমে খাবলাৰ ভিঠা,চকিৰ ভিঠা,বুনবাহাৰ,কমলপুৰ আদি অঞ্চলৰ ৰাইজৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়।অৱসৰপ্ৰাপ্ত শিক্ষক ছিদ্দিকুৰ ৰহমানৰ সভাপতিত্বত আৰু খাবলাৰ ভিঠা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আমিনুল ইছলামৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাখনত প্ৰায় চাৰি শতাধিক সচেতন ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে,বৰ্তমান সময়ত যুৱ সমাজে   বিভিন্ন অসামাজিক কাৰ্য তথা বিষাক্ত মাদকদ্ৰব্যৰ প্ৰতি আষক্ত হোৱা পৰিলক্ষিত হৈছে। আনকি গাওঁ সমূহত অবাধে ড্ৰাগছ,মদ,ভাং আদি কৰি বিভিন্ন নিচাজাতীয় দ্ৰব্যৰ লগতে একাংশ যুৱতীয়ে দেহ ব্যাৱসায় কাৰ্যত লিপ্ত হোৱাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে  উদ্বেগ প্ৰকাশ কৰাৰ লগতে  এইক্ষেত্ৰত প্ৰশাসনৰ ভূকিকাক ৰহস্যজনক বুলি মত প্ৰকাশ কৰে। সভাখনত উপস্থিত থাকি হৰেন্দ্ৰ চিত্ৰা…
Read More
জনসংযোগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈক চৰাইদেউ জিলা সাংবাদিক সন্থাৰ বিদায় সম্বৰ্ধনা

জনসংযোগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈক চৰাইদেউ জিলা সাংবাদিক সন্থাৰ বিদায় সম্বৰ্ধনা

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ চৰাইদেউ জিলা সমিতিৰ এক বিশেষ অনুষ্ঠানত চাকৰি সূত্ৰে বদলি হৈ যোৱা চৰাইদেউ জিলাৰ জনসংযোগ বিভাগৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈক সন্থাৰ তৰফৰ পৰা বিশেষভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটি সোণাৰিৰ গ্ৰীণ ভিউ হোটেলৰ সভাকক্ষত জিলা সম্পাদক ধ্ৰুৱজ্যোতি বৰুৱাই আঁত ধৰা আৰু জিলা সমিতিৰ সভাপতি মৃদুল কুমাৰ চাহুৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানত ভাস্কৰ বৰদলৈক এখন কৃতজ্ঞতা পত্ৰ আৰু গামোচাৰে বিদায় সম্বৰ্ধনা জনোৱা হয় । আনহাতে চৰাইদেউ প্ৰেছ ক্লাবৰ তৰফৰ পৰাও সম্পাদক প্ৰণৱ বৰগোহাঁয়ে ভাষ্কৰ বৰদলৈক বিদায় সম্বৰ্ধনা জনায় ।
Read More
কোপা আমেৰিকাৰ ফাইনেলত আৰ্জেণ্টিনা

কোপা আমেৰিকাৰ ফাইনেলত আৰ্জেণ্টিনা

লিয়নেল মেছিৰ তেওঁৰ কেৰিয়াৰৰ ১০৯ তম আন্তঃৰাষ্ট্ৰীয় গ'ল আৰু চলিত টুৰ্ণামেণ্টৰ প্ৰথমটো গ'লৰ সৈতে ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাই কানাডাক ২-০ গ'লত পৰাস্ত কৰি কোপা আমেৰিকা ফুটবল টুৰ্ণামেণ্টৰ ফাইনেলত উপনীত হয়। ২২ মিনিটত জুলিয়েন আলভাৰেজে আৰ্জেণ্টিনাৰ হৈ প্ৰথমটো গ'ল কৰে, আনহাতে মেছিয়ে ৫১ মিনিটত এঞ্জো ফাৰ্ণাণ্ডেজৰ শ্বটটো গ'ললৈ ৰূপান্তৰিত কৰি দলৰ অগ্ৰগতি দুগুণ কৰে। মেছিৰ সন্মুখত সেইসময়ত গ'লৰক্ষক মেক্সিম ক্ৰেপু আছিল কিন্তু তেওঁ এই তাৰকা ফুটবলাৰজনক বাধা দিব নোৱাৰিলে। মেছিয়ে আৰ্জেণ্টিনাৰ হৈ তেওঁৰ যোৱা ২৫ খন খেলত ২৮ টা গ'ল কৰিছে। তেওঁ এতিয়ালৈকে কোপা আমেৰিকাত ১৪ টা গ'ল কৰিছে, যিটো ৰেকৰ্ডতকৈ তিনিটা গ'ল কম। পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে আন্তঃৰাষ্ট্ৰীয় ফুটবলত মেছিতকৈ অধিক গ'ল…
Read More
উত্তৰ প্ৰদেশৰ উন্নাওত পথ দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ উন্নাওত পথ দুৰ্ঘটনাত ১৮ জন লোকৰ মৃত্যু

উত্তৰ প্ৰদেশৰ উন্নাওৰ ওচৰত বুধবাৰে পুৱা সংঘটিত বাছ দুৰ্ঘটনাত কমেও ১৮ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও ১৯ জন লোক আহত হৈছে। আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেৰ উন্নাওৰ মাজেৰে এখন নৈশ বাছ পাৰ হৈ যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। বাছখন এখন গাখীৰ টেংকাৰৰ সৈতে সংঘৰ্ষ হয়। উন্নাওৰ গাৰা গাঁৱৰ ওচৰত এক্সপ্ৰেছৱেৰ ২৪৮ নম্বৰ মাইলৰ খুঁটিৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, টেংকাৰখনক অতিক্ৰম কৰাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়। টেংকাৰখনৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছত বাছখন এক্সপ্ৰেছৱেত বাগৰি পৰে। যাৰ ফলত বাছখনত থকা বহুযাত্ৰীৰ ঘটনাস্থলীত মৃত্যু হয়। বাছখন বিহাৰৰ সীতামাঢ়ীৰ পৰা মতিহাৰী হৈ দিল্লীলৈ গৈ আছিল। দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আহতসকলক…
Read More
দেশৰ পাঁচ শতাংশ শিশু- কিশোৰ বৃক্ক বিকল হোৱা সমস্যাত আক্ৰান্ত

দেশৰ পাঁচ শতাংশ শিশু- কিশোৰ বৃক্ক বিকল হোৱা সমস্যাত আক্ৰান্ত

ভাৰতত প্ৰায় পাঁচ শতাংশ শিশু আৰু কিশোৰ বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস বা বৃক্ক বিকল হোৱা সমস্যাত ভুগি আছে। দেশজুৰি চলোৱা এক অধ্যয়ণত এই কথা প্ৰকাশ পাইছে। সমস্যাটো সময় পাৰ হোৱাৰ লগে লগে বৃক্কৰ ক্ষতিৰ বাবে এই সমস্যা অধিক জটিল হৈ পৰে, যাক দীৰ্ঘম্যাদী বৃক্কৰ ৰোগ (চিকেডি) বুলি কোৱা হয়। এই অধ্যয়নটো বাথিন্দা আৰু বিজয়পুৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছ আৰু জৰ্জ ইনষ্টিটিউট ফৰ গ্লোবেল হেল্থ ইণ্ডিয়াৰ গৱেষকসকলে পৰিচালনা কৰিছিল। এই নতুন অধ্যয়নটো স্প্ৰিংগাৰ লিংক আলোচনীত প্ৰকাশিত হৈছে। এইটো এটা বৃহৎ ৰাজহুৱা স্বাস্থ্য সমস্যা আৰু ভাৰতত ইয়াৰ ফলত কিমান শিশু আৰু কিশোৰ-কিশোৰী ভুগিছে তাৰ কোনো সঠিক তথ্য নাই।  অধ্যয়নটো ২০১৬ ৰ…
Read More
পৰেশ বৈশ্য ফাউণ্ডেচনৰ বঁটা প্ৰদান অনুষ্ঠান

পৰেশ বৈশ্য ফাউণ্ডেচনৰ বঁটা প্ৰদান অনুষ্ঠান

বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানতপৰেশ বৈশ্য ফাউণ্ডেচনে বিশিষ্ট শিক্ষাবিদ, সমালোচক  ড. দয়ানন্দ পাঠকক শংকৰদেৱ অধ্যয়ন বঁটা আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক  ড. মাধুৰ্য্যমণ্ডিত বৰুৱাক অসম-ইতিহাস গৱেষণা বঁটা প্ৰদান কৰে।বঁটা হিচাপে দুয়োগৰাকী কৃতবিদ্যক ফুলাম গামোচা, চেলেং, জাপি, শৰাই, ট্ৰফি আৰু মানপত্ৰ প্ৰদান কৰা হয়। এই অনুষ্ঠানতেই বৰপেটাৰ তিনি গৰাকী বৰেণ্য অশীতিপৰ ব্যক্তি ক্ৰমে শিক্ষাবিদ ,সংতীতজ্ঞ  সত্যকৃষ্ণ মিশ্ৰক গামোছাৱ,শৰাই ,মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷ এই অনুষ্ঠানৰ পিছত অসুস্থতাৰ হেতু সম্বৰ্ধনা সভাত উপস্থিত থাকিব নোৱাৰা শিক্ষাবিদ জগন্নাথ দাস আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক তথা সংগীত নাটক অকাডেমী  অমৃত  বঁটা প্ৰাপক গুৰু প্ৰসাদ ওজাক ফুলাম গামোচা, শৰাই আৰু মানপত্ৰৰে   তেওঁলোকৰ নিজ…
Read More
সমাজ দৰদী মথুৰাপুৰী বঁটা থানেশ্বৰ মালাকাৰলৈ

সমাজ দৰদী মথুৰাপুৰী বঁটা থানেশ্বৰ মালাকাৰলৈ

বৰ্ষীয়ান বেহেলা বাদক সত্যকৃষ্ণ মিশ্ৰলৈ এইবাৰৰ ২০২৪ বৰ্ষৰ 'তাঁতীকুছি বঁটা' আগবঢ়োৱা হ'ব । সমান্তৰাল ভাৱে বিশিষ্ট সাহিত্যিক তথা বৰপেটাৰ প্ৰাক্তন আয়ুক্ত থানেশ্বৰ মালাকাৰলৈ ২০২৪ বৰ্ষৰ 'সমাজ দৰদী মথুৰাপুৰী বঁটা' আৰু ২০২৪ বৰ্ষৰ প্ৰয়াত শিক্ষাবিদ 'অৰ্জুন চন্দ্ৰ দাস বঁটা' বিশিষ্ট গণিতজ্ঞ তাৰকেশ্বৰ চৌধুৰীলৈ আগবঢ়োৱা হ'ব । আয়োজক তথা বৰপেটাৰ সমাজ সেৱী সংগঠন 'তাতীকুছি'ৰ উদ্যোগত অনুষ্ঠিত এখন সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়  'তাতীকুছি'ৰ আহ্বানত তথা কৃষ্ণকান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত প্ৰথমে 'তাঁতীকুছি'ৰ মুখ্য সম্পাদক হৰেকৃষ্ণ দাস দীপুৱে আঁত ধৰা সভাখনত এইবাৰৰ উচ্চ মাধ্যমিক পৰীক্ষাত গণিত বিষয়ত সৰ্ব্বোচ্চ নম্বৰ প্ৰাপ্ত তথা কলগাছিয়াৰ ক্ষুদ্ৰাকুছিৰ আব্বাছ আলী চৌধুৰী মেমোৰীয়েলৰ মেধাৱী ছাত্ৰ আশিক হুছেইনৰ…
Read More
ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপৰ পৰা বিদায় ৰোনাল্ডোৰ পৰ্তুগাল

ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপৰ পৰা বিদায় ৰোনাল্ডোৰ পৰ্তুগাল

ফ্ৰান্সে পেনাল্টি শ্বুটআউটত পৰ্তুগালক ৫-৩ গ'লত পৰাস্ত কৰি ইউৰোপিয়ান ফুটবল চেম্পিয়নশ্বিপৰ (ইউৰো ২০২৪) ছেমি ফাইনেলত উপনীত হয় আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ খিতাপৰ সৈতে প্ৰতিযোগিতাখনক বিদায় দিয়াৰ স্বপ্ন ভংগ হয়। খেলখনক ৰোনাল্ডো বনাম কেলিয়ান এমবাপেৰ মাজত যুদ্ধ হিচাপে দেখা গৈছিল। দুয়োটা দলে ইজনে আনজনক এটা কঠিন প্ৰত্যাহ্বান দিছিল কিন্তু কোনো দলে অতিৰিক্ত সময়ৰ বাবেও এটা গ'ল কৰিব নোৱাৰিলে। ইয়াৰ পিছত, পেনাল্টি শ্বুটআউটৰ আশ্ৰয় লোৱা হয়, য'ত পৰ্তুগালৰ জোয়াও ফেলিক্সৰ শ্বটটো গ'ল পোষ্টৰ সৈতে সংঘৰ্ষ হয়। ইয়াৰ পিছত থিঅ হাৰ্নান্দেজে নিৰ্ণায়ক কিকটো গ'ললৈ ৰূপান্তৰ কৰে আৰু ফ্ৰান্সক ছেমি ফাইনেললৈ প্ৰেৰণ কৰে। ফ্ৰান্সে ইউৰো ২০২১ ৰ অন্তিম ১৬ ত আৰু বিশ্বকাপ ২০২২ৰ ফাইনেলত পেনাল্টি…
Read More