Mohini

56 Posts
দৰ্শকক মুহিলে পষ্ট মেলনে

দৰ্শকক মুহিলে পষ্ট মেলনে

সংগীতৰ মায়াজালেৰে দৰ্শকক মুগ্ধ কৰিলে প'প ষ্টাৰ পষ্ট মেলনে। দেশৰ ভিতৰতে প্ৰথম পপষ্টাৰ প’ষ্ট মেলনৰ একক লাইভ কনচাৰ্টৰ সুৰৰ মুৰ্চনা তুলিলে গুৱাহাটীৰ খানাপাৰা খেলপথাৰত। ৰেপ সংগীতৰ মায়াসনা সন্ধিয়াৰ আমেজ ল'লে ২৩  হাজাতকৈ অধিক সংগীতপ্ৰেমীয়ে। জুবিন গাৰ্গক স্মৰণ কৰি জুবিন গাৰ্গৰ ভূমিত অহাত বিশেষ গৌৰৱ অনুভৱ কৰিছোঁ বুলি মন্তব্য কৰে পষ্ট মেলনে।
Read More
গুৱাহাটীলৈ আহিব চাকিৰা: মুখ্যমন্ত্ৰী

গুৱাহাটীলৈ আহিব চাকিৰা: মুখ্যমন্ত্ৰী

গুৱাহাটীলৈ আহিব প্ৰখ্যাত সংগীত শিল্পী চাকিৰাক। এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ সংবাদ মাধ্যমৰ আগত কয়, গুৱাহাটীত চাকিৰাক অনা হ'ব। আহি বছৰ বা দুবছৰ পিছত চাকিৰাক অনাৰ মন আছে। এনে অনুষ্ঠান ডিব্ৰুগড় আৰু শিলচৰত হ'ব। " বিশ্ব স্বীকৃত শিল্পী। তেওঁ বিশ্বৰ ৫ জন টপ আৰ্টিষ্টৰ ভিতৰত পষ্ট মেলন এজন। অসমত কেতিয়াও গ্লোৱেল আৰ্টিষ্ট অহা নাছিল। আজিৰ অনুষ্ঠান চাবলৈ আমেৰিকা, ইংলেণ্ডৰ পৰা মানুহ আহিছে। ই অৰ্থনীতি সহায় কৰিব। এই অনুষ্ঠানত অসম চৰকাৰে আৰ্থিক অৰিহণা যোগোৱা নাই। এক টকাও আগবঢ়াব নালাগে।
Read More
১২ ডিচেম্বৰত আদালতত দাখিল কৰা হ’ব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অভিযোগনামা

১২ ডিচেম্বৰত আদালতত দাখিল কৰা হ’ব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অভিযোগনামা

ছিংগাপুৰত জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে অহা ১২ ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। আজি উলুবাৰীত থকা অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্য্যালয়ত আয়োজিত এখন সংবাদমেলত বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই এই কথা সদৰি কৰে।‌ সংবাদ মাধ্যমক সম্বোধন কৰি বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী  গুপ্তাই কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ১৮/২০২৫ নম্বৰত এটা গোচৰ ৰুজু হৈছিল। এই গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। সেই অনুসৰি অহা ১২ ডিচেম্বৰত তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত আদালতত অভিযোগনামা দাখিল কৰিব। অভিযোগনামাৰ জৰিয়তে গোচৰৰ সকলো তথ্য আদালতত দাখিল কৰা হ'ব বুলিও…
Read More
মেঘালয়ৰ তুৰাতমায়াবিনী শীৰ্ষক গীতেৰে

মেঘালয়ৰ তুৰাতমায়াবিনী শীৰ্ষক গীতেৰে

মেঘালয়ৰ তুৰাত গাৰো পাহাৰৰ নৈসৰ্গিক শোভাৰ মাজত শুকুৰবাৰে  পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মে গঙ উৎসৱ। মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই উদ্বোধন কৰা এই সাংস্কৃতিক উৎসৱটোলৈ উত্তৰ পূৰ্বাঞ্চলৰ লগতে দেশ বিদেশৰ পৰ্যটকৰ আগমন হৈছে। দেশৰ সংগীত জগতখনৰ বাবে এক বৰ্ণিল আয়োজন হিচাপে বিবেচিত মে গঙ উৎসৱৰ  দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী সংগীতানুষ্ঠান পৰিৱেশন কৰে। উৎসৱৰ প্ৰথম দিনটোত মঞ্চত সংগীত পৰিৱেশন কৰে পপ সংগীতৰ জনপ্ৰিয় ৰিচাৰ্ড মাৰ্ক্সে, বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী নীতি মোহন, প্ৰখ্যাত ইলেক্ট্ৰনিক সংগীতনিৰ্মাতা আৰু ডি জে  নিউক্লিয়াৰ আৰু কিংবদন্তি সংগীত শিল্পী বব মাৰ্লিৰ পুত্ৰ জুলিয়ান মাৰ্লিৰ সংগীতানুষ্ঠান পৰিৱেশন কৰে। নীতি মোহনেহে তেওঁ নিজৰ কেইবাটাও জনপ্ৰিয় গীত পৰিৱেশন কৰাৰ উপৰিও মায়াবিনী…
Read More
উলুবাৰী উৰণ সেতুত পথ দুৰ্ঘটনা

উলুবাৰী উৰণ সেতুত পথ দুৰ্ঘটনা

গুৱাহাটী মহানগৰীৰ উলুবাৰী উৰণ সেতুত পথ দুৰ্ঘটনা। পথ নিৰ্মাণত জড়িত বাহনে মহতিয়াই নিলে উৰণ সেতুৰ ৰেলিঙ। শুকুৰবাৰে পুৱাই উলুবাৰী উৰণ সেতুত  সংঘটিত হয় এই পথ দুৰ্ঘটনা। বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই উৰণ সেতুৰ ৰেলিং মহটিয়াই নিয়ে ফলত সেতু খনৰ এটা অংশ বিস্তৰ ক্ষতিসাধন হয়।
Read More
পাণ্ডু সদিলাপুৰ শাখা ডাক ঘৰত এটা নতুন পোষ্ট বক্স স্থাপন

পাণ্ডু সদিলাপুৰ শাখা ডাক ঘৰত এটা নতুন পোষ্ট বক্স স্থাপন

মহাবীৰ লাচিত বৰফুকনৰ পবিত্ৰ দিবসৰ লগত সংগতি ৰাখি ভাৰতীয় ডাক বিভাগৰ অধীনত গুৱাহাটীৰ পাণ্ডু সদিলাপুৰ শাখা ডাকঘৰৰ সন্মূখত এটা নতুন পোষ্ট বক্স স্থাপন কৰা হয়। দিনৰ ১১ বজাত এখন চিঠি ভৰাই পোষ্ট বক্সৰ শুভাৰম্ভ কৰে বৃহত্তৰ পাণ্ডু সদিলাপুৰ জনকল্যাণ সমাজৰ সভাপতি, প্ৰাক্তন ছাত্ৰ নেতা হৃষিকেশ দাসে। এই সন্দৰ্ভত হৃষিকেশ দাসে কয়‌ যে আগৰ তুলনাত বৰ্তমান ভাৰতীয় ডাক বিভাগ উন্নত মানদণ্ডৰ ডিজিটেল মাধ্যমত উপলব্ধ। বাকী বিভাগৰ চিঠি পত্ৰৰ উপৰিও ৰেকাৰিং ডিপোজিত , চেভিংচ একাউণ্ট,  ১০ বছৰৰ তলৰ কন্যা সন্তানৰ বাবে সুকন্যা আঁচনি, আই পি পি বি একাউণ্ট, পোষ্টেল লাইফ ইন্সোৰেন্স ইত্যাদিৰে মানুহৰ দুৱাৰে দুৱাৰে সু ব্যৱস্থাৰে ৰাইজক নিৰাপত্ত দি আহিছে।
Read More
শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰাৰ দাবীত প্ৰতিবাদ

শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰাৰ দাবীত প্ৰতিবাদ

কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সমূহৰ যৌথ মঞ্চই শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰাৰ দাবীত  বিৰুবাৰী আৰ কে মিছন ৰোডত থকা কেন্দ্ৰীয় শ্ৰম কাৰ্যালয়ত শ্ৰমিক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। বৃহৎ পুঁজিপতি স্বৰ্থবাহী শ্ৰম কোড বাতিলৰ দাবীত কেন্দ্ৰীয় শ্ৰম কাৰ্যালয়ৰ বাহিৰত প্ৰায় শতাধিক শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
Read More
১৮০ খন পূজা সমিতিলৈ পৌৰনিগমৰ  স্বচ্ছতা বঁটা

১৮০ খন পূজা সমিতিলৈ পৌৰনিগমৰ  স্বচ্ছতা বঁটা

স্বচ্ছ দুর্গা পূজা মণ্ডপ প্রতিযোগিতা  বঁটা বিতৰণ শণিবাৰে আই টি এ মাছখোৱাত অনুষ্ঠিত অনুষ্ঠানত স্বচ্ছ দুর্গা পূজা মণ্ডপ প্রতিযোগিতা ২০২৫ -ৰ বঁটা বিতৰণ কৰা হয়। গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ মুঠ ৫০০খন দুর্গা পূজা মণ্ডপৰ মাজৰ ১৮০ খন পূজা সমিতিয়ে এই স্বচ্ছতাৰ বঁটা লাভ কৰে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই স্বচ্ছতাৰ প্রতি দায়বদ্ধতা দেখুৱাই বঁটা লাভ কৰা সকলোকে ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰে। 'আজিৰ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া , আয়ুক্ত চিন্ময় প্রকাশ ফুকনৰ লগতে  'মেয়ৰ ইন কাউন্সিল'ৰ সদস্যসকল উপস্থিত থাকে।
Read More
বজাৰত  পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য

বজাৰত  পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। নিত্যব্যৱহাৰ্য  সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাত সাধাৰণ জনতাৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।বজাৰত  পুনৰ বৃদ্ধি পাইছে কণীৰ মূল্য। এইবাৰ  প্ৰতি প্লেট কণীত ২৩০-১৪০ টকালৈ বৃদ্ধি  হৈছে। গুৱাহাটীৰ বজাৰত প্ৰতি প্লেট কণীৰ মূল‌্য ২৩০-২৪০  টকা পৰ্যন্ত বিক্ৰী হৈছে। আনহাতে  বজাৰত প্ৰতিটো কণী ৮ টকাকৈ বিক্ৰী হৈছে। বজাৰত পূৰ্বতকৈ  ৩০-৪০ টকা পৰ্যন্ত কণীৰ মূল্য বৃদ্ধি পাইছে। শাক পাচলিৰ জুই-ছাই দামে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ দিয়াৰ সমান্তৰালকৈ কণীৰ মূল্যবৃদ্ধিয়েও বিপাঙত পেলাইছে ৰাইজক।
Read More
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ত অনশন কাৰ্য্যসূচী

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ত অনশন কাৰ্য্যসূচী

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ত অনশন কাৰ্য্যসূচী। পুৱা ৮ বজাৰ পৰা ১০ ঘন্টীয়া অনশন কাৰ্যসূচী বিশ্ববিদ্যালয়ৰ মূখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত গ্ৰহণ কৰিছে ছাত্ৰ ছাত্ৰী সকলে। উল্লেখ্য যে কটন বিশ্ববিদ্যালয় ছাত্র একতা সভাৰ উদ্যোগত ১৭ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ আয়োজন কৰা "জুবিন সপ্তাহ ২০২৫" ৰ আজি সামৰণি পৰে। প্ৰতিবাদী জুবিন গাৰ্গজনক স্মৰণ কৰি তেখেতৰ ন্যায়ৰ দাবীত এই অনশন কাৰ্যসূচী গ্ৰহণ কৰা হয়।
Read More