Mohini

56 Posts
কামৰূপ(ম) জিলাৰ নৱ নিযুক্ত আয়ুক্তৰ বিষয়া -কৰ্মচাৰীৰে মত বিনিময়

কামৰূপ(ম) জিলাৰ নৱ নিযুক্ত আয়ুক্তৰ বিষয়া -কৰ্মচাৰীৰে মত বিনিময়

কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি আয়োজিত এক বৈঠকত  নৱ নিযুক্ত জিলা আয়ুক্ত স্বপ্নীল পালে জিলা প্ৰশাসনৰ বিষয়া -কৰ্মচাৰীৰ সৈতে মত-বিনিময় কৰে। বৈঠকত অংশগ্ৰহণ কৰি আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট সকলোকে  নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। তদুপৰি সকলোৰে সৈতে নম্ৰ ব্যৱহাৰ কৰাৰ উপৰি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলক একাগ্ৰতা আৰু নিষ্ঠাৰে নিজৰ নিজৰ দায়িত্ব পালন কৰি যাবলৈ অনুৰোধ জনায়। আজিৰ এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, অতিৰিক্ত আয়ুক্ত কেচিঅ' কৰণ পেগু,কংকন শৰ্মা, নিৰ্বাচনী বিষয়া মানস জ্যোতি বৰা,সহকাৰী আয়ুক্তসকল লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অন্যান্য বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে।
Read More
ৰাজ্যজুৰি আৰম্ভ হৈছে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী

ৰাজ্যজুৰি আৰম্ভ হৈছে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী

আগন্তুক বিধানসভাৰ নিৰ্বাচনক লৈ সাজু হৈছে শাসকীয় দল বিজেপি। আজিৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী। গুৱাহাটী মহানগৰীৰ খানাপাৰাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই।
Read More
পথ দুৰ্ঘটনাত আহত বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী

পথ দুৰ্ঘটনাত আহত বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী

পথ দুৰ্ঘটনাত পতিত হৈছে বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী। গুৱাহাটী মহানগৰীৰ জু ৰোডত সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰে মাজ নিশা মহানগৰী গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু-ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেল খনৰ সন্মুখত সংঘটিত হয় এই  পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত বলীউডৰ বিখ্যাত অভিনেতা তথা অসমৰ জোঁৱাই আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী ৰূপালী বৰুৱা আঘাতপ্ৰাপ্ত হয়।
Read More
উদাসীন ভকতলৈ আৰ্থিক সাহায্য

উদাসীন ভকতলৈ আৰ্থিক সাহায্য

নৱবৰ্ষৰ দ্বিতীয়টো দিনতে চৰকাৰে সত্ৰ আয়োগ গঠনৰ পৰা উদাসীন ভকতলৈ আৰ্থিক সাহায্যৰ আঁচনি প্ৰদান। লোকসেৱা ভৱনত আজি ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত সত্ৰৰ ৬২০গৰাকী উদাসীন ভকতলৈ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷
Read More
গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত

গুৱাহাটী-কলকাতাৰ মাজত চলিব বন্দে ভাৰত

বছৰৰ প্ৰথম দিনটোতে ৰাজ্যবাসীৰ বাবে আহিছে এক সুখবৰ। গুৱাহাটী-কলকাতাৰ মাজত চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে'ল। বন্দে ভাৰত শ্লীপাৰ ৰে’লৰ পৰীক্ষামূলক চলাচল, পৰীক্ষণ আৰু প্ৰমাণ-পত্ৰ প্ৰদানৰ কাম সম্পূৰ্ণ কৰা হৈছে। এই ৰে'লখন চলাচলৰ বাবে প্ৰথমটো পথ হিচাপে বাছি লোৱা হৈছে গুৱাহাটী আৰু কলকাতাৰ মাজত। এই কথা  ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বৃহস্পতিবাৰে ঘোষণা কৰে।
Read More
লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণলৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান

লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণলৈ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান

লোক সংস্কৃতিৰ সাধক ৰত্নেশ্বৰ মৰাণলৈ আছুৰ প্ৰতিমা পাণ্ডে স্মাৰক বঁটা প্ৰদান। শণিবাৰে চানমাৰিস্হিত পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডে প্ৰতিমূৰ্তি স্হলিত গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডেৰ ২৩ সংখ্যক মৃত্যু বার্ষিকীত  শিল্পী গৰাকীলৈ শ্রদ্ধাঞ্জলি জনোৱাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে প্ৰদান কৰি  অহা প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা অসমৰ লোককৃষ্টিলৈ নিষ্ঠাৰে সেৱা আগবঢ়াই থকা তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলৰ বৰমেছাই শিমলুগুৰি নিবাসী লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণক প্ৰদান কৰা হয়।‌ এই বঁটা আছে পাটৰ গামোচা, এৰি চাদৰ, এৰি জেকেট, শৰাই, মানপত্ৰ, স্মাৰক, ফুলৰ তোৰা আৰু নগদ ২৫ হাজাৰ টকা।
Read More
বৰলুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চর্চা কাৰ্যসূচী

বৰলুইতৰ বুকুত প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চর্চা কাৰ্যসূচী

অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'বলগা প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চর্চা কাৰ্যসূচীৰ অধীনত ৰাজ্যৰ ১২ খন জিলাৰ ২৫ গৰাকী শিক্ষার্থীৰে মত বিনিময় কৰিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে। চৰাইদেউ নামৰ জাহাজখনত ব্ৰহ্মপুত্ৰৰ বুকুত হ'বলগা এই অনুষ্ঠানৰ বাবে ২৫ গৰাকী শিক্ষার্থীক ইতিমধ্যে বাছনি কৰা হৈছে আৰু তেওঁলোকে প্রধানমন্ত্ৰীৰ সৈতে কেনেধৰণে বাৰ্তালাপ কৰিব সেই বিষয়ে প্রশিক্ষণ দি থকা হৈছে। ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই কাৰ্যসূচীয়ে পূৰ্বে শুকুৰবাৰে  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  গেটৱে' ঘাট টাৰ্মিনেল পৰিদৰ্শন কৰে। এই সময়ছোৱাত তেখেতে পুংখানুপুংখভাৱে প্ৰতিটো বিষয়ত পৰ্যালোচনা কৰে।
Read More
অসমৰ সংবাদ জগতৰ পিতামহস্বৰূপ প্রফুল্ল গোবিন্দ বৰুৱা আৰু নাই

অসমৰ সংবাদ জগতৰ পিতামহস্বৰূপ প্রফুল্ল গোবিন্দ বৰুৱা আৰু নাই

অসমৰ সংবাদ জগতৰ পিতামহস্বৰূপ প্রফুল্ল গোবিন্দ বৰুৱা আৰু নাই। পি জি বৰুৱা নামেৰে সৰ্বত্ৰ পৰিচিত প্রফুল্ল গোবিন্দ বৰুৱাৰ দেওবাৰে নিশা প্রায় ৯.৩০ বজাত গুৱাহাটীৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে। ১৯৩৩ চনত জন্মগ্রহণ কৰা অসমৰ সংবাদ জগতৰ যুগদ্রষ্টাগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল প্রায় ৯২ বছৰ। অসমৰ আগশাৰীৰ ইংৰাজী দৈনিক সংবাদপত্র 'দি আছাম ট্ৰিবিউন সম্পাদকৰূপে দীর্ঘদিনে কাৰ্যনিৰ্বাহ কৰা প্ৰফুল্ল গোবিন্দ বৰুৱা ট্ৰিবিউন গোষ্ঠীৰ পৰিচালন সঞ্চালক আছিল। আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব।
Read More
গীতে-মাতে দীপৰ বিলৰ কাষৰীয়া দেউছটালত ন- খোৱা উৎসৱ উদযাপন

গীতে-মাতে দীপৰ বিলৰ কাষৰীয়া দেউছটালত ন- খোৱা উৎসৱ উদযাপন

অসম আৰু অসমীয়াৰ কৃষিজীৱী জনজীৱনৰ লগত  অতীজৰে পৰা পৰম্পৰাগতভাবে উদযাপন কৰি অহা আঘোঁণ মাহৰ ন- খোৱা উৎসৱ উপলক্ষে ১২ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ উদুলি-মুদূলি পৰিবেশৰ সৃষ্টি হয় গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছটালৰ সমাজকৰ্মী তথা অঞ্চলটোৰ অগ্ৰণী ক্ৰীড়া আৰু সামাজিক -সাংস্কৃতিক অনুষ্ঠান নৱজ্যোতি সংঘৰ সভাপতি বলেশ্বৰ ৰংপীৰ দীপৰ বিল ইকো কেম্প চৌহদ। বিশিষ্ট সমাজকর্মী বলেশ্বৰ ৰংপী আৰু তেওঁৰ সহধৰ্মিনী তথা আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীৰ যৌথ উদ্যোগত অনুষ্ঠিত ন-খোৱা উৎসৱত অঞ্চলটোৰ কেবাজনো বিশিষ্ট ব্যক্তি , গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ৰাজীৱ কলিতা,  দেউছতাল নৱজ্যোতি সংঘৰ উপ সভাপতি অশোক থাপাকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে। আনহাতে এই উপলক্ষে বলেশ্বৰ ৰংপীয়ে…
Read More
গুৱাহাটীৰ SOHUM EMPORIAত ভয়ঙ্কৰ অগ্নিকাণ্ড

গুৱাহাটীৰ SOHUM EMPORIAত ভয়ঙ্কৰ অগ্নিকাণ্ড

গুৱাহাটীৰ SOHUM EMPORIAত ভয়ঙ্কৰ অগ্নিকাণ্ড। ৬টাকৈ মহলাত অগ্নিসংযোগ হৈ ভয়ঙ্কৰ পৰিস্থিতি।অগ্নিকাণ্ডত ভস্মীভূত কোটি-কোটি টকাৰ সামগ্ৰী। আট্টালিকাটোত আছে ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা।‌ নিশা সংঘটিত হয় এই ভয়ঙ্কৰ অগ্নিকাণ্ড। কোটি কোটি টকাৰ সম্পত্তি জুই জাহ যায় অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।‌
Read More