03
Jan
'তিছৰী বাৰ মোডী চৰকাৰ, অব কী বাৰ ৪০০ পাৰ।' ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ এই শ্লোগান। মঙলবাৰে এখন বৈঠকৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে। এনে দাবী এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰৰ। মঙলবাৰৰ বৈঠকত উপস্থিত থাকে বিজেপিৰ সভাপতি জে পি নাড্ডা। দুঘণ্টাৰো অধিক সময় ধৰি চলি থকা এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, ভূপেন্দ্ৰ যাদৱ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আদি উপস্থিত থাকে। সংবাদ মাধ্যমৰ আগত দলটোৰ এগৰাকী জ্যেষ্ঠ নেতাই কয় যে বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে ‘অব কী বাৰ ৪০০ পাৰ’ শ্লোগানেৰে বিজেপিয়ে আগবাঢ়ি যাব বিচাৰে। প্ৰসংগক্ৰমে যোৱা ডিচেম্বৰ মাহত জনা গৈছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ নেতাসকলৰ বৈঠক আৰম্ভ…
