editor

3175 Posts
যোগী ৰাজ্যৰ কাৰাগাৰত লাইভ দেখুওৱা হ’ব ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান, নিৰ্দেশনা জাৰি চৰকাৰৰ

যোগী ৰাজ্যৰ কাৰাগাৰত লাইভ দেখুওৱা হ’ব ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান, নিৰ্দেশনা জাৰি চৰকাৰৰ

আৰু মাত্ৰ কেইটামান দিন। ২২ জানুৱাৰীত অযোধ্যাত ৰাম মন্দিৰ অভিষেক। সেইদিনা সমগ্ৰ দেশেই সাক্ষী হ’ব ৰাম মন্দিৰৰ অভিষেকৰ। উত্তৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত লৈছে যে সেইদিনা ৰাজ্যৰ সকলো কাৰাগাৰতে এই মুহূৰ্তটো লাইভ প্ৰদৰ্শন কৰা হ’ব। ইতিমধ্যে সকলো জেল অধীক্ষকক এই সন্দৰ্ভত নিৰ্দেশ দিয়া হৈছে। ৰাম মন্দিৰৰ অভিষেকক লৈ তেওঁলোকৰ জেলত ‘লাইভ’ দেখুৱাবলৈ ব্যৱস্থা কৰিব লাগে বুলি জনোৱা হৈছে। যোগী ৰাজ্যৰ কাৰাগাৰ আৰু গৃহৰক্ষী ৰাজ্যিক মন্ত্ৰী ধৰমবীৰ প্ৰজাপতিয়ে কয় যে এই ঐতিহাসিক মুহূৰ্তটোৰ সাক্ষী হোৱাটো সকলো কয়দীৰ বাবে গুৰুত্বপূৰ্ণ। গতিকে এই সিদ্ধান্ত লোৱা হৈছে। ইফালে ২২ জানুৱাৰীত ৰাম মন্দিৰ মুকলিৰ সজ্জা অযোধ্যাত পূৰ্ণগতিত চলি আছে। দূৰ-দূৰণিৰ পৰা অনুৰাগী গোট খাবলৈ আৰম্ভ কৰিছে…
Read More
২ কোটি টকাত বিক্ৰী কুখ্যাত গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ ১৫ হাজাৰ টকীয়া পৈত্তৃক সম্পত্তি

২ কোটি টকাত বিক্ৰী কুখ্যাত গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ ১৫ হাজাৰ টকীয়া পৈত্তৃক সম্পত্তি

নিলামত ২ কোটি টকাত বিক্ৰী হ’ল কুখ্যাত গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ এটুকুৰা পৈত্তৃক ভূমি। শুকুৰবাৰে ১৫ হাজাৰ ৪৪০ টকা দামৰ পৰা আৰম্ভ হোৱা নিলামত এগৰাকী প্ৰাক্তন শিৱ সেনাৰ নেতাই ক্ৰয় কৰে ডাউদ ইব্ৰাহিমৰ পৈত্তৃক কৃষিভূমি টুকুৰা। কুখ্যাত গেংষ্টাৰজনৰ পৰিয়ালৰ ৪টা সম্পত্তিৰ শুকুৰবাৰে নিলাম কৰে স্মাগলাৰ্ছ এণ্ড ফৰেইন এক্সচেঞ্জ ম্যানিপুলেটৰ্ছ (ফৰ ফিচাৰ অব প্রপার্টি) অথৰিটিয়ে। অৱশ্যে নিলামত উঠা দুটা সম্পত্তিৰ বাবে কোনো আগবাঢ়ি নহাৰ বিপৰীতে ৰত্নাগিৰি জিলাৰ মুম্বাই গাঁৱৰ প্ৰায় ১৭০ বৰ্গমিটাৰৰ কৃষিভূমি টুকুৰা ক্ৰয় কৰে এগৰাকী প্ৰাক্তন শিৱসেনাৰ নেতাই। আনহাতে আনটুকুৰা ১,৭৩০ বৰ্গমিটাৰৰ কৃষিভূমি নিলামত বিক্ৰী হয় ৩ লাখ ২৮ হাজাৰ টকাত। শিৱ সেনাৰ প্ৰাক্তন নেতাগৰাকীয়ে ইমান বৃহৎ মূল্যত কৰা ডাউদৰ…
Read More
প্ৰধানমন্ত্ৰীয়ে লক্ষদ্বীপ যাব পাৰে, কিন্তু মণিপুৰলৈ যাব নোৱাৰেঃ মল্লিকাৰ্জুন খৰ্গে

প্ৰধানমন্ত্ৰীয়ে লক্ষদ্বীপ যাব পাৰে, কিন্তু মণিপুৰলৈ যাব নোৱাৰেঃ মল্লিকাৰ্জুন খৰ্গে

আজি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ ল'গ' আৰু শ্লোগান উন্মোচন কৰে। এই সময়ছোৱাত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেৰ উপৰিও দলৰ নেতা আৰু ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশ আৰু কে চি বেনুগোপাল উপস্থিত থাকে। খৰ্গেয়ে কয় যে ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান বৃদ্ধি পাইছে আৰু জাতিগত লোকপিয়ল চলি থকা নাই। খৰ্গেয়ে কয় যে যাত্ৰাৰ সময়ত কংগ্ৰেছ দলে এই দুয়োটা বিষয় উত্থাপন কৰিব। কংগ্ৰেছে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতা, নাগৰিক সমাজ আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকক এই যাত্ৰাত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে। খৰ্গেয়ে কয় যে আমি যাত্ৰা পিছুৱাই দিব লগা হ’ল কাৰণ আমাৰ কোনো বাহিৰলৈ ওলাই অহাৰ পথ…
Read More
আকৌ ঘোচকাণ্ড! উৎকোচ লৈ গ্ৰেপ্তাৰ ২ চৰকাৰী কৰ্মচাৰী…

আকৌ ঘোচকাণ্ড! উৎকোচ লৈ গ্ৰেপ্তাৰ ২ চৰকাৰী কৰ্মচাৰী…

শুকুৰবাৰে ভিজিলেন্সৰ এটা দলে দুটা পৃথক অভিযানত উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দুজন চৰকাৰী বিষয়াক। খবৰ অনুসৰি কামৰূপ জিলাৰ চমৰীয়া ৰাজহ চক্ৰত প্ৰথমে অভিযান চলায় দুৰ্নীতি নিবাৰক শাখাই। এই অভিযানৰ সময়ত কাৰ্যালয়টোত ঘোচ লোৱাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ হয় প্ৰদীপ কলিতা নামৰ ঘোচখোৰ চৰকাৰী কৰ্মচাৰীজন। এটা পট্টাত নাম শুধৰণিৰ বাবে অভিযোগকাৰীৰ পৰা প্ৰদীপে নিজৰ কাৰ্যালয়ত দাবী কৰা উৎকোচ গ্ৰহণ কৰাৰ সময়তে কৰা হয় গ্ৰেপ্তাৰ। আনহাতে দ্বিতীয়টো অভিযানৰ সময়ত অভিযোগকাৰীৰ বিল মুকলি কৰাৰ বাবদ উৎকোচ লৈ গ্ৰেপ্তাৰ হয় গোৱালপাৰাৰ জিলা কৃষি বিষয়া বুধেশ্বৰ দাস।
Read More
মহিলাৰ অনাদায় পেঞ্চনৰ বিষয়ে সোধাৰ বাবে সাংবাদিকক শাৰীৰিক নিৰ্যাতন নগাঁও জিলা উপায়ুক্তৰ

মহিলাৰ অনাদায় পেঞ্চনৰ বিষয়ে সোধাৰ বাবে সাংবাদিকক শাৰীৰিক নিৰ্যাতন নগাঁও জিলা উপায়ুক্তৰ

এক চাঞ্চল্যকৰ ঘটনাত নগাঁও জিলাৰ জিলা উপায়ুক্তই (ডি চি) ব্যক্তিগত চেটেলাইট চেনেলত নিয়োজিত সাংবাদিকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। দিপাংকৰ মেধি নামৰ সাংবাদিকজনে নগাঁৱৰ উপায়ুক্ত নৰেন্দ্ৰ শ্বাহে কাৰ্যালয়ৰ ভিতৰতে চিচিটিভি বন্ধ কৰি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে আৰক্ষী অধীক্ষকৰ দেহৰক্ষীয়ে সাংবাদিকজনক টানি লৈ গৈছিল। প্ৰাৰম্ভিক তথ্য অনুসৰি দিপাংকৰে উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ এগৰাকী মহিলাৰ হৈ উপায়ুক্তক অনাদায় পেঞ্চনৰ বিষয়ে সোধা-পোছা কৰে। কিন্তু উপায়ুক্তগৰাকীয়ে ইয়াৰ পৰিৱৰ্তে কাৰ্যালয়ৰ ভিতৰতে সাংবাদিকজনক গতা মাৰে আৰু পিছত মহিলাগৰাকীৰ অনাদায় পেঞ্চনৰ বিষয়ে সোধা-পোছা কৰিবলৈ থানালৈ লৈ যায়। সমগ্ৰ ৰাজ্যৰ কেইবাজনো সাংবাদিকে ছ’চিয়েল মিডিয়াত…
Read More
মই কোনো দুৰ্নীতি কৰা নাই! গ্ৰেপ্তাৰৰ সম্ভাৱনাৰ মাজতে নিজৰ স্থিতি স্পষ্ট দিল্লীৰ মুখ্যমন্ত্ৰীৰ…

মই কোনো দুৰ্নীতি কৰা নাই! গ্ৰেপ্তাৰৰ সম্ভাৱনাৰ মাজতে নিজৰ স্থিতি স্পষ্ট দিল্লীৰ মুখ্যমন্ত্ৰীৰ…

মূৰৰ ওপৰত ওলমি ৰৈছে গ্ৰেপ্তাৰৰ তৰোৱাল। ভয়ত ত্ৰস্তমান তেওঁৰ গোটেই দলটো। কিন্তু অৰবিন্দ কেজৰিৱাল নিজৰ স্থিতিৰ প্ৰতি অটল। তেওঁৰ স্পষ্ট কথা, "মই কোনো দুৰ্নীতি কৰা নাই। বিজেপিয়ে লোকসভা নিৰ্বাচনৰ পূৰ্বে মোৰ সততাক কলংকিত কৰিব বিচাৰিছে।" ইডিয়ে ইতিমধ্যে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়া আৰু সাংসদ সঞ্জয় সিঙক। আন এজন মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ ঘৰত তালাচী চলোৱা হয়। ইণ্ডিয়া মিত্ৰজোঁটৰ কাৰ্যকলাপৰ মাজতে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰৰ সম্ভাৱনাই আপৰ ভিতৰত আলোড়নৰ সৃষ্টি কৰিছে। অৱশ্যে কেজৰিৱালে কয়, ‘মই কোনো দুৰ্নীতি কৰা নাই। দুৰ্নীতি হ’লে সেই কোটি কোটি টকা ক’লৈ গ’ল?” আপ ছুপ্ৰেমোৱে কয়, "মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ হ'ল মোৰ…
Read More
ইচ্ছা অনুসৰি কৰিব নোৱাৰিব চমন! উচ্চ ন্যায়ালয়লৈ বিশেষ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ

ইচ্ছা অনুসৰি কৰিব নোৱাৰিব চমন! উচ্চ ন্যায়ালয়লৈ বিশেষ নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ

আদালতৰ ন্যায়াধীশসকলে গোচৰৰ প্ৰয়োজনীয়তাৰ বাবে চৰকাৰী বিষয়াসকলক প্ৰায়ে মাতি আনে। অৱশ্যে এইবাৰ উচ্চ ন্যায়ালয়ে চৰকাৰী বিষয়াক ইচ্ছামতে মাতিব নোৱাৰিব। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে বিশেষ নিৰ্দেশনা প্ৰদান কৰে। এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা, ন্যায়াধীশ মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠে নিৰ্দেশনা জাৰি কৰিছে। গাইডলাইনত উল্লেখ আছে যে যদি কোনো শপতনামা বা নথি ব্যৱহাৰ কৰা হয়, তেন্তে শাৰীৰিক চমন কৰিব নোৱাৰিব। আদালতে অনুভৱ কৰে যে প্ৰদান কৰা প্ৰমাণ পৰ্যাপ্ত নহয়। যদি প্ৰমাণ দমন কৰাৰ চেষ্টা হয়, তেন্তে চৰকাৰী বিষয়াজনক চমন কৰিব পাৰিব। যদিহে বিষয়াজনে দিয়া শপতনামা আৰু আদালতৰ পৰ্যবেক্ষণৰ মিল নাথাকে তেন্তে সেই ভিত্তিত বিষয়াজনক মাতিব নোৱাৰিব। যদি…
Read More
দেৰগাঁৱৰ দুৰ্ঘটনাত আহত ৪ জনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি

দেৰগাঁৱৰ দুৰ্ঘটনাত আহত ৪ জনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি

বুধবাৰে পুৱা দেৰগাঁৱত সংঘটিত হোৱা মৰ্মান্তিক পথ দুৰ্ঘটনাই শোকাহত কৰিছে সমগ্ৰ অসমবাসীক। বনভোজ খাবলৈ গৈ দুৰ্ঘটনাত পতিত হোৱা ৪৫ জন লোকৰ ভিতৰত ১২ জনৰ ইতিমধ্যে ঘটাৰ বিপৰীতে আন আহতসকল বৰ্তমান হাস্পতালত ভৰ্তি হৈ আছে। খবৰ অনুসৰি কেইবাজনো আহতৰ ভিতৰত চাৰিজনক বৃহস্পতিবাৰে পুৱা প্ৰায় ১ বজাত জৰুৰী অৱস্থাত গৌহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ভৰ্তি হোৱা ৰোগীকেইজন হৈছে মৃদুল শইকীয়া, অৰূপ শইকীয়া, কুলুমনি শইকীয়া আৰু প্ৰীতি শইকীয়া। সূত্ৰ অনুসৰি সাত বছৰীয়া প্ৰীতি শইকীয়াৰ প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব। জি এম চি এইচত ভৰ্তি হোৱা চাৰিওজনৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে। লাভ কৰা তথ্য অনুসৰি কুলুমণি শইকীয়াৰ স্বামীয়ে এই…
Read More
বৰষুণ গ’লে জাপি, দুৰ্ঘটনা হ’লে SOP! দেৰগাঁৱৰ দুৰ্ঘটনাৰ পিছতে বিশেষ নিৰ্দেশনা আৰক্ষীৰ…

বৰষুণ গ’লে জাপি, দুৰ্ঘটনা হ’লে SOP! দেৰগাঁৱৰ দুৰ্ঘটনাৰ পিছতে বিশেষ নিৰ্দেশনা আৰক্ষীৰ…

বুধবাৰে দেৰগাঁৱত হোৱা বনভোজ দলৰ শোকাৱহ বাছ দুৰ্ঘটনাৰ পিছতেই যেন সাৰ পালে অসম আৰক্ষী। দুৰ্ঘটনাৰ পিছতে বুধবাৰে অসম আৰক্ষীয়ে বনভোজৰ দলৰ প্ৰতি জাৰি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ বিশেষ নিৰ্দেশনা (SOP)। এই বিশেষ নীতি-নিৰ্দেশনা অনুসৰি- বনভোজলৈ যোৱা বাহনসমূহত যাতে ভিৰ নহয় সেইটো নিশ্চিত কৰিব লাগিব।বনভোজস্থলীৰ আশে-পাশে অবৈধ সুৰাৰ ব্যৱসায় কৰিব নোৱাৰিব।বনভোজলৈ যোৱা বাহনসমূহৰ চালকসকলে বাহন চলোৱাৰ পূৰ্বে কোনো ধৰণৰ মাদকদ্ৰব্য সেৱন কৰিব নোৱাৰিব।বাহনসমূহত উচ্চস্তৰত সংগীত বজাব নোৱাৰিব।সূৰ্যোদয়ৰ পূৰ্বে আৰু সূৰ্যাস্তৰ পিছত বনভোজ দলৰ যাতায়ত বন্ধ হ’ব লাগিব।স্থানীয় আৰক্ষীক বনভোজ ভ্ৰমণৰ উৎসস্থান আৰু লক্ষ্যস্থানৰ সবিশেষ আগতীয়াকৈ অৱগত কৰিব লাগিব।স্থানীয় আৰক্ষীক এটা তদন্তকাৰী গোট গঠনৰ পৰামৰ্শ, আৰু যদি প্ৰয়োজন হয় তেন্তে গাঁওৰক্ষী বাহিনীৰ সহায়…
Read More
উন্মুক্ত ৰে’ল ক্ৰছিং পাৰ হোৱাৰ সময়তে অঘটন, ৰে’লে মহতিয়াই নিলে বাহন

উন্মুক্ত ৰে’ল ক্ৰছিং পাৰ হোৱাৰ সময়তে অঘটন, ৰে’লে মহতিয়াই নিলে বাহন

শিৱসাগৰ জিলাৰ শিমলুগুৰি মাউত গাঁও ৰে’লৱে ক্ৰছিঙত ভয়ংকৰ দুৰ্ঘটনা। ৰে’লে মহতিয়াই নিলে এখন চাৰিচকীয়া বাহন। উন্মুক্ত ৰে’ল ক্ৰছিং পাৰ হোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাহনখন। উজনিমুৱা ৰাজধানী এক্সপ্ৰেছে মহতিয়াই নিয়ে বাহনখন৷ এই দুৰ্ঘটনাত কোনোমতে প্ৰাণৰক্ষা পৰে বাহনখনৰ চালকৰ আসনত থকা কমল নামা নামৰ ব্যক্তিজনৰ৷ কমল নামা বিচিপিএল লাকুৱাৰ কৰ্মচাৰী৷
Read More