২ কোটি টকাত বিক্ৰী কুখ্যাত গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ ১৫ হাজাৰ টকীয়া পৈত্তৃক সম্পত্তি

নিলামত ২ কোটি টকাত বিক্ৰী হ’ল কুখ্যাত গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ এটুকুৰা পৈত্তৃক ভূমি। শুকুৰবাৰে ১৫ হাজাৰ ৪৪০ টকা দামৰ পৰা আৰম্ভ হোৱা নিলামত এগৰাকী প্ৰাক্তন শিৱ সেনাৰ নেতাই ক্ৰয় কৰে ডাউদ ইব্ৰাহিমৰ পৈত্তৃক কৃষিভূমি টুকুৰা। কুখ্যাত গেংষ্টাৰজনৰ পৰিয়ালৰ ৪টা সম্পত্তিৰ শুকুৰবাৰে নিলাম কৰে স্মাগলাৰ্ছ এণ্ড ফৰেইন এক্সচেঞ্জ ম্যানিপুলেটৰ্ছ (ফৰ ফিচাৰ অব প্রপার্টি) অথৰিটিয়ে।

অৱশ্যে নিলামত উঠা দুটা সম্পত্তিৰ বাবে কোনো আগবাঢ়ি নহাৰ বিপৰীতে ৰত্নাগিৰি জিলাৰ মুম্বাই গাঁৱৰ প্ৰায় ১৭০ বৰ্গমিটাৰৰ কৃষিভূমি টুকুৰা ক্ৰয় কৰে এগৰাকী প্ৰাক্তন শিৱসেনাৰ নেতাই। আনহাতে আনটুকুৰা ১,৭৩০ বৰ্গমিটাৰৰ কৃষিভূমি নিলামত বিক্ৰী হয় ৩ লাখ ২৮ হাজাৰ টকাত। শিৱ সেনাৰ প্ৰাক্তন নেতাগৰাকীয়ে ইমান বৃহৎ মূল্যত কৰা ডাউদৰ পৈত্তৃক সম্পত্তিত এখন সনাতন বিদ্যালয় খুলিব বুলি মন্তব্য কৰে।

উল্লেখ্য যে, ২০২০ চনত নিলামত ডাউদৰ পৰা এটা বাংলোও ক্ৰয় কৰিছিল তেওঁ। য’ত তেওঁ সনাতন ধৰ্ম পাঠশালা ন্যাস আৰম্ভ কৰিছিল। প্ৰণিধানযোগ্য যে, ১৯৯৩ চনৰ মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ড কুখ্যাত গেংষ্টাৰ ডাউদ ইব্ৰাহিমৰ আন কেইবাটাও সম্পত্তি নিলাম কৰা হৈছে যদিও বেছিভাগ সম্পত্তিয়েই ক্ৰয় কৰিবলৈ কোনো ক্ৰেতা আগবাঢ়ি নাহে।

প্ৰশাসনৰ এটা অংশৰ মতে, মাফিয়াৰ ৰোষত পৰাৰ ভয়তে ডাউদৰ সম্পত্তি ক্ৰয় কৰিবলৈ আগবাঢ়ি নাহে ক্ৰেতা

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *