31
Dec
যদি সকলো ঠিকে থাকে তেন্তে আগন্তুক লোকসভা নিৰ্বাচনত বাৰাণসীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ প্ৰাৰ্থী হ’ব পাৰে মল্লযুঁজাৰু সাক্ষী মালিক। বিজেপিৰ সাংসদ ব্রিজভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সঞ্জয় সিঙে শেহতীয়াকৈ ভাৰতীয় মল্লযুঁজ সন্থাৰ নতুন সমিতিৰ সভাপতি নির্বাচিত হোৱাৰ দিনাই নিজৰ জোতা টেবুলত থৈ মল্লযুঁজৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে সাক্ষী মালিকে৷ তেতিয়াই সাক্ষীক বাৰাণসীৰ পৰা মোডীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইণ্ডিয়া এলায়েন্সে প্ৰস্তাৱ দিছিল আৰু তেওঁ সেই কথাত সন্মতি প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। চলিত মাহত ৰাজধানী দিল্লীত অনুষ্ঠিত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাৰাণসীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে ইণ্ডিয়া মিত্ৰজোঁটৰ কোনোবা…
