editor

3175 Posts
বিজেপিমুখী কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈ, অংকিতা দত্তই; আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰো যোগদানৰ সম্ভাৱনা

বিজেপিমুখী কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈ, অংকিতা দত্তই; আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথৰো যোগদানৰ সম্ভাৱনা

লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত দল সলনিৰ ৰাজনীতি! কংগ্ৰেছ ত্যাগ কৰিব প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈয়ে। লগতে কংগ্ৰেছ ত্যাগ কৰিব অংকিতা দত্তইও। খবৰ অনুসৰি, কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰিবলৈ সাজু হৈছে দুই কংগ্ৰেছী নেত্ৰী। অহা ২৮ জানুৱাৰীত বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা দুয়োগৰাকী কংগ্ৰেছী নেত্ৰীৰ। উল্লেখযোগ্য যে, কংগ্ৰেছৰ এই দুয়োগৰাকী নেত্ৰীৰ লগতে বিজেপিত যোগদান কৰিব সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰা কেইবাগৰাকীও ছাত্ৰ নেতাই৷ এই মুহূৰ্তত আহি পৰা খবৰ অনুসৰি, বিজেপিত যোগদান কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ আৰু প্ৰাক্তন আছু নেতা প্ৰকাশ দাসে।
Read More
অনা-অসমীয়াক আক্ৰমণ! গুৱাহাটীত গ্ৰেপ্তাৰ লাচিত সেনাৰ ৬ সদস্যক

অনা-অসমীয়াক আক্ৰমণ! গুৱাহাটীত গ্ৰেপ্তাৰ লাচিত সেনাৰ ৬ সদস্যক

অনা-অসমীয়া লোকক আক্ৰমণৰ অভিযোগত গুৱাহাটীত গ্ৰেপ্তাৰ বীৰ লাচিত সেনাৰ ৬ সদস্যক। জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সংগঠনটোৰ কামৰূপ জিলা সমিতিৰ সদস্য কেইজনক। অভিযোগ অনুসৰি, এজন বিহাৰী সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰিছিল লাচিত সেনাৰ সদস্য কেইজনে। ধৃত সদস্য কেইজন হ’ল কামৰূপ জিলা সমিতিৰ মুখ্য সচিব বিকাশ বৰুৱা, তপন কুমাৰ শৰ্মা, ৰবি দিহিঙীয়া, মতিউৰ ৰহমান, বিক্ৰান্ত কলিতা আৰু মনোজ ডেকা।
Read More
অৱশেষত অসম এৰিলে IPS আনন্দ মিশ্ৰই, আৰম্ভ কৰিব জীৱনৰ নতুন ইনিংছ

অৱশেষত অসম এৰিলে IPS আনন্দ মিশ্ৰই, আৰম্ভ কৰিব জীৱনৰ নতুন ইনিংছ

বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত অসম এৰি বিহাৰমুখী হ’ল ডাবাং আৰক্ষী বিষয়া আনন্দ মিশ্ৰ। ১২ বছৰীয়া প্ৰশাসনিক কেৰিয়াৰৰ অন্ত পেলাই বিহাৰত নতুনকৈ জীৱনৰ পাতনি মেলিব আনন্দ মিশ্ৰই। আজি পুৱা ৯ বাজি ১৫ মিনিটত ইণ্ডিগ’ বিমানযোগে নিজ মাতৃভূমিলৈ ৰাওনা হয় আনন্দ মিশ্ৰ। বিহাৰলৈ ৰাওনা হোৱাৰ এটা ব্যক্তিগত সংবাদ মাধ্যমৰ সন্মুখত আনন্দ মিশ্ৰই কয় ‘‘মই সামাজিক কৰ্মী হিচাপে থাকিম। ভাল মানুহ হৈ থাকিম। এজন মানুহ যিয়ে দেশক ভাল পায় তেনেকুৱা মানুহ হৈ থাকিম। খাকী নিপিন্ধিলেও, যি কাপোৰ নিপিন্ধো কিয় তাত দাগ নাথাকিব।’’ অসম সন্দৰ্ভত আনন্দ মিশ্ৰই কয়, ‘‘অসমৰ পৰা মই বহুত কথা শিকিলো। অসমে মোক বহু কথা শিকালে। অসম মোৰ সদায় গুৰু…
Read More
ইতি পৰিব নেকি ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ? উঠিছে মিত্ৰজোঁট এৰাৰ জোৱাৰ, আকৌ বিজেপিৰ শৰণাপন্ন জেডিইউ!

ইতি পৰিব নেকি ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ? উঠিছে মিত্ৰজোঁট এৰাৰ জোৱাৰ, আকৌ বিজেপিৰ শৰণাপন্ন জেডিইউ!

২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী। ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ জৰিয়তে হিন্দুত্ববাদ প্ৰসাৰ কৰি নিৰ্বাচনৰ ৰণডংকা বজাইছে বিজেপিয়ে। আনফালে নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন থকা সময়তে থৰক বৰক হৈ পৰিছে বিৰোধী ঐক্য। ইণ্ডিয়া মিত্ৰজোঁটৰ অন্তৰ্গত ইটোৰ পিছত সিটো দলৰ নেতাই গা এৰাৰ দিয়াৰ পিছত এতিয়া বিৰোধীৰ সন্মিলিত ঐক্য চুচূৰ্মৈ হৈ পৰাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। উল্লেখ্য যে, ২০২৪ৰ লোকসভা নিৰ্বাচনক সন্মুখত ৰাখি অপ্ৰতিৰোধ্য বিজেপিক পৰাভূত কৰিবলৈ প্ৰায় দুবছৰ পূৰ্বে একত্ৰিত হৈছিল দেশৰ কেইবাটাও বিৰোধী দল। কংগ্ৰেছ, আৰজেডি, আপ, তৃণমূল কংগ্ৰেছ আদি দেশৰ প্ৰধান ৰাজনৈতিক দল চামিল হোৱা এই বিৰোধী ঐক্যৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ২০২৩ চনৰ ২৩ জুনত বিহাৰৰ পাটনাত।…
Read More
জঘন্য! সহায় বিচৰা কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ লম্পটৰ, দুজনক গ্ৰেপ্তাৰ

জঘন্য! সহায় বিচৰা কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ লম্পটৰ, দুজনক গ্ৰেপ্তাৰ

মহানগৰীৰ চন্দ্ৰপুৰত দলবদ্ধ বলাৎকাৰৰ ঘটনা। ১৩ বছৰীয়া কিশোৰীক ৪ দিন ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তিনি যুৱকৰ বিৰুদ্ধে। ৰাজপথত সহায় বিচাৰি বলাৎকাৰৰ বলি হ’ব লগা হ’ল এগৰাকী কিশোৰী। ইতিমধ্যে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই বলাৎকাৰীক। ধৃত দুই বলাৎকাৰী হৈছে চন্দ্ৰপুৰৰ গোৱৰ্ধন পশ্চিম মায়ঙৰ দীপাংকৰ ৰয় আৰু নিলু মালো। পলাতক হৈ আছে সঞ্জয় বৰ্মন নামৰ আন এগৰাকী বলাৎকাৰী। পৰিয়ালৰ অভিযোগ অনুসৰি, যোৱা ১৯ জানুৱাৰীত মৰিগাঁৱৰ জোনবিল মেলালৈ গৈ থকা অৱস্থাতে ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে সহায় বিচাৰিছিল দীপাংকৰ ৰয় নামৰ যুৱক জনক। কিন্তু লম্পট দীপাংকৰে কিশোৰীগৰাকীক মটৰ চাইকেলত উঠাই জোনবিল মেলাত লৈ যোৱাৰ বিপৰীতে আনিছিল নিজ গৃহলৈ। ধৃত লম্পটজনে কিশোৰীগৰাকীক বলাৎকাৰ কৰি আন…
Read More
প্ৰতিবাদকাৰী ছাত্ৰীক চুলিত ধৰি বগৰাই অত্যাচাৰ মহিলা আৰক্ষীৰ, তীব্ৰ প্ৰতিক্ৰিয়া

প্ৰতিবাদকাৰী ছাত্ৰীক চুলিত ধৰি বগৰাই অত্যাচাৰ মহিলা আৰক্ষীৰ, তীব্ৰ প্ৰতিক্ৰিয়া

আগে আগে প্ৰতিবাদকাৰী ছাত্ৰী, পিছে পিছে স্কুটীত অহা ২ মহিলা আৰক্ষী। তাৰ পিছতে চুলিত ধৰি বগৰাই ছাত্ৰীগৰাকীক অকথ্য নিৰ্যাতন মহিলা আৰক্ষী দুগৰাকীৰ। তেলেংগানাত শিক্ষাৰ্থীৰ প্ৰতিবাদৰ মাজতে সংঘটিত এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ছাত্ৰীগৰাকীক এনেদৰে অত্যাচাৰ কৰা মহিলা আৰক্ষী দুগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে নেটিজেনে। জানিব পৰা মতে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে অধ্যাপক জয়সংখৰ তেলেংগানা ৰাজ্যিক কৃষি বিশ্ববিদ্যালয় (পিজেটিএছইউ)ৰ ভূমি উচ্চ ন্যায়ালয়ৰ নতুন চৌহদ নিৰ্মাণৰ বাবে আৱণ্টন কৰাৰ বিৰুদ্ধে বিগত এসপ্তাহ ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। মঙলবাৰেও সাব্যস্ত হোৱা এই প্ৰতিবাদৰ সময়তে প্ৰতিবাদস্থলীত আৰক্ষীৰ দল উপস্থিত হোৱাত একাংশ শিক্ষাৰ্থীয়ে তাৰ…
Read More
ন্যায় যাত্ৰাত ‘ডুপ্লিকেট’ ৰাহুল! নেটিজেনে বিচাৰি পালে ‘ডুপ্লিকেট’ হিমন্ত বিশ্ব শৰ্মাকো…

ন্যায় যাত্ৰাত ‘ডুপ্লিকেট’ ৰাহুল! নেটিজেনে বিচাৰি পালে ‘ডুপ্লিকেট’ হিমন্ত বিশ্ব শৰ্মাকো…

ভাৰত জোড়ো ন্যায় যাত্ৰাত দেখাজন প্ৰকৃত ৰাহুল গান্ধী নহয়৷ এইজন ৰাহুল গান্ধীৰ সৈতে মিল থকা অন্য এজন মানুহ৷ এইজনক ৰাহুল গান্ধী বুলি দেখুৱাই ৰাইজক ফাঁকি দিছে কংগ্ৰেছে৷ এই দাবী অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ মুখ্যমন্ত্ৰীৰ এই দাবীৰ পাছতে নেটিজেনে হাঁহিৰ খোৰাক পোৱাত বিষয়টোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে৷ একাংশ লোকে হিমন্ত বিশ্ব শৰ্মাৰো ডুপ্লিকেট বিচাৰি পাইছে৷ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ মিল দেখিছে নেটিজেনে৷ এক্সত অজ্ঞাত একাউণ্টৰ পৰা নৱাজ শ্বৰীফক হিমন্ত বিশ্ব শৰ্মাৰ ডুপ্লিকেট বুলি অভিহিত কৰি ফটো শ্বেয়াৰ কৰাও দেখা গৈছে৷ ১৪ জানুৱাৰীত মণিপুৰত আৰম্ভ ভাৰত জোড়ো ন্যায় যাত্ৰাই ১৮ জানুৱাৰীত অসমত প্ৰৱেশ…
Read More
ৰাজ্যৰ ৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৪ বৰ্ষৰ পদ্মশ্ৰী সন্মান…

ৰাজ্যৰ ৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৪ বৰ্ষৰ পদ্মশ্ৰী সন্মান…

বৃহস্পতিবাৰে ঘোষণা কৰা হয় ২০২৪ বৰ্ষৰ দেশৰ পদ্ম সন্মান প্ৰাপকৰ তালিকা। এইবাৰ মুঠ ১৩২ গৰাকী ব্যক্তিয়ে লাভ কৰিছে পদ্ম সন্মান। ইয়াৰ ভিতৰত ৫ গৰাকীয়ে পদ্মবিভূষণ, ১৭ গৰাকীয়ে পদ্মভূষণ আৰু ১১০ গৰাকীয়ে লাভ কৰিছে পদ্মশ্ৰী। অসমৰ পৰা তিনিগৰাকীয়ে ব্যক্তিয়ে লাভ কৰিছে পদ্মশ্ৰী সন্মান। তেওঁলোক হ’ল পাৰ্বতী বৰুৱা, সৰ্বেশ্বৰ বসুমতাৰী আৰু ড্ৰোণ ভূঞা। ২০২৪ বৰ্ষৰ বাবে পদ্মবিভূষণ লাভ কৰা ব্যক্তিসকল হৈছে তামিলনাডুৰ বয়জয়ন্তীমালা বালি, অন্ধ্ৰ প্ৰদেশৰ কনিডেলা চিৰঞ্জীৱী, এম ভেংকায়া নাইডু, বিহাৰৰ বিন্দেশ্বৰ পাঠক আৰু তামিলনাডুৰ পদ্ম সুব্ৰমণিয়ম।
Read More
আকৌ মোদী চৰকাৰৰ বিৰুদ্ধে গৰ্জন কৃষকৰ! ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান

আকৌ মোদী চৰকাৰৰ বিৰুদ্ধে গৰ্জন কৃষকৰ! ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান

লোকসভা নির্বাচনৰ পূর্বে পুনৰবাৰ কেন্দ্রৰ ওপৰত চাপ বৃদ্ধিৰ চেষ্টা কৰিছে অন্ন দাতাই৷ ১৬ ফেব্ৰুৱাৰীত সংযুক্ত কিষাণ মৰ্চাকে ধৰি বিভিন্ন কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান জনাইছে। কৃষকসকলে নূন্যতম সমৰ্থন মূল্য (এম এছ পি), নিবনুৱা আৰু পেঞ্চনৰ দাবী আৰু অগ্নিবীৰ আঁচনিৰ বিৰোধিতা কৰি বন্ধৰ আহ্বান জনায়। য'ত আন সংগঠনকো অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। কৃষক নেতাসকলে বিভিন্ন শ্ৰমিক সংগঠন আৰু পৰিবহণ সংগঠনৰ সৈতে আলোচনাত মিলিত হৈছে। ১৬ ফেব্ৰুৱাৰীত খেতিয়কক অনশন কৰিবলৈ আহ্বান জনোৱা হৈছে। ইয়াৰ উপৰিও বিভিন্ন ব্যৱসায়ী, দোকানী, পৰিবহণ ব্যৱসায়ী আৰু শ্ৰমিকসকলকো সেইদিনা কাম নকৰিবলৈ অনুৰোধ জনোৱা হৈছে। সংযুক্ত কিষাণ মৰ্চাৰ নেতা ৰাকেশ টিকইটে কয়, ‘আগতে প্ৰতি অমাৱস্যাত খেতিয়কসকলে লঘোন দিছিল।…
Read More
গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ১,১৩২ জন আৰক্ষী জোৱান লৈ সাহসীকতা আৰু সেৱা পদকৰে সন্মানিত

গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ১,১৩২ জন আৰক্ষী জোৱান লৈ সাহসীকতা আৰু সেৱা পদকৰে সন্মানিত

গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত বিভিন্ন শ্ৰেণীৰ সাহসীকতা আৰু সেৱা পদকৰে ১,০০০ তকৈও অধিক আৰক্ষী জোৱান সন্মানিত কৰা হৈছে। ইয়াত ২৭৭ টা সাহসীকতাৰ পদক অন্তৰ্ভুক্ত আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি শেহতীয়াকৈ পদকৰ পৰ্যালোচনা কৰাৰ পিছত আৰক্ষী, অগ্নি নিৰ্বাপক সেৱা, গৃহৰক্ষী বাহিনী আৰু অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনী সেৱাৰ মুঠ ১,১৩২ জন কৰ্মীক গণৰাজ্য দিৱস, ২০২৪ উপলক্ষে সাহসীকতা আৰু সেৱা পদক প্ৰদান কৰা হৈছে। মুঠ ১৬ টা সাহসীকতা আৰু সেৱা পদক এতিয়া চাৰিটা শ্ৰেণীত একত্ৰিত কৰা হৈছে। এই পদকবোৰক এতিয়া সাহসীকতাৰ বাবে ৰাষ্ট্ৰপতি পদক (পিএমজি), সাহসীকতাৰ বাবে পদক (জিএম), বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক (পিএছএম) আৰু মেডেল ফৰ মেৰিটৰিয়াছ চাৰ্ভিচ (এমএছএম) হিচাপে…
Read More