editor

3175 Posts
পোহনীয়া হাঁহৰ আকস্মিক মৃত্যুৰ তদন্ত বিচাৰি আৰক্ষীৰ কাষ চাপিল এগৰাকী মহিলা…

পোহনীয়া হাঁহৰ আকস্মিক মৃত্যুৰ তদন্ত বিচাৰি আৰক্ষীৰ কাষ চাপিল এগৰাকী মহিলা…

স্বামী শয্যাগত। একমাত্ৰ পুত্ৰও আক্ৰান্ত দুৰাৰোগ্য ৰোগত। এনে পৰিস্থিতিত নিজে জাল মুড়ি বিক্ৰী কৰি কোনোমতে সংসাৰখন চলাই আছে ইতি বিশ্বাসে। দুপইচা অতিৰিক্ত উপাৰ্জনৰ বাবে ঘৰত পুহিছে ১০ টা হাঁহ। কিন্তু তাৰ মাজৰে তিনিটা হাঁহৰ 'অস্বাভাৱিক মৃত্যু’ ঘটাত তদন্ত বিচাৰি আৰক্ষীৰ কাষ চাপিছে মহিলাগৰাকী। পশ্চিম বংগৰ হুগলী জিলাৰ চুচুৰাৰ সিংহিবাগানৰ নিৱাসী ইতি বিশ্বাসে তেওঁৰ ঘৰৰ তিনিটা হাঁহৰ মৃত্যুৰ তদন্ত দাবী কৰাৰ পিছতে হাঁহকেইটাৰ মৃতদেহ মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে হুগলী জিলা পৰিষদৰ মীন আৰু পশুধন বিভাগে। মহিলাগৰাকীৰ অভিযোগ অনুসৰি শনিবাৰে পুৱা হাঁহ কেইটা গঁড়ালৰ পৰা এৰি দিছিল তেওঁ। সেই সময়ত আটাইকেইটা হাঁহেই সুস্থ আছিল। কিন্তু দুপৰীয়া হাঁহৰ চিঞৰ শুনিবলৈ পাই…
Read More
ইউক্ৰেইনৰ যুদ্ধবন্দী কঢ়িয়াই নিয়া ৰাছিয়াৰ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত, ৬৫ জনৰ মৃত্যু

ইউক্ৰেইনৰ যুদ্ধবন্দী কঢ়িয়াই নিয়া ৰাছিয়াৰ সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত, ৬৫ জনৰ মৃত্যু

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অব্যাহত থকা যুদ্ধ পৰিস্থিতিৰ মাজতে ইউক্ৰেইনৰ সীমান্তৱৰ্তী বেলগোৰডত ভূ-পতিত হয় ইউক্ৰেইনী যুদ্ধবন্ধী কঢ়িয়াই নিয়া ৰাছিয়াৰ এখন সামৰিক বিমান। এই দুৰ্ঘটনাত ইউক্ৰেইনৰ যুদ্ধবন্দী, ক্ৰু মেম্বাৰ আৰু পাইলটসহ ৬৫ জন লোকৰ মৃত্যু ঘটে। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা আৰ আই এয়ে ৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ উদ্ধৃতি দি কয় যে ইউক্ৰেইনৰ এই যুদ্ধবন্দীসকলক বন্দী বিনিময়ৰ অধীনত ইউক্ৰেইনলৈ নি থকাৰ সময়তে আকাশ মাৰ্গত বিমানখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় পাইলটে। পৰিণতিত তীব্ৰ গতিত ভূ-পতিত হয় আই এল-৭৬ সামৰিক বিমানখন। দুৰ্ঘটনাৰ সময়ত বিমানখনত ৬৫ গৰাকী যুদ্ধবন্দীৰ উপৰিও ৬ জন ক্ৰু মেম্বাৰ আৰু আন তিনিগৰাকী সামৰিক সদস্যও উপস্থিত আছিল। ইফালে, দূৰৰ পৰা কেমেৰাত বন্দী কৰা…
Read More
ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আন এজন গাঁও প্ৰধান…

ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আন এজন গাঁও প্ৰধান…

ঘোচ লৈ পুনৰ গ্ৰেপ্তাৰ হ’ল আন এজন গাঁও প্ৰধান। কামৰূপ জিলাত উৎকোচ গ্ৰহণৰ পিছতে হাতে-লোটে কৰায়ত্ব কৰে দুৰ্নীতি নিবাৰক শাখাই। অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ দলে অভিযোগকাৰীৰ পৰা দাবী কৰা উৎকোচ গ্ৰহণ কৰাৰ পিছত কুমাৰপাটা আৰু সোতাশিল গাঁৱৰ গাঁও প্ৰধানক গ্ৰেপ্তাৰ কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে, অভিযুক্ত মনোৱাৰ ইছলামে নিজৰ মাটিৰ শ্ৰেণী ৰূপান্তৰৰ সন্দৰ্ভত ভিএলএমচিৰ প্ৰতিবেদন জাৰি কৰাৰ বাবে উৎকোচ দাবী কৰিছিল।
Read More
অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰলৈ গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ পদক…

অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰলৈ গণৰাজ্য দিৱসত ৰাষ্ট্ৰপতিৰ পদক…

গণৰাজ্য দিৱস উদযাপনৰ উপলক্ষে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰক ২৬ জানুৱাৰীত বিশিষ্ট সেৱাৰ বাবে সন্মানীয় ৰাষ্ট্ৰপতি পদক প্ৰদান কৰা হ’ব। এই সন্মানীয় বঁটা লাভ কৰিবলৈ দেশৰ ১০২ গৰাকী বিষয়াৰ ভিতৰত থাকিব সুৰেন্দ্ৰ কুমাৰ। ১০২টা ৰাষ্ট্ৰপতিৰ পদক বিশিষ্ট সেৱাৰ (পিএছএম)ৰ ভিতৰত ৯৪টা আৰক্ষী সেৱা, ০৪টা অগ্নিনিৰ্বাপক সেৱা আৰু ০৪টা অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সেৱাক প্ৰদান কৰা হৈছে। ইফালে, ৬৬৭ জনৰ ভিতৰত অসমৰ ১৪ জন ব্যক্তিয়ে লাভ কৰিব ‘মেডেল ফৰ মেৰিটৰিয়াছ চাৰ্ভিচ’। ৭৫৩টা মেডেল ফৰ মেৰিটৰিয়াছ চাৰ্ভিচৰ ভিতৰত ৬৬৭টা মেডেল আৰক্ষী সেৱা, ৩২টা অগ্নিনিৰ্বাপক সেৱা, ২৭টা চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড চাৰ্ভিচ আৰু ২৭টা কাৰেকচনেল চাৰ্ভিচক প্ৰদান কৰা হৈছে। অসমৰ পৰা…
Read More
বক্সিংৰ পৰা অৱসৰৰ ঘোষণাৰ বাতৰিক অস্বীকাৰ অলিম্পিক পদক বিজয়ী মেৰী কমৰ

বক্সিংৰ পৰা অৱসৰৰ ঘোষণাৰ বাতৰিক অস্বীকাৰ অলিম্পিক পদক বিজয়ী মেৰী কমৰ

অলিম্পিক পদক বিজয়ী মেৰী কমক বক্সিংৰ ৰিংত আৰু দেখা নাযাব আৰু তেওঁ বক্সিংৰ পৰা অৱসৰৰ ঘোষণা কৰিছে বুলি যি বাতৰি প্ৰকাশ পাইছে তাক পোনচাতে নাকচ কৰিছে মেৰী কমে। অৱসৰৰ অৱসৰৰ ঘোষণাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছত এই সন্দৰ্ভত প্ৰথম মত প্ৰকাশ কৰিছে। তেওঁ তেওঁৰ অৱসৰৰ বাতৰি অস্বীকাৰ কৰিছে। তেওঁৰ পূৰ্বৰ মন্তব্যবোৰ স্পষ্ট কৰি তেওঁ কয়- 'মই এতিয়ালৈকে অৱসৰ ঘোষণা কৰা নাই, মোৰ বক্তব্যক ভুল বুজা হৈছে।' তেওঁ লগতে কয় যে যেতিয়াই মই মোৰ অৱসৰ ঘোষণা কৰিব লাগিব, মই ব্যক্তিগতভাৱে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিম। সংবাদ মাধ্যমত অৱসৰৰ বাতৰি সন্দৰ্ভত মেৰী কমে আৰু কয় যে ২০২৪ চনৰ ২৪ জানুৱাৰীত মই ডিব্ৰুগড়ৰ এখন…
Read More
দুগৰাকী মহিলা চাফাই কৰ্মী

দুগৰাকী মহিলা চাফাই কৰ্মী

গণতন্ত্ৰ দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় সমষ্টি বাৰাণসীৰ দুগৰাকী মহিলা চাফাই কৰ্মীয়ে বিশেষ অতিথি হিচাপে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব। এইটো প্ৰথম বাৰৰ বাবে যে চাফাই কৰ্মীক বিশেষ অতিথি হিচাপে অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। এনে চাফাই কৰ্মীসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ (ইউপি) ১০১ জন হ'ব, যাৰ ভিতৰত কাশীৰ দুগৰাকী মহিলা চাফাই কৰ্মী (ৰোশনি আৰু কালাৱতী) অন্তৰ্ভুক্ত থাকিব। গণতন্ত্ৰ দিৱসৰ আমন্ত্ৰণৰ পিছত, চাফাই কৰ্মীসকলৰ পৰিয়ালত এক আনন্দৰ পৰিবেশে বিৰাজ কৰিছে। ৰোশনি আৰু কালাৱতীয়ে মঙলবাৰে নিশা বাৰাণসীৰ সাংসদ আৰু প্ৰধানমন্ত্ৰী মোদীৰ বাবে এটা বিশেষ উপহাৰ লৈ দিল্লীলৈ ৰাওনা হৈছিল আৰু বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানীত আছে। উত্তৰ প্ৰদেশ চৰকাৰৰ দ্বাৰা বিশেষ অতিথিৰ তালিকাত অন্তৰ্ভুক্ত এই মহিলাসকলৰ বাবে…
Read More
ৰাহুল গান্ধীৰ নিৰাপত্তাক লৈ প্ৰশ্ন! অমিত শ্বাহলৈ পত্ৰ খোদ কংগ্ৰেছ অধ্যক্ষৰ

ৰাহুল গান্ধীৰ নিৰাপত্তাক লৈ প্ৰশ্ন! অমিত শ্বাহলৈ পত্ৰ খোদ কংগ্ৰেছ অধ্যক্ষৰ

ভাৰত জোড়ো ন্যায় যাত্ৰাৰে অসমত থকা ৰাহুল গান্ধীৰ সুৰক্ষাক উত্থাপন হৈছে প্ৰশ্নৰ। গান্ধীৰ নিৰাপত্তাক লৈ এইবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কাষ চাপিছে কংগ্ৰেছ। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এই সন্দৰ্ভত নিজেই শ্বাহলৈ এখন পত্ৰ লিখে। বৰ্তমান ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সৈতে অসমত আছে ৰাহুল গান্ধী। আৰু তাতেই তেওঁ মঙলবাৰে আৰক্ষীৰ বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰিবলৈ গৈ আৰক্ষীয়ে এই পদযাত্ৰা বন্ধ কৰি দিয়ে। কংগ্ৰেছ কৰ্মীসকলে পাল পাতি বেৰিকেড ভাঙিবলৈ চেষ্টা কৰে। অভিযোগ অনুসৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰে। পিছত হিমন্তই ৰাহুলৰ বিৰুদ্ধে এফআইআৰৰ নিৰ্দেশ দিয়ে। অসম আৰক্ষীয়ে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ষড়যন্ত্ৰ, শান্তি ভংগ আৰু সাধাৰণ জনতাক উচটনি দিয়াৰ অভিযোগ উত্থাপন…
Read More
অসমত ৰাহুল গান্ধীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অমিত শ্বাহলৈ পত্ৰ মল্লিকাৰ্জুন খাৰ্গেৰ

অসমত ৰাহুল গান্ধীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অমিত শ্বাহলৈ পত্ৰ মল্লিকাৰ্জুন খাৰ্গেৰ

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখি অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সৈতে জড়িত দলৰ নেতা ৰাহুল গান্ধী আৰু অন্যান্যসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। খাৰ্গে ২৩ জানুৱাৰী তাৰিখৰ পত্ৰখনত দাবী কৰিছিল যে কেইবাবাৰো অসম আৰক্ষীয়ে পৰিকল্পিতভাৱে থিয় হৈছিল বা ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলক নিৰাপত্তা বেষ্টনী ভাঙি ৰাহুল গান্ধীৰ ওচৰত উপস্থিত হ'বলৈ অনুমতি দিছিল। খাৰ্গেৰ মতে, ৰাজহুৱাভাৱে প্ৰমাণ উপলব্ধ হোৱা স্বত্বেও, এতিয়ালৈকে কোনো দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু বহু ক্ষেত্ৰত তদন্তও আৰম্ভ হোৱা নাই। তেওঁ গৃহমন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰী সিংহবিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক নিৰ্দেশ দিবলৈ আহ্বান জনায় যাতে ৰাহুল গান্ধী…
Read More
অষ্ট্ৰেলিয়ান অ’পেনত ইতিহাস সৃষ্টি কৰি ছেমি ফাইনেলত ৰোহন বোপান্নাৰ যুটী

অষ্ট্ৰেলিয়ান অ’পেনত ইতিহাস সৃষ্টি কৰি ছেমি ফাইনেলত ৰোহন বোপান্নাৰ যুটী

ভাৰতীয় টেনিছ তাৰকা ৰোহন বোপান্নাই অষ্ট্ৰেলিয়ান অ'পেন ২০২৪ ত ইতিহাস সৃষ্টি কৰিছে। তেওঁ ডাবলছত বিশ্বৰ নম্বৰ-১ হোৱা আটাইতকৈ জ্যেষ্ঠ খেলুৱৈ হৈ পৰিছে। তেওঁ তেওঁৰ সহযোগী মেথিউ এবডেনৰ সৈতে প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এই জয়ৰ সৈতে, ৪৩ বছৰীয়া বোপান্না ডাবলছত বিশ্বৰ ১ নম্বৰত উপনীত হৈছে। ৰোহন বোপান্নাই অষ্ট্ৰেলিয়ান অ'পেনত প্ৰথমবাৰৰ বাবে পুৰুষৰ দ্বৈত প্ৰতিযোগিতাৰ ছেমি ফাইনেলত উপনীত হৈছে। ভাৰতীয় টেনিছ খেলুৱৈ ৰোহন বোপান্নাই তেওঁৰ অষ্ট্ৰেলিয়াৰ সহযোগী মাথিয়াছ এবডেনৰ সৈতে পুৰুষৰ দ্বৈত প্ৰতিযোগিতাৰ  কোৱাৰ্টাৰ ফাইনেলত মেক্সিমো গঞ্জালেজ আৰু আন্দ্ৰেছ গল্টিক পৰাস্ত কৰে। তেওঁলোকে ৬-৪, ৭-৬ (৭-৫)ৰ ব্যৱধানত জয়ী হয়। ইয়াৰ পূৰ্বে বোপান্না আৰু মেথিউৱে ডাচ্চ যুটি ৱেছলি কুলহোফ আৰু ক্ৰোৱেছিয়াৰ নিকোলা…
Read More
ঔপন্যাসিকা পদুমী গগৈৰ নৱতম উপন্যাস ‘চ্চাওফা’ উন্মোচন

ঔপন্যাসিকা পদুমী গগৈৰ নৱতম উপন্যাস ‘চ্চাওফা’ উন্মোচন

বিশিষ্ট ঔপন্যাসিকা পদুমী গগৈৰ নৱতম উপন্যাস 'চ্চাওফা' মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উন্মোচনী সভাত সভাপতিত্ব কৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ মুখ্য উপদেষ্টা, বিশিষ্ট সাহিত্যিক ধীৰেন শর্মাই । সাংবাদিক গোকুল তালুকদাৰে আঁত ধৰা অনুষ্ঠানত  'চ্চাওফা' উন্মোচন কৰে অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্রী প্ৰাপক ডঃ সূর্যকান্ত হাজৰিকাই। গ্ৰন্থখন উন্মোচন কৰি উন্মোচক হাজৰিকাই কয় যে পদুমী গগৈৰ গ্ৰন্থ খনৰ নামটোতে এটা নতুন দিশ উন্মোচন হৈছে । চাওলুং চুকাফাৰ দিনত বুৰঞ্জী লিখন পদ্ধতি আৰম্ভ নহলে আমি হয়তো অসমৰ অতীত নাজানিলোঁ হেতেন । 'চ্চাওফা' উপন্যাসত ছু্যু-কা-ফাৰ জীৱনৰ অভিব্যক্তি, প্রগতিশীল চিন্তা-চেতনা, মননশীলতা, আশা-আকাংক্ষা, ধর্ম-সমাজ, আচাৰ- নীতি, জীৱনবীক্ষা, প্রেম-প্ৰেৰণা, উদাৰতা, বদান্যতা আৰু নীতি নিষ্ঠতাক…
Read More