Dipshikha

3401 Posts
দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল

দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল

ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে বিৰোধী ঐক্যমঞ্চই। ভোট চুৰি আৰু নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগত শইকীয়াৰ বিৰুদ্ধে বিৰোধীয়ে দাখিল কৰিলে এই এজাহাৰ।এজাহাৰ দাখিলৰ সময়ত দিছপুৰ থানাত উপস্থিত হয় কংগ্রেছ, অজাপ, ৰাইজৰ দল, CPI(M)ৰ নেতৃত্ব। ৰিপুন বৰা, ৰকিবুল হুছেইন, ৰাছেল আহমেদ, লুৰীণজ্যোতি গগৈ, মীৰা বৰঠাকুৰসহ কেইবাগৰাকীও নেতাক দেখা গল দিছপুৰ আৰক্ষী থানাত ।
Read More
পুনৰ হিন্দুক হ*ত্যা

পুনৰ হিন্দুক হ*ত্যা

বাংলাদেশত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে সাম্প্ৰদায়িক হিংসা ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ।বাংলাদেশত আন এজন হিন্দু যুৱকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে । এই আক্ৰমণত মৃত্যু হয় যুৱকজনৰ । নিহত যুৱকজনক মিঠুন সৰকাৰ বুলি চিনাক্ত কৰা হৈছে । চোৰৰ সন্দেহত মিঠুনক দুষ্কৃতিকাৰীয়ে খেদি খেদি খেদি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । তেওঁক খেদি যোৱাৰ ফলত বাধ্যত পৰি এটা পুখুৰীত জাঁপ দিয়ে আৰু তাৰ পিছত পানীত ডুবি তেওঁৰ মৃত্যু হয় ।উল্লেখ্য যে, বাংলাদেশত ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনৰ তাৰিখ ওচৰ চাপি অহাৰ লগে লগে সাম্প্ৰদায়িক হিংসা ভয়ংকৰ হাৰত বৃদ্ধি পাইছে । কেৱল ডিচেম্বৰ মাহতে কমেও ৫১টা হিংসাত্মক…
Read More
অখিল গগৈক কটাক্ষ দিলীপ শইকীয়া

অখিল গগৈক কটাক্ষ দিলীপ শইকীয়া

বিধায়ক অখিল গগৈয়ে অসম বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰা বিস্ফোৰক অভিযোগৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দিলীপ শইকীয়াই। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই স্পষ্ট কৰিছে যে, অখিল গগৈয়ে সামাজিক মাধ্যমত আপলোড কৰা ‘Screenshot’ সমূহ ৪ জানুৱাৰীত অনুষ্ঠিত হোৱা ভিডিঅ’ কনফাৰেন্সৰ ফটো। এই ভিডিঅ’ কনফাৰেন্সৰ ফটো ইতিমধ্যে সামাজিক মাধ্য়মত শ্বেয়াৰ কৰিছে তেওঁলোকৰ বিষয়ববীয়াসকলে।তেওঁ অখিল গগৈক কটাক্ষ কৰি কয় যে, অখিক গগৈয়ে দিয়া তথ্যৰ ৫ পইচাৰো দম নাই। অৰ্থাৎ কোনো গুৰুত্ব নাই। অখিল গগৈ, লুৰীণজ্যোতি গগৈয়ে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ বিভিন্ন পৰিসংখ্যা দাঙি ধৰিছে।ইফালে তেওঁ কয়, “SR ক লৈ আমি সন্তুষ্ট, কিন্তু লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ মিঞা প্ৰেম দেখি আমি অসন্তুষ্ট।…
Read More
দেশৰ ৰাজধানী দিল্লীত তীব্ৰ উত্তেজনা

দেশৰ ৰাজধানী দিল্লীত তীব্ৰ উত্তেজনা

দেশৰ ৰাজধানী দিল্লীত তীব্ৰ উত্তেজনা । উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি ৰামলীলা ময়দানৰ সমীপৰ তুৰ্কমান গেট অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় । দিল্লী আৰক্ষীয়ে দাবী কৰা মতে মতে মঙলবাৰে নিশা সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিত ৮ গৰাকী আৰক্ষী জোৱান আহত হয় ।পৌৰ নিগমৰ লোক আৰু আৰক্ষীক লক্ষ্য কৰি শিলগুটি নিক্ষেপ দুষ্কৃতিকাৰীৰ । ঘটনা সন্দৰ্ভত কেইবাজনো লোকক আৰক্ষীয় আটক কৰিছে ।জানিব পৰা মতে, দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি দিল্লী পৌৰ নিগমে প্ৰায় ৩২ খন বুলডজাৰ আৰু বৃহৎ আৰক্ষী দলৰ উপস্থিতিত উচ্ছেদ অভিযান চলায় । সাধাৰণতে দিনৰ ভাগত এনে অভিযান চলে যদিও নিৰাপত্তাজনিত কাৰণত আৰু প্ৰতিবাদৰ আশংকাৰ বাবে প্ৰশাসনে নিশা ১:৩০ বজাতে এই উচ্ছেদ…
Read More
মুখ্যমন্ত্ৰী লৈ পত্ৰ লিখিলে জুবিনৰ পত্নীয়ে

মুখ্যমন্ত্ৰী লৈ পত্ৰ লিখিলে জুবিনৰ পত্নীয়ে

প্রাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কেইটামান পদক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীলৈ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পত্ৰ প্ৰেৰণ । গৰিমা শইকীয়া গাৰ্গৰ সৈতে এই পত্ৰত স্বাক্ষৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰৰ ।জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া অধিক জোৰদাৰ কৰাৰ লগতে ন্যায় প্রক্রিয়াটো আদালতত ক্ষীপ্ৰতৰ কৰিবলৈ আবেদন জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ ।
Read More
বাংলাদেশত পুনৰ হিন্দুক হত্যা

বাংলাদেশত পুনৰ হিন্দুক হত্যা

বিগত সময়চোৱাত বাংলাদেশত বৃদ্ধি পাইছে হিন্দুৰ বিৰুদ্ধে হিংসাজনিত ঘটনা। ইয়াৰ মাজতে পুনৰ দেশখনত হিন্দু হত্যাৰ খবৰ আহি পৰিছে। যোৱা ২৪ ঘন্টাত এয়া দ্বিতীয়বাৰৰ বাবে এনে ঘটনা পোহৰলৈ আহিছে।তথ্য অনুসৰি, যোৱা ১৮দিনত দেশখনত ৬ জন হিন্দুক হত্যা কৰা হৈছে। সোমবাৰ (৫ জানুৱাৰী) নিশা নাৰ্চিংডিত গেলামালৰ মালিক ৪০ বছৰীয়া শৰৎ চক্ৰৱৰ্তী মণিক হত্যা কৰাৰ ঘটনা সংঘটিত হয়। ইয়াৰ কিছু সময় পূৰ্বে মণিৰামপুৰত হত্যাৰ বলি হৈছিল হিন্দু সাংবাদিক ৰাণা প্ৰতাপ বৈৰাগী। এই কাণ্ডই এতিয়া দেশখনৰ আইন শৃংখলা আৰু সংখ্যালঘুৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।
Read More
পাকিস্তানৰ কু-কাণ্ড পোহৰলৈ

পাকিস্তানৰ কু-কাণ্ড পোহৰলৈ

পাকিস্তানৰ কু-কাণ্ড পোহৰলৈ। দেশখনৰ চোৰাংচোৱা সংস্থা ISI য়ে এইবাৰ ভাৰতীয় কিশোৰক লক্ষ্য কৰি লৈছে। শেহতীয়াকৈ আৰক্ষীয়ে এজন কিশোৰক গ্ৰেপ্তাৰ কৰিছে যিয়ে পাকিস্তানক বহু গোপন তথ্য প্ৰদান কৰি আহিছে।শেহতীয়াকৈ পঞ্জাৱৰ পঠানকোটৰ পৰা আৰক্ষীয়ে স্পৰ্শকাতৰ সামৰিক এলেকাত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত এজন ১৫ বছৰীয়া কিশোৰক গ্ৰেপ্তাৰ কৰিছে। তেওঁক ইতিমধ্যে আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ মতে, কিশোৰজনে দীৰ্ঘদিন ধৰি পাকিস্তানক ভাৰতৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰি আহিছে। এই সমগ্ৰ দিশ সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।
Read More
ৰাজ্যত অধিক হব শীতৰ প্ৰকোপ

ৰাজ্যত অধিক হব শীতৰ প্ৰকোপ

ঘন কুঁৱলীয়ে আৱৰি ৰাখিব পাৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য । এয়া আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰৰ আগলি বতৰা ।আগন্তুক ৫ টা দিনত ৰাজ্যত আৰু অধিক হ'ব শীতৰ প্ৰকোপ । উত্তৰ-পূবৰ লগতে সাগৰপৃষ্ঠৰ বায়ুমণ্ডল নিম্নগামী হোৱাৰ ফলত বাঢ়িব এই শীত । শীতৰ মাজতে ঠায়ে ঠায়ে বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিলে বিভাগে ।ভাৰতীয় বতৰ বিজ্ঞান বিভাগ(IMD), আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে প্ৰকাশ কৰা শেহতীয়া পূৰ্বাভাস অনুসৰি আগন্তুক কেইটামানদিনত উত্তৰ-পূৰ্বাঞ্চলৰ অধিকাংশ অংশত শীত আৰু প্ৰধানকৈ শুকান বতৰ অব্যাহত থাকিব । এই সময়ছোৱাত সৰ্বোচ্চ তাপমাত্ৰা কিছু হ্ৰাস পাব আৰু বহু অঞ্চলত কুঁৱলীৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
Read More
ৰাজ্যত পুনৰ চলিল উচ্ছেদ

ৰাজ্যত পুনৰ চলিল উচ্ছেদ

বিগত কিছুমাহ পূৰ্বে ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ উচ্ছেদ চলিছিল চাপৰৰ চৰুৱাবাখৰা, সন্তোষপুৰ আৰু টিলাপাৰাত। আদানীৰ তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ নামত চলিছিল এই উচ্ছেদ অভিযান। ইতিমধ্যে APDCLক হস্তান্তৰ কৰিছে ৩ হাজাৰ ৫০০ বিঘা ভূমি। পিছে এইবাৰ পুনৰ উচ্ছেদিত এলেকাত চলিল জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান।প্ৰায় ১০০ বিঘা ভূমিত বসবাস কৰা ৯০ টাকৈ পৰিয়ালক প্ৰশাসনে চলালে উচ্ছেদ। জানিব পৰা মতে, প্ৰশাসনে পট্টাভুক্ত ভূমিৰ গৰাকীক ক্ষতিপুৰণ প্ৰদান কৰিছে যদিও ভূমিৰ বিপৰীত ভূমিত প্ৰদান কৰাত পলম হৈছে।
Read More
ভয়ংকৰ বিস্ফোৰণত কঁপিল মণিপুৰ

ভয়ংকৰ বিস্ফোৰণত কঁপিল মণিপুৰ

ভয়ংকৰ বিস্ফোৰণত পুনৰ কঁপি উঠিল মণিপুৰ। ইয়াৰ লগে লগে শান্তিৰ আশা কৰি থকা মণিপুৰবাসীৰ মনত পুনৰ যেন সৰগ ভাগি পৰিল। তথ্য অনুসৰি, ৫ জানুৱাৰীৰ পুৱা ৰাজ্যখনৰ বিষ্ণুপুৰ জিলাত তিনিটাকৈ শক্তিশালী আই ই ডি (IED) বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে ওচৰ-পাজৰৰ অঞ্চল পৰ্যন্ত কঁপি যায়। ইয়াৰ লগে লগে শোৱাপাটীত থকা মানুহসকলৰ মাজত চিঞৰ বাখৰ লাগে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।
Read More