Dipshikha

3401 Posts
৩০ জানুৱাৰীত ডিব্ৰুগড় ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

৩০ জানুৱাৰীত ডিব্ৰুগড় ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

অহা ৩০ জানুৱাৰীত ডিব্ৰুগড় ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই ভ্ৰমণকালত অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে খনিকৰ ষ্টেডিয়াম পুনৰ উন্নয়নৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ ঘোষণা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। শুকুৰবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।চলিত মাহৰ শেষৰ ফালে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰায় এমাহৰ ব্যৱধানত এয়া দ্বিতীয়টো অসম ভ্ৰমণ হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ। ডিব্ৰুগড়ত উপস্থিত হৈ অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে।
Read More
জে’লত ভৰোৱা হ’ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক !

জে’লত ভৰোৱা হ’ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক !

"জেহাদৰ কথা বেছিকৈ কৈ থাকিলে জে'লত ভৰোৱা হ'ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক ।" ৰেজাউল কৰিম সৰকাৰক এই কঠোৰ সকীয়নি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে গুৱাহাটীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে ৰেজাউল কৰিম সৰকাৰৰ প্ৰসংগত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।মুখ্যমন্ত্রীয়ে কয়, "শিক্ষাৰ বিকাশ বুলি ক'লে আমাৰ আপত্তি নাই । জেহাদ মানেই গণ্ডগোলীয়া শব্দ । মানে প্ৰশ্নকাকত, উত্তৰবহী ফাদিল কৰিব । বিভিন্ন ধৰণৰ জেহাদ কৰিব । লেণ্ড জেহাদত মাটিতো দখল কৰে । লাভ জেহাদত ছোৱালীক ফুচুলাই লৈ যায় । তেওঁলোকে ফাৰ্টিলাইজাৰ জেহাদ কৰে । গতিকে জেহাদ শব্দটোৱে দুই নম্বৰী বুজায় ।"
Read More
ভতুৱা শাক সিজোৱা পানীৰে মূৰ ধুলে ওকণি আঁতৰ হয়

ভতুৱা শাক সিজোৱা পানীৰে মূৰ ধুলে ওকণি আঁতৰ হয়

শাকৰ বিভিন্ন উপকাৰী গুণ আছে। তাৰ ভিতৰত এবিধ শাক হ'ল জিলমিল বা ভতুৱা শাক। এই শাক খালে শৰীৰে বহু উপকাৰ লাভ কৰে। ছাল, চুলিৰ পৰা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰালৈ ই বিভিন্ন দিশৰ বাবে ভাল। ভতুৱা শাক (Bhatua Saag) ভিটামিন, খনিজ আৰু আঁহেৰে পৰিপূৰ্ণ, যি হজম শক্তি বঢ়ায়, কোষ্ঠকাঠিন্য দূৰ কৰে, তেজ পৰিষ্কাৰ কৰে, ছাল আৰু চুলিৰ স্বাস্থ্য উন্নত কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে, আৰু তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে, যাৰ ফলত বিভিন্ন স্বাস্থ্য সমস্যা যেনে বাত বিষ, গেছ, আৰু যকৃতৰ সমস্যাতো উপকাৰী। ভতুৱা শাকৰ উপকাৰিতা: হজমৰ বাবে উপকাৰী: ইয়াৰ উচ্চ আঁহ আৰু পানীৰ পৰিমাণে হজম সহায় কৰে আৰু…
Read More
লণ্ডনত তীব্ৰ প্ৰতিবাদ

লণ্ডনত তীব্ৰ প্ৰতিবাদ

ইৰাণত প্ৰতিবাদ বাঢ়িছে, ৰাজপথলৈ ওলাই আহিছে আৰু চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিছে ৰাইজে। ইয়াৰ পিছতে এতিয়া লণ্ডনতো প্ৰতিবাদ দেখা গৈছে। লণ্ডনত থকা ইৰাণৰ দূতাবাসত প্ৰতিবাদকাৰীয়ে বৰ্তমানৰ পতাকাখন আঁতৰাই পুৰণি পতাকাখন উত্তোলন কৰে।লণ্ডনৰ পৰা এটা ভিডিঅ’ ওলাইছে য’ত দেখা গৈছে যে ইৰাণৰ পতাকাখন দূতাবাসৰ পৰা আঁতৰাই তাৰ ঠাইত ইছলামিক বিপ্লৱৰ পূৰ্বে ইৰাণৰ পতাকাখন ৰখা হৈছিল।ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত দেখা গৈছে যে শনিবাৰে প্ৰতিবাদৰ সময়ত এজন ব্যক্তিয়ে এটা অট্টালিকা বগাইছে। শীৰ্ষত উপনীত হোৱাৰ লগে লগে তেওঁ বৰ্তমানৰ ইৰাণী শাসনৰ পতাকাখন আঁতৰাই তাৰ ঠাইত ১৯৭৯ চনৰ পূৰ্বৰ সিংহ আৰু সূৰ্য্যৰ পতাকাখন স্থাপন কৰে। অট্টালিকাৰ বাহিৰত সমবেত হোৱা আন শতাধিক প্ৰতিবাদকাৰীয়েও ইছলামিক বিপ্লৱৰ পূৰ্বৰ…
Read More
বিতৰ্কৰ পিছতো স্থানান্তৰিত হ’ব উচ্চ ন্যায়ালয়

বিতৰ্কৰ পিছতো স্থানান্তৰিত হ’ব উচ্চ ন্যায়ালয়

বিতৰ্কৰ পিছতো স্থানান্তৰিত হ’ব উচ্চ ন্যায়ালয় ৷ দহ বছৰৰ পিছত গুৱাহাটী ৰিং ৰোডত দৌৰিব মেট্ৰ’, মুখ্যমন্ত্ৰীৰ আন এক সপোন ৷বিতৰ্ক আৰু গুৱাহাটী বাৰ এছ’চিয়েচনৰ তীব্ৰ বিৰোধিতাৰে অনশনৰ মাজতেই উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তৰিত হোৱাটো নিশ্চিত হ’ল । আজি (দেওবাৰ) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে উত্তৰ গুৱাহাটীত কৰিব আধাৰশিলা স্থাপন আৰু ভূমিপূজন ৷
Read More
হিন্দুক পুনৰ হ**ত্যা

হিন্দুক পুনৰ হ**ত্যা

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে লক্ষ্য কৰি আক্ৰমণৰ ধাৰাবাহিকতা অবিৰতভাৱে অব্যাহত আছে। শেহতীয়া এই ঘটনা সংঘটিত হৈছে সুনামগঞ্জ জিলাত, য’ত সন্দেহজনক পৰিস্থিতিত এজন হিন্দু যুৱকৰ মৃত্যু হয়। এই ঘটনাই পুনৰবাৰ সংখ্যালঘুৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। বিশেষকৈ যি সময়ত দেশখনত অহা মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব। নিহত লোকজনৰ নাম জয় মহাপাত্ৰ।
Read More
পুনৰ হিন্দু লোকক হ**ত্যা

পুনৰ হিন্দু লোকক হ**ত্যা

বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে লক্ষ্য কৰি আক্ৰমণৰ ধাৰাবাহিকতা অবিৰতভাৱে অব্যাহত আছে। শেহতীয়া এই ঘটনা সংঘটিত হৈছে সুনামগঞ্জ জিলাত, য’ত সন্দেহজনক পৰিস্থিতিত এজন হিন্দু যুৱকৰ মৃত্যু হয়। এই ঘটনাই পুনৰবাৰ সংখ্যালঘুৰ সুৰক্ষাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে। বিশেষকৈ যি সময়ত দেশখনত অহা মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব। নিহত লোকজনৰ নাম জয় মহাপাত্ৰ।
Read More
শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰেন

শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰেন

শীঘ্ৰেই ভাৰত ভ্ৰমণ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰেন। এই সময়চোৱাত তেওঁ AI ইমপেক্ট ছামিটত অংশগ্ৰহণ কৰিব। লগতে বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আলোচনা হ'ব পাৰে। ইয়ে দুই দেশৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব।বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সাক্ষাৎ কৰে মেক্ৰনক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে জয়শংকৰে পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰদূতসকলৰ সন্মিলনত ভাষণ দি বিভিন্ন দিশৰ ওপৰত মত প্ৰকাশ কৰে। তেওঁ বাণিজ্য আৰু শক্তিৰ দৰে খণ্ডৰ দ্বাৰা পৰিচালিত সমসাময়িক বিশ্ব পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
Read More
অগ্নিগৰ্ভা ইৰাণ

অগ্নিগৰ্ভা ইৰাণ

প্ৰতিবাদত উত্তাল ইৰাণ । গণবিক্ষোভে থৰক-বৰক কৰিছে দেশখনৰ প্ৰশাসনিক ব্যৱস্থা । চৰকাৰবিৰোধী প্ৰতিবাদ ক্ৰমাৎ বৃদ্ধি পোৱাৰ লগে লগে দেশখনৰ ৰাজধানী তেহৰাণত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰিছে । ইতিমধ্যে প্ৰতিবাদকাৰীৰ ওপৰত চৰকাৰে চলোৱা দমনমূলক কাৰ্যৰ বাবে অৰ্ধশতাধিক সাধাৰণ লোকৰ মৃত্যু হৈছে । ইয়াৰ পিছতে পৰিস্থিতি আৰু অধিক অগ্নিগৰ্ভা হৈ পৰিছে । ইণ্টাৰনেট প্ৰতিষ্ঠান ক্লাউডফ্লেয়াৰ আৰু এডভোকেচি গ্ৰুপ নেটব্লকছে ইণ্টাৰনেট বিচ্ছিন্ন হোৱাৰ বাতৰি প্ৰকাশ কৰিছে । লগতে ইৰাণ চৰকাৰৰ হস্তক্ষেপেই ইয়াৰ কাৰণ বুলি উল্লেখ কৰিছে । বুধবাৰে সমগ্ৰ ইৰাণৰ চহৰ আৰু গ্ৰামাঞ্চলসমূহত সৃষ্টি হোৱা বিক্ষোভৰ ধাৰাবাহিকতা বৃহস্পতিবাৰেও দেখা যায় । প্ৰতিবাদকাৰীৰ সমৰ্থনত বন্ধ হৈ পৰে দোকান-বজাৰ । আমেৰিকা যুক্তৰাষ্ট্ৰ ভিত্তিক মানৱ অধিকাৰৰ নিউজ…
Read More
বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম্বা নৃত্যৰ মহা আয়োজন অসম চৰকাৰৰ

বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম্বা নৃত্যৰ মহা আয়োজন অসম চৰকাৰৰ

বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগৰুম্বা নৃত্যৰ মহা আয়োজন অসম চৰকাৰৰ । অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা হৈছে এই বিশাল নৃত্যানুষ্ঠানৰ । য'ত ১০ হাজাৰ বড়ো চিখলাই পৰিৱেশন কৰিব বাগৰুম্বা নৃত্য । অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থকাৰ কথা আছে । যাৰ বাবে ইতিমধ্যে ঠায়ে ঠায়ে বাগৰুম্বা নৃত্যুৰ আখৰা চলি আছে ।
Read More