Dipshikha

3401 Posts
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে জোকাৰণি অনুভূত হয়। ভাৰতৰ কিছু ঠাইৰ লগতে উত্তৰ-পূব ভাৰত, চুবুৰীয়া দেশ ভূটানতো ভূমিকম্পৰ প্ৰভাৱ পৰে।৫ জানুৱাৰী, সোমবাৰে পুৱতি নিশা ০৪:১৭ বজাত অনুভূত হয় জোকাৰণি। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology) প্ৰকাশ কৰা তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১।
Read More
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মাঘ মেলাৰ আয়োজন কৰা হৈছে

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মাঘ মেলাৰ আয়োজন কৰা হৈছে

প্ৰতিবছৰৰ দৰে এইবাৰো উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মাঘ মেলাৰ আয়োজন কৰা হৈছে । এই মেলাৰ প্ৰথম দিনা পুহ মাহৰ পূৰ্ণিমাৰ শুভ ক্ষণত লাখ লাখ ভক্তৰ আগমন হৈছে । পুৱাৰে পৰা ৬ লাখৰো অধিক ভক্তই ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰে । দিনৰ ভাগতো আৰু অধিক ভক্তৰ আগমনৰ সম্ভাৱনা আছে । এই উপলক্ষে কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছে । মাঘ মেলা কৰ্তৃপক্ষই অনুমান কৰিছে যে ২০ৰ পৰা ৩০ লাখ ভক্তই পুহ মাহৰ পূৰ্ণিমাৰ পৱিত্ৰ স্নানৰ বাবে আহিব । ইয়াৰ লগে লগে ভক্তৰ মাহজোৰা আগমনৰো আৰম্ভ হয় । শনিবাৰে পুৱা ৪ বজাৰ পৰাই পৱিত্ৰ স্নানৰ সময় আৰম্ভ হয় । প্ৰয়াগৰাজৰ সংমণ্ডল আয়ুক্ত সৌম্য…
Read More
কৰ্দৈৰ উপকাৰী গুণৰ বিষয়ে জানেনে

কৰ্দৈৰ উপকাৰী গুণৰ বিষয়ে জানেনে

শাক-পাচলি তথা ফল-মূল আদি খালে ই শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। কিছুমান ফল আকৌ ঔষধৰ দৰে। শৰীৰত ঔষধৰ দৰে কাম কৰা এনে এবিধ বিশেষ ফল হৈছে অসমীয়াৰ বাৰীবোৰত সহজে উপলব্ধ কৰ্দৈ। বিশেষজ্ঞৰ মতে, এইবিধ ফল অতি পুষ্টিকৰ আৰু স্বাস্থ্যকৰ। ইয়াত থকা ভিটামিন, আঁহ আৰু খনিজ পদাৰ্থই শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰি সুস্থ হৈ থকাত সহায় কৰে।আয়ুৰ্বেদৰ মতে, কৰ্দৈয়ে প্ৰাকৃতিক শীতল পদাৰ্থ হিচাপে কাম কৰে। যিয়ে শৰীৰক ভিতৰৰ পৰা শীতলতা আৰু সতেজতা প্ৰদান কৰে। বৰ্তমান বৰষুণ আৰু আৰ্দ্ৰতাৰ বতৰ চলি আছে, এনে পৰিস্থিতিত কৰ্দৈ খোৱাটোয়ে শৰীৰক পানী যোগান ধৰে আৰু লঘু কৰি ৰাখে। ই আৰ্দ্ৰতা, আৰ্দ্ৰতাৰ ফলত হোৱা ভাগৰ…
Read More
গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী। খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰবেগী বাইকে খুন্দা মাৰে দুয়োকে।মহানগৰীৰ গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু-ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেল খনৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। দিছপুৰ দিশৰ পৰা আহি থকা তীব্ৰবেগী AS 01 DY 5061 নম্বৰৰ এভেঞ্জাৰ বাইক খনে তীব্ৰবেগেৰে আহি খুন্দা মাৰে।লগে লগে ঘটনাস্থলীত গীতানগৰ আৰক্ষী উপস্থিত হৈ আঘাতপ্ৰাপ্ত বাইক আৰোহী জনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালতলৈ প্ৰেৰণ কৰে।
Read More
এটা ব্যতিক্ৰম ভেলাঘৰ

এটা ব্যতিক্ৰম ভেলাঘৰ

ৰহাৰ বিশিষ্ট ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ একক প্ৰচেষ্টাত ৰহাৰ আমনিশালিত প্ৰাণ পাই উঠিছে এখন য়ট(পানী জাহাজ)। প্ৰতি বছৰে গাঁঠিৰ ধন ভাগি নৰা, বাঁহ আৰু খেৰেৰে ব্যতিক্ৰমী চিন্তাধাৰাৰে সমাজলৈ এক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্য নিৰ্মাণ কৰি আহিছে ভিন্নৰূপী ভেলাঘৰ। উল্লেখ্য ২০১১ চনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে ধাৰাবাহিকভাৱে নিৰ্মাণ কৰি আহিছে ভেলাঘৰ। এই বৰ্ষটো শিল্পী গৰাকীয়ে নৰা,খেৰ,বাঁহেৰে নিৰ্মাণ কৰিছে ব্যতিক্ৰমধৰ্মী ভেলাঘৰ। শিল্পী ভগৱান সেনাপতিয়ে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই প্ৰায় ৮০ ফুট দৈৰ্ঘৰ আৰু ৪০ ফুট উচ্চতাৰে নৰা,খেৰ,বাঁহেৰে নিৰ্মাণ কৰিছে এখন য়ট((পানী জাহাজ)।ছিংগাপুৰত যিখন য়টত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সাগৰলৈ নিছিল । শিল্পী গৰাকীৰ ভাষ্য অনুসৰি এই অভিশপ্ত য়ট…
Read More
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা

বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা।বটদ্ৰৱাৰ নৱ-নিৰ্মিত পৱিত্ৰ স্থানত যুৱতীৰ অশ্লীল নৃত্য প্ৰদৰ্শন।হিন্দী গানৰ তালে তালে নাচি ৰীলছ বনালে এগৰাকী যুৱতীয়ে।ইয়াছমিনা বেগম নামৰ যুৱতীৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৰ্বত্ৰ।
Read More
গঠন হ’ল ‘জুবিন গাৰ্গ ন্যাস’

গঠন হ’ল ‘জুবিন গাৰ্গ ন্যাস’

জুবিন গাৰ্গক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰথমটো খোজ । গঠন হ'ল 'জুবিন গাৰ্গ ন্যাস' । এই পৰিকল্পনাৰ প্রথম পদক্ষেপ হিচাপে জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘূলিৰ বাসগৃহতো ন্যাসৰ নামত আগবঢ়াই দিয়া হ'ব । এই কথা শুকুৰবাৰে কাহিলিপাৰাস্থিত বাসগৃহত সংবাদমেলযোগে সদৰি কৰে পত্নী গৰিমা শইকীয়া গাৰ্গে । জুবিন পত্নীয়ে সংবাদমেলখন সম্বোধন কৰি কয়, ‘‘সমাজ, সংস্কৃতি, প্রকৃতি তথা নতুন প্রজন্মৰ কল্যাণৰ বাবে জুবিন গার্গে অলেখ সপোন দেখিছিল আৰু সেইবোৰৰ হকে নিৰন্তৰ কাম কৰি গৈছিল । তেওঁৰ এই চেতনাক সাৰোগত কৰি, ৰাইজৰ সহায়-সহযোগিতা আৰু অভিভাৱকত্বৰ কামনাৰে জুবিন গাৰ্গৰ নামত এটি ন্যাস গঠন কৰিবলৈ আগবাঢ়িছোঁ । পৰিয়াল, আত্মীয় স্বজন আৰু অগ্রজ-অনুজ ভাতৃ-বন্ধুৰ সহায়-সহযোগিতা তথা দিহা-পৰামর্শৰে আমি…
Read More
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মৃ*ত্যু

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ মৃ*ত্যু

আজি পুৱা বাংলাদেশে লাভ কৰে এক দুখবৰ। দেশখনৰ ৰাজনৈতিক ইতিহাসৰ এগৰাকী অন্যতম শক্তিশালী নেত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ (BNP) নেত্ৰী বেগম খালেদা জিয়াৰ আজি দেহাৱসান ঘটিছে। দীৰ্ঘদিন ধৰি গুৰুতৰ অসুস্থতাৰ সৈতে যুঁজ দিয়াৰ অন্তত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ।শেহতীয়া কেইটামান বছৰত খালেদা জিয়া সোমাই পৰিছিল বিতৰ্কত। দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈ তেওঁ ২০১৮ চনৰ পৰা কাৰাবাস খাটিবলগীয়া হৈছিল। অৱশ্যে, স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে পিছলৈ চৰকাৰৰ বিশেষ নিৰ্দেশত কাৰাগাৰৰ পৰা মুকলি কৰি তেওঁক গৃহ বন্দী কৰি ৰখা হৈছিল।
Read More
ৰাজ্যত নামিছে হঠাৎ নামিছে প্ৰচণ্ড শীত

ৰাজ্যত নামিছে হঠাৎ নামিছে প্ৰচণ্ড শীত

কুঁৱলীৰ বাবে ৰাজ্যত নামিছে হঠাৎ নামিছে প্ৰচণ্ড শীত। আজি গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা ১২ ডিগ্ৰী ছেলচিয়াছৰ ৰ আশে-পাশে থকা সম্ভাৱনা আছে। সৰ্বাধিক তাপমান ২৩° ছেলচিয়াছ হ’ব পাৰে।গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ঘন কুঁৱলীৰ আচ্ছাদন। নেদেখা হৈ পৰিছে বাট-পথ। যাৰ বাবে সংঘটিত হৈছে দুৰ্ঘটনা।ইফালে ঘন কুঁৱলীৰ বাবে ব্যাহত হৈ পৰিছে বিমান, ৰে’লৰ লগতে ফেৰী চলাচল।
Read More
পুনৰ উচ্ছেদ কৰিবলৈ সাজু চৰকাৰ

পুনৰ উচ্ছেদ কৰিবলৈ সাজু চৰকাৰ

কাৰ্বি আংলঙৰ সংৰক্ষিত চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এক বৃহৎ ঘোষণা কৰিছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম বংহাঙে জনোৱা অনুসৰি, জিলাখনৰ পি জি আৰ আৰু ভি জি আৰ ভূমিত থকা অবৈধ দখলকাৰীসকলৰ বিৰুদ্ধে আজিৰে পৰা উচ্ছেদৰ জাননী জাৰি কৰা হ’ব।এই জাননী লাভ কৰাৰ ১৫ দিনৰ ভিতৰত স্বেচ্ছাই ভূমি খালী নকৰাসকলৰ বিৰুদ্ধে পৰিষদে কঠোৰ উচ্ছেদ অভিযান চলাব। যোৱা ২৬ ডিচেম্বৰত ৰাজ্য চৰকাৰ, পৰিষদ আৰু স্থানীয় আন্দোলনকাৰীৰ মাজত অনুষ্ঠিত হোৱা এক ত্ৰিপাক্ষিক বৈঠকৰ পাছতে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Read More