Dipshikha

3401 Posts
ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ

ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ

ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ নিৰ্ধাৰিত মেচ খেলাৰ সিদ্ধান্ত লৈছে পাকিস্তানে৷ পাকিস্তান চৰকাৰে নিজৰ দলটোক অহা ১৫ ফেব্ৰুৱাৰীত কলম্বোত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ খেলখন খেলিবলৈ কয় ৷পাকিস্তান চৰকাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয়, “বিভিন্ন দেশৰ সৈতে হোৱা আলোচনাৰ ফলাফল আৰু বন্ধুত্বপূৰ্ণ দেশৰ অনুৰোধত পাকিস্তান চৰকাৰে পাকিস্তান ৰাষ্ট্ৰীয় ক্ৰিকেট দলক ২০২৬ চনৰ ১৫ ফেব্ৰুৱাৰীত, আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ নিৰ্ধাৰিত মেচৰ বাবে খেলপথাৰত নামিবলৈ নিৰ্দেশ দিছে ৷”
Read More
আজিৰে পৰা আৰম্ভ মেট্ৰিক পৰীক্ষা

আজিৰে পৰা আৰম্ভ মেট্ৰিক পৰীক্ষা

আজিৰে(মঙলবাৰ)ৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা । ১০ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা মেট্ৰিক পৰীক্ষা ২৭ ফেব্ৰুৱাৰীত সমাপ্ত হ'ব । ৰাজ্যৰ মুঠ ১,০৪৬ টা পৰীক্ষা কেন্দ্রত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মুঠ ৪,৩৮,৫৬৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । ইয়াৰ ভিতৰত ১,৯০,২৪৩ জন ছাত্ৰ আৰু ২,৪৮,৩২২ গৰাকী ছাত্ৰী ৷এই তথ্য সদৰী কৰিছে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে । পৰীক্ষা সমাপ্ত হোৱাৰ পিছতে মুঠ ৪৫ টা পৰীক্ষাৰ মূল্যায়ন মণ্ডলত উত্তৰবহীসমূহ মূল্যায়ন কৰা হ'ব । আনহাতে, ১১ ফেব্ৰুৱাৰী পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ।
Read More
নলবাৰীত একেলগে পাঁচ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিলে নাগাৰা নাম

নলবাৰীত একেলগে পাঁচ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিলে নাগাৰা নাম

একেলগে পাঁচ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিলে নাগাৰা নাম । অসমৰ পৰম্পৰাগত লোক পৰিৱেশ্য কলা তথা নামনি অসমৰ অন্যতম লোক-সংস্কৃতি নাগাৰা নামেৰে ৰজনজনালে নলবাৰীৰ পবিত্ৰ হৰি মন্দিৰৰ বাকৰি । সোমবাৰে সন্ধিয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পাঁচ হাজাৰ শিল্পীয়ে সমূহীয়াভাবে নাগাৰা আৰু তাল বজাই ৰজনজনাই তোলে হৰিমন্দিৰ বাকৰি ।ভক্তিমূলক গীত,পদ আৰু কাহিনী পৰিবেশন কৰি এক আধ্যাত্মিক পৰিবেশ সৃষ্টি কৰিলে পাঁচ হাজাৰ শিল্পীয়ে । উল্লেখ্য় যে জিলাখনৰ নাগাৰা সূৰ্য প্ৰয়াত ৰামচৰণ ভৰালীৰ দল, কৈলাশ তালুকদাৰ, বৈজয়ন্তী তালুকদাৰ আদিৰ লগতে প্ৰায় ৩০০ টা নাগাৰা নাম দলৰ পাঁচহাজাৰ শিল্পীয়ে এই নাগাৰা নাম পৰিবেশন কৰে ।
Read More
এই সামগ্ৰীয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে

এই সামগ্ৰীয়ে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে

জবাৰ চাহে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ, ওজন হ্ৰাস, আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে। ই ভিটামিন C আৰু এণ্টিঅক্সিডেন্টেৰে চহকী, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, চুলি সৰা কমায়, শালমইনা দূৰ কৰে আৰু ছালৰ উজ্বলতা বৃদ্ধি কৰাত সহায় কৰে।জবা ফুলৰ প্ৰধান উপকাৰিতাসমূহ:চুলৰ যত্ন: জবা ফুল আৰু পাতত থকা উপাদানসমূহে চুলিৰ ঘনত্ব বঢ়ায়, অকাল পক11ন ৰোধ কৰে আৰু খুচকি দূৰ কৰে।ছালৰ সৌন্দৰ্য: ই ছালৰ মৃত কোষ আঁতৰাই, প্ৰাকৃতিকভাৱে এক্সফোলিয়েট কৰে আৰু উজ্জ্বলতা বঢ়ায়, যি প্ৰদাহ বা ক্ষত নিৰাময়তো সহায় কৰে।উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ: জবাৰ চাহে ৰক্তবাহী নলীসমূহ শিথিল কৰি উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।ওজন হ্ৰাস: ইয়াত থকা উপাদানে শৰীৰৰ চৰ্বি হ্ৰাস কৰাত…
Read More
অসমৰ ৰাজনীতি গৰম হৈ পৰিছে

অসমৰ ৰাজনীতি গৰম হৈ পৰিছে

নিৰ্বাচন চমু চাপি অহাৰ লগে লগে অসমৰ ৰাজনীতি গৰম হৈ পৰিছে । অভিযোগ-প্ৰতিঅভিযোগৰ ৰাজনীতিয়ে সম্প্ৰতি অসমক উত্তাল কৰি ৰাখিছে ।মঙলদৈ : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্যও ৰাজহুৱা কৰিছে । কিন্তু মুখ্যমন্ত্ৰী তথা বিজেপিৰ এই স্থিতিৰ মাজতো গৌৰৱ গগৈয়ে কংগ্ৰেছৰ 'সময় পৰিৱৰ্তনৰ' যাত্ৰা অব্যাহত ৰাখিছে ।গৌৰৱ গগৈয়ে ক'লে, "মুখ্যমন্ত্ৰীৰ সংবাদমেল একেখিনি কথা তেওঁ ১০ ছেপ্টেম্বৰৰ আগতেও কৈ আছিল । ১০ ছেপ্টেম্বৰত তেওঁ তেওঁ ৰিপ'ৰ্ট মুকলি নকৰিলে । ৬ মাহ শুই থাকিলে কিয় ? যদি ইমানে গুৰুত্বপূৰ্ণ অভিযোগ ।…
Read More
আৰৱ সাগৰত অভিলেখ ৰচি গৃহ ভূমিত ৩ অসমকন্যা

আৰৱ সাগৰত অভিলেখ ৰচি গৃহ ভূমিত ৩ অসমকন্যা

আৰৱ সাগৰ সাঁতুৰি গৃহভূমিত ৩ অসমকন্যা । শেহতীয়াকৈ মুম্বাইত বাহৰ পাতি অসমৰ ৩ সাঁতোৰবিদে অভিলেখ সৃষ্টি কৰিছে । তেওঁলোক হৈছে কিউচেংহান ফুকন, কংকিতা দাস আৰু গৰিয়সী চুতীয়া ।ইয়াৰে ৭ বছৰীয়া কিউচেংহান ফুকনে মাত্ৰ ৩ ঘণ্টা ২৯ মিনিটতে এলিফেণ্টা দ্বীপৰ পৰা মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়ালৈকে সাঁতুৰি সকলোকে আচৰিত কৰি তুলিছিল । ইয়াৰ দ্বাৰা আৰৱ সাগৰ সাঁতুৰি বিশ্বৰ আটাইতকৈ কনিষ্ঠ সাঁতোৰবিদ হিচাপেও পৰিগণিত হৈছে কিউচেংহান ফুকন ।
Read More
এবিধ উপকাৰী খাদ্য

এবিধ উপকাৰী খাদ্য

মাটিমাহ (Black Gram) প্ৰটিন আৰু পুষ্টিৰে ভৰপূৰ এক অতিকৈ উপকাৰী দাইল, যি শৰীৰত কম খৰচতে প্ৰয়োজনীয় প্ৰ'টিনৰ যোগান ধৰে। ইয়াৰ উপকাৰিতাৰ ভিতৰত- ছালৰ উজ্জ্বলতা বৃদ্ধি কৰা, চালৰ ৰোগ নিৰাময় কৰা, ভিটামিন-বি প্ৰদান কৰা, আৰু Facebook-ৰ এই প্ৰবন্ধটো অনুসৰি স্বাস্থ্য তথা চালৰ বাবে ই অতি উপকাৰী।মাটিমাহৰ প্ৰধান উপকাৰিতাসমূহ তলত দিয়া হ’ল:উচ্চ প্ৰ'টিনৰ উৎস: ইয়াক "দুখীয়াৰ মাংস" বুলিও কোৱা হয়, কাৰণ ই শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰ'টিন যোগান ধৰে।ছালৰ যতনত: মাটিমাহৰ পানীৰে গা ধুলে বা ইয়াৰ পেষ্ট ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় আৰু ছালৰ বিভিন্ন ৰোগ ভাল হয়।ভিটামিন বি: ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন বি থাকে, যি স্বাস্থ্যৰ বাবে উপযোগী।পৌষ্টিক গুণ: মাটিমাহ এবিধ…
Read More
পুৱাই দিল্লীবাসীয়ে পালে এটা দুঃসংবাদ !

পুৱাই দিল্লীবাসীয়ে পালে এটা দুঃসংবাদ !

পুৱাই দিল্লীবাসীয়ে পালে এটা দুঃসংবাদ ! বোমাৰে উৰুৱাই দিব ৰাজধানীখনৰ আশে- পাশে থকা ৯খন বিদ্যালয়। সোমবাৰে পুৱা ৮-৩৩ বজাত দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে লাভ কৰিছিল এই ভাবুকি ভৰা সংবাদ। ইয়াৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ টেণ্ডাৰ আৰু বোমা স্কোয়াডক ততাতৈয়াকৈ স্থানসমূহলৈ প্ৰেৰণ কৰে প্ৰশাসনে।
Read More
মৃতকৰ সংখ্যা বৃদ্ধি

মৃতকৰ সংখ্যা বৃদ্ধি

যোৱা বৃহস্পতিবাৰে মেঘালয়ৰ ছুতংগাত অবৈধ কয়লা খনিত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ ফলত নিহত লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পাইছে ৷ আনহাতে, অবৈধ কয়লা খনন আৰু খনিটোৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে । ছুতংগাত অবৈধ কয়লা খনিটোত বৃহস্পতিবাৰে পুৱা সংঘটিত দুৰ্ঘটনাটোৰ বিষয়ে শুকুৰবাৰে নিশা পূব জয়ন্তীয়া হিলছৰ আৰক্ষী অধীক্ষক আই পি এছ বিকাশ কুমাৰে জনায় যে এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ঘটা লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি হৈছে ৷উল্লেখ্য যে এতিয়াও উদ্ধাৰ অভিযান শেষ হোৱা নাই ৷ শনিবাৰেও অব্যাহত থকা এই অভিযানত মৃত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ কিয়নো আৰক্ষীয়ে ৰেট হ'ল মাইনিঙৰ জৰিয়তে চলাই থকা…
Read More
পুনৰ ইতিহাস ৰছিলে ভাৰতে

পুনৰ ইতিহাস ৰছিলে ভাৰতে

২০২৬ চনৰ ১৯ ​​বছৰ অনুৰ্ধ বিশ্বকাপত জয়লাভ কৰিছে ভাৰতে ৷ শুকুৰবাৰে অনুষ্ঠিত ফাইনেল মেচত ভাৰতে ইংলেণ্ডক ১০০ ৰাণত পৰাস্ত কৰে । ভাৰতৰ ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ এয়া ষষ্ঠটো খিতাপ । বৈভৱ সূৰ্যবংশীৰ ১৭৫ ৰাণ আৰু শক্তিশালী বলিং প্ৰদৰ্শনে ভাৰতক ঐতিহাসিক বিজয় প্ৰদান কৰে ৷ ইংলেণ্ডে ৪০.২ অভাৰত আটাইকেইটা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰিছিল ৩১১ ৰাণ ৷
Read More