Dipshikha

3401 Posts
আনাৰসৰ প্ৰধান স্বাস্থ্য উপকাৰিতা সমূহ

আনাৰসৰ প্ৰধান স্বাস্থ্য উপকাৰিতা সমূহ

আনাৰস (Pineapple) ভিটামিন চি, এনজাইম আৰু এণ্টিঅক্সিডেন্টৰে ভৰপূৰ এক সুস্বাদু আৰু স্বাস্থ্যসন্মত গ্ৰীষ্মকালীন ফল। ই পাচনতন্ত্ৰ সুস্থ ৰখা, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, চৰ্দি-কাহ নিৰাময়, হাড় মজবুত কৰা, আৰু ছাল উজ্জ্বল কৰাত বিশেষভাৱে উপকাৰী। আনাৰসত থকা 'ব্ৰোমেলেন' (Bromelain) নামৰ উপাদানটোৱে প্ৰ'টিন হজম কৰাত সহায় কৰে।আনাৰসৰ প্ৰধান স্বাস্থ্য উপকাৰিতা সমূহ:পাচনতন্ত্ৰ উন্নত কৰা: আনাৰসত থকা ব্ৰোমেলেন এনজাইমে প্ৰ'টিন হজম কৰাত আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: উচ্চ পৰিমাণৰ ভিটামিন চি থকাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।চৰ্দি-কাহ আৰু স্কাৰ্ভি ৰোগ নিৰাময়: চৰ্দি-কাহ আৰু ভিটামিন চি-ৰ অভাৱত হোৱা স্কাৰ্ভি ৰোগৰ বাবে আনাৰসৰ ৰস খুবেই উপকাৰী।হাড়ৰ বাবে উপকাৰী: ইয়াৰ ম্যাংগানিজ…
Read More
ইতিহাস ৰছিলে ভাৰতে

ইতিহাস ৰছিলে ভাৰতে

এৰন জৰ্জৰ শতক আৰু অধিনায়ক আয়ুষ মাত্ৰে আৰু বৈভৱ সূৰ্যবংশীৰ অৰ্ধশতকৰ বাবেই ভাৰতৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট দলটোৱে মাত্ৰ ৪২ অভাৰতে ৩১১ ৰাণৰ লক্ষ্যত সহজে উপনীত হ’বলৈ সক্ষম হয় । এই জয়েৰে ভাৰতে দশমবাৰৰ বাবে প্ৰতিযোগিতাখনৰ ফাইনেলত স্থান নিশ্চিত কৰি ইতিহাস ৰচনা কৰে । ভাৰতীয় যুৱ দলটোৱে এইপৰ্যন্ত ৫ বাৰকৈ ট্ৰফী অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷প্ৰথমখন ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক ২৭ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰা ইংলেণ্ডৰ বিৰুদ্ধে এতিয়া ভাৰতে ফাইনেলত মুখামুখি হ’ব । ৬ ফেব্ৰুৱাৰী শুকুৰবাৰে হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাৰ ফাইনেল মেচখন ।
Read More
অসমত আৰম্ভ হৈছে হাইটেক চাইবাৰ যুদ্ধ

অসমত আৰম্ভ হৈছে হাইটেক চাইবাৰ যুদ্ধ

২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ ভোটযুদ্ধৰ পূৰ্বে অসমত আৰম্ভ হৈছে হাইটেক চাইবাৰ যুদ্ধ । অসমৰ ১২,০০০ ৰো অধিক বিঘা মাটি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ দখলত বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছত মুকলি কৰা হৈছিল কংগ্ৰেছৰ ৱেবছাইট ৷ পিছে মুকলিৰ মাথোঁ এঘণ্টাৰ ভিতৰতে হেকাৰৰ কবলত পৰিল কংগ্ৰেছৰ ৱেবছাইটটো ।বুধবাৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি আৰু ভূমি কেলেংকাৰীৰ তথ্যৰে মুকলি কৰা হৈছিল এটা ৱেবছাইট । কিন্তু মুকলিৰ পাছতে হেক হ'ল কংগ্ৰেছৰ ৱেৱছাইট whoishbs.com নামেৰে মুকলি কৰা ৱেবছাইটটো । অৱশ্যে অলপ সময়ৰ ভিতৰতে কংগ্ৰেছে হোমপেজত ওলোৱা - Better Luck Next Time Paijaan… বাক্যশাৰী মোহাৰি হেকাৰৰ নিয়ন্ত্ৰণ প্ৰতিৰোধ…
Read More
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ জীয়াৰী

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ জীয়াৰী

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ জীয়াৰী। এলিফেণ্টা আইলেণ্ডৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰি বিশ্ব অভিলেখ গঢ়িলে অসমৰ কন্যাই। কিউচেংঘান ফুকনে মাত্ৰ ৩ ঘণ্টা ২৯ মিনিটত প্ৰায় ১৩ কিলোমিটাৰ দীঘল এই কঠিন সাঁতোৰ সম্পূৰ্ণ কৰি বিশ্বৰ কনিষ্ঠতম সাঁতোৰবিদ হিচাপে নতুন ৰেকৰ্ড স্থাপন কৰিছে।
Read More
অভিজিৎ নাথ আৰু নীলোৎপল দাস হত্যাকাণ্ডৰ কথা মনত আছেনে

অভিজিৎ নাথ আৰু নীলোৎপল দাস হত্যাকাণ্ডৰ কথা মনত আছেনে

ৰাজ্য কঁপাই যোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাস হত্যাকাণ্ডৰ গোচৰটো এতিয়া অন্তিম পৰ্যায়ত উপনীত হৈছে। আজিৰে পৰা ৬ আৰু ৭ ফেব্ৰুৱাৰীলৈ নগাঁৱৰ ছেছন আদালতত গোচৰটোৰ অন্তিম শুনানি অনুষ্ঠিত হ’ব।উল্লেখযোগ্য যে, শুনানিৰ অন্তত আদালতে গোচৰটোৰ ৰায় প্ৰদান কৰাৰ সম্ভাৱনা আছে। ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙত সংঘটিত হোৱা এই নৃশংস ঘটনাত দুয়ো যুৱক গণ নিগ্ৰহৰ বলি হ’বলগীয়া হৈছিল। এই ঘটনাই সেই সময়ত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।
Read More
স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী

স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী

স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শপত ল'ব প্ৰয়াত অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰে। এন চি পি দলৰ বিধায়িনী।উল্লেখ কৰা প্ৰয়োজন যে, বিমান দুৰ্ঘটনাত অজিত পাৱাৰ মৃত্যু হোৱাৰ পাছতে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁৰ পত্নীয়ে গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ লৈছিল এন চি পিয়ে। বাৰামতীত অনুষ্ঠিত হৈছিল বিধায়িনী দলৰ বৈঠক। এই বৈঠকত এন চি পি দলৰ শীৰ্ষ নেতৃত্ব উপস্থিত আছিল।
Read More
বেংগালুৰুৰ এটা ভাৰাঘৰৰ বন্ধ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে অসমৰ ৪ জনকৈ যুৱকৰ মৃতদেহ

বেংগালুৰুৰ এটা ভাৰাঘৰৰ বন্ধ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে অসমৰ ৪ জনকৈ যুৱকৰ মৃতদেহ

বেংগালুৰুৰ এটা ভাৰাঘৰৰ বন্ধ কোঠাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে অসমৰ ৪ জনকৈ যুৱকৰ মৃতদেহ । বেংগালুৰু চুলিবেলে আৰক্ষী থানাৰ অধীনস্থ মুটছান্দ্ৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷ নিশা শুই থকা অৱস্থাত সন্দেহজনক পৰিস্থিতিত মৃত্যু হয় অসমৰ এই চাৰি যুৱ শ্ৰমিকৰ ।নিহত শ্ৰমিককেইজনক জয়ন্ত চিন্তে (২৫), নৰেন্দ্ৰনাথ টাইড (২৪), ডক্টৰ টাইড (২৫) আৰু ধনঞ্জয় টাইড (২০) বুলি চিনাক্ত কৰা হৈছে ৷ শুকুৰবাৰে দিনত কাম শেষ কৰি নিশা ঘৰলৈ আহি আটাইকেইজন শুই পৰে । ইয়াৰ পাছত পুৱা ঘৰৰ ভিতৰত শুই থকা সময়ত মৃত অৱস্থাত উদ্ধাৰ হয় যুৱককেইজন । চুলিবেলে আৰক্ষীয়ে নিশ্চিত কৰে এই তথ্য ৷শ্ৰমিককেইজনৰ মৃত্যুৰ সঠিক কাৰণ বৰ্তমান জানিব পৰা হোৱা…
Read More
আজি পৱিত্ৰ মে-ডাম-মে-ফী

আজি পৱিত্ৰ মে-ডাম-মে-ফী

টাই আহোম ধৰ্মাৱলম্বী লোকসকলৰ আজি পৱিত্ৰ মে-ডাম-মে-ফী । পূৰ্বপুৰুষক স্মৰণ কৰিবৰ কাৰণে আৰু দেশ-জাতিৰ মংগলৰ কাৰণে আজিৰ দিনটোতে মে-ডাম-মে-ফী অৰ্থাৎ উপৰিপুৰুষক স্মৰণ কৰা হয় ।মে-ডাম-মে-ফী ধর্মীয় অনুষ্ঠানতে চাওফী (পূৰ্বপুৰুষসকল) আৰু 'ডাম চাও-ফী'সকলক পূজা কৰা হয় । টাই পণ্ডিতে দহখনকৈ মেহেঙা পাতি ধূপ-দীপ-নৈৱদ্য, বৰা চাউল, কুকুৰা, কুকুৰা কণী, লোকলাওকে ধৰি অন্যান্য নৈবদ্য অৰ্পণ কৰি দহজনকৈ দেৱতাক পূজা আগবঢ়ায় । এই দহজন দেৱতা হ'ল খাও খাম, আই লেংদিন, জা চিং ফা, জান-চাই-হাং, লেংদন, চিট-লাম-চাম, মুট-কাম টাই-কুম, ডাম চাও ফী, ৰা-খিন, বা-খিন।
Read More
পুনৰ এখন বিমানে লাভ কৰিছে বোমা তথা হাইজেকৰ ভাবুকি

পুনৰ এখন বিমানে লাভ কৰিছে বোমা তথা হাইজেকৰ ভাবুকি

পুনৰ এখন বিমানে লাভ কৰিছে বোমা তথা হাইজেকৰ ভাবুকি। কুৱেইটৰ পৰা দিল্লীলৈ আহি থকা ইণ্ডিগ’ৰ এখন বিমানত বোমাৰ ভাবুকি লাভ কৰাৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বিমানখনত বোমা থকাৰ ভাবুকি পোৱাৰ লগে লগে আহমেদাবাদলৈ ডাইভাৰ্ট কৰি জৰুৰীকালীন অৱতৰণ (Emergency Landing) কৰোৱা হয়। লক্ষণীয়ভাৱে এই ভাবুকি এখন টিছু পেপাৰত লিখা এটা নোটৰ জৰিয়তে পোৱা গৈছিল। এই নোটত বিমানখন হাইজেক কৰি বোমাৰে উৰুৱাই দিয়া হ’ব বুলি ভাবুকি দিয়া হয়।
Read More
স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী

স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী

স্বামীৰ দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে পত্নী। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শনিবাৰে শপত ল'ব প্ৰয়াত অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰে। এন চি পি দলৰ বিধায়িনী।উল্লেখ কৰা প্ৰয়োজন যে, বিমান দুৰ্ঘটনাত অজিত পাৱাৰ মৃত্যু হোৱাৰ পাছতে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীৰ দায়িত্ব তেওঁৰ পত্নীয়ে গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ লৈছিল এন চি পিয়ে। বাৰামতীত অনুষ্ঠিত হৈছিল বিধায়িনী দলৰ বৈঠক। এই বৈঠকত এন চি পি দলৰ শীৰ্ষ নেতৃত্ব উপস্থিত আছিল।
Read More