Dipshikha

3401 Posts
নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগ

নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগ

নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগ । এইবাৰ যোৰহাটত মুখ্যমন্ত্ৰীৰ আন এক বিস্ফোৰণ ।গৌৰৱ গগৈৰ পাকিস্তান লিংক থকা কথা ফেব্ৰুৱাৰীত ৰাজহুৱা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৈ থাকিলে গৌৰৱ গগৈয়ে ভয় নকৰো বুলি কোৱা কথাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "গৌৰৱ গগৈ ভয় কৰা মানুহ নহয় । সেইটো ভাল কথা । আমাৰো কাকো ভয় খুওৱাৰ উদ্দেশ্য নাই, কিন্তু যি সঁচা হয় সেয়াই সঁচা হ'ব আৰু যি মিছা সেয়া মিছা হ'ব । মই কৈছোঁ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয় আৰু তেওঁ পত্নীও পাকিস্তানী । যদি তেওঁৰ সাহস আছে মোৰ ওপৰত কেচ কৰক ।"
Read More
দেশজুৰি চৰ্চাত বিৰাট কোহলী

দেশজুৰি চৰ্চাত বিৰাট কোহলী

শুকুৰবাৰে পুৱা ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্টটো হঠাতে নোহোৱা হৈ যোৱাত ছচিয়েল মিডিয়াত ব্যাপক আলোড়নৰ সৃষ্টি হয়। অৱশ্যে খন্তেক সময়ৰ পূৰ্বে ২৭৪ মিলিয়নতকৈ অধিক ফ’ল’ৱাৰ থকা কোহলীৰ একাউণ্টটো পুনৰ সক্ৰিয় হয়। প্ৰিয় ক্ৰিকেটাৰগৰাকীৰ একাউণ্টটো প্ৰায় ৮ ঘণ্টা ধৰি নিষ্ক্ৰিয় গৈ থকাক লৈ অনুৰাগীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে, বৃহস্পতিবাৰে মাজনিশা বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম একাউণ্টটো হঠাতে সেৱা বন্ধ হৈ যায়। এই সময়ছোৱাত একাউণ্টটো চাৰ্চ কৰোঁতে ব্যৱহাৰকাৰীসকলে “প্ৰফাইল উপলব্ধ নহয়” অথবা “ব্যৱহাৰকাৰী পোৱা নগ’ল” বুলি বাৰ্তা লাভ কৰিছিল।এই অনাকাংক্ষিত ঘটনাই কোহলীৰ অনুৰাগীসকলৰ মাজত তীব্ৰ উৎকণ্ঠাৰ সৃষ্টি কৰে। সামাজিক মাধ্যমত বহুতে একাউণ্টটো নিষ্ক্ৰিয় কৰা হৈছে নে ডিলিট কৰা হৈছে, নে…
Read More
এই শাকৰ উপকাৰী গুণৰ কথা জানিলে আচৰিত হব আপুনি

এই শাকৰ উপকাৰী গুণৰ কথা জানিলে আচৰিত হব আপুনি

মৰিচা শাক ভিটামিন A, C, কেলছিয়াম, আৰু প্ৰটিনেৰে ভৰপূৰ এক পুষ্টিকৰ থলুৱা শাক, যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, হজম শক্তি বঢ়ায়, চকুৰ বাবে উপকাৰী, ৰক্তহীনতা দূৰ কৰে, আৰু শৌচ স্বাভাৱিক কৰাত সহায় কৰে । ইয়াত থকা এণ্টিঅক্সিডেন্ট আৰু পুষ্টিগুণে হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ লগতে কৰ্কট ৰোগৰ পথ্য হিচাপেও কাম কৰে ।মৰিচা শাকৰ প্ৰধান উপকাৰিতা:পুষ্টিৰ উৎস: মৰিচা শাকত যথেষ্ট পৰিমাণে ভিটামিন A, C আৰু আৱশ্যকীয় খনিজ পদাৰ্থ থাকে, যি শৰীৰৰ বাবে অতি প্ৰয়োজনীয় ।হজম শক্তি বৃদ্ধি: এই শাক নিয়মীয়াকৈ খালে হজম শক্তি বৃদ্ধি পায় আৰু শৌচ স্বাভাৱিক হয় ।ৰক্তহীনতা দূৰ কৰা: ইয়াত থকা খনিজ পদাৰ্থই শৰীৰত তেজৰ মাত্ৰা বৃদ্ধি…
Read More
পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা

পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা।এইবাৰ কলম্বিয়াত সংঘটিত হৈছে এক বৃহৎ বিমান দুৰ্ঘটনা। ৰাজধানী বগোটাৰ বিষয়াসকলে জনোৱা মতে, বুধবাৰে ভেনিজুৱেলাৰ সীমান্তৰ সমীপৰ পাহাৰীয়া অঞ্চলত কলম্বিয়াৰ এজন সাংসদকে ধৰি ১৫ জন লোকক লৈ যোৱা এখন টুইন প্ৰপেলাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত নিহত হয় সকলো যাত্ৰী আৰু ক্ৰু মেম্বাৰ।
Read More
ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব মোদী

ফেব্ৰুৱাৰীত পুনৰ অসমলৈ আহিব মোদী

কেইবাটাও কাৰ্যসূচী হাতত লৈ ১৪ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী । ১৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ব্ৰহ্মপুত্রৰ ওপৰত নিৰ্মাণ কৰা ৬ লেনযুক্ত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু । একেদিনাই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব পলাশবাৰীত নিৰ্মাণ হ'বলগীয়া আই আই এমৰ অস্থায়ী কেম্পাছ ।
Read More
প্ৰচণ্ড শীতৰ বাবেই মৃত্যুক সাবটিছে ১৫ জন লোকে

প্ৰচণ্ড শীতৰ বাবেই মৃত্যুক সাবটিছে ১৫ জন লোকে

আমেৰিকাৰ কেইবাখনো ৰাজ্যত অহা শীতকালীন ধুমুহাৰ বাবে হ্ৰাস হৈছে তাপমাত্ৰা ৷ যাৰ ফলত অতিমাত্ৰা শীতৰ কবলত পৰিছে ৰাজ্যকেইখন ৷ প্ৰচণ্ড শীতৰ বাবেই মৃত্যুক সাবটিছে ১৫ জন লোকে ৷ এই খবৰ প্ৰকাশ কৰিছে চি এন এনে ৷দক্ষিণ আমেৰিকাত অহা এই ধুমুহাৰ ফলত বিশেষকৈ টেক্সাছ, লুইজিয়ানা, মিচিচিপি আৰু টেনেচিত প্ৰচণ্ড শীতৰ মাজত বহু অঞ্চল বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে ।সমগ্ৰ দেশতে পৰিছে এই ধুমুহাৰ প্ৰভাৱ ৷ সোমবাৰে আমেৰিকাৰ ৪৮ খন ৰাজ্যৰ ভিতৰত ৫৬ শতাংশতকৈ অধিক ৰাজ্যত বৰফ পৰে । নিউ মেক্সিকোৰ পৰা মেইনলৈকে কমেও ১৮ খন ৰাজ্যত এক ফুট বা তাতকৈ অধিক আকাৰৰ বৰফ পৰাৰ তথ্য পোৱা গৈছে ।
Read More
আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৃহস্পতিবাৰৰ নিশাটো ডিব্ৰুগড়তে কটাব গৃহমন্ত্ৰীগৰাকীয়ে। জানিব পৰা মতে নিশা ৯ বজাত বিশেষ বিমানযোগে ডিব্ৰুগড়ত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী। বৃহস্পতিবাৰে সন্ধিয়া অসমত উপস্থিত হৈ ডিব্ৰুগড়ত নিশাটো কটাব শ্বাহে। ডিব্ৰুগড়ৰ মনোহাৰী ৰিজ’ৰ্টত নৈশ যাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। ৩০ জানুৱাৰীত ডিব্ৰুগড়, ধেমাজি আৰু গুৱাহাটীত আছে গৃহমন্ত্ৰীৰ কাৰ্যসূচী।এই ভ্ৰমণকালত বহু কেইটা প্ৰকল্প উদ্বোধন কৰিব গৃহমন্ত্ৰী গৰাকীয়ে।
Read More
আজি বাথৌ পূজা

আজি বাথৌ পূজা

আজি বাথৌ পূজা। বাথৌ পূজা বড়ো জনগোষ্ঠীৰ এক পৱিত্ৰ আৰু পৰম্পৰাগত উৎসৱ। মাঘ মাহৰ দ্বিতীয় মঙলবাৰে বাথৌ পূজা পালন কৰা হয়। সাধাৰণতে বছৰত দুবাৰকৈ অনুষ্ঠিত হয় এই পূজা। বড়োসকলৰ অতি পুৰণি ধৰ্মটো হৈছে বাথৌ ধৰ্ম। বাথৌ বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা। তেওঁক আকাশ, পৰ্বতৰ দেৱতা আৰু জনগোষ্ঠীৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। বড়ো লোকসকলে যুগ যুগ ধৰি বাথৌক পূজা কৰি আহিছে।বড়ো সকলৰ ধৰ্মীয় অনুষ্ঠান বাথৌ পূজা। ‘বা’ মানে ‘পঞ্চ’ আৰু ‘থৌ’ মানে ‘ তত্ত্ব’। এই পঞ্চতত্ত্বত বিশ্বাসী বড়ো লোক সকলে পৰম্পৰাগত ভাবে প্ৰতিবছৰে পালন কৰি আহিছে বাথৌ পূজা। নিজৰ ইষ্ট দেৱতাক পূজা -অৰ্চনাৰে এইদৰে স্মৰণ কৰে পুৰুষ-মহিলা সকলোৱে। বড়ো সকলৰ ‘বাথৌ’…
Read More
ইৰাণত মৃত্যুৰ সংখ্যা বৃদ্ধি

ইৰাণত মৃত্যুৰ সংখ্যা বৃদ্ধি

ইৰাণে দেশজোৰা প্ৰতিবাদৰ বিৰুদ্ধে চলোৱা অভিযানত কমেও ৬,১২৬ জন লোকৰ মৃত্যু হৈছে আৰু বৰ্তমানেও আন বহুতৰে মৃত্যুৰ আশংকা কৰা হৈছে ৷ কিয়নো সংকটৰ প্ৰতি আমেৰিকাৰ যিকোনো সামৰিক সঁহাৰিৰ নেতৃত্ব দিবলৈ দেশখনৰ বিমানবাহী জাহাজৰ এটা গোট মধ্যপ্ৰাচ্যত উপস্থিত হৈছে । মঙলবাৰে কৰ্মীসকলে এই কথা জানিবলৈ দিয়ে ৷ইৰাণে বাৰে বাৰে সমগ্ৰ মধ্যপ্ৰাচ্যক যুদ্ধত চামিল কৰোৱাৰ ভাবুকি দিছে যদিও বিগত জুনত ইজৰাইলে দেশখনৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ পিছত ইয়াৰ বায়ু প্ৰতিৰক্ষা আৰু সামৰিক বাহিনী আজিও দুৰ্বল অৱস্থাত আছে ।নিহতসকলৰ ভিতৰত কমেও ৫,৭৭৭ জন প্ৰতিবাদকাৰী, ২১৪ জন চৰকাৰী নিৰাপত্তাৰক্ষী, ৮৬ টা শিশু আৰু ৪৯ জন সাধাৰণ নাগৰিক আছে, যি প্ৰতিবাদত জড়িত নাছিল । এই…
Read More
ভয়ংকৰ দুৰ্ঘটনা

ভয়ংকৰ দুৰ্ঘটনা

দক্ষিণ ফিলিপাইনছৰ উপকূলত সংঘটিত হয় এক ফেৰী দুৰ্ঘটনা। ৩৫০ জনতকৈ অধিক লোক কঢ়িয়াই অনা এখন ফেৰী ডুবি যোৱাৰ ফলত ১৮ জন লোকে মৃত্যুমুখত পৰিব লগা হয়। MV তৃষা কাৰষ্টিন-৩ নামৰ ফেৰীখনত সংঘটিত হয় এই অঘটন। ফেৰীখন এৰাৰ ৪ ঘণ্টা পাছত নিশা ১.৫০ বজাত মাজ সাগৰত ডুব যায় ফেৰীখন।
Read More