Dipshikha

3401 Posts
ইতিহাস ৰচিলে এগৰাকী ২৬ বছৰীয়া বিষয়াই

ইতিহাস ৰচিলে এগৰাকী ২৬ বছৰীয়া বিষয়াই

গণৰাজ্য দিৱসত নাৰী শক্তিৰ জয়গান। কৰ্তব্য পথত প্ৰতিফলন ভাৰতীয় নাৰীৰ শক্তি আৰু সামৰ্থ্য। কৰ্তব্য পথত সোমবাৰে ইতিহাস ৰচিলে এগৰাকী ২৬ বছৰীয়া বিষয়াই। প্ৰথমবাৰলৈ চিআৰপিএফৰ পুৰুষ দলক পেৰেডত নেতৃত্ৱ দিলে মহিলা বিষয়াই। ২৬ বছৰীয়া সহযোগী কমাণ্ডেণ্ট ছিমৰন বালাই নেতৃত্ৱ দিলে চিআৰপিএফৰ ১৪০ জনীয়া পুৰুষ দলটোক। ৭৭সংখ্যক গণৰাজ্য দিৱসত অনন্য কৃতিত্ৱৰ গৰাকী হ’ল ছিমৰন বালা। ভাৰতীয় সুৰক্ষা বাহিনীত নাৰী শক্তিৰ অগ্ৰগতি, সমানতা আৰু নেতৃত্ৱৰ পৰিচায়ক হৈ ৰ’ল ছিমৰন বালা।সীমান্তৰ গাঁৱৰ পৰা কৰ্তব্য পথলৈ। এক বৰ্ণিল যাত্ৰা ২৬ বছৰীয়া ছিমৰন বালাৰ। জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ সীমান্ত অঞ্চল নৌছেৰাত জন্মলাভ কৰিছিল ছিমৰনে।
Read More
আমেৰিকাত শীতৰ প্ৰবাহ

আমেৰিকাত শীতৰ প্ৰবাহ

তুষাৰপাত, পথৰ ওপৰত বৰফৰ ডাঠ তৰপ, শীতল বতাহৰ বাবে সমগ্ৰ আমেৰিকাত আতংক বিয়পি পৰিছে। ঠাণ্ডাৰ বাবে বাতিল কৰা হৈছে ১০ হাজাৰৰো অধিক বিমানৰ উৰণ। তদুপৰি বৰফৰ ধুমুহাই ১০ লাখ লোকক আন্ধাৰত থাকিবলৈ বাধ্য কৰাইছে। ধুমুহাৰ প্ৰভাৱ ইমানেই ভয়াৱহ যে ইয়াৰ ফলত লাখ লাখ আমেৰিকান লোকৰ জীৱনও নিথৰ হৈ পৰিছে। এক প্ৰতিবেদন অনুসৰি সমগ্ৰ আমেৰিকাত প্ৰায় ১০ লাখ লোক বিদ্যুৎ বিহীন হৈ আছে আৰু শীতকালীন ভয়াৱহ ধুমুহাই সমগ্ৰ দেশৰ পূব দুই তৃতীয়াংশ অঞ্চলত বিধ্বংসী ৰূপ ধাৰণ কৰাৰ ফলত ১০ হাজাৰতকৈ অধিক বিমান সেৱা বাতিল কৰা হৈছে।ধুমুহাক ঐতিহাসিক বুলি অভিহিত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ফেডাৰেল জৰুৰীকালীন দুৰ্যোগ ঘোষণাত অনুমোদন জনায়। কিয়নো…
Read More
অৰুণাচলত ভয়ংকৰ ঘটনা

অৰুণাচলত ভয়ংকৰ ঘটনা

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দুৰ্গম ৰাংলম (Ranglom) ত নিৰাপত্তা বাহিনী আৰু বিদ্ৰোহী সংগঠনৰ মাজত ভয়ানক সংঘৰ্ষ । বিদ্ৰোহী সংগঠন এন এছ চি এন-কে (ৱাই এ) আৰু আছাম ৰাইফলছৰ মাজত সংঘটিত হৈছে সংঘৰ্ষ ৷ প্ৰায় তিনি ঘণ্টা ধৰি দুই পক্ষৰ মাজত অব্যাহত আছে গুলীয়াগুলী । বৰ্তমানো চলি আছে এই সংঘৰ্ষ ৷জানিব পৰা মতে সোমবাৰে পুৱা ৰাংলম নামৰ ঠাইত অৱস্থিত অষ্টম আছাম ৰাইফলছৰ শিবিৰলৈ লক্ষ্য কৰি বিদ্ৰোহী সংগঠনটোৱে গুলীবৰ্ষণ কৰিছিল ৷ বিদ্ৰোহী সংগঠনটোৰ এই আক্ৰমণৰ প্ৰত্যুত্তৰত আছাম ৰাইফলছেও গুলীচালনা কৰে ৷ বৰ্তমানলৈ হতাহতৰ তথ্য জানিব পৰা হোৱা নাই ৷
Read More
গুটখা সেৱনকাৰীলৈ আহিল বেয়া খবৰ

গুটখা সেৱনকাৰীলৈ আহিল বেয়া খবৰ

গুটখা, খৈনী, বিড়ি, চিগাৰেট, পাণ মচলাকে ধৰি ধঁপাতজাতীয় সামগ্ৰীক লৈ বৃহৎ সিদ্ধান্ত লৈছে চৰকাৰে। ওড়িশা চৰকাৰে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনত গুটখা,পাণ মছলা আৰু ধঁপাত তথা নিকোটিনযুক্ত সকলো ধৰণৰ খাদ্য সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিছে। এই সিদ্ধান্ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ নিয়ম অনুসৰি লোৱা হৈছে । এই নিষেধাজ্ঞা সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে এক অধিসূচনা জাৰি কৰে।
Read More
এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড প্ৰায় ৯০ মিনিটৰ হ’ব

এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড প্ৰায় ৯০ মিনিটৰ হ’ব

এইবাৰৰ গণৰাজ্য দিৱসৰ পেৰেড প্ৰায় ৯০ মিনিটৰ হ’ব। ৰাইচিনা পাহাৰৰ পৰা আৰম্ভ হোৱা এই পেৰেড কৰ্তব্য পথেৰে লালকিল্লালৈ যাব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তিনিটা সশস্ত্ৰ বাহিনীৰ এই গণৰাজ্য দিৱসত “অপাৰেচন সেন্দূৰ”ৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ বিষয়বস্তু হ’ব “Operation Sindoor: Victory Through Jointness”। য’ত দেখা পাব ৰাষ্ট্ৰৰ বিকশিত সামৰিক মতবাদৰ এক আকৰ্ষণীয় আৰু শক্তিশালী চিত্ৰণ, যিয়ে নিখুঁততা, সংহতি আৰু নিজা শ্ৰেষ্ঠত্বৰ দিশত এক নিৰ্ণায়ক পৰিৱৰ্তন প্ৰতিফলিত কৰিব। ইয়াৰ লগতে ভাৰতৰ শক্তিশালী বাৰ্তাও প্ৰেৰণ কৰিব যে, নিৰ্ণায়ক, যৌথ আৰু স্ব-নিৰ্ভৰশীল সামৰিক শক্তিৰ যুগ আহি পৰিছে। এইবাৰৰ পেৰেডত কেইবাটাও বিশেষ বৈশিষ্ট্য থাকিব। ইউৰোপীয় সংঘ (ইউৰোপীয় ইউনিয়ন)ৰ…
Read More
গেৰুৱা বস্ত্ৰ পিন্ধি ৰাজনীতিত প্ৰৱেশ কৰিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাই

গেৰুৱা বস্ত্ৰ পিন্ধি ৰাজনীতিত প্ৰৱেশ কৰিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাই

গুৱাহাটীৰ বাজপেয়ী ভৱনত শনিবাৰে ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এক অনুষ্ঠানত যোগদান কৰিব শংকৰজ্যোতি বৰুৱাই ৷ ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সূত্ৰই নিশ্চিত কৰিছে এই তথ্য । গেৰুৱা বস্ত্ৰ পিন্ধি ৰাজনীতিত প্ৰৱেশ কৰিব প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাসহ ৭ জন আছু নেতাই । শনিবাৰে সন্ধিয়া দলেবলে বিজেপিত যোগদান কৰিব শংকৰজ্যোতিয়ে ৷ যোগদানৰ পূৰ্বে সংবাদ শিৰোনাম লাভ কৰিছে প্ৰাক্তন ছাত্ৰ নেতাজনে ৷ গুৱাহাটীৰ বাজপেয়ী ভৱনত শনিবাৰে ৬ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এক অনুষ্ঠানত যোগদান কৰিব শংকৰজ্যোতি বৰুৱাই ৷ ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সূত্ৰই নিশ্চিত কৰিছে এই তথ্য ।
Read More
দেশৰ প্ৰথমটো মেকুৰী সংগ্ৰহালয়ৰে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সংক্ষম হৈছে

দেশৰ প্ৰথমটো মেকুৰী সংগ্ৰহালয়ৰে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সংক্ষম হৈছে

সুন্দৰ মহল, চামুণ্ডী পাহাৰ আৰু বৃন্দাবন গাৰ্ডেন আদিৰ বাবে বিখ্যাত মহীশূৰৰ পৰ্যটন ক্ষেত্ৰত সংযোজিত হৈছে আন এক আকৰ্ষণীয় স্থান । দেশৰ প্ৰথমটো মেকুৰী সংগ্ৰহালয়ৰে পৰ্যটকক আকৰ্ষণ কৰিবলৈ সংক্ষম হৈছে মহীশূৰে । য'ত পৰ্যটকে ঘৰুৱা মেকুৰী আৰু মেকুৰীৰ জীৱন শৈলী ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰে ।বিশ্বত কুকুৰৰ দৰে মেকুৰীৰো ৫০ৰ পৰা ৬০ টা প্ৰজাতি আছে । বেছিভাগ লোকে এটা বা দুটা প্ৰজাতিৰ বিষয়েহে জানে, কিন্তু বহুত কম লোকে বাস্তৱতে সিহঁতৰ গুণ, জীৱনকাল আৰু চোৱাচিতা কৰাটো জৰুৰী বুলি ভাবে । এই সংগ্ৰহালয় সিহঁতৰ বিষয়ে জানিবলৈ আৰু মেকুৰীৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ বনোৱা হৈছে ।"
Read More
পুনৰ আত্মঘাতী বোমা বিস্ফোৰণ

পুনৰ আত্মঘাতী বোমা বিস্ফোৰণ

পাকিস্তানৰ অশান্ত খাইবাৰ পখতুনখোৱা প্ৰদেশত পুনৰ এক ভয়াবহ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এখন বিবাহ অনুষ্ঠানৰ আনন্দ-উল্লাস চলি থকাৰ মাজতে এজন আত্মঘাতী বোমাৰুৱে কৰা বিস্ফোৰণত ৫ জন লোক থিতাতে নিহত হোৱাৰ লগতে ১০ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয়। বিস্ফোৰণত আহত কেইবাজনো লোকৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। এগৰাকী শান্তি প্ৰতিষ্ঠাৰ চেষ্টা চলাই থকা ব্যক্তিৰ ঘৰত চলা এই বিস্ফোৰণে দেশখনৰ নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ পুনৰ উদঙাই দিছে। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ঘৰটোৰ এটা অংশৰ ছাদ সম্পূৰ্ণৰূপে খহি পৰে। যাৰ ফলত উদ্ধাৰ অভিযানত যথেষ্ট বাধাৰ সৃষ্টি হয় আৰু বহু লোক ধ্বংসস্তূপৰ তলত আৱদ্ধ হৈ পৰে।
Read More
গোৱাত নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱতিলে অসমীয়া যুৱতীয়ে

গোৱাত নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱতিলে অসমীয়া যুৱতীয়ে

গোৱাত নৃশংসতাৰ বলি হৈ মৃত্যুক সাৱতিলে অসমীয়া যুৱতীয়ে। জানিব পৰা মতে, ৰাছিয়াৰ এজন যুৱকে অতি নৃশংসভাৱে হত্যা কৰে আমগুৰিৰ এই যুৱতীগৰাকীক। কেৱল এগৰাকীকেই নহয়, মুঠ ৩ গৰাকী যুৱতীক হত্যা কৰে যুৱকজনে। ইতিমধ্যে অভিযুক্তই হত্যাৰ কথা স্বীকাৰ কৰিছে। এই কাণ্ডই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।প্ৰাথমিক অৱস্থাত পোহৰলৈ আহিছিল যে, যুৱতীগৰাকীৰ ড্ৰাগছ অভাৰডোজৰ ফলত মৃত্যু হৈছে। কিন্তু যুৱকজনে স্বীকাৰ কৰে, তেওঁ যুৱতীগৰাকীক ড্ৰাগছ দি হত্যা কৰে।
Read More
আৰক্ষীৰ জালত গণেশপাৰাৰ ডকাইতি কাণ্ডৰে জড়িত ৩ জন অভিযুক্ত

আৰক্ষীৰ জালত গণেশপাৰাৰ ডকাইতি কাণ্ডৰে জড়িত ৩ জন অভিযুক্ত

আৰক্ষীৰ জালত গণেশপাৰাৰ ডকাইতি কাণ্ডৰে জড়িত ৩ জন অভিযুক্ত। বৰপেটা জিলাৰ পৰা আটক কৰা হৈছে ৩ অভিযুক্তক। সোমবাৰে নিশা গণেশপাৰাত সংঘটিত হৈছিল শিহৰণকাৰী ডকাইতিৰ ঘটনা। ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত হৈছিল ডকাইতিৰ ঘটনা। নিশাৰ ভাগত সংঘটিত এই ডকাইতি কাণ্ডই সমগ্ৰ মহানগৰীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।গণেশপাৰাৰ স্নেহাশ্ৰয় নামৰ অট্টালিকাত সংঘটিত হৈছিল এই ঘটনা। ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গণেশপাৰাৰ ‘স্নেহাশ্ৰয়’ নামৰ এটা অট্টালিকাত ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত চাৰিজনীয়া এটা ডকাইতৰ দলে চিনেমাৰ কায়দাৰে চলাইছিল এই তাণ্ডৱ। দলটোৱে ঘৰটোত লুটপাত চলোৱাৰ লগতে পৰিয়ালটোৰ সদস্যৰ ওপৰতো ভয়ানক আক্ৰমণ চলায়।
Read More