Dipshikha

3401 Posts
APDCL গ্ৰাহকৰ বাবে বিশেষ খবৰ

APDCL গ্ৰাহকৰ বাবে বিশেষ খবৰ

APDCL গ্ৰাহকৰ বাবে বিশেষ খবৰ। ৩৬ ঘণ্টাৰ বাবে ব্যাহত থাকিব APDCLৰ অনলাইন সেৱা। ARMS, My Bijulee, Bijulee Bandhu পৰ্টেল বন্ধ থাকিব। ৩৬ ঘণ্টাৰ বাবে অস্থায়ী ভাৱে বন্ধ ৰাখিব এই সেৱা।কাৰিকৰী কিছু বিজুতিৰ বাবে এই সেৱা বন্ধ থাকিব।২৮ফেব্ৰুৱাৰীৰ পৰা ২মাৰ্চলৈকে বন্ধ থাকিব এ পি ডি এলৰ অনলাইন সেৱা।২৮ফেব্ৰুৱাৰীৰ নিশা ৯বজাৰ পৰা ২মাৰ্চৰ পুৱা ৯বজালৈকে বন্ধ থাকিব এই সেৱা।
Read More
মাছৰ উপকাৰী গুণৰ বিষয়ে জানেনে

মাছৰ উপকাৰী গুণৰ বিষয়ে জানেনে

মাছৰ উপকাৰিতা। মাছ অমেগা-৩ ফেটি এচিড, উচ্চমানৰ প্ৰ'টিন, ভিটামিন ডি, আৰু খনিজ পদাৰ্থৰ (আয়'ডিন, জিংক, ছেলেনিয়াম) এক সুষম উৎস, যি হৃদৰোগ প্ৰতিৰোধ, মগজুৰ বিকাশ আৰু চকুৰ দৃষ্টিশক্তি উন্নত কৰাত সহায় কৰে। নিয়মিত মাছ খোৱাৰ ফলত হাড় মজবুত হয়, ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে, আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে ।মাছৰ প্ৰধান উপকাৰিতা সমূহ:হৃদযন্ত্ৰৰ সুস্বাস্থ্য: মাছে অমেগা-৩ ফেটি এচিডৰ জৰিয়তে হৃদৰোগৰ সম্ভাৱনা কমায় আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ।মগজুৰ তীক্ষ্ণতা: ই মগজুৰ কার্যক্ষমতা বৃদ্ধি কৰে আৰু বয়সৰ লগত হোৱা মানসিক অৱনতি ৰোধ কৰে ।দৃষ্টিশক্তি উন্নত: মাছত থকা ওমেগা-৩ চকুৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী ।হাড় আৰু শৰীৰ মজবুত: মাছ ভিটামিন ডি আৰু কেলচিয়ামৰ চহকী উৎস,…
Read More
অসমবাসীৰ বাবে ভাল খবৰ

অসমবাসীৰ বাবে ভাল খবৰ

অহা ২২ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যক্ষম হ’ব গুৱাহাটী বিমানবন্দৰৰ ৪ হাজাৰ কোটি টকাৰ নতুন টাৰ্মিনেল ভৱন । শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা কয় । উল্লেখ্য যে যোৱা ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিছিল ।মাৰ্চ মাহৰ ভিতৰত নতুন টাৰ্মিনেলৰ পৰা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বিমান সেৱা চলাচল কৰাৰ সম্ভাৱনা আছে । আনহাতে, পুৰণি টাৰ্মিনেলটো কাৰ্গো হাবলৈ ৰূপান্তৰিত কৰা হ’ব বুলি বিমানবন্দৰৰ এজন বিষয়াই জনায় ।
Read More
অসম ভ্ৰমণলৈ আহি জুবিন বন্দনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

অসম ভ্ৰমণলৈ আহি জুবিন বন্দনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

অসম ভ্ৰমণলৈ আহি জুবিন বন্দনা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ । শুকুৰবাৰে কংগ্ৰেছ নেত্ৰীগৰাকী উপস্থিত হয় সোণাপুৰস্থিত জুবিন গাৰ্গ সমাধি ক্ষেত্ৰত । প্ৰাণৰ শিল্পীগৰাকীৰ অন্তিম শয়নস্থলীত উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ সন্মান আৰু আদৰ প্ৰদৰ্শন কৰে । জুবিন ক্ষেত্ৰত উপস্থিত হৈয়েই প্ৰিয়ংকা গান্ধীয়ে প্ৰাণৰ শিল্পীগৰাকীলৈ সেৱা জনায় । তেওঁ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে অসমৰ সাংস্কৃতিক জগতত জুবিন গাৰ্গৰ অৱদানৰ শলাগ লয় । কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়,"মই আমাৰ কাৰ্যকৰ্তাসকলক কৈছোঁ যে, জুবিন গাৰ্গ একপ্ৰকাৰে অসমৰ আত্মাৰ কণ্ঠ আছিল, অসমৰ অভিব্যক্তি আছিল । অসমৰ যি সভ্যতা তাৰ বিষয়ে জুবিন গাৰ্গে গাইছিল । তেওঁৰ যিসমূহ গীত আছিল এটাও গানত এইটো নাছিল…
Read More
বিপদত ৰাহুল গান্ধী

বিপদত ৰাহুল গান্ধী

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ এক গোচৰত বৃহস্পতিবাৰে চুলতানপুৰ আদালতত হাজিৰ হয় কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী । ভাষ্য প্ৰদানৰ বাবে আদালতত হাজিৰ হোৱাৰ লগে লগে আদালতৰ বাহিৰত বহু সংখ্যক কংগ্ৰেছ নেতা-কৰ্মীয়ে ভিৰ কৰে । আদালত চৌহদৰ বাহিৰতো বহু কৰ্মী সমবেত হয় ।ইফালে ৰাহুল গান্ধীৰ সুৰক্ষাৰ বাবে মোতায়েন কৰা হৈছিল আৰক্ষী বাহিনী । নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰা হয় । ডগ স্কোৱাডৰ দলেও আদালত চৌহদ তন্ন-তন্নকৈ পৰীক্ষা কৰে । ইফালে ৰাহুল গান্ধীয়ে আদালতত প্ৰৱেশ কৰি নিজৰ ভাষ্য প্ৰদান কৰে । তেওঁৰ লগত কেইবাগৰাকী অধিবক্তাও উপস্থিত থাকে ।
Read More
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই

দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই ৷ গৌৰৱ গগৈসহ দলৰ জ্যেষ্ঠ নেতাই জনালে আদৰণি ৷বৃহস্পতিবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হয়, য’ত তেওঁ অসম নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰাৰ বাবে কেবাখনো বৈঠকত মিলিত হ’ব ।প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে জনোৱা মতে, তেওঁ দলটোৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰাৰ লগতে বিধায়ক, জিলা সভাপতি আৰু সাংসদসকলৰ সৈতে এজন এজনকৈ বৈঠকত মিলিত হ’ব । যিহেতু তেওঁ দলৰ স্ক্ৰীনিং কমিটীৰ অধ্যক্ষা ।
Read More
বলীউডৰ অভিনেতা ৰাজপাল যাদৱে ১৬ ফেব্ৰুৱাৰীত জামিন লাভ কৰিছে

বলীউডৰ অভিনেতা ৰাজপাল যাদৱে ১৬ ফেব্ৰুৱাৰীত জামিন লাভ কৰিছে

বলীউডৰ অভিনেতা ৰাজপাল যাদৱে ১৬ ফেব্ৰুৱাৰীত জামিন লাভ কৰিছে। ২০১৮ চনৰ এক চেক বাউন্স গোচৰত আইনী নিৰীক্ষণৰ অধীনত থকা অভিনেতাগৰাকীক আদালতে ধন পৰিশোধৰ চৰ্ত পূৰণ নকৰাৰ বাবে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত তিহাৰ কাৰাগাৰত আত্মসমর্পণ কৰিবলৈ নির্দেশ দিছিল। অভিনেতাগৰাকীয়ে ১১ দিন কাৰাগাৰত থাকি জামিনৰ বাবে আবেদন আগবঢ়াইছিল। অভিযোগকাৰীৰ বেংক একাউণ্টত ১.৫ কোটি টকা জমা কৰাৰ পাছত ৰাজপাল যাদৱৰ আইনী সকাহৰ পথ মুকলি হোৱা বুলি আদালতে উল্লেখ কৰে ।
Read More
ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনিও

ইয়াৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনিও

কাঠফুলা, আমাৰ বহুতেই কাঠফুলাক কেৱল বিষাক্ত বুলিয়েই গণ্য কৰি আহিছো। যাৰ বাবে আমি কাঠফুলা খোৱাৰ পৰা নিজকে আতৰাই ৰাখো। কিন্তু এই ধাৰণা একেবাৰেই অৰ্থহীন। কাঠফুলা (Mushroom) প্ৰটিন, ভিটামিন (B, C, D), আৰু খনিজ পদাৰ্থ (পটাছিয়াম, চেলেনিয়াম) সমৃদ্ধ এক উচ্চ পুষ্টিগুণসম্পন্ন উপকাৰী খাদ্য। ই ৰক্তহীনতা দূৰ কৰে, হজম শক্তি বৃদ্ধি কৰে, উচ্চ ৰক্তচাপ আৰু বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ এণ্টি-অক্সিডেণ্ট গুণবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে আলঝেইমাৰৰ দৰে ৰোগ প্ৰতিৰোধ কৰিব পাৰে।কাঠফুলাৰ প্ৰধান উপকাৰী গুণসমূহ:উচ্চ পুষ্টিগুণ: কাঠফুলা প্ৰটিন আৰু আঁহৰ এক উৎকৃষ্ট উৎস, যি নিৰামিষভোজীসকলৰ বাবে অত্যন্ত উপকাৰী।ৰক্তহীনতা দূৰ কৰা: ইয়াত থকা ফলিক এচিডে তেজ গঠনত সহায় কৰে।ৰোগ প্ৰতিৰোধ…
Read More
বিপদত অনিল আম্বানী

বিপদত অনিল আম্বানী

২৬ ফেব্ৰুৱাৰীত জেৰাৰ বাবে ই ডিৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব অনিল আম্বানী । ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে এই সপ্তাহত জবানবন্দী দিয়াৰ পৰা বিৰত থকাৰ পিছত এইবাৰ নতুনকৈ চমন জাৰি কৰিছে ই ডিয়ে । চৰকাৰী সূত্ৰত এই কথা প্ৰকাশ । তেওঁৰ পত্নী তথা পূৰ্বৰ অভিনেত্ৰী টিনা আম্বানীয়েও ইয়াৰ পূৰ্বে দুবাৰকৈ স্থগিতাদেশ বিচাৰিছে আৰু ১০ ফেব্ৰুৱাৰী আৰু ১৭ ফেব্ৰুৱাৰীৰ নিৰ্ধাৰিত তাৰিখত ই ডিৰ সন্মুখত তেওঁ হাজিৰ হোৱা নাই ।ই ডিয়ে পূৰ্বে এক বিবৃতিত দাবী কৰিছিল যে ২০২৩ চনত আৰ কমৰ কৰ্প'ৰেট ইনছলভেন্সী ৰিজ’লিউচন প্ৰচেছ (চি আই আৰ পি)ৰ সময়ত গাৰ্গে নিউয়ৰ্কৰ এই সম্পত্তি 'প্ৰৱঞ্চনামূলকভাৱে' বিক্ৰী কৰিছিল ।
Read More
প্ৰথমবাৰৰ বাবে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন

প্ৰথমবাৰৰ বাবে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন

দুদিনীয়া কাৰ্যসূচীৰে প্ৰথমবাৰৰ বাবে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ৷ ১৮-১৯ ফেব্ৰুৱাৰীত ৰাজ্যখন ভ্ৰমণ কৰিব ভাৰতীয় জনতা পাৰ্টীৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ৷শাসকীয় দলটোৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নবীনে ১৮ ফেব্ৰুৱাৰীত অসমত উপস্থিত হৈ ডিব্ৰুগড়ত বুথ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে আন কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । তাৰ পাছত ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাতেই বাৰেকুৰিৰ বৰগাঁৱত অৱস্থিত বৰনামঘৰত উপস্থিত হৈ ভকতবৃন্দৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে বাৰ্তালাপত মিলিত হ’ব ৷ তাৰ পাছতে গুইজানত অৱস্থিত মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৈদামত আশীৰ্বাদ গ্ৰহণ কৰিব ।
Read More