Dipshikha

3401 Posts
ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ

ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ

মধ্য প্রাচ্যৰ যুদ্ধত ভাৰতীয়ৰ মৃত্যু।ওমানত ইৰাণৰ আক্ৰমণত মৃত্যু ভাৰতীয় নাগৰিকৰ।মস্কটৰ তৈলখাদত কৰ্মৰত আছিল ভাৰতীয়জন।তেল পৰিবাহী জাহাজৰ নাবিকৰূপে কৰ্মৰত আছিল।আক্রমণত চূর্ণ-বিচূর্ণ MKD VYOM নামৰ জাহাজখন।
Read More
অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাৰ সমৰালাকোটাত ভয়ংকৰ বিস্ফোৰণ

অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাৰ সমৰালাকোটাত ভয়ংকৰ বিস্ফোৰণ

অন্ধ্ৰপ্ৰদেশৰ কাকিনাড়া জিলাৰ সমৰালাকোটাত ভয়ংকৰ বিস্ফোৰণ । ভেতলাপালেম গাঁৱৰ গোদাবৰী খালৰ সমীপত থকা সূৰ্যশ্ৰী আতচবাজী কাৰখানাত এই ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় । দিনৰ প্ৰায় ২ বজাত এই বিস্ফোৰণ হয় । এই বিস্ফোৰণৰ ফলত প্ৰায় ২১ গৰাকী লোকৰ মৃত্যু হোৱাৰ উপৰিও কেইবাজনো লোক আহত হয় । গুৰুতৰভাৱে আহত ৮ জন লোকক ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে, ৬ জনক কাকিনাড়াৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে ।স্থানীয় ৰাইজৰ মতে বিস্ফোৰণৰ ফলত হোৱা প্ৰচণ্ড শব্দৰ ফলত ওচৰৰে গাঁৱৰ এখন ব্যক্তিগত বিদ্যালয়ৰ ছাদত ফাট মেলাৰ বিপৰীতে বিস্ফোৰণৰ শব্দ ঘটনাস্থলীৰ পৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত শুনা গৈছিল । বিস্ফোৰণৰ ফলত ধোঁৱাই সমগ্ৰ অঞ্চল আৱৰি ধৰে…
Read More
পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তেজনা

পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তেজনা

ইৰাণৰ বিভিন্ন ঠাইত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পিছত পশ্চিম এছিয়াত বৃদ্ধি পাইছে উত্তেজনা ৷ শনিবাৰে ডুবাইৰ পামছ জুমেইৰা অঞ্চলত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ ইয়াৰ পিছতে অতি তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হয় জৰুৰীকালীন উদ্ধাৰ অভিযানকাৰী দলসমূহ ৷নাগৰিক, বাসিন্দা আৰু পৰ্যটকৰ সুৰক্ষা সৰ্বোচ্চ গুৰুত্বপূৰ্ণ আৰু ইয়াৰ লগত কোনো আপোচ কৰিব নোৱাৰি । মন্ত্ৰালয়ে লগতে কয় যে সংযুক্ত আৰব আমিৰশ্বাহীৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ক্ষেপণাস্ত্ৰসমূহ ধ্বংস কৰে ৷ আবুধাবি আৰু ডুবাইৰ কেইবাটাও অঞ্চলত ধ্বংসাৱশেষ পৰি ৰয় ।
Read More
ইৰাণৰ যুদ্ধৰ প্ৰভাৱ ভাৰতত

ইৰাণৰ যুদ্ধৰ প্ৰভাৱ ভাৰতত

ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে ভাৰতৰ ভিন্ন প্ৰান্ত শোক দেখিবলৈ পোৱা গৈছে। আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৰ খবৰৰ নিশ্চয়তা অহাৰ লগে লগে দিল্লীত থকা ইৰাণৰ দূতাবাসে ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰে।ইফালে, দেওবাৰে পুুৱাই জম্মু-কাশ্মীৰত একাংশ লোকে উলিয়াই শোক সমদল। এই সমদলত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে। কেইবাজনো অংশগ্ৰহণকাৰীয়ে আমেৰিকা আৰু ইজৰাইলে নিৰীহ লোকক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি পুনৰ হাজাৰজন খামেইনীৰ আকৌ জন্ম হ'ব বুলি উল্লেখ কৰে।
Read More
এক মহৌষধ

এক মহৌষধ

শিলিখা (Haritaki) আয়ুৰ্বেদত এক মহৌষধি হিচাপে পৰিচিতযিয়ে হজমী শক্তি বৃদ্ধিকোষ্ঠকাঠিন্য দূৰৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিষ্কাশন কৰাত সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন C আৰু এণ্টিঅক্সিডেন্ট থাকেযি কাহচৰ্দিদাঁতৰ বিষ আৰু ছালৰ সমস্যা উপশম কৰে। ইয়াৰ নিয়মিত সেৱনে তেজ পৰিষ্কাৰ কৰে আৰু হৃদযন্ত্ৰ সবল কৰে।শিলিখাৰ প্ৰধান স্বাস্থ্য উপকাৰিতা সমূহ:হজমী শক্তি বৃদ্ধি: শিলিখাই পেটৰ সমস্যা যেনে গেছঅম্বল আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত অসাধাৰণ কাম কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা: প্ৰচুৰ ভিটামিন C আৰু এণ্টিঅক্সিডেন্ট থকাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।ডি-টক্সিফিকেচন: ই শৰীৰৰ বিষাক্ত পদাৰ্থ (Toxins) বাহিৰ কৰি লিভাৰ আৰু তেজ পৰিষ্কাৰ ৰখাত সহায় কৰে।কাহ আৰু চৰ্দিৰ নিৰাময়: চৰ্দিকাহএজমা…
Read More
আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বাবে এক ডাঙৰ খবৰ

আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বাবে এক ডাঙৰ খবৰ

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াৰ বাবে এক ডাঙৰ খবৰ । দিল্লী আবকাৰী নীতি অৰ্থাৎ সুৰা কেলেংকাৰী গোচৰৰ পৰা দুয়োকে সসন্মানে মুকলি কৰি দিছে আদালতে ।দিল্লীৰ এখন আদালতে অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছোদিয়াক উক্ত গোচৰত অভিযোগমুক্ত ঘোষণা কৰিছে ৷ দিল্লীৰ ৰৌজ এভিনিউ আদালতে কয় যে মুখ্য়মন্ত্ৰী হিচাপে কেজৰিৱালে গ্ৰহণ কৰা আবকাৰী বিভাগৰ নীতিত কোনো আসোঁৱাহ নাই বা ইয়াৰ আঁৰত অপৰাধমূলক উদ্দেশ্য় নাছিল ৷
Read More
প্ৰতীক্ষাৰ অন্ত পৰিল

প্ৰতীক্ষাৰ অন্ত পৰিল

প্ৰতীক্ষাৰ অন্ত পৰিল। দক্ষিণ ভাৰতীয় ছবি জগতৰ আটাইতকৈ চৰ্চিত যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা। অৱশেষত আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হ'ল এই জনপ্ৰিয় যুটী বিজয় দেৱৰাকোণ্ডা আৰু ৰশ্মিকা মান্দানা।উল্লেখ্য যে - ৰাজস্থানৰ উদয়পুৰত এই বিয়া তেলুগু আৰু কোডাভা দুয়োটা পৰম্পৰাৰে অনুষ্ঠিত হয় ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত তেলুগু পৰম্পৰাৰে অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে বিয়লি ভাগলৈ কোডাভা পৰম্পৰাৰে বিবাহ বহে দুয়ো ৷বিবাহৰ আনুষ্ঠানিকতাৰ পাছত তেওঁলোকে অহা ৪ মাৰ্চত হায়দৰাবাদত চলচ্চিত্র জগতৰ বন্ধু আৰু বিশিষ্ট ব্যক্তিসকলৰ বাবে এক বিশাল অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰিছে ৷ সামাজিক মাধ্যমত দুয়োৱে বিবাহৰ ফটো শ্বেয়াৰ কৰে।
Read More
তিলৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হব আপুনিও

তিলৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হব আপুনিও

তিল আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। তিল, বিশেষকৈ ক’লা তিল, প্ৰটিন, ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম আৰু এণ্টিঅক্সিডেণ্টৰ এক অন্যতম উৎস, যি শীতকালত শৰীৰ গৰম কৰি ৰখাত, হাড় মজবুত কৰাত, হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাত আৰু চুলি সৰা ৰোধ কৰাত অত্যন্ত উপকাৰী । গুড়ৰ সৈতে তিল সেৱন কৰিলে ইয়াৰ পুষ্টিগুণ আৰু বৃদ্ধি পায় ।তিলৰ প্ৰধান স্বাস্থ্য উপকাৰিতাসমূহ হ’ল:হাড়ৰ স্বাস্থ্য: উচ্চ কেলচিয়াম আৰু জিঙ্কৰ বাবে তিল হাড়ৰ গঠন আৰু শক্তি বৃদ্ধিৰ বাবে খুব উপকাৰী।হৃদযন্ত্ৰ: ইয়াৰ স্বাস্থ্যকৰ চৰ্বি ৰক্তচাপ আৰু কলেষ্টেৰল কমাই হৃদযন্ত্ৰ সুৰক্ষিত ৰাখে ।চুলি আৰু ছাল: ক’লা তিলৰ এণ্টিঅক্সিডেণ্টে চুলি সৰা কমায় আৰু ছালৰ বাবে উপকাৰী ।হজম শক্তি: তিলত থকা ফাইবাৰে হজম প্ৰক্ৰিয়া…
Read More
সৰ্বত্ৰে চৰ্চিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সৰ্বত্ৰে চৰ্চিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

সৰ্বত্ৰে চৰ্চিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দেশৰ লগতে বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়েও তেওঁক বহু সন্মান কৰে ৷ বৰ্তমান সময়ত মোদীৰ সুনাম বহু দূৰলৈকে চৰ্চিত হৈ আছে ৷শেহতীয়াকৈ দেখা গৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফ’ল’ৱাৰ ১০০ বিলিয়ন অৰ্থাৎ ১০ কোটিৰ ঘৰ স্পৰ্শ কৰিছে ৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰৰ ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন বিশ্ব নেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে ।
Read More
পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ

পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ

২৬ফেব্ৰুৱাৰীৰ দিনটোত পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ৰাজ্যৰ যুৱকসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে পূৰ্বে ঘোষণা কৰা বাবু আঁচনিৰ শুভাৰম্ভণি তথা ধন মুকলিৰ কথা কৰিলে ঘোষণা।উল্লেখ্য যে, এই ঘোষণা কৰাৰ পাছতে জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত এই তিনিওখন আঁচনিৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ সৈতে এই অনুষ্ঠানটিত উপস্থিত থাকে মন্ত্ৰী ডাঃ ৰণোজ পেগু, প্ৰশান্ত ফুকন।
Read More