Dipshikha

3401 Posts
মধ্য প্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা

মধ্য প্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা

মধ্য প্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা। ইৰানৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণে ১৬ টা দিন অতিক্ৰম কৰিলে।ইপিনে যুদ্ধ ইমানেই ভয়াবহ হৈছে যে, সোমবাৰে ইউ এ ইৰ ৰাজধানী আবুধাবিৰ উপকণ্ঠ অঞ্চলত ক্ষেপণাস্ত্ৰ আক্ৰমণত এজন পেলেষ্টাইনী নাগৰিক নিহত হয়। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পাছত উপসাগৰীয় অঞ্চলত ইৰানে আক্ৰমণ অব্যাহত ৰখাৰ সময়তে এই ঘটনা সংঘটিত হয় ।
Read More
বুধবাৰে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

বুধবাৰে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা

বুধবাৰে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা ।একে দিনাই মিত্ৰ দলৰ প্ৰাৰ্থীসহ বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ।১২৬ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব দলটোৱে ।তাৰ পূৰ্বে দিল্লীত বুধবাৰে আবেলি অনুষ্ঠিত হ'ব বিজেপিৰ সংসদীয় কমিটিৰ বৈঠক ।এই বৈঠকতে প্ৰাৰ্থী তালিকাত চূড়ান্ত ছীল মোহৰ মাৰিব বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ।
Read More
গেছৰ চিলিণ্ডাৰৰ নাটনিয়ে সমগ্ৰ অন্ধ্ৰপ্ৰদেশত খাদ্য ব্যৱসায়ত ব্যাঘাত জন্মাইছে

গেছৰ চিলিণ্ডাৰৰ নাটনিয়ে সমগ্ৰ অন্ধ্ৰপ্ৰদেশত খাদ্য ব্যৱসায়ত ব্যাঘাত জন্মাইছে

হঠাৎ বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰ নাটনিয়ে সমগ্ৰ অন্ধ্ৰপ্ৰদেশত খাদ্য ব্যৱসায়ত ব্যাঘাত জন্মাইছে । ফলত বহুতে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলগা হৈছে নাইবা খৰি ব্যৱহাৰ কৰিবলগীয়া হৈছে ।আমেৰিকা, ইজৰাইল, ইৰাণৰ সৈতে জড়িত বিশ্বজনীন উত্তেজনাৰ সৈতে জড়িত এই নাটনিৰ ফলত যোগানৰ সমস্যাৰ সৃষ্টি হৈছে, যিটো এতিয়া বিজয়াৱাড়া, গুণ্টুৰ, বিশাখাপট্টনম, তিৰুপতি, নেল্লোৰকে ধৰি কেইবাখনো চহৰত অনুভৱ কৰা হৈছে ।হোটেলৰ মালিকসকলে কয় যে বিগত দুদিনত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । বজাৰৰ পৰা বাণিজ্যিক এল পি জি চিলিণ্ডাৰ কাৰ্যতঃ নোহোৱা হৈ গৈছে ।
Read More
তিতা কেৰেলাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

তিতা কেৰেলাৰ উপকাৰী গুণৰ বিষয়ে জানেনে

তিতা কেৰেলা (Bitter Gourd) স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, যি তেজৰ চেনি (sugar) নিয়ন্ত্ৰণ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু পাচন তন্ত্ৰ উন্নত কৰাত সহায় কৰে। ইয়াত থকা পলিটেপটাইড-পি, এণ্টিঅক্সিডেন্ট, আৰু ভিটামিন-বি গোটৰ বাবে ই ডায়েবেটিছ, চৰ্মৰোগ, আৰু কোষ্ঠকাঠিন্যৰ বাবে এক মহৌষধৰ দৰে কাম কৰে। গ্ৰীষ্মকালত ই শৰীৰ শীতল কৰি ৰাখে। তিতা কেৰেলাৰ প্ৰধান স্বাস্থ্য উপকাৰিতাসমূহ তলত উল্লেখ কৰা হ’ল:ডায়েবেটিছ নিয়ন্ত্ৰণ: তিতা কেৰেলাত থকা বিশেষ উপাদানসমূহে (যেনে- পলিপেপটাইড-পি) ইনছুলিনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি তেজত গ্লুকোজৰ মাত্ৰা হ্ৰাস কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা: ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বিভিন্ন ধৰণৰ ভাইৰেল সংক্ৰমণৰ পৰা ৰক্ষা কৰে।পাচন প্ৰক্ৰিয়া উন্নত: ফাইবাৰযুক্ত হোৱা বাবে কোষ্ঠকাঠিন্য দূৰ কৰে…
Read More
ড্ৰ’ন আক্ৰমণত দুজন ভাৰতীয় নাগৰিক নিহত

ড্ৰ’ন আক্ৰমণত দুজন ভাৰতীয় নাগৰিক নিহত

ওমানৰ সোহৰত শুকুৰবাৰে ড্ৰ’ন আক্ৰমণত দুজন ভাৰতীয় নাগৰিক নিহত হোৱাৰ লগতে ১০ জন আহত হয় ৷ ২৮ ফেব্ৰুৱাৰীৰ পৰা ইৰাণ-আমেৰিকা-ইজৰাইলৰ সংঘাত আৰম্ভ হোৱাৰ পিছত স্থল অঞ্চলত ভাৰতীয় লোকৰ মৃত্যুৰ এয়া প্ৰথম ঘটনা ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব (উপসাগৰীয়) অসীম মহাজনে মহাজনে পশ্চিম এছিয়াত চলি থকা সংকটৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ জৰিয়তে ওমানত দুজন ভাৰতীয়ৰ মৃত্যু হোৱাটো নিশ্চিত কৰে ৷
Read More
মিত্ৰতা ভংগ

মিত্ৰতা ভংগ

ৰাজ্যৰ ৰাজনীতিত আন এক জোকাৰণি ৷ পিছে এয়া ভূমিকম্পৰ জোকাৰণি নহয় ৷ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগৰহে চিহ্ন ৷ অৱশেষত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বহু চৰ্চিত মিত্ৰতাৰ আলোচনা অমীমাংসিতভাৱে সমাপ্ত হ'ল । অৰ্থাৎ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্রতা নহ'ল । শুকুৰবাৰে নিশা এক বিবৃতিযোগে এই কথা ঘোষণা কৰে ৰাইজৰ দলৰ নেতৃত্বই ।
Read More
এক ভয়ংকৰ ঘটনা

এক ভয়ংকৰ ঘটনা

দেশত চিলিণ্ডাৰৰ নাটনি লৈ সৃষ্টি হোৱা পৰিৱেশৰ বাবে সাধাৰণ ৰাইজ বাৰুকৈয়ে বিবুধিত পৰিছে। শেহতীয়াকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, চিলিণ্ডাৰ সংগ্ৰহৰ বাবে এজেঞ্চীৰ বাহিৰত লাইন ধৰি থাকোতেই এগৰাকী বৃদ্ধৰ মৃত্যু হৈছে। যোৱা শুকুৰবাৰৰ ঘটনা এয়া। উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত সংঘটিত হৈছিল ঘটনাটো। ফাৰুখাবাদৰ কোটোৱালি অঞ্চলত চিলিণ্ডাৰ সংগ্ৰহৰ বাবে পুৱাৰে পৰা লাইন ধৰি আছিল এগৰাকী ৭৫বছৰীয়া বৃদ্ধই। পুৱা প্ৰায় ৬.৩০বজাৰ পৰা লাইন ধৰি ধৰা বৃদ্ধ গৰাকীৰ দুপৰীয়া সময়ত হঠাতে অচেতন হৈ পৰে। মন কৰিবলগীয়া যে পাঞ্জাৱৰ বৰ্ণালাত শাৰী পাতি ৰৈ থকা অৱস্থাত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু হয়।
Read More
জম্মুত ভয়ংকৰ ঘটনা

জম্মুত ভয়ংকৰ ঘটনা

জম্মুৰ এক বিবাহ অনুষ্ঠানত সংঘটিত এক নিৰাপত্তাজনিত ঘটনাই সকলোকে জোকাৰি গৈছে ৷ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাক বুধবাৰে নিশা হত্যাৰ প্ৰচেষ্টা চলোৱা হয় । অৱশ্যে নিৰাপত্তাৰক্ষীৰ তৎপৰতাৰ বাবে এই হত্যাৰ চেষ্টা ব্যৰ্থ হয় ।চিচিটিভিৰ ফুটেজ অনুসৰি, কমল সিং জামৱাল (৬৮) নামৰ এগৰাকী বৃদ্ধই শূন্য দূৰত্বৰ পৰা ফাৰুক আব্দুল্লাক পিষ্টলেৰে গুলী চলাবলৈ চেষ্টা কৰিছিল । অৱশ্যে প্ৰবীণ নেতাজনে কোনো আঘাত নোপোৱাকৈ কথমপি ৰক্ষা পৰে ।
Read More
মেঘালয়ত সাম্প্ৰদায়িক সংঘৰ্ষত নিহত দুজন লোক

মেঘালয়ত সাম্প্ৰদায়িক সংঘৰ্ষত নিহত দুজন লোক

মেঘালয়ত সাম্প্ৰদায়িক সংঘৰ্ষত নিহত দুজন লোক । পশ্চিম গাৰো পাহাৰ জিলাত সংঘটিত হৈছে এই ঘটনা । জিলাখনৰ স্থানীয় পৰিষদীয় নিৰ্বাচনৰ বাবে মনোনয়ন প্ৰক্ৰিয়াক লৈ জনজাতীয় আৰু অজনজাতীয় গোটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে । এই সংঘৰ্ষ ৰোধৰ বাবে আৰক্ষীয়ে মঙলবাৰে গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় । আৰক্ষীৰ গুলীচালনাত দুজন লোক নিহত হয় । এই ঘটনাৰ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কাৰ্ফিউ জাৰি কৰাৰ লগতে সেনাবাহিনী মোতায়েন কৰিছে ।
Read More
অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বিপদত পৰিছে

অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বিপদত পৰিছে

৮ মাৰ্চৰ সেই দিনটো সকলো ভাৰতীয়ৰ বাবে আছিল এক আনন্দৰ দিন। কিয়নো টি-২০ বিশ্বকাপ জয় কৰিছিল টীম ইণ্ডিয়াই। আহমেদাবাদত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰি টীম ইণ্ডিয়াই ইতিহাস সৃষ্টিৰে তৃতীয়বাৰৰ বাবে ট্ৰফী দখল কৰিছিল। অৱশ্যে এই খিতাপ জয়ৰ মাত্ৰ চাৰিদিন পাছতে দলটোৰ তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া বিপদত পৰিছে এতিয়া। জাতীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি পুনেৰ এজন অধিবক্তাই হাৰ্দিকৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰে।উল্লেখ্য যে, পাণ্ডিয়াৰ বিৰুদ্ধে পুনেৰ শিৱাজীনগৰ থানাত দাখিল কৰিছে অভিযোগ।স্থানীয় অধিবক্তা ৱাজিদ খানে এই অভিযোগ দাখিল কৰে। এজাহাৰত তেওঁ হাৰ্দিক পাণ্ডিয়াই মেচত জয়ী হোৱাৰ পাছত ৰাষ্ট্ৰীয় পতাকাক অসন্মান কৰিছিল বুলি অভিযোগ উত্থাপন কৰে।
Read More