Dipshikha

3401 Posts
প্ৰচণ্ড ধুমুহা বৰষুণ

প্ৰচণ্ড ধুমুহা বৰষুণ

বুধবাৰে নিশা প্ৰায় ১বজাৰ পৰা ৪ ঘন্টা ধৰি অহা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে নামৰূপ আৰু পাৰ্শ্বৱৰ্তী বহু অঞ্চলত।পশ্চিম দিশৰ পৰা প্ৰচণ্ড বেগত অহা ধুমুহা জাকৰ লগতে বিজুলী ধেৰেকনি আৰু প্ৰবল শিল বৰষুণত নামৰূপ আৰু ইয়াৰ দাতি কাষৰীয়া অঞ্চলৰ বহু বাসগৃহৰ বিস্তৰ ক্ষতি সাধন হয় ৷আনহাতে নিশাৰ প্ৰচণ্ড ধুমুহাজাকে নামৰূপত এক প্ৰকাৰৰ আতংকৰ সৃষ্টি কৰে ৷একাধিক ব্যৱসায়ীক প্ৰতিস্থানৰ হৰ্ডিং উৰুৱাই নিয়ে বতাহে ৷ চহৰখনৰ লগতে দাঁতি কাষৰীয়া অঞ্চলসমূহতে গছ বাগৰি পৰাৰ ফলত নামৰূপত বিদ্যুত সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে। বিধ্বংসী ধুমুহাজাকত বহু ঠাইত বিদ্যুতৰ খুঁটা উভালি পৰে আৰু বিদ্যুৎ যোগান ব্যাহত হৈ পৰে। মূল পথ সমূহত গছ বাগৰি…
Read More
ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাল ৰাজকোষৰ ৩৬০০ কোটি টকা

ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাল ৰাজকোষৰ ৩৬০০ কোটি টকা

নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে ৷ নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে ৰাজ্য চৰকাৰে চমক সৃষ্টিৰে এক অভিলেখ ৰচনা কৰিলে ৷ একেদিনাই আৰু প্ৰায় একে সময়তে ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাল ৰাজকোষৰ ৩৬০০ কোটি টকা ৷ অৰুণোদয়ৰ ৪০ লাখ হিতাধিকাৰীক মঙলবাৰে ৯ হাজাৰ টকাকৈ বেংক একাউণ্টৰ জৰিয়তে দিয়া হয় ৷ ইয়াৰ পূৰ্বে একেদিনাই একেসময়ত ইমান বৃহৎ পৰিমাণৰ পুঁজি ৰাজ্য চৰকাৰে কেতিয়াও হস্তান্তৰ কৰা নাছিল ৷ সেই হিচাপত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক অভিলেখ সৃষ্টি কৰিলে ৷
Read More
কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰিছে আৰক্ষীয়ে

কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰিছে আৰক্ষীয়ে

নলবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰিছে আৰক্ষীয়ে । সোমবাৰে নিশা প্ৰায় ১২:৪৫ বজাত নলবাৰী সদৰ থানাৰ আৰক্ষীয়ে তেওঁক আটক কৰে । মঙলবাৰে দিনৰভাগত আটক কৰা ১২ কংগ্ৰেছীৰ ভিতৰত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী শৰ্মাসহ ১১ গৰাৰীক আৰক্ষীয়ে মুকলি কৰি দিয়ে । অৱশ্য়ে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৰাগ চক্ৰৱৰ্তীক এতিয়াও মুকলি কৰি দিয়া নাই ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত কংগ্ৰেছ কৰ্মীক বিজেপি কৰ্মীয়ে প্ৰহাৰ কৰা ঘটনাৰ ন্য়ায় বিচাৰি থানাত প্ৰতিবাদ কৰা সময়তেই আৰক্ষীয়ে তেওঁক আটক কৰে ।
Read More
৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা AIUDFৰ

৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা AIUDFৰ

ৰাজ্যৰ ৰাজনীতিৰ আন এক গুৰুত্বপূৰ্ণ দল হৈছে এ আই ইউ ডি এফ । বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে ৰাজ্যৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সেয়ে এই দলটোৰ ওপৰত সকলোৰে দৃষ্টি থাকে । অৱশ্যে এইবাৰ কোনো মিত্ৰজোঁটত নাই আজমলৰ দলটো । কিন্তু তথাপিও দলটোৱে নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ যে পেলাব সেইটো খাটাং । সেয়ে দলীয় প্ৰাৰ্থীক লৈ সকলো দলে একপ্ৰকাৰ উদগ্ৰীৱ হৈ আছে । তাৰ মাজতে এ আই ইউ ডি এফে প্ৰকাশ কৰিছে প্ৰথমখন প্ৰাৰ্থী তালিকা । ৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি দলটোৱে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ।প্ৰথমখন তালিকাত ৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা…
Read More
গুৰৰ উপকাৰী গুণৰ বিষয়ে জানেনে

গুৰৰ উপকাৰী গুণৰ বিষয়ে জানেনে

গুড় স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, যি শৰীৰত আইৰন, মেগনেছিয়াম আৰু পটাছিয়ামৰ যোগান ধৰে। ই হজম শক্তি বৃদ্ধি কৰে, ৰক্তহীনতা দূৰ কৰে আৰু ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰ উপৰিও, গুড়ে শৰীৰক ডিটক্স (বিষাক্ত পদাৰ্থ বাহিৰ) কৰাত সহায় কৰে, উষ্ণতা প্ৰদান কৰে আৰু চৰ্দি-কাহ হ্ৰাস কৰাত সহায় কৰে। গুড়ৰ প্ৰধান উপকাৰিতা:হজমৰ উন্নতি: গুড়ে পাচক এনজাইম সক্ৰিয় কৰি পাচনতন্ত্ৰ সুস্থ ৰাখে আৰু কোষ্ঠকাঠিন্য দূৰ কৰে।ৰক্তহীনতা প্ৰতিৰোধ: আইৰনৰ প্ৰাকৃতিক উৎস হোৱাৰ বাবে, ই হিমোগ্ল'বিনৰ মাত্ৰা বৃদ্ধি কৰে, যি ৰক্তহীনতাত ভোগা লোকৰ বাবে খুবেই উপকাৰী।লিভাৰ ডিটক্স: গুড়ে শৰীৰৰ পৰা ক্ষতিকাৰক বিষাক্ত পদাৰ্থ বাহিৰ কৰি লিভাৰ পৰিষ্কাৰ কৰাত সহায় কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা: ইয়াৰ…
Read More
শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ

শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ

শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ।পুৱাই প্ৰেমিক-প্ৰেমিকাই ল'লে এই চৰম সিদ্ধান্ত।জালুকবাৰীৰ দিশৰ পৰা গৈ ব্ৰহ্মপুত্ৰত জাপ দিয়ে দুয়োৱে ।এইপর্যন্ত উদ্ধাৰ হোৱা নাই দুই যুৱক-যুৱতীহালৰ পৰিচয় ।কিহৰ বাবে এই ঘটনা সংঘটিত কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।
Read More
অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি।এই নিযুক্তিত সন্মতি প্ৰদান কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে।এ আই চি চিৰ সাধাৰণ সম্পাদক কে চি বেণু গোপালে জাৰি কৰিছে নিৰ্দেশনা।নতুনকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক হিচাপে নিযুক্তি দিয়াসকল ক্ৰমে-পলাশ পৱন শইকীয়া, দিপাংকৰ বৰা আৰু জনচন চাংমা।
Read More
ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া সাম্ভাৱ্য প্ৰাৰ্থীকেন্দ্ৰিক তালিকা প্ৰস্তুতৰ কুছকাৱাজ চলি আছে

ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া সাম্ভাৱ্য প্ৰাৰ্থীকেন্দ্ৰিক তালিকা প্ৰস্তুতৰ কুছকাৱাজ চলি আছে

নিৰ্বাচনৰ বতৰত ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া সাম্ভাৱ্য প্ৰাৰ্থীকেন্দ্ৰিক তালিকা প্ৰস্তুতৰ কুছকাৱাজ চলি আছে। কংগ্ৰেছে প্ৰথমখন ৪২জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছত ৰাইজৰ দলেও ১১টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছিল। অহা ১৩, ১৪ আৰু ১৫মাৰ্চত দলটোৰ ভগ্নী সংগঠনৰ সমূহৰ নেতৃত্বৰ সৈতে ৰাজ্যিক নেতৃত্ব এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।তাৰ পাছতহে কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদন সাপেক্ষে দলটোৱে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰি ২০মাৰ্চৰ ভিতৰত প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে।
Read More
গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা দলং মুকলি

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা দলং মুকলি

৮ মাৰ্চৰ পৰা যান বাহনৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা দলং মুকলি কৰা হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰী জনতাৰ নামত উৎসৰ্গা কৰিছিল দলঙখন ৷ এই দলংখনৰ ফলত এতিয়াৰে পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাত্ৰাৰ সময় ৪৫-৬০ মিনিটৰ পৰা ৭-১০ মিনিটলৈ হ্ৰাস পাইছে ৷
Read More
প্ৰয়াত আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে

প্ৰয়াত আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে

ইৰাণৰ শাসকীয় ধৰ্মগুৰুসকলে দেওবাৰে আমেৰিকা আৰু ইজৰাইলৰ ভাবুকিক আওকাণ কৰি প্ৰয়াত আয়াতুল্লাহ আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে । ইৰাণৰ প্ৰেছ টিভিয়ে এক্সত পোষ্ট কৰি এই কথা প্ৰকাশ কৰিছে । পোষ্টটোত কোৱা হৈছে, “ইৰাণৰ বিশেষজ্ঞ বিধানসভাই আয়াতুল্লাহ ছায়েদ মোজতাবা খামেইনীক ইছলামিক ৰিপাব্লিকৰ নতুন নেতা হিচাপে নিযুক্তি দিছে ।"মুজতাবা আলী খামেইনী আয়াতুল্লাহ আলী খামেইনীৰ দ্বিতীয় পুত্ৰ । খবৰ অনুসৰি ইৰাণৰ বিশেষজ্ঞ বিধানসভাই ইৰাণীসকলক ঐক্য বজাই ৰাখিবলৈ আৰু মুজতাবা খামেইনীৰ সৈতে থিয় দিবলৈ আহ্বান জনাইছে ।
Read More