Dipshikha

2951 Posts
উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ

উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ

উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ । আজি উচ্ছেদ চলিব ৰেংমা সংৰক্ষিত বনাঞ্চলৰ কৃষ্ণপুৰ আৰু হালধীবাৰীত ।আজি ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ৰাণানগৰ, হাটিডুবি, দুৰ্গাপুৰ, মধুপুৰ আৰু হালধিবাৰী গাঁৱত চলিব উচ্ছেদ অভিযান । প্ৰায় ২৫০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ আজি চলিব প্ৰশাসনৰ বুলড’জাৰ ।ইপিনে দেওবাৰে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ পিঠাঘাটৰ কুখ্যাত ড্ৰাগছ মাফিয়া, চুপাৰী মাফিয়া হাৰেশ আলী ওৰফে হাৰোৰ তামোলৰ বাৰী উচ্ছেদ কৰিলে প্ৰশাসনে । সমান্তৰালকৈ বৃহৎ বৃহৎ তামোলৰ বাৰীৰ তামোলৰ গছসমূহ ধ্বংস কৰিছে প্ৰশাসনে । কিয়নো ৰেংমা সংৰক্ষিত বনাঞ্চলত বনানীকৰণৰ বাবে গছপুলি ৰোপণ কৰা হৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও এই গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি সৰুপথাৰৰ বিধায়কে…
Read More
আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদমাহ

আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদমাহ

আজিৰে পৰা আৰম্ভ হৈছে পৱিত্ৰ ভাদমাহ । সেয়েহে ৰাজ্যৰ প্ৰতিটো নামঘৰতেই সকলোৰে মাজত আৰম্ভ হৈছে ভীষণ ব্য়স্ততা । ভাদমাহ বুলিলেই শংকৰী দৰ্শন আৰু আধ্যাত্মিকতাৰ প্ৰতীক নামঘৰসমূহ নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে । ৰাজ্য়ৰ আন ঠাইৰ লগতে আজিৰে পৰা এমাহ ধৰি ভক্তিৰসত বিলীন হ'ব সত্ৰপীঠ মাজুলী ।৪৯৭ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি মাহজোৰাকৈ চাৰিপ্ৰসংগীয়া পালনাম আৰম্ভ ঢেকীয়াখোৱা বৰনামঘৰত ।মাজুলীৰ প্ৰতিখন সত্ৰৰ লগতে প্ৰায় তিনি শতাধিক নামঘৰত আৰম্ভ হৈছে ভাদমাহৰ নাম প্ৰসংগ । ভকত-বৈষ্ণৱসকলৰ লগতে আইমাতৃ, গাঁৱৰ ডেকা-গাভৰু সকলোৱে এই পৱিত্ৰ ভাদমাহত ভগৱানৰ চৰণত সেৱা-নিবেদন জনাই পৰিবেশন কৰে প্ৰভু ভগৱন্তৰ নাম ।ৰাজ্যৰ অন্য়ান্য প্ৰান্তৰ লগতে পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ ১৫২৮ ত মহাপুৰুষ মাধৱদেৱ…
Read More
নিজৰ দেশতে বিমান আক্ৰমণ ম্যানমাৰ সেনাৰ

নিজৰ দেশতে বিমান আক্ৰমণ ম্যানমাৰ সেনাৰ

ম্যানমাৰত ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত আউং ছান ছু কিৰ নিৰ্বাচিত চৰকাৰৰ পৰা সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰাৰ পিছৰে পৰা পৰিস্থিতি অস্থিৰ হৈ পৰিছে। শান্তিপূৰ্ণ বিক্ষোভক মাৰাত্মক শক্তিৰে শেষ কৰাৰ পিছত সামৰিক শাসনৰ বহু বিৰোধীয়ে হাতত অস্ত্ৰ তুলি লৈছে আৰু দেশখনৰ এক বৃহৎ অংশ এতিয়া সংঘাতত লিপ্ত হৈছে।দক্ষিণ-পূব এছিয়াৰ দেশৰ মোগোক চহৰত ম্যানমাৰৰ সামৰিক বিমান আক্ৰমণত এগৰাকী গৰ্ভৱতী মহিলা, এটা সশস্ত্ৰ গোট, স্থানীয় বাসিন্দা আৰু ম্যানমাৰৰ অনলাইন মিডিয়াকে ধৰি কমেও ২১ জন লোক নিহত হৈছে। উল্লেখ্য যে ইয়াৰ আগতেও মাৰাত্মক সামৰিক বিমান আক্ৰমণ সংঘটিত হৈছে। যাৰ ফলত প্ৰায়ে অসামৰিক লোকৰ মৃত্যু হয়। শুকুৰবাৰে নিশা গোটটোৱে নিজৰ টেলিগ্ৰাম ছ’চিয়েল মিডিয়া চেনেলত প্ৰকাশ…
Read More
বিশ্বনাথত চলিল প্ৰশাসনৰ বুলড’জাৰ

বিশ্বনাথত চলিল প্ৰশাসনৰ বুলড’জাৰ

উৰিয়ামঘাটৰ পিছত এইবাৰ বিশ্বনাথত চলিল প্ৰশাসনৰ বুলড'জাৰ । দেওবাৰে পুৱা ৮ বজাৰ পৰা বিশ্বনাথৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত নন’কে জাপৰিগুৰিত থকা ১৭৫ বিঘা চৰকাৰী ভি জি আৰ ভূমিত চলিল উচ্ছেদ অভিযান ।এই ভূমিত বাস কৰি থকা ৩০৭ টা পৰিয়ালক উচ্ছেদ কৰা হ'ব । পুৱাই ২০ খন এক্সকেভেট, ১০ খন টেক্টৰ লৈ উক্ত স্থানত উপস্থিত হয় প্ৰশাসনৰ লোক ।
Read More
মেৰাপানীত অব্যাহত নগাৰ উপদ্ৰৱ

মেৰাপানীত অব্যাহত নগাৰ উপদ্ৰৱ

মেৰাপানীত অব্যাহত নগাৰ উপদ্ৰৱ । নগাৰ গুলীত আহত এজন ।মেৰাপানীৰ অসম-নাগালেণ্ড সীমান্তৰ দয়ালপুৰ জ্যোতি পথাৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা । পিকনিক খাবলৈ যোৱা যুৱকলৈ লক্ষ্য কৰি নগাৰ গুলীচালনা । পিকনিকৰ দলটোৰ তিনিজনকৈ লোক আহত । আহত কেইজন ক্ৰমে প্ৰকাশ বড়ো, সুব্ৰত নায়ক আৰু ধনঞ্জয় খাকলাৰী । প্ৰকাশ বড়ো নগাৰ গুলীত আহত আৰু আন দুজনক দাৰে আক্ৰমণ কৰি আহত কৰে ।ইফালে এই ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল-সংগঠনে । কৃষক মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মেৰাপানী চি আৰ পি এফৰ কেম্পৰ ওচৰত তীব্ৰ প্ৰতিবাদ জনায় । মেৰাপানীৰ দয়ালপুৰ…
Read More
ইউটিউবাৰ তথা বিগবছ অ’টিটি বিজয়ী এলভিছ যাদৱৰ ঘৰত দুজন লোকে গুলীচালনা

ইউটিউবাৰ তথা বিগবছ অ’টিটি বিজয়ী এলভিছ যাদৱৰ ঘৰত দুজন লোকে গুলীচালনা

দেওবাৰে পুৱা গুৰুগ্ৰামত বিতৰ্কিত ইউটিউবাৰ তথা বিগবছ অ’টিটি বিজয়ী এলভিছ যাদৱৰ ঘৰত দুজন লোকে গুলীচালনা কৰে। এক মিনিটৰ চিচিটিভি ক্লিপটোত দেখা গৈছে যে, পুৱা প্ৰায় ৫:৩০ বজাতএলভিছ যাদৱৰ ঘৰৰবাহিৰত ৩ দুৰ্বৃত্ত বাইকেৰে আহি উপস্থিত হয়।এজন অভিযুক্তই ঘৰটোৰ মূল গেটত থিয় হৈ গুলীচালনা কৰা চিচিটিভি ফুটেজত দেখা পোৱা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এলভিছৰ ঘৰত দুৰ্বৃত্তই ২৫টাতকৈ অধিক গুলীচালনা কৰে।ইফালে উক্ত ঘটনা সংঘটিত হোৱাৰ সময়ছোৱাত এলভিছ ঘৰত নাছিল। তেওঁ কোনো কামৰ বাবে হাৰিয়ানাৰ বাহিৰলৈ যোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে ঘৰৰ তত্ত্বাৱধায়ক আৰু পৰিয়ালৰ কিছু সদস্য ভিতৰত আছিল যদিও কোনো লোক আহত হোৱা নাই।এই পৰ্যন্ত আৰক্ষীত গোচৰ ৰুজু কৰা নাই এলভিছৰ পৰিয়ালে।
Read More
অটল বিহাৰী বাজপেয়ীৰ আজি মৃত্যু বাৰ্ষিকী

অটল বিহাৰী বাজপেয়ীৰ আজি মৃত্যু বাৰ্ষিকী

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি মৃত্যু বাৰ্ষিকী। ২০১৮ চনৰ আজিৰ দিনটোতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। তিনিবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজনীতিবিদগৰাকীৰ মৃত্যু বাৰ্ষিকীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জাতিৰ প্ৰতি থকা সেৱাৰ মনোভাৱ আৰু স্বাৱলম্বী ভাৰতৰ দৃষ্টিভংগীৰ উদ্ধৃতি দি অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৯৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল। ২০১৮ চনৰ ১৬ আগষ্টত দিল্লীৰ এইমছত চিৰদিনৰ বাবে চকু মুদিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্য বাজপেয়ীয়ে তিনিবাৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
Read More
পুনৰ বগা পোচাকত গুৱাহাটীৰ যান-বাহন আৰক্ষী

পুনৰ বগা পোচাকত গুৱাহাটীৰ যান-বাহন আৰক্ষী

পুনৰ বগা পোচাকত গুৱাহাটীৰ যান-বাহন আৰক্ষী । ১৬ আগষ্ট অৰ্থাৎ আজিৰে পৰা বগা পোচাক পৰিধান কৰিছে যান-বাহন আৰক্ষীয়ে । এতিয়া আৰু আপুনি গুৱাহাটীৰ ৰাজপথত আকাশী নীলা পোছাকত দেখা নাপাব যান-বাহন আৰক্ষীক । ২০১৭ চনত যান-বাহন আৰক্ষীক বগা পোচাক সলনি কৰি আকাশী নীলা পোচাক দিয়া হৈছিল । কিন্তু সাধাৰণ ৰাইজৰ পৰামৰ্শ আৰু বিভিন্ন কাৰণ পৰ্যালোচনা কৰাৰ অন্তত যান-বাহন আৰক্ষীৰ বাবে বগা পোচাকেই উপযুক্ত বুলি বিবেচনা কৰা হয় । গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ এই সিদ্ধান্তৰ পিছতে শনিবাৰে পুৱাই মহানগৰীৰৰ ভিন্ন প্ৰান্তত যান-বাহন আৰক্ষীক নতুন পোচাকত কৰ্তব্যত নিয়োগ হোৱা দেখা গ'ল ।বগা পোচাকযোৰৰ প্ৰতি আবেগ আছে । পুৰণি পোচাকযোৰ ঘূৰাই পাই উৎফুল্লিত গুৱাহাটীৰ যান-বাহন…
Read More
ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা বৃদ্ধি

ডাৱৰ বিস্ফোৰণত মৃতকৰ সংখ্যা বৃদ্ধি

জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত বৃহস্পতিবাৰে ডাৱৰ বিস্ফোৰণ আৰু বানপানীৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ এতিয়াও মূল্যায়ন কৰা হোৱা নাই ৷ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ মতে, এই দুৰ্যোগত ৬০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬০ৰ পৰা ৭০জন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে ৷ কোৱা হৈছে যে এতিয়াও বহু সংখ্যক গাঁৱৰ লোক সন্ধানহীন হৈ আছে ৷ ইয়াৰ বাবেই মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷ অধিকাংশ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে চিনাক্ত কৰা হৈছে ৷
Read More
১৫ আগষ্টৰ দিনটোত সৰ্বাত্মক বন্ধ ঘোষণা

১৫ আগষ্টৰ দিনটোত সৰ্বাত্মক বন্ধ ঘোষণা

স্বাধীনতা দিৱসৰ পূৰ্বে আলফা(স্বা)য়ে এক প্ৰেছ বিবৃতি জাৰি কৰে। য'ত তেওঁলোকে স্বাধীনতা দিৱসৰ বিৰোধিতা কৰাৰ লগতে ১৫ আগষ্টৰ দিনটোত সৰ্বাত্মক বন্ধ ঘোষণা কৰে।সংগঠনটোৱে দাবী কৰে যে, দক্ষিণ পূৱ এছিয়া অঞ্চলৰ থলগিৰি জনগণক প্ৰতাৰণা, লাঞ্ছনা-বঞ্চনা, দমন-উৎপীড়নৰ বাহিৰে আন একোকেই দিয়া নাই। এই বিবৃতি এন এছ চি এন/জি পি আৰ এন আৰু আলফা (স্বা)য়ে যৌথভাৱে জাৰি কৰে।
Read More