Dipshikha

2951 Posts
আজি অভিৰুচি ক্ৰীড়া দিৱস

আজি অভিৰুচি ক্ৰীড়া দিৱস

আজি অভিৰুচি ক্ৰীড়া দিৱস। অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন কৰা হৈছে অভিৰুচি ক্ৰীড়া দিৱস।১৯৮৪ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যত পালন কৰা হৈছিল অভিৰুচি ক্ৰীড়া দিৱস। তেতিয়াৰ পৰা আজিৰ দিনটোলৈকে প্ৰতি বছৰে পালন কৰি অহা হৈছে এই ক্ৰীড়া দিৱসটি। অভিৰুচি ক্ৰীড়া দিৱসৰ অংশ হিচাপে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দৌৰ, সাংস্কৃতিক অনুষ্ঠান আদি আয়োজন কৰা হয়। ইয়াৰ লগতে ক্ৰীড়া ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱা খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়।
Read More
হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন

হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন

উত্তৰাখণ্ডৰ পিছত এইবাৰ হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন । মঙলবাৰে ৰাজ্যখনৰ মাণ্ডি জিলাৰ সুন্দৰনগৰ মহকুমাৰ জংগম বাগত হোৱা ভূমিস্খলনৰ ফলত ৩ বছৰীয়া শিশুসহ প্ৰায় ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো লোক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে ।ধাৰাসাৰ বৰষুণৰ ফলতে এই ভূমিস্খলন হোৱাৰ খবৰ পোৱা গৈছে । জানিব পৰা মতে নিশা প্ৰায় ৬.৩০ বজাত পাহাৰৰ এটা বৃহৎ অংশ হঠাতে খহি দুটা ঘৰৰ ওপৰত পৰে । যাৰ ফলত ঘৰৰ ভিতৰত থকা লোকসকল আবদ্ধ হৈ পৰে । বিষয়াসকলৰ মতে এই পৰ্যন্ত ৬ টা মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ।
Read More
কৰ্দৈৰ আছে আশ্বৰ্যজনক উপকাৰিতা, জানিলে তবধ মানিব আপুনি

কৰ্দৈৰ আছে আশ্বৰ্যজনক উপকাৰিতা, জানিলে তবধ মানিব আপুনি

কৰ্দৈ হৈছে এক উপকাৰী ফল, যাৰ বহু স্বাস্থ্যগত উপকাৰিতা আছে, যেনে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰা, ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰা, ওজন কমাবলৈ সহায় কৰা, হজম শক্তি বৃদ্ধি কৰা, আৰু শৰীৰক পানী যোগান ধৰা। ই এক প্ৰাকৃতিক শীতল পদাৰ্থ হিচাপেও কাম কৰে আৰু তেজ পৰিশোধন কৰাত সহায় কৰে। ইয়াত ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট থাকে, যাৰ বাবে ইয়াক বিভিন্ন ৰোগৰ প্ৰতিৰোধত উপযোগী বুলি ধৰা হয়। গ্ৰাম্য জীৱনত কৰ্দৈ অতি জনপ্ৰিয় টেঙা হিচাপে খোৱা হয়। নিমখ জলকীয়া সানি কেঁচাই খোৱাৰ উপৰি বহুতেই ইয়াৰ ৰান্ধিও খায়। ইয়াৰ উপকাৰীতা সমূহ জানো আহক:-যথেষ্ট ফাইবাৰ সমৃদ্ধিশালী হোৱা হেতুকে দেহত কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ইয়াত থকা ফাইবাৰ সমূহে দেহৰ…
Read More
কলকাতা অভিমুখী ইণ্ডিগ’ৰ বিমানত চৰাইৰ খুন্দা

কলকাতা অভিমুখী ইণ্ডিগ’ৰ বিমানত চৰাইৰ খুন্দা

ইণ্ডিগ’ৰ এই বিমানখন নাগপুৰৰ পৰা কলকাতা অভিমুখে ৰাওনা হৈছিল। কিন্তু চৰাইৰ খুন্দাৰ বাবে বিমানখন নাগপুৰতে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। চৰাইৰ সৈতে সংঘৰ্ষৰ ফলত বিমানখনৰ সন্মুখৰ অংশ ক্ষতিগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে। এই ঘটনাৰ সন্মুখীন হোৱা বিমানখনত মুঠ ২৭২ জন যাত্ৰী আছিল বুলি খবৰ প্ৰকাশ পাইছে।অৱশ্যে চৰাইৰ খুন্দাৰ পিছতে বিমানখনৰ পাইলটে সময়মতে লোৱা তাৎক্ষণিক ব্যৱস্থাৰ বাবে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। সম্প্ৰতি বিমানখনৰ সকলো যাত্ৰী তথা কৰ্মচাৰী সুৰক্ষিত আৰু কোনো ধৰণৰ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি, চৰাইৰ সৈতে খুন্দা মৰাৰ পিছতে বিমানখনে বতাহতে লৰচৰ কৰিবলৈ ধৰিলে।বিগত ১২ জুনত সংঘটিত হোৱা আহমেদাবাদৰ শোকাৱহ দুৰ্ঘটনা এতিয়াও…
Read More
১ ছেপ্টেম্বৰৰ পৰা প্ৰব্ৰজন আৰু বিদেশী আইন ২০২৫ৰ নিয়ম কাৰ্যকৰী কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে

১ ছেপ্টেম্বৰৰ পৰা প্ৰব্ৰজন আৰু বিদেশী আইন ২০২৫ৰ নিয়ম কাৰ্যকৰী কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে

২০২৫ চনৰ ১ ছেপ্টেম্বৰৰ পৰা প্ৰব্ৰজন আৰু বিদেশী আইন ২০২৫ৰ নিয়ম কাৰ্যকৰী কৰিছে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে। এই বিধেয়কখন ২০২৫ চনৰ এপ্ৰিল মাহত সংসদত গৃহীত হৈছিল আৰু এতিয়া ইয়াৰ অধিসূচনা মন্ত্ৰালয়ে জাৰি কৰিছে।নতুন নিয়মৰ অধীনত ব্যুৰো অৱ ইমিগ্ৰেচনক আৰু অধিক ক্ষমতা প্ৰদান কৰা হৈছে, যাতে ই বিদেশী নাগৰিকৰ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ অধিক ফলপ্ৰসূভাৱে কৰিব পাৰে। গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে, এই নিয়মসমূহ তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব, যাতে দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু আইনী ব্যৱস্থা সুদৃঢ় কৰিব পৰা যায়। এই নতুন নিয়ম অনুসৰি যদি কোনো বিদেশী নাগৰিকে নিয়ম উলংঘা কৰি ভাৰতত প্ৰৱেশ কৰে, তেন্তে ব্যুৰো অৱ ইমিগ্ৰেচনে তেওঁক বিতাড়িত কৰাৰ সাংবিধানিক অধিকাৰ লাভ…
Read More
প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে বিশ্বৰ ভিন্ন স্থানত সৃষ্টি কৰিছে প্ৰলয়ৰ

প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে বিশ্বৰ ভিন্ন স্থানত সৃষ্টি কৰিছে প্ৰলয়ৰ

ভূমিস্খলনৰ ধ্বংসলীলা ইমানেই প্ৰবল হৈ পৰে যে পশ্চিম চুডানৰ মাৰা পাহাৰীয়া অঞ্চলত এখন গাঁও সম্পূৰ্ণৰূপে ধ্বংস হয়। এই ভয়াৱহ দুৰ্যোগত জাহ যোৱা গাঁওখনত মাত্ৰ এটি শিশুহে জীৱিত অৱস্থাত আছে বুলি খবৰ প্ৰকাশ পাইছে।প্ৰকৃতিৰ ৰুদ্ৰ ৰূপে বিশ্বৰ ভিন্ন স্থানত সৃষ্টি কৰিছে প্ৰলয়ৰ। দেশৰ ভিন্ন প্ৰান্তত শেহতীয়া কিছুদিনৰ প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহু লোকৰ মৃত্যুৰ খবৰ পোহৰলৈ আহিছে। ইফালে চুবুৰীয়া দেশ আফগানিস্তানত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পই দেশখনত একপ্ৰকাৰে মৃত্যুলীলা চলাইছে। এইপৰ্যন্ত ভূমিকম্পৰ ফলত আফগানিস্তানত ৮০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱা বুলি প্ৰকাশ পাইছে। এই ঘটনাই বিশ্বজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। আফগানিস্তানৰ এই হৃদয় বিদাৰক ঘটনাৰ মাজতে প্ৰকৃতিৰ ৰোষত পৰিছে আন এখন দেশ। সোমবাৰে…
Read More
মাহেকীয়াৰ বিষ নিয়ন্ত্ৰণত ৩টা ছুপাৰফুডে আপোনাৰ চেষ্টা সহজ কৰি তুলিব

মাহেকীয়াৰ বিষ নিয়ন্ত্ৰণত ৩টা ছুপাৰফুডে আপোনাৰ চেষ্টা সহজ কৰি তুলিব

মাহেকীয়াৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিমাহে বিষনাশক ঔষধ সেৱন কৰাটো স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। সেয়ে মাহেকীয়াৰ সময়ত হোৱা বিষৰ পৰা উপশমৰ বাবে কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰি। মাহেকীয়াৰ বিষ নিয়ন্ত্ৰণত ৩টা ছুপাৰফুডে আপোনাৰ চেষ্টা সহজ কৰি তুলিব পাৰে।কিছুলোকৰ ক্ষেত্ৰত এই বিষৰ সমস্যা নাথাকে যদিও বহু যুৱতী তথা মহিলাই অসহ্যকৰ বিষৰ যন্ত্ৰণা ভুগিবলগা হয়। এনে বিষৰ বাবে ঋতুস্ৰাৱৰ দিনকেইটাত যুৱতী–মহিলাসকলে যথেষ্ট অসুবিধাৰ মাজেৰে পাৰ কৰিবলগা হয়।মাহেকীয়াৰ বিষ নিয়ন্ত্ৰণত ৩টা ছুপাৰফুডে আপোনাৰ চেষ্টা সহজ কৰি তুলিব পাৰে। জানো আহক এই বিষয়ে–আয়ুৰ্বেদত হালধিৰ অনেক গুণৰ বিষয়ে উল্লেখ কৰা হৈছে। গাখীৰত এচিকুট হালধি মিহলাই খালে শৰীৰৰ যিকোনো বিষ কম হয়। পিৰিয়ডৰ সময়ত…
Read More
আজি দুয়োগৰাকী নেতাই মনোনয়ন দাখিল কৰে

আজি দুয়োগৰাকী নেতাই মনোনয়ন দাখিল কৰে

বিপিএফ প্ৰধান হাগ্ৰামাই এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ পৰা। ইফালে এই সমষ্টিৰ পৰা হাগ্ৰামাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ইউপিপিএলৰ খাম্পা বৰগয়াৰীয়ে। আজি দুয়োগৰাকী নেতাই মনোনয়ন দাখিল কৰে।
Read More
পুনৰ পোহৰলৈ আহিছে এক জঘন্য ঘটনা

পুনৰ পোহৰলৈ আহিছে এক জঘন্য ঘটনা

পুনৰ পোহৰলৈ আহিছে এক জঘন্য ঘটনা। এগৰাকী স্কুলীয়া ছাত্ৰীৰ লগত ভয়ংকৰ কাণ্ড সংঘটিত কৰে তেওঁৰ সতীৰ্থই। তাৰ পাছতে বৰ্তমান ছাত্ৰীগৰাকী হাস্পাতালত ভৰ্তি হৈ আছে।জানিব পৰা মতে, এগৰাকী স্কুলীয়া ছাত্ৰীক প্ৰথমে অপহৰণ আৰু পাছত ধৰ্ষণ কৰে তেওঁৰেই সতীৰ্থই। এই কাণ্ড ইমানেই ভয়ংকৰ আছিল যে ঘটনাৰ পাছতে ছাত্ৰীগৰাকীৰ ব্যক্তিগত অংগৰ লগতে অন্য অংগ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বাঞ্চবাৰা জিলাৰ ঘাটোলা থানাৰ অন্তৰ্গত এটা অঞ্চলত।ঘটনাৰ পাছদিনা পুৱা সংকটজনক অৱস্থাত ৰাস্তাৰ কাষত ছাত্ৰীগৰাকীক পেলাই থৈ অভিযুক্তই পলায়ন কৰে। ৰাস্তাত এনেদৰে পৰি থকা দেখি স্থানীয় লোকে ছাত্ৰীগৰাকীক লগে লগে চিকিৎসালয়লৈ লৈ যায়। কিন্তু অৱস্থা গুৰুতৰ হোৱাৰ বাবে তেওঁক উদয়পুৰলৈ প্ৰেৰণ কৰা…
Read More
হাউলীত ধৰা পৰিছে ১৩ গৰাকী ৰোহিংগীয়া

হাউলীত ধৰা পৰিছে ১৩ গৰাকী ৰোহিংগীয়া

ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে বৰপেটাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। জিলাখনৰ হাউলীত ধৰা পৰিছে ১৩ গৰাকী ৰোহিংগীয়া। সন্দেহজনক চাল-চলন লক্ষ্য কৰি স্থানীয় লোকে আৰক্ষীক গটাই দিয়ে পুৰুষ-মহিলা আৰু শিশুসহ ১৩ জনীয়া দলটোক।ভাৰতত প্ৰৱেশৰ পাছত অসম হৈয়েই নতুন দিল্লী আৰু জম্মু-কাশ্মীৰলৈ গৈছিল এই দলটো। সেই সময়ত দালালে পাৰ কৰাইছিল তেওঁলোকক। কিন্তু এতিয়া তেওঁলোকে অকলেই প্ৰৱেশ কৰিছিল অসমত।ইপিনে ৰোহিংগীয়া কেইজনে পুনৰ বাংলাদেশৰ শৰণাৰ্থী শিবিৰলৈ উভতি যোৱাৰ বাবে অসমলৈ অহাৰ দাবী কৰিছে যদিও আৰক্ষীৰ তদন্তে সকলো কথা স্পষ্ট হ’ব।সম্প্ৰতি আটকাধীন ৰোহিংগীয়া কেইজনক সোধা-পোচা কৰি আছে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰা ৰোহিংগীয়া কেইজন হৈছে মহম্মদ ৰফিক, নুৰ আলী, মহম্মদ…
Read More