পুনৰ পোহৰলৈ আহিছে এক জঘন্য ঘটনা

পুনৰ পোহৰলৈ আহিছে এক জঘন্য ঘটনা। এগৰাকী স্কুলীয়া ছাত্ৰীৰ লগত ভয়ংকৰ কাণ্ড সংঘটিত কৰে তেওঁৰ সতীৰ্থই। তাৰ পাছতে বৰ্তমান ছাত্ৰীগৰাকী হাস্পাতালত ভৰ্তি হৈ আছে।জানিব পৰা মতে, এগৰাকী স্কুলীয়া ছাত্ৰীক প্ৰথমে অপহৰণ আৰু পাছত ধৰ্ষণ কৰে তেওঁৰেই সতীৰ্থই। এই কাণ্ড ইমানেই ভয়ংকৰ আছিল যে ঘটনাৰ পাছতে ছাত্ৰীগৰাকীৰ ব্যক্তিগত অংগৰ লগতে অন্য অংগ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ বাঞ্চবাৰা জিলাৰ ঘাটোলা থানাৰ অন্তৰ্গত এটা অঞ্চলত।ঘটনাৰ পাছদিনা পুৱা সংকটজনক অৱস্থাত ৰাস্তাৰ কাষত ছাত্ৰীগৰাকীক পেলাই থৈ অভিযুক্তই পলায়ন কৰে। ৰাস্তাত এনেদৰে পৰি থকা দেখি স্থানীয় লোকে ছাত্ৰীগৰাকীক লগে লগে চিকিৎসালয়লৈ লৈ যায়। কিন্তু অৱস্থা গুৰুতৰ হোৱাৰ বাবে তেওঁক উদয়পুৰলৈ প্ৰেৰণ কৰা হয়। স্বাস্থ্য পৰীক্ষাৰ অন্তত চিকিৎসকে কয় যে, ছাত্ৰীগৰাকীয়ে ব্যক্তিগত অংশ, মলদ্বাৰ, জৰায়ু আৰু মেৰুদণ্ডত যথেষ্ঠ আঘাত পাইছে।এই জঘন্য কাণ্ডই সমগ্ৰ অঞ্চল জোকাৰি গৈছে। অপহৰণ, ধৰ্ষণৰ অভিযোগত ভুক্তোভোগীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে ছাত্ৰীগৰাকীৰ মাতৃয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *