Dipshikha

2951 Posts
ভাৰত-নেপাল সীমান্তত কঠোৰ সতৰ্কতা জাৰি কৰিছে সশস্ত্ৰ সীমান্ত বলে

ভাৰত-নেপাল সীমান্তত কঠোৰ সতৰ্কতা জাৰি কৰিছে সশস্ত্ৰ সীমান্ত বলে

ভাৰত-নেপাল সীমান্তত কঠোৰ সতৰ্কতা জাৰি কৰিছে সশস্ত্ৰ সীমান্ত বলে। ইয়াৰ বাহিৰেও ভাৰতৰ বাবে মূৰৰ কামোৰণি চীনৰ উপস্থিতি বা অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা।এই অশান্তিৰ বাবেই ভাৰত-নেপাল সীমান্তত এছ এছ বি বা সশস্ত্ৰ সীমান্ত বলে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। ফলত বাণিজ্যৰ পৰা আৰম্ভ কৰি নিৰাপত্তালৈকে একাধিক বিষয়ত ভাৰতৰ উদ্বেগ বাঢ়িছে। ইয়াৰ মাজতে চীনৰ উপস্থিতিৰ সম্ভাৱনাই ভাৰতৰ মূৰৰ কামোৰণিৰ এক প্ৰধান কাৰণ। এই পৰিস্থিতিয়ে দুয়োখন দেশৰ বাণিজ্যত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকল সমস্যাৰ সন্মুখীন হৈছে। কেৱল বাণিজ্যই নহয়, নিৰাপত্তাও অতি গুৰুত্বপূৰ্ণ। মুকলি সীমান্তৰ সুবিধা লৈ জাল নোট, ড্ৰাগছ সৰবৰাহ, মানৱ সৰবৰাহৰ দৰে অবৈধ কাৰ্যকলাপ বৃদ্ধি পাব পাৰে বুলি আশংকা…
Read More
দুবৰি বনৰ উপকাৰিতা

দুবৰি বনৰ উপকাৰিতা

ভাৰতীয় পৰম্পৰাত দূবৰি বনৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ । সকলো ধৰণৰ পূজাত ব্যৱহাৰ হোৱাৰ লগতে ইয়াৰ ঔষধি গুণৰ বিষয়ে জানিলে আপুনিও আচৰিত হ'ব !দুবৰি বন এক ঔষধি উদ্ভিদ, যাৰ বহু উপকাৰিতা আছে। ইয়াৰ বৈজ্ঞানিক নাম Cynodon dactylon। দুবৰি বন ভাৰতীয় সংস্কৃতিত বিশেষ স্থান লাভ কৰে আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও দুবৰি বন স্বাস্থ্যৰ বাবেও উপকাৰী। দুবৰি বনৰ কিছুমান উপকাৰিতা এনেধৰণৰ:ৰক্তপিত্ত বেমাৰত উপকাৰী:তেজ ওলোৱা, যেনে তেজবমি বা শৌচ-প্ৰস্ৰাৱৰ দ্বাৰা তেজ ওলোৱা আদি সমস্যাত দুবৰি বনৰ ৰস উপকাৰী, Vikaspedia-য়ে কৈছে। দুবৰি বনৰ ৰস অলপ চেনি বা মৌৰ সৈতে মিহলাই খালে এই সমস্যা দূৰ হয়।ছালৰোগত উপকাৰী:দুবৰি বনৰ ৰস ছালৰ বিভিন্ন…
Read More
জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

জম্মু-কাশ্মীৰত পুনৰ সংঘটিত হৈছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। উপত্যকাটোৰ কুলগামত কালিৰে পৰা অব্যাহত আছে নিৰাপত্তা বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযান। আজি পুৱাৰ পৰা নিৰাপত্তা বাহিনীয়ে পুনৰ কুলগামত সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে। এই অভিযানৰ সময়ত এতিয়ালৈকে ২ জন সন্ত্ৰাসবাদী নিহত হৈছে। স্থানীয় এগৰাকী বিষয়াই সদৰী কৰা মতে, নিহত দুই সন্ত্ৰাসবাদীৰ ভিতৰত এজনক পাকিস্তানৰ নাগৰিক বুলি ধাৰণা কৰা হৈছে।এই অভিযানৰ সময়ত চুবেদাৰ প্ৰভাত গৌৰ আৰু লেন্স নাইক নৰেন্দ্ৰ সিন্ধু নামৰ দুজন জোৱানে প্ৰাণ হেৰুৱায়। সংঘৰ্ষত এজন সেনা মেজৰো আহত হয়। অৱশ্যে বিষয়াগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সম্প্ৰতি সংকটমুক্ত বুলি জানিব পৰা গৈছে।
Read More
হিমাচল প্ৰদেশ হ’ল দেশৰ চতুৰ্খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য

হিমাচল প্ৰদেশ হ’ল দেশৰ চতুৰ্খন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য

এখন ৰাজ্যক "সম্পূৰ্ণ সাক্ষৰ" বুলি তেতিয়াহে কোৱা হয়, যেতিয়া ইয়াৰ ১৫ বছৰৰ ওপৰৰ জনসংখ্যাৰ ৯৫ শতাংশতকৈ অধিক লোকে পঢ়িব আৰু লিখিব পাৰে, লগতে মৌলিক হিচাপ-নিকাচ কৰিব পাৰে। এই তালিকাত ত্ৰিপুৰা, মিজোৰাম, গোৱা আৰু লাডাখৰ পাছত যোগ হ'ল আন এখন ৰাজ্য।নতুনকৈ সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে হিমাচল প্ৰদেশক। ৰাজ্যখনক “সম্পূৰ্ণ সাক্ষৰ ৰাজ্য” হিচাপে ঘোষণা কৰাটো শিক্ষাৰ ক্ষেত্ৰত এক ঐতিহাসিক কৃতিত্ব বুলি অভিহিত কৰা হৈছে। এই সাফল্যৰ কথা ঘোষণা কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে।
Read More
অৱশেষত সকাহ পালে নন্দিনী কাশ্যপে

অৱশেষত সকাহ পালে নন্দিনী কাশ্যপে

অৱশেষত সকাহ পালে নন্দিনী কাশ্যপে । হিট এণ্ড ৰাণৰ গোচৰত আদালতত জামিন লাভ কৰিলে অভিনেত্ৰীগৰাকীয়ে । কামৰূপ সত্ৰ ন্যায়াধীশ আদালতে জামিন মঞ্জুৰ কৰে অভিনেত্ৰীগৰাকীৰ ।অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ ভাষ্য গ্ৰহণৰ পিছত আদালতে অভিনেত্ৰী নন্দিনী কাশ্যপক জামিন প্ৰদান কৰে । যোৱা ১ আগষ্টৰ পৰা কাৰাবন্দী হৈ আছিল নন্দিনী কাশ্যপ । প্ৰথম অৱস্থাত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল নন্দিনী কাশ্যপক ।জামিন সন্দৰ্ভত অধিবক্তা বিজন মহাজনে কয়, ''আৰক্ষীৰ উপযুক্ত তথ্য প্ৰমাণৰ অভাৱত জামিন লাভ কৰিলে নন্দিনী কাশ্যপে । আৰক্ষীয়ে সন্নিবিষ্ট কৰা ১০৫ ধাৰা যুক্তিহীন আছিল । নন্দিনীৰ বিৰুদ্ধে আছিল Drink and driver ৰ অভিযোগ । কিন্তু আৰক্ষীয়ে আদালতত তথ্য প্ৰমাণ…
Read More
কাঠমাণ্ডুত হিংসাত্মক প্ৰতিবাদ

কাঠমাণ্ডুত হিংসাত্মক প্ৰতিবাদ

চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ পাচতে কাঠমাণ্ডুত হিংসাত্মক প্ৰতিবাদ । পদত্যাগ কৰিলে নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখাকে ।শেহতীয়াকৈ জানিব পৰা মতে, সোমবাৰে সন্ধিয়া দেশৰ গৃহমন্ত্ৰী ৰমেশ লেখাকে পদৰ পৰা পদত্যাগ কৰে । খবৰ অনুসৰি এই ঘটনাক লৈ অনুষ্ঠিত হোৱা জৰুৰী কেবিনেট বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক পদত্যাগ পত্ৰ দাখিল কৰে লেখকে ।কাঠমাণ্ডুৰ বিভিন্ন স্থানৰ লগতে আন আন জিলাসমূহতো হিংসাত্মক প্ৰতিবাদক বাধা দিবলৈ ইতিমধ্যে কাৰ্ফিউ জাৰি কৰা হৈছে । কাঠমাণ্ডুৰ পৰা প্ৰায় ২৭০ কিলোমিটাৰ নিলগৰ ৰূপাণ্ডেহী জিলা প্ৰশাসনৰ কাৰ্যালয়ে সোমবাৰে বিয়লি ৪ বজাৰ পৰা ১০ বজালৈ বুটৱাল আৰু ভৈৰহাৱাত সান্ধ্য আইন জাৰি কৰিছে ।দুর্নীতি আৰু ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰোধিতা…
Read More
কেৱল অসমতেই নহয় বিশ্বৰ প্ৰান্তে প্ৰান্তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সুঁৱৰিছে অজস্ৰ গুণমুগ্ধই

কেৱল অসমতেই নহয় বিশ্বৰ প্ৰান্তে প্ৰান্তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সুঁৱৰিছে অজস্ৰ গুণমুগ্ধই

কেৱল অসমতেই নহয় বিশ্বৰ প্ৰান্তে প্ৰান্তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সুঁৱৰিছে অজস্ৰ গুণমুগ্ধই। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সুধাকণ্ঠলৈ জনাইছে সশ্ৰদ্ধ প্ৰণাম। ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ তত্বাৱধানত "বিস্তীৰ্ণ পৰৰে: শদিয়াৰ পৰা ধুবুৰীলৈ সংগীত যাত্ৰা" আৰম্ভ কৰিছে।বিশ্ব বৰণ্য শিল্পী সুধাকণ্ঠ ভূপেন হাজৰিকাৰ আজি ৯৯ সংখ্যক জন্মদিন। তেওঁৰ জন্মদিনটো অতি উলহ-মালহেৰে উদযাপন কৰিছে অসমীয়াই। শদিয়াৰ পৰা ধুবুৰীলৈ বৈ যোৱা ব্ৰহ্মপুত্ৰই অসমৰ বৈচিত্ৰময় জাতি-সাংস্কৃতিক, ভাষিক জনগোষ্ঠীসমূহক একত্ৰিত কৰি দীৰ্ঘদিন ধৰি অসমৰ জীৱনৰেখা হৈ আহিছে। ড° হাজৰিকাই এই নদীখনক মানৱতাৰ বাবে এক উপমালৈ ৰূপান্তৰিত কৰিলে- ইয়াৰ সীমাহীনতাই তেওঁৰ সাৰ্বজনীন সমতা, বন্ধুত্ব আৰু ন্যায়ৰ বাৰ্তাক প্ৰতিফলিত কৰিছিল। তেওঁৰ সংগীতত…
Read More
চৰকাৰৰ সিদ্ধান্তৰ পিছতে উত্তাল প্ৰতিবাদ।জাৰি কৰা হৈছে সান্ধ্য আইন।

চৰকাৰৰ সিদ্ধান্তৰ পিছতে উত্তাল প্ৰতিবাদ।জাৰি কৰা হৈছে সান্ধ্য আইন।

জেন-জেড অৰ্থাৎ নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ভাৰতৰ এখন চুবুৰীয়া দেশ। এই প্ৰতিবাদে ক্ৰমাৎ ধাৰণ কৰিছে উগ্ৰ ৰূপ। আৰক্ষী-প্ৰশাসনৰ বাধা নেওচিত উন্মত্ত প্ৰতিবাদকাৰীয়ে আনকি প্ৰৱেশ কৰিছে সংসদতো। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছে। লগতে জাৰি কৰা হৈছে সান্ধ্য আইন। এই পৰিস্থিতিৰ উদ্ভৱ হৈছে নেপালত। নেপাল চৰকাৰে বহুকেইটা ছ’চিয়েল মিডিয়া এপ দেশত নিষিদ্ধ কৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ।আৰক্ষী-প্ৰশাসনৰ বাধা নেওচিত উন্মত্ত প্ৰতিবাদকাৰীয়ে আনকি প্ৰৱেশ কৰিছে সংসদতো। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছে। লগতে জাৰি কৰা হৈছে সান্ধ্য আইন।প্ৰধানমন্ত্ৰী কে পি অলিৰ চৰকাৰে যোৱা ৪ ছেপ্টেম্বৰত ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, হোৱাটছএপ, ৰেডিট আৰু এক্সৰ…
Read More
আফগানিস্তানত সংঘটিত হোৱা ভূমিকম্পত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহু গাঁও ধ্বংস

আফগানিস্তানত সংঘটিত হোৱা ভূমিকম্পত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহু গাঁও ধ্বংস

১ ছেপ্টেম্বৰত আফগানিস্তানত সংঘটিত হোৱা ভূমিকম্পত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে বহু গাঁও ধ্বংস হৈছিল। আতংকিত হৈ বহু লোক এতিয়াও নিজ ঘৰলৈ উভতি অহা নাই আৰু মুকলি আকাশৰ তলত বাস কৰিবলৈ লৈছে। সাহায্যৰ গতি লেহেমীয়া হোৱাৰ লগতে আটাইতকৈ বেছি কষ্ট ভুগীবলগীয়া হৈছে শিশুসকলে। ইফালে পৰিস্থিতি অধিক ভয়াৱহ হ’ব পাৰে বুলি সকীয়াই দিছে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে।এতিয়াও বহু আফগান লোকে নিজৰ ভগ্ন গাঁওলৈ উভতি যাবলৈ অস্বীকাৰ কৰিছে। তেওঁলোকে আশংকা কৰিছে যে পুনৰ কম্পন আহিব পাৰে আৰু যিকোনো সময়তে পাহাৰৰ পৰা গধুৰ শিল খহি পৰিব পাৰে। পথাৰ, পথ, নদীৰ পাৰত মুকলি আকাশৰ তলত মানুহে জীৱন নিৰ্বাহ কৰি আছে। বহুতৰে থাকিবলৈ নাই তম্বু।
Read More
শিলচৰৰ এজন যুৱকক পিষ্টলৰে আক্ৰমণ

শিলচৰৰ এজন যুৱকক পিষ্টলৰে আক্ৰমণ

পিষ্টলৰে শিলচৰৰ এজন যুৱকক আক্ৰমণ কৰাৰ অভিযোগত মিজোৰামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধৃত যুৱকদ্বয় মিজোৰাম আইজলৰ টুইকোৱালৰ ডেভিড মাৰ আৰু খ্ৰীষ্টোফাৰ ভানলালপেকা। ধৃত দুই যুৱকৰ পৰা শিলচৰ আৰক্ষীয়ে এটা অষ্ট্ৰিয়ান মেড গ্লক এয়াৰ গান পিষ্টল, মেগজিনসহ ৬টা সক্ৰিয় গুলি, এটা আইফোন, এটা CO2 গেছ চেল, ১৬ ৰাউণ্ড বুলেট, এটা চাৰ্জাৰ, নগদ ২০ হাজাৰ টকা আৰু নগদ, মুঠ ২ হাজাৰ টকা নগদ ধন, এখন হিৰো এখন মটৰ চাইকেল জব্দ কৰে।
Read More