Dipshikha

2951 Posts
অসমীয়াৰ বুকু শুধা কৰি অচিন দেশলৈ গ’লগৈ মৰমৰ জুবিন

অসমীয়াৰ বুকু শুধা কৰি অচিন দেশলৈ গ’লগৈ মৰমৰ জুবিন

অসমীয়াৰ বুকু শুধা কৰি অচিন দেশলৈ গ’লগৈ মৰমৰ জুবিন। অকালতে হাৰ্টথ্ৰৱক হেৰুৱাই ভাগি পৰিছে সকলো। আজি নিৰৱে হৈ ৰৈছে গুৱাহাটী মহানগৰ।জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ২০২৫ চনৰ ২০-২২ ছেপ্টেম্বৰলৈ ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাতস্থগিত থাকিব সকলো চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠান, আনুষ্ঠানিক কাৰ্যসূচী আৰু ৰাজহুৱা উৎসৱ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে এই সিদ্ধান্ত।
Read More
মছজিদত সংঘটিত হয় ভয়ংকৰ ড্ৰ’ণ আক্ৰমণ

মছজিদত সংঘটিত হয় ভয়ংকৰ ড্ৰ’ণ আক্ৰমণ

বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধসদৃশ পৰিবেশৰ মাজতে পুনৰ পোহৰলৈ আহিছে ভয়ংকৰ কাণ্ড। এটা মছজিদত সংঘটিত হয় ভয়ংকৰ ড্ৰ'ণ আক্ৰমণৰ ঘটনা। যাৰ ফলত ৪০ জনৰো অধিক লোকৰ মৃত্যু হয়।বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া চলি আছে অৰাজকতাময় পৰিস্থিতি। জানিব পৰা মতে, শুকুৰবাৰে পুৱা চুডানৰ উত্তৰ দাৰফুৰৰ ৰাজধানী আল-ফাশ্বাৰ চহৰৰ মছজিদত ড্ৰ’ণ আক্ৰমণ চলে। নামাজ পঢ়ি থকাৰ মাজতে চলা এই আক্ৰমণৰ ফলত প্ৰায় ৪৩ জন লোকৰ মৃত্যু হয়। এইসকলৰ ভিতৰত শিশু আৰু বৃদ্ধও আছে। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Read More
শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হ’ব চি আই ডিৰ তদন্ত

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হ’ব চি আই ডিৰ তদন্ত

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে হ'ব চি আই ডিৰ তদন্ত। এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে চি আই ডিৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ। সামাজিক মাধ্যমৰ জৰিয়তে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিনৰ মেজেজাৰ সিদ্ধাৰ্থৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ চি আই ডিলৈ স্থানান্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।পুৱা ভাগত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে,মৰিগাঁও থানাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে। সেই এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে। গতিকে এই সন্দৰ্ভত তদন্ত নিশ্চিতভাৱে হ’ব বুলি ঘোষণা…
Read More
মাটিৰ তলৰ পৰা যোৱা এটা সপ্তাহত পালে আঠটাকৈ মূল্যৱান হীৰাৰ টুকুৰা

মাটিৰ তলৰ পৰা যোৱা এটা সপ্তাহত পালে আঠটাকৈ মূল্যৱান হীৰাৰ টুকুৰা

এগৰাকী মহিলাই তেওঁৰ পথাৰত কাম কৰি থাকোতে মাটিৰ তলৰ পৰা যোৱা এটা সপ্তাহত পালে আঠটাকৈ মূল্যৱান হীৰাৰ টুকুৰা ৷ঘটনাটো মধ্য প্ৰদেশৰ ৷ মধ্য প্ৰদেশৰ পন্না নামৰ অঞ্চলটো মূল্য়ৱান হীৰাৰ বাবে বিখ্যাত ৷ পন্নাত আছে একাধিক হীৰাৰ খনি ৷ আনকি ইয়াৰ বাবে চৰকাৰীভাৱে এটা বিশেষ দপ্তৰো আছে ৷পন্নাৰ এগৰাকী মহিলাই তেওঁৰ পথাৰত মাটিৰ তলৰ পৰা যোৱা এটা সপ্তাহত পালে আঠটাকৈ মূল্যৱান হীৰাৰ টুকুৰা ৷ মহিলাগৰাকীৰ নাম ৰস্না গৌলদাৰ ৷ পন্নাৰ বৰগডী গাওঁ পঞ্চায়তৰ বাসিন্দা ৰস্নাৰ স্বামীৰ নাম ৰাধা ৰমন গৌলদাৰ ৷ ৰস্নাৰ নামতেই তেওঁলোকৰ খেতিৰ পথাৰখন পঞ্জীয়ন হৈ আছে ৷
Read More
৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে

৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে

৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে। শেহতীয়া ASDMA ৰ বুলেটিনত প্ৰকাশ পাইছে যে, গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ, কাৰ্বি আংলং, নগাঁও, আৰু কাছাৰ জিলাৰ ২৭৪ খন গাঁও আৰু ৪,১৯০ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে।বানৰ কৱলত পৰিছে ২২,০১৬ জন লোক। ইয়াৰ ভিতৰত ৮,৯৮০ জন পুৰুষ, ৮,১৯৯ জন মহিলা আৰু ৪,৮৩৭ জন শিশু। বৰ্তমানলৈকে ১১৩টা সাহায্য শিবিৰত ৬,৮৩৮ জন আশ্ৰয় দিয়া হৈছে, আনহাতে প্ৰায় ৪৭,৬৪৪ জনক সাহায্য বিতৰণৰ কেন্দ্ৰৰ জৰিয়তে সহায় কৰা হৈছে।ৰাজ্যত ভদীয়া বানৰ কালৰূপ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, ৬ খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ভদীয়া বানত ক্ষতিগ্ৰস্ত হৈছে।
Read More
আজি বিশ্বকৰ্মা পূজা

আজি বিশ্বকৰ্মা পূজা

আজি বিশ্বকৰ্মা পূজা। এই পূজা ঐশ্বৰিক শিল্পী বিশ্বকৰ্মাৰ আশীৰ্বাদ বিচাৰি আয়োজন কৰা হয়। বিশ্বকৰ্মাক বেদত জগতৰ সৃষ্টিকৰ্তা বুলি বৰ্ণনা কৰা হৈছে।বিশ্বকৰ্মা পূজা প্ৰতি বছৰে কন্যা সংক্ৰান্তিৰ দিনা পালন কৰা হয়। আজিৰ দিনটোতে সূৰ্য্যই ৰাশি সলনি কৰে। ভগৱান বিশ্বকৰ্মাক বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম অভিযন্তা আৰু খনিকৰ হিচাপে গণ্য কৰা হয়। এই দিনটোত শিপিনী, অভিযন্তা, আৰু শ্ৰমিকসকলে নিজৰ সঁজুলি, যন্ত্ৰ আৰু কৰ্মক্ষেত্ৰৰ পূজা কৰে।
Read More
ভক্তৰ বাবে পুনৰ মুকলি হৈছে বৈষ্ণো দেৱী যাত্ৰা

ভক্তৰ বাবে পুনৰ মুকলি হৈছে বৈষ্ণো দেৱী যাত্ৰা

মাতা বৈষ্ণো দেৱী ধামত পুনৰপ্ৰতিধ্বনিত হৈছে ‘জয় মাতা দি’ ধ্বনি। ৩ সপ্তাহৰ পিছত ভক্তৰ বাবে পুনৰ মুকলি হৈছে বৈষ্ণো দেৱী যাত্ৰা। একেৰাহে ২২ দিন বন্ধ হৈ থকা মা বৈষ্ণো দেৱী যাত্ৰা ১৭ ছেপ্টেম্বৰ বুধবাৰৰ পৰা ভক্তসকলৰ বাবে পুনৰ আৰম্ভ হৈছে।প্ৰথমে ১৪ ছেপ্টেম্বৰৰ পৰা এই যাত্ৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও ধাৰাবাহিক বৰষুণৰ বাবে যাত্ৰা পিছুৱাই দিয়া হয়। পলম হোৱাত হতাশ হৈ একাংশ ভক্তই কাটৰাৰ বঙাংগা দৰ্শনী গেটত নিৰাপত্তা বেষ্টনী ভংগ কৰাৰ চেষ্টাও কৰে।
Read More
শক্তি বাঢ়িছে ভাৰতীয় নৌসেনাৰ

শক্তি বাঢ়িছে ভাৰতীয় নৌসেনাৰ

শক্তি বাঢ়িছে ভাৰতীয় নৌসেনাৰ!আত্মনিৰ্ভৰ ভাৰত। সামৰিক সঁজুলি নিৰ্মাণত বৃদ্ধি পাইছে থলুৱা প্ৰযুক্তিৰ ওপৰত ভৰসা। নিজৰ শক্তি প্ৰতিনিয়ত বৃদ্ধি কৰিছে ভাৰতীয় নৌসেনাই। দহ বছৰৰ পাছত নৌসেনা কিমান শক্তিশালী হ’ব, তাৰো চলিছে পৰিকল্পনা। ২০৩৫ চনৰ ভিতৰত ২০০ ৰো অধিক যুদ্ধ জাহাজ আৰু ছাবমেৰিন নিজৰ সৈতে ৰখাৰ লক্ষ্য ভাৰতীয় নৌসেনাৰ। ইয়াৰ দ্বাৰা চীন আৰু পাকিস্তানৰ ক্ৰমবৰ্ধমান সামুদ্ৰিক প্ৰত্যাহ্বানৰ সৈতে সহজেই মোকাবিলা কৰিব পৰা যাব বুলি ধাৰণা কৰিছে নৌসেনাৰ বিষয়াসকলে।বৰ্তমান নৌসেনাৰ ১৪০খন যুদ্ধজাহাজ আৰু ১৭খন ছাবমেৰিন আছে। ইয়াৰ উপৰিও ২৫০ খনতকৈও অধিক বিমান আৰু হেলিকপ্টাৰ আছে। পৰিকল্পনা অনুসৰি অহা দশকত সেই সংখ্যা ২০০ৰো অধিক জাহাজ, ছাবমেৰিন আৰু প্ৰায় ৩৫০খন বিমানলৈ বৃদ্ধি কৰা হ’ব।
Read More
পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

যোৱা ১৪ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা ভাৰত-পাক মেচখনৰ সময়ত সামাজিক মাধ্যমত বয়কট এছিয়া কাপ ট্ৰেণ্ডিঙত থকা পৰিলক্ষিত হৈছিল। কিন্তু এতিয়া পুনৰ এবাৰ ভাৰত বনাম পাকিস্থান মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা গা কৰি উঠিছে।বহু বিতৰ্কৰ অন্তত যোৱা দেওবাৰে অনুষ্ঠিত হয় ভাৰত আৰু পাকিস্তানৰ মেচ। এছিয়া কাপ ২০২৫ৰ এই মেচখনক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা পৰিলক্ষিত হৈছিল যথেষ্ট বাদ-বিবাদ তথা বিতৰ্ক। মেচৰ সময়ত তথা পিছতো খেলুৱৈৰ কৰমৰ্দনক কেন্দ্ৰ কৰি আন এক বিতৰ্কৰ সূত্ৰপাত হয়। এই মেচখনৰ টছৰ সময়ত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে পাক অধিনায়ক ছলমান আলী আঘাৰ সৈতে কৰমৰ্দনৰ পৰা বিৰত থাকে। লগতে মেচৰ সমাপ্তিৰ পিছতো পাকিস্তানী খেলুৱৈৰ সৈতে কৰমৰ্দন নকৰে ভাৰতীয় খেলুৱৈসকলে।এনে পৰিস্থিতিত ২১…
Read More
বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু বানৰ প্ৰকোপত ৰাজ্য দুখনৰ পৰিস্থিতি দুৰ্বিষহ হৈ পৰিছে

বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু বানৰ প্ৰকোপত ৰাজ্য দুখনৰ পৰিস্থিতি দুৰ্বিষহ হৈ পৰিছে

বৰষুণ, ডাৱৰ বিস্ফোৰণ আৰু বানৰ প্ৰকোপত ৰাজ্য দুখনৰ পৰিস্থিতি দুৰ্বিষহ হৈ পৰিছে। এই দুৰ্যোগত মাণ্ডীত ৩ জন লোকৰ মৃত্যু হৈছে। প্ৰশাসনে জানিবলৈ দিয়া মতে, এই পৰ্যন্ত প্ৰায় ৬ জন লোক নিৰুদ্দেশ হৈ আছে। ডেৰাডুনত ডাৱৰ বিস্ফোৰণ সংঘটিত হোৱাৰ ফলস্বৰূপে ব্যাপক ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে।প্ৰশাসনে জানিবলৈ দিয়া মতে, এই পৰ্যন্ত প্ৰায় ৬ জন লোক নিৰুদ্দেশ হৈ আছে। আৰক্ষী আৰু এছডিআৰএফৰ দলে নিৰুদ্দিষ্ট লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে। ইফালে বানৰ সমান্তৰালকৈ ভূমিস্খলনেও এতিয়া নমাই আনিছে বিপদ। মাণ্ডী-কুল্লু ঘাইপথৰ বহু স্থানত ভূমিস্খলন সংঘটিত হোৱাৰ ফলস্বৰূপে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে।
Read More