Dipshikha

3124 Posts

সৰভোগত ড্ৰাগছ বিৰোধী সংবাদমেল

অসম চৰকাৰ তথা অসম আৰক্ষী কঠোৰ হোৱাৰ পিছতো বন্ধ হোৱা নাই ড্ৰাগছৰ ৰমৰমীয়া বেহা । আজানপীৰ ৰুৰেল ডেভেলপমেণ্ট অৰ্গ্ৰানাইজেশ্বন সদস্য সকলে ড্ৰাগছ নিচাযুক্ত সামগ্ৰী সমাজ বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে আৰু অসমখন ড্ৰাগছ মুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় । অসমৰ মুখ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ড্ৰাগছৰ প্ৰদক্ষেপক অৰ্গ্ৰানাইজেশ্বনৰ সন্থাটোৱে আদৰণি জনায় । প্ৰতিখন সমাজ ড্ৰাগছ মুক্ত হৱ লাগিব । ই সমাজ বিৰোধী ধৰ্ম বিৰোধী । এনেকুৱা ব্যক্তিক সমাজৰ পৰা বহিস্কাৰ কৰিব লাগে । ইপিনে সমাজত বাল্য বিবাহ মদ ভাং জু্ৱা ইন্ডিং আদি প্ৰশাসন ৰাইজৰ সহযোগত বন্ধ কৰিব লাগে । অসম চৰকাৰে সমাজ বিৰোধী কাৰ্যকলাপক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
Read More

গাঞ্জা ব্যৱসায়ত নামি পৰিল মহিলা!

অব্যাহত আছে নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান।আৰু এইবাৰ গাঞ্জা ব্যৱসায়ত নামি পৰিল মহিলাSOG,CRIME BRANCH,আৰু হাতীগাঁও আৰক্ষীয়ে সিজুবাৰী প্ৰগতি পথত অভিযান চলাই।উল্লেখযোগ্য যে অভিযানত আৰক্ষীয়ে জব্দ কৰে ৭:৫ কেজি গাঞ্জা,নগদ ৪ লাখ ৩৩ হাজাৰ ৮০০ টকা আৰু ম'বাইল ফোন।জানিব পৰা মতে ভাড়াৰুমত বাহৰ পাতি ব্যৱসায় চলোৱা ময়ুৰী বেগমক গ্ৰেপ্তাৰ কৰে হাতীগাঁও আৰক্ষীয়ে।আৰু অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Read More

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগৰবেৰা আঞ্চলিক সমিতিৰ প্ৰতিবাদী সমদল

নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগৰবেৰা আঞ্চলিক সমিতিৰ প্ৰতিবাদী সমদলনিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নগৰবেৰাৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদী সমদল উলিয়াই নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ । ৯টা দাবী সম্বলিত এখনি স্মাৰক পত্ৰ নগৰবেৰাৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।দাবী সমুহ ক্ৰমে বানত ক্ষতিগ্ৰস্তসকলক পৰ্যাপ্ত পৰিমাণে সহায্য প্ৰদান কৰা,বানত ক্ষতি হোৱা ৰাস্তা ঘাট,মাথাউৰি আৰু দলংসমূহ শীঘ্ৰে মেৰামতি কৰা, মূল্য বৃদ্ধি ৰোধ কৰা, ৰন্ধন গেছৰ মূল্য হ্ৰাস কৰা,নাৰী নিৰ্যাতন বন্ধ কৰা আদি দাবী লৈ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰা স্মাৰক পত্ৰৰ জৰিয়তে অতি শীঘ্ৰে সমাধান বিচাৰিছে প্ৰতিবাদ কাৰীয়ে।
Read More

কলগাছিয়াত চোৰৰ চাফাই অভিযান

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱৰ ছাদদাম হুছেইনৰ ঘৰত চোৰৰ চাফাই অভিযান। ছাদদাম হুছেইনৰ ঘৰৰ পৰা নগদ প্রায় ৩০ হেজাৰ টকা, মোবাইল ফোন দুটা, সোণৰ গহনাকে ধৰি প্রায় দেৰ লাখ টকাৰ সামগ্ৰী চুৰি কৰে বুলি ভুক্তভোগী পৰিয়ালে জানিবলৈ দিয়ে।ছাদদাম হুছেইনে ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।এজাহাৰ ভিত্তিত কলগাছিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
Read More

ডিব্ৰুগড় চাউলখোৱাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

ডিব্ৰুগড় চাউলখোৱাত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ ডিব্ৰুগড় চহৰৰ উপকণ্ঠ চাউলখোৱাত এজন ভুৱা চিকিৎসকক অৱশেষত গ্ৰেপ্তাৰ কৰে ডিব্ৰুগড় আৰক্ষীয়ে। চফিকুল হ’ক নামৰ এই ভুৱা চিকিৎসকজনৰ বিৰুদ্ধে এগৰাকী চৰকাৰী গাঁওবুঢ়াকে ধৰি প্ৰায় চাৰিজন লোকে পৃথকে পৃথকে ডিব্ৰুগড় সদৰ থানা আৰু গাভৰুপথাৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল৷ উল্লেখ্য যে প্ৰায় চয় সাতমাহ‌ মানৰ পৰা মুন্নাভাই ৰূপী এই চিকিৎসকজনে চাউলখোৱাত চেম্বাৰ খুলি ৰোগী চোৱাৰ কাম আৰম্ভ কৰিছিল। নিজকে চিকিৎসক হিচাপে পৰিচয় দিয়া চফিকুল হ’ক নামৰ এজন ব্যক্তিয়ে উক্ত চেম্বাৰত আৰম্ভ কৰে ৰোগী চোৱাৰ প্ৰক্ৰিয়া৷ প্ৰাথমিক অৱস্থাত স্থানীয় লোকে উক্ত চেম্বাৰটোত ৰোগীক পৰীক্ষা নিৰিক্ষা কৰা উক্ত ব্যক্তিজনক চিকিৎসক বুলিয়েই ভাবিছিল৷ কিন্তু এগৰাকী স্থানীয় গৰ্ভৱতী মহিলাই স্বাস্থ্য…
Read More

অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। আজি দুপৰীয়া গড়চুক আৰক্ষীৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় বুজন পৰিমাণৰ ড্ৰাগছ । হেৰইণসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন ড্ৰাগছ ব্যৱসায়িক। আৰু ধৃত ড্ৰাগছ ব্যৱসায়ী জন বৰপেটা পালহাজিৰ নিবাসী তমেজ কাজী জানিব পৰা গৈছে । মহানগৰীৰ কতাবাৰীৰ দুই নম্বৰ মছজিদ গলীত ভাড়া ঘৰত বাস কৰি চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা ।তাৰ পিচতেই ধৃত ড্ৰাগছ ব্যৱসায় জনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১২৭ টা ড্ৰাগছৰ কণ্টেইনাৰ।
Read More

প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ বৃহৎ কেলেংকাৰী

লখিমপুৰৰ ঘুনাসূতিত প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ বৃহৎ কেলেংকাৰী ।উল্লেখযোগ্য যে দৰিদ্ৰ লোকৰ বাবে আৱন্টিত চৰকাৰী গৃহ বক্ৰপথেৰে আৱন্টন পাইছে চৰকাৰী চাকৰিয়ালে ।জানিব পৰা মতে বিদ্যালয়ৰ প্ৰধান শিক্ষক চৰকাৰী কৰ্মচাৰীয়েও লাভ কৰিছে চৰকাৰী গৃহ । তাৰ বিপৰীতে কিন্তু প্ৰকৃত দৰিদ্ৰ লোকে পোৱা নাই PMAY গৃহ।ইতিমধ্যে জিলা উপায়ুক্তক অভিযোগ দিয়াৰ পিছতো তদন্ত নোহোৱাত ক্ষোভিত হৈ পৰিছে এতিয়া ৰাইজ।ইয়াকে লৈ ঘুনাসুঁতি তিনিআলিত ক্ষুব্ধ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে।
Read More

নাওবৈচাৰ ৰামপুৰ গুৰুনিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে

নাওবৈচাৰ ৰামপুৰ গুৰুনিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। গুৰুনি বজাৰত থকা তেল ডিপোৰ কৰ্মচাৰী থকা ঘৰত অগ্নিকাণ্ডৰ ঘটনাটো হোৱা বুলি জানিব পৰা গৈছে।চিলিণ্ডৰ বিস্ফোৰণ হৈ এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে বুলি সন্দেহ কৰিছে ৰাইজে। কাষতে পেট্ৰল ডিপো থকাত বেচি আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।স্থানীয় ৰাইজে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।জুইত সম্পুৰ্ণ ঘৰটো জাহ যায় ক্ষয়ক্ষতিৰ পৰিমান বৰ্তমান সময়লৈ জানিব পৰা নাই।সৌভাগ্য ক্ৰমে এই জুইত কোনো লোক হতাহত হোৱা নাই।
Read More

পত্নী দাৰ ঘাপত মৃত্যু স্বামী

ডিব্ৰুগড়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । নিজ পত্নীয়ে দা'ৰে ঘপিয়াই হত্যা কৰিলে স্বামীক । বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত কলাখোৱা বাহবাৰি গাঁৱ নিবাসী খগেশ্বৰ ওৰফে মইনা দিহিঙীয়াক দা'ৰে ঘপিয়াই হত্যা কৰে পত্নী দেৱযানী দিহিঙ্গীয়াই । বিশেষ কাৰণত বাক বিতণ্ডা হৈছিল স্বামী - পত্নীৰ মাজত । আৰু ইয়াৰ পাছতেই সংঘটিত হয় এই ঘটনা । কাজিয়া আৰম্ভ হোৱাৰ সময়ত সৰু পুত্ৰও আছিল ঘৰতে । পিতৃ- মাতৃৰ কাজিয়া দেখি ওচৰ চুবুৰীয়াক মাতিবলৈ গৈ ঘূৰি অহাৰ আগতে মাতৃ দেৱযানি দিহিঙ্গীয়াৰ দাৰ ঘাপত গুৰুত্ব ভাবে আঘাট প্ৰাপ্ত হয় পিতৃ মইনা দিহিঙীয়া । ইয়াৰ পিছতে গুৰুত্বৰভাৱে আহত খগেশ্বৰ দিহিঙীয়া ওৰফে মইনা দিহিঙীয়াক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ…
Read More

বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয়

বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছেবৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণ বলাইপাথাৰ প্ৰাথমিক বিদ্যালয় আৰু বেকি নদীৰ গৰাখহনীয়াত প্রায় দুই শ টা পৰিয়ালৰ ঘৰ দুৱাৰ জাঁহ গৈছে, বিদ্যালয় খনৰ শৌচাগাৰ, প্ৰেচাবগাৰ বেঁকীৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰিলে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ ক্ষেত্ৰত ব্যাঘাত জন্মাৰ আশংকাত পৰিব।অতি সোনকালে গৰাখহনীয়াৰ প্ৰতিৰোধৰকাম নকৰিলে বহু পৰিয়ালৰগৰাখহনীয়াৰ কবলতপৰিব।এতিয়ালৈকে কোনো প্ৰতিনিধিয়ে খবৰ নোলোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে ৰাইজে।অতি শীঘ্ৰেই গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে৷
Read More