Dipshikha

3317 Posts

বটদ্ৰৱা সমষ্টিৰ ভেহুগুৰিত ভয়াবহ অগ্নিকাণ্ড

বটদ্ৰৱা সমষ্টিৰ ভেহুগুৰিত ভয়াবহ অগ্নিকাণ্ড ।আহত তিনিজন আৰু প্ৰায় পাঁচ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি অগ্নিত জাহ যায়।মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত বটদ্ৰৱা সমষ্টিৰ ভেহুগুৰিত আজি ভয়াবহ এক অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত তিনিজন লোক আহত হোৱাৰ লগতে প্ৰায় পাঁচ লক্ষ্যাধিক টকাৰ সা-সম্পত্তি অগ্নিত জাহ যায়। জানিব পৰা মতে, ভেহুগুৰিৰ তাহেৰ আলীৰ বাস গৃহত আজি দিনৰ ১১ বজাত জুই লাগি সম্পূৰ্ণৰূপে ভস্মীভূত হয়।উক্ত অগ্নি কাণ্ডত হাজেৰা খাতুন ,মমতাজ বেগমকে আদি কৰি তিনিজন লোক আহত হোৱাৰ লগতে এক লাখ নগদ ধন ,মাটিৰ দলিল, বিভিন্ন নথি পত্ৰৰ লগতে প্ৰায় পাঁচ লক্ষ্যাধিক টকাৰ ধন সম্পত্তি জুইত জাহ যায়।জুই লগাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।
Read More

KLO শান্তি কমিটিৰ সদস্য বিশ্বজিৎ ৰায়ৰ সংবাদমেল

KLO ৰ মুৰব্বী জীৱন সিংহই প্ৰদান কৰা প্ৰেছ বিবৃতিৰ ওপৰত বিজনীত KLO শান্তি কমিটিৰ সদস্য বিশ্বজিৎ ৰায়ৰ সংবাদমেল।কমতাপুৰ লিবাৰেছন অৰ্গেনাইজেছন চমুকৈ KLO ৰ মুৰব্বী জীৱন সিংহৰ লগত কেন্দ্ৰীয় চৰকাৰৰ দ্বিপাক্ষিক আলোচনাৰ বাবে বহুচৰ্চিত বিষয় সন্দৰ্ভত আজি KLO ৰ সেনাধ্যক্ষ গৰাকীয়ে সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰে।শান্তি কমিটিৰ সদস্য বিশ্বজিৎ ৰায়লৈ প্ৰদান কৰা বিবৃতিখন আজি আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰে শান্তি কমিটিৰ সদস্য বিশ্বজিৎ ৰায়ে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু কেএলঅ' ৰ মাজত হ'ব লগীয়া শান্তি চুক্তিক লৈ একাংশই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে।তেওঁ ভালে আছে, ভাৰত চৰকাৰৰ তত্বাৱধানত আছে।কমতাপুৰ বাসী ৰাই চিন্তিত বা উদ্বিগ্ন হ'ব নেলাগে। অচিৰেই কেন্দ্ৰীয় চৰকাৰ আৰু কেএলঅ' মাজত…
Read More

লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া কৰ্য্যালয়ৰ সন্মুখত মৰিগাঁওজিলা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া কৰ্য্যালয়ৰ সন্মুখত মৰিগাঁও জিলা ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ।2ঘণ্টীয়া অৱস্থান ধৰ্মঘট,কৰে প্ৰতিবাদকাৰীয়ে।মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত লাহৰীঘাট ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত ব্ৰহ্মপুত্ৰ গড়াখহনীয়া স্থায়ী প্ৰতিৰোধৰ দাবীত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয় পোৱাৰ দহ বজাৰ পৰা বাৰ বজাৰলৈ।প্ৰতিবাদী সভাত উপষ্ঠিত থাকে মৰিগাঁও জিলা কেন্দ্ৰীয় সমিতিৰ সভাপতি/সম্পাদক ক্ৰমে মানস কোৱঁৰ আৰু প্ৰাঞ্জল কলিতা।প্ৰতিবাদৰ কাৰীয় সকলে লাহৰীঘাট ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসম চৰকাৰলৈ পাচঁ দফীয়া দাবী সম্বলিত এক পত্ৰ প্ৰেৰণ কৰে।চৰকাৰে কেনে প্ৰদক্ষেপ গ্ৰহণ সেয়া লক্ষনীয় হব।
Read More

বঙাইগাঁওত NHIDCL ৰ বিৰুদ্ধে হাপাছৰা ৰাইজৰ বৃহৎ ধৰ্ণা কাৰ্যসূচী

বঙাইগাঁওত NHIDCL ৰ বিৰুদ্ধে হাপাছৰা ৰাইজৰ বৃহৎ ধৰ্ণা কাৰ্যসূচী। বঙাইগাঁও জিলাৰ অন্তৰ্গত হাপাচৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত NHIDCL পথ কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনে।ৰাইজে পথ কৰ্তৃপক্ষক উপ পথ নিৰ্মাণৰ দাবী চাৰিবছৰ ধৰি কৰি আহিছে যদিও NHIDCL পক্ষই কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বাবেই ৰাইজে বিক্ষোভিত হৈ আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাইজৰ মূলতঃ দাবীসমূহ হৈছে ৰাখালডুবিৰ পৰা সিদলসতীলৈকে চাৰিলেনযুক্ত পথৰ দুয়োকাষে উপপথৰ নিৰ্মাণৰ দাবীৰ লগতে হাপাচৰা বজাৰত ক্ষুদ্ৰ অভাৰ ব্ৰিজৰ দাবী জনায়। তাৰোপৰি সমগ্ৰ বিশ্বতে বিলুপ্তপ্ৰায় প্ৰাণী সোণালী বান্দৰৰ ৰক্ষণাবেক্ষণাৰ্থে যাবতীয় পদক্ষেপ লবলৈয়ো ৰাইজে আহ্বান জনায়। ৰাইজে বাৰম্বাৰ অতিৰিক্ত উপায়ুক্তৰ জৰিয়তে অনুৰোধ কৰিছিল যদিও কোনো কাম…
Read More

বুঢ়াচাপৰিত উচ্ছেদিত পৰিয়ালক সংস্থাপনৰ বাবে মৰিগাঁও জিলা প্ৰশাসন সষ্টম।

বুঢ়াচাপৰিত উচ্ছেদিত পৰিয়ালক সংস্থাপনৰ বাবে মৰিগাঁও জিলা প্ৰশাসন সষ্টম।বুঢ়াচাপৰিত থকা মৰিগাঁও জিলাৰ প্ৰায় ২৭৭ টা পৰিয়ালক পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ আজি মৰিগাঁও জিলা উপায়ুক্ত দেবাশীষ শৰ্মা আৰু জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে লাহৰীঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত মৈৰাবাৰীৰ নিকটৱৰ্তী ব্ৰহ্মপুত্ৰ নদীৰ চৰ সমূহ পৰিদৰ্শন কৰে।এই উচ্ছেদিত পৰিয়াল সমূহক পুনঃসংস্থাপনৰ ব্যৱস্থাৰ বাবে প্ৰশাসনে কেইবাখনো চৰ পৰিদৰ্শন কৰি উচ্ছেদিত লোক সকলক মাটি দিয়াৰ আশ্বাস প্ৰদান কৰে।আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মৰিগাঁও জিলাৰ উপায়ুক্ত গৰাকীয়ে মৰিগাঁও জিলাৰ উচ্ছেদিত পৰিয়াল সমূহৰ বাবে খাদ্যৰ ব্যৱস্থা কৰে।
Read More

ফাগুনে আনে আশাৰ বতৰা, ফাগুন মানে যেন ৰঙেৰে উজ্জীৱিত এটি মাহ

আজি ফাগুনৰ ১ তাৰিখ।ফাগুনে আনে আশাৰ বতৰা, ফাগুন মানে যেন ৰঙেৰে উজ্জীৱিত এটি মাহ।ফাগুন মানে যেন পলাশ, শিমলু,আজাৰ মদাৰে জাতিষ্কাৰ হৈ পৰে প্ৰকৃতি।ফাগুনৰ চেঁচা মলয়া বতাহ জাকে শিহৰণ জগাই তোলে প্ৰকৃতিৰদেহত, তাৰে পৰশত পোশা মেলে বিৰিশৰ কুমল কুঁহি পাতে, এয়া যেন বসন্তৰ আগজাননী।ফাশুন ৰঙেৰে উজ্জীৱিত এটা মাহ , ফাগুন মানে এক আশাৰ বতৰা, ৰঙা আজাৰ, পলাশ আৰু শিমলু কঢ়িয়াই আনে প্ৰেমৰ খবৰ, উন্মাদ ফাগুনে জীপাল কৰে লঠঙা গছৰ মাদকতা, শিতৰ শেমেকা পুৱাৰ কুঁৱলী আস্বাদন আঁতৰাই লাহে লাহে ভূমুকি মাৰিলে ফাগুনে। ফাগুন বুলি ক'লে প্ৰথমে মনলৈ আহে শুকান শুকান পৰিবেশ ধূলি ধূশুৰ বাত-পথ, কিন্তু ইমানতে জানো শেষ কৰিব পাৰি ফাগুনৰ বৰ্ণনা,…
Read More

ড্ৰাগছৰ বিৰুদ্ধে সৰৱ মৈৰাবাৰী আৰক্ষী

ড্ৰাগছৰ বিৰুদ্ধে সৰৱ মৈৰাবাৰী আৰক্ষী।সমগ্ৰ অসমজুৰি অব্যাহত আছে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান।মৈৰাবাৰীত দৌৰাই দৌৰাই ধৰিলে এজন ড্ৰাগছ সৰবৰাহকাৰীক।এক গোপন তথ্যৰ ভিত্তিত আজি সন্ধিয়া মৈৰাবাৰী আৰক্ষীৰ এটা দলে অভিযান চলায় বৰথল কছাৰী গাঁৱৰ পৰা কুখ্যাত উমৰ ফাৰুকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।এক নতুন পন্থাৰে উমৰ ফাৰুকে পিন্ধি থকা টুপিৰ মাজত লুকুৱাই ৰাখি কৌশলেৰে বিক্ৰী কৰি আছিল ড্ৰাগছ আৰু নিচাযুক্ত কফ চিৰাপ।বৰথল কছাৰী গাঁৱৰ বাসিন্দা উমৰ ফাৰুকৰ লগত পাঁচটা ড্ৰাগছ ভৰ্তি কণ্টিনাৰ আৰু ফাৰুকৰ ঘৰত তালাচী চলাই আৰক্ষীয়ে ১৬ টা নিচাযুক্ত কফ চিৰাপ জব্দ কৰে।আনহাতে মৈৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছাবিৰ আলিয়ে অঞ্চলত চলি থকা অবৈধ কাৰ্য্যকলাপৰ লগত জড়িত থকা সকলক কঠোৰ…
Read More

বিজনীৰ পাণবাৰী বাথৌ পাৰাত বন বিভাগৰ অভিযানত মেটেলভৰ্তি চালান বিহীন দুখন ট্ৰেক্টৰ জব্দ

বিজনীৰ পাণবাৰী বাথৌ পাৰাত বন বিভাগৰ অভিযানত মেটেলভৰ্তি চালান বিহীন দুখন ট্ৰেক্টৰ জব্দ।চিৰাং জিলাৰ বিজনীৰ পাণবাৰীত বিজনী বন বিভাগৰ অভিযান।চৰকাৰক কৰ ফাঁকিৰে একাংশ অসাধু চক্ৰই অবৈধভাবে শিল, বালি, মেটেলৰ অবৈধ সৰবৰাহ কৰি থকাৰ খবৰ লাভ কৰি চলোৱা হৈছিল এই অভিযান। বন বিভাগৰ গোপন খবৰৰ ভিত্তিত বিজনী ডিপট কাৰ্যালয়ৰ তৰফল পৰা চলোৱা অভিযানত পাণবাৰী বাথৌ পাৰাৰ পৰা চালান বিহীন ভাবে কঢ়িয়াই লৈ অহা দুখন মেটেলভৰ্তি ট্ৰেক্টৰ সহ চালক দুজনক আটক কৰি লৈ বন বিভাগৰ বিজনীৰ ডিপট কাৰ্যালয়লৈ লৈ আহে।ট্ৰেক্টৰ দুখন নম্বৰ প্লেট বিহীন।পাছত বন বিভাগৰ তৰফৰ পৰা চালক দুজনক ট্ৰেক্টৰৰ গৰাকীৰ জিম্মাত চমজাই দিয়ে।
Read More

যমদূতৰ ৰূপত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ

যমদূতৰ ৰূপত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ।বিজনীৰ গেৰুকাবাৰী পথত থকা এটা উন্মুক্ত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰে চিন্তিত কৰি তুলিছে বিজনীৰ সচেতন নাগৰিকক।বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ অভিযোগ।স্মাৰ্ট মিটাৰ লগালেই নহব, বিভাগটো স্মাৰ্ট হ'ব লাগিব, বিভাগটোৰ কৰ্মচাৰী স্মাৰ্ট হ'ব লাগিব।এই উপদেশ আমাৰ নহয়, বিদ্যুৎ বিভাগলৈ এই উপদেশ বিজনীৰ এগৰাকী সচেতন নাগৰিকৰ।বিজনী চহৰৰ মাজ মজিয়াৰ বিজনী গেৰুকাবাৰী পথত থকা বিদ্যুৎ বিভাগৰ মৰণ ফাণ্ড সদৃশ এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰক কেন্দ্ৰ কৰি এই উপদেশ সচেতন যুৱকৰ।প্ৰতিদিনেই সহস্ৰাধিক যান-বাহন, ছাত্র-ছাত্ৰী অহা-যোৱা কৰা অতি ব্যস্ততাপূৰ্ণ বিজনী গেৰুকাবাৰী পথটোত থকা এই ট্ৰেন্সফৰ্মাৰটোৱে চিন্তিত কৰি তুলিছে বিজনীবাসী ৰাইজক।এই সম্পৰ্কে সামাজিক মাধ্যমতো সৃষ্টি হৈছে যথেষ্ট প্ৰতিক্ৰিয়াৰ।স্থানীয় ৰাইজে বিজনীৰ বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ অভিযোগ উত্থাপন কৰি বিজনীৰ…
Read More

কাৰবি আংলং জিলাৰ ডিলাইত ড্ৰাগছসহ এজনক আটক।

কাৰবি আংলং জিলাৰ ডিলাইত ড্ৰাগছসহ এজনক আটক।গ্ৰেণ্ড আই টেন গাড়ীৰ পৰা ডিলাই আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে এই বৃহৎ পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় সামগ্ৰীখিনি।মৰফিন উদ্ধাৰ হোৱা গাড়ীখনৰ নম্বৰ হৈছে WB-16AV-4480।আৰক্ষীয়ে নিষিদ্ধ মৰফিনসহ নুৰ মহম্মদ নামৰ এটা সৰবৰাহকাৰীক আটক কৰিছে।এক গোপন সূত্ৰৰ ভিত্তিত নিশা ডিলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰা আৰু বোকাজানৰ চি20 চি আৰ পি এফ বাহিনীৰ দ্বাৰা মণিপুৰৰ পৰা ৱেষ্ট বেংগল অভিমুখে গৈ থকা এখন গ্ৰেণ্ড আই টেন গাড়ীত তালাচী চলাই উদ্ধাৰ কৰিছে এক কেজি নিষিদ্ধ মৰফিন।জব্দকৃত ড্ৰাগছৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য চাৰি কোটি হব বুলি জানিব পৰা গৈছে।
Read More