Dipshikha

3317 Posts

ধিঙত শোকাবহ এক পথ দুৰ্ঘটনাত থিতাতে নিহত এজন ছাত্ৰ

ধিঙত শোকাবহ এক পথ দুৰ্ঘটনাত থিতাতে নিহত এজন ছাত্ৰ।আন এজন ছাত্ৰৰ অৱস্থাত সংকটজনক৷ধিং মহাবিদ্যালয়ৰ সন্মুখত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা দুৰ্ঘটনাত মহাবিদ্যালয় খনৰ এজন ছাত্ৰ থিতাতে নিহত হোৱাৰ লগতে আনজন ছাত্ৰ গুৰুতৰ ভাৱে আহত হয়৷নিহত ছাত্ৰ জন ধিং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ দ্বিতীয় সান্মাষিকৰ ছাত্ৰ আশ্ৰাফুল আলম।আনহাতে সংকটজনক অৱস্থাত চিকিৎসাধীন আনচাৰুল নামৰ আনজন ছাত্ৰ৷এই ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ধিং মহাবিদ্যালয় সন্মুখ।AS02 E 8039 নম্বৰৰ মালবাহী ট্ৰাক খনে বাইকৰে গৈ থকা অৱস্থাত মহতিয়াই নিয়াৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়৷নিহত ছাত্ৰজনৰ ঘৰ ধিঙৰ ৰৌমাৰীত৷ট্ৰাকৰ চালকজন দুৰ্ঘটনা সংগঠিত কৰি পৰে ৰাইজৰ ৰোহত ৷পৰৱৰ্তী সময়ত ঘটনাস্থলীত ধিং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি…
Read More

যোৰহাট চিনামৰা আৰক্ষীৰ সাফল্য

যোৰহাট চিনামৰা আৰক্ষীৰ সাফল্য তিনিগৰাকী মহিলাসহ জব্দ ৬০ গ্ৰাম সন্দেহজনক হেৰ'ইন লগতে নগদ ২০,০০০ টকা জব্দ হেৰ'ইনখিনিৰ আনুমানিক মূল্য ডেৰ লক্ষাধিক টকাডিমাপুৰৰ পৰা যোৰহাট অভিমুখে আহি থকা অৱস্থাত আটক AS03 A C5810 নম্বৰৰ এপে'খন
Read More

মৈৰাবাৰীত চলিল পৰিবহন বিভাগৰ অভিযান

🔴পোৱাৰ ভাগতেই মৈৰাবাৰীত চলিল পৰিবহন বিভাগৰ অভিযান।🔴জব্দ কেইবাখনো মাটি বালি কঢ়িওৱা ডাম্পাৰ আৰু JCB। 🔴অবৈধ বাবে চলাচল কৰি থকা ডাম্পাৰ আৰু ট্ৰেক্টৰৰ বিৰুদ্ধে চলিল মৰিগাঁও যান বাহন আৰক্ষীৰ অভিযান।🔴পথৰ পৰা খেদি খেদি অবৈধ বাবে বালি কঢ়িয়াই থকা কেইবাখনো ডাম্পাৰ আৰু JCB জব্দ কৰে মৰিগাঁও জিলা পৰিবহন বিভাগৰ এটা অভিযানকাৰী দলে।🔴উল্লেখযোগ্য যে-মৈৰাবাৰীত অবৈধ বাবে বালি আৰু মাটি কঢ়িয়াই থকা ডাম্পাৰ আৰু ট্ৰেক্টৰৰ অতপালিৰ বাবে অতিষ্ঠ হৈছিল স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ।🔴তিনিদিন পূৰ্বে ডাম্পাৰ আৰু ট্ৰেক্টৰৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিছিল কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰীয়ে🔴 আজি গা লৰিল মৰিগাঁও জিলা পৰিবহন বিভাগৰ।জব্দ কৰে কেইবাখনো ডাম্পাৰ আৰু JCB। 🔴জব্দ কৰা বাহন সমূহৰ…
Read More

মৰিগাঁও নগৰত সংঘটিত হৈছে এক দিন ডকাইতৰ ঘটনা।

মৰিগাঁও নগৰত সংঘটিত হৈছে এক দিন ডকাইতৰ ঘটনা।মৰিগাঁও আৰক্ষী অধীক্ষক কাৰ্য্যালয়ৰ দাঁতিতে সোমবাৰে এজন ব্যক্তিৰ পৰা দিন দুপৰতে দুৰ্বৃত্তই কাঢ়ি লৈ যায় ২লাখ ৫০ হাজাৰ টকা।মৰিগাঁও নগৰৰ সমীপৱৰ্তী পছতীয়াত ভাড়াতীয়া হিচাপে থকা কাহিবাড়িৰ ঘনকান্ত কোচ নামৰ ব্যক্তিজনে মৰিগাঁও পাঞ্জাব নেচনেল বেংকৰ পৰা দুই লাখ পঞ্চাশ হাজাৰ টকা উঠাই নিজ ঘৰ মুখে গৈ থকা অৱস্থাত মৰিগাঁও আৰক্ষী অধীক্ষক কাৰ্য্যালয়ৰ কাষতে এখন মটৰচাইকেলত যোৱা দুজন দুৰ্বৃত্তই আগচি ধৰি টকাৰ মোনাটো কাঢ়ি লৈ যায়।ঘটনাৰ খৱৰ পোৱাৰ পিছতে মৰিগাওঁ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে এজনো দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই।এতিয়া প্ৰশ্ন হয় আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে গিজগিজাই থকা মৰিগাঁও নগৰত বিশেষকৈ আৰক্ষী অধীক্ষকৰ…
Read More

টেঙাখাটত গৰু কিনিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল বেপাৰী

টেঙাখাটত গৰু কিনিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল বেপাৰী প্ৰতিকিলো গোমাংস বিক্ৰী হয় দুশটকাত ।ৰাইজৰ জেৰাত স্বীকাৰ কৰিছে গোমাংসৰ গোপন বেহাৰ তথ্য। এফালৰপৰা কৈ গ’ল কিদৰে আৰু ক’ত চলাই আছে এই গোমাংসৰ অবৈধ বেহা ৷ ৰাজ্যচৰকাৰে গো সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ নীতি গ্ৰহণ কৰিছে। আইনমতে দণ্ডনীয় কৰি কাৰাদণ্ড বিহাৰ লগতে সম্পত্তি বাজেয়াপ্ত কৰা পৰ্যন্ত নিৰ্দেশ দিছে প্ৰশাসনক ৷ চৰকাৰৰ নিৰ্দেশক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশই কিন্তু বৰ্তমানো চলাই আছে গোমাংসৰ ৰমৰমীয়া বেহা ৷ এইবাৰ এনে গো সৰবৰাহ কৰিবলৈ গৈ ৰাইজৰ ৰোষৰ বলি হৈছে এইজন সৰবৰাহকাৰী ।
Read More

বিজনীৰ ২ নং বিষ্ণপুৰত অবৈধ কাঠসহ এজনক আটক এছ এছ বিৰ

বিজনীৰ ২ নং বিষ্ণপুৰত অবৈধ কাঠসহ এজনক আটক এছ এছ বিৰচিৰাং জিলাৰ বিজনীৰ ২ নং বিষ্ণুপুৰত এছ এছ বিৰ অভিযান । নম্বৰ বিহীন টাটা মোৱাইল গাড়ীত শিমুল আৰু ভেলকৰ গছৰ কুণ্ডা ভৰ্তি এজন লোকক আটক কৰে এছ এছবিয়ে । বিষ্ণুপুৰস্থিত ১৫ নং চি কম্পানীৰ পৰিদৰ্শক অনুপ ছানাৰ নেতৃত্বত এটা এছ এছ বিৰ দলে গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে অবৈধ কাঠ সমূহ । আটক কৰা লোকজন বাগৰগাঁওৰ নিবাসী মকিবুল হক (২৩) । পাছলৈ গাড়ীসহ কাঠৰ কুণ্ডাৰ লগতে লোকজনক বিজনী বন বিভাগৰ ডিপট কাৰ্যালয়ত চমজাই দিয়ে।
Read More

বকোত ভয়ংকৰ পথ দুৰ্ঘটনা

বকোত ডাম্পাৰ আৰু ৰলাৰ'ৰ মাজত প্ৰচণ্ড খুন্দা। কথমপি প্ৰান ৰক্ষা দুয়োৰে চালকৰ। বকো' বন্দাপাৰা তিনিআলিত পথ দুৰ্ঘটনা। গোৱালপাৰা অভিমুখী ডাম্পাৰে খুন্দিয়াই পথাৰত বগৰাই দিলে ৰলাৰ'ক। কথমপি প্ৰাণ ৰখা ৰলাৰ চালকৰ লগতে ডাম্পাৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ডাম্পাৰ খনৰ নম্বৰ হ'ল AS25FC1142
Read More

মুছলমানবিৰোধী মনোভাৱে এদিন ধ্বংস কৰিব হিমন্ত বিশ্ব শৰ্মাক।

মুছলমানবিৰোধী মনোভাৱে এদিন ধ্বংস কৰিব হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতেই শেষ হৈ গৈছে হিন্দু -মুছলমানৰ ভাতৃত্ববোধ।ড০হিমন্ত বিশ্ব শৰ্মা Over Confidence হৈ আছে কোনো Politicanৰ বাবে Over Confidence ভাল নহয়।এতিয়াও অসমৰ ৯৯ শতাংশ মানুহ চেকুলাৰ মনোবৃত্তিৰ।হিন্দুৰাষ্ট্ৰ প্ৰসংগতো প্ৰতিক্ৰিয়া সাংসদগৰাকীৰ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ হাতত কোনো এজেণ্ডা নাই এইবাৰ বিজেপিয়ে এজেণ্ডা হিচাপে বাচি ল'ব হিন্দুৰাষ্ট্ৰৰ প্ৰসঙ্গ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা সাংসদ আজমলৰ। আৰু লগতে এই কথা উল্লেখ কৰে মুছলমানসকল বিপথে পৰিচালিত কৰিছে অখিল গগৈয়ে, অখিল গগৈ এজন ফাল্টু মানুহ। সাংসদ বদৰুদ্দিন আজমল বিলাসীপাৰা, সাপটগ্ৰামত উপস্থিত হৈ এনেধৰণৰ মন্তব্য কৰে।
Read More

নৃশংস হত্যাকাণ্ডৰ সাক্ষী গুৱাহাটী মহানগৰ

🔴নৃশংস হত্যাকাণ্ডৰ সাক্ষী গুৱাহাটী মহানগৰ🛑 পৰকীয়া প্ৰেম, সম্পত্তিৰ লালসাত স্বামী আৰু শাহুক নৃশংসভাৱে হত্যা বোৱাৰীয়েক বন্দনা কলিতাৰ🛑 হত্যা কৰি তিনিদিন ফ্ৰীজত লুকুৱাই ৰাখিলে মৃতদেহৰ খণ্ডিত টুকুৰা🛑 পলিথিনৰ বেগত ভৰাই মৃতদেহৰ টুকুৰা পেলাই দিলে মেঘালয়ৰ ডাউকিত🛑 হত্যাকাণ্ডৰ পাছত সত্যনাৰায়ণ পূজা পাতিছিল বন্দনাই 🔴ইতিমধ্যেই মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰীক
Read More

বটদ্ৰৱাৰ চমকাত মাৰপিটৰ ঘটনা আঘাতপ্ৰাপ্ত দুগৰাকীকৈ মহিলা

বটদ্ৰৱাৰ চমকাত মাৰপিটৰ ঘটনা আঘাতপ্ৰাপ্ত দুগৰাকীকৈ মহিলা।ঘৰত কোনো নথকাৰ সুযোগলৈ দা-লাঠী লৈ আহি এটি দুষ্ট চক্ৰয় ঘৰ-দুৱাৰ ভাঙি দিয়াৰ লগতে মাৰপিট কৰাৰ অভিযোগ।বটদ্ৰৱা আৰক্ষী থানাত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ।নগাওঁ জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত চমকা গাওঁত এইবাৰ পোহৰলৈ আহিছে এক মাতব্বৰ ৰাজৰ ঘটনা।এটি মাতব্বৰৰ দলে এটি দৰিদ্ৰ পৰিয়ালৰ ঘৰত প্ৰৱেশকৰি দা-লাঠী লৈ ঘৰ-দুৱাৰ ভাঙি তহিলঙ কৰাৰ লগতে দাৰে দাৰে ঘপিয়াই দুগৰাকী মহিলাক গুৰুত্বৰ বাবে আহত কৰাৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী পৰিয়ালে।এই সন্দৰ্ভত ন্যায় বিচাৰি বটদ্ৰৱা আৰক্ষী থানাত জুৱেল, ইমামূল,ৰায়েককে আদি কৰি পাঁচজনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।পৰিবৰ্তী সময়ত এই দৰিদ্ৰ পৰিয়ালটোক বটদ্ৰৱা আৰক্ষীয়ে কেনেধৰণৰ ন্যায় প্ৰধান কৰে সেয়া হব লক্ষ্যণীয়।
Read More