24
Feb
বিজনীত এখন বিতৰ্কিত বেনাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।লাউকুৰিগুৰী বিজয় চকত অজ্ঞাত দুষ্কৃতিকাৰীয়ে আঁৰিলে আঁৰি দিয়া এখন সাম্প্ৰদায়িক বিতৰ্কিত বেনাৰক কেন্দ্ৰ কৰি সৃষ্টি হয় এই চাঞ্চল্যৰ।ঘটনাস্থলিত উপস্থিত বিজনী থানাৰ আৰক্ষী, তদন্ত আৰম্ভ।"বিজয়ৰ দোকানত মুছলমান মানুহ যাব নোৱাৰিব, আলীৰ দোকানত কোনো বৰ্মন মানুহ যাব নোৱাৰিব, ধন্যৰ দোকানত কোনো মানুহ যাব নোৱাৰিব" যদি যায় ২০০০/- টকা জৰিমনা দিব লাগিব। *ধন্যবাদেৰে দোকানী সন্থা*। এই বিতৰ্কিত বেনাৰখনে চাঞ্চল্যৰ সৃষ্টি কৰিছে চিৰাং জিলাৰ বিজনীৰ লাউকুৰিগুৰী বিজয় চ'কত।বিভিন্ন জাতি-জনগোষ্ঠীয়ে সমিল-মিলেৰে বসবাস কৰি থকা উক্ত অঞ্চলত সাম্প্ৰদায়িক বিষবাষ্প বিয়োপোৱাৰ উদ্দেশ্যে কোনো দুষ্কৃতিকাৰীয়ে লগোৱা বেনাৰ এইখন।বেনাৰ খনৰ তলত দোকানী সন্থাৰ নাম উল্লেখ কৰা হৈছে যদিও সেয়া দোকানী সন্থাৰ তৰফৰ পৰা…
