27
Feb
অৰুণোদয় আঁচনিৰ নামত মৈৰাবাৰীৰ বৰছাপৰী গ্ৰাহক সেৱা কেন্দ্ৰৰ (CSP')ৰ লুণ্ঠনৰাজ । এটা একাউণ্ট নম্বৰৰ বিপৰীতে CSP ৰ প্ৰবঞ্চনাত দুগৰাকী গ্ৰাহকৰ নাম।মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰচাপৰি গাঁও পঞ্চায়তত সংগঠিত হৈছে অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি।প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি CSP'য়ে গোপন বুজাবুজিৰ বিনিময়ত প্ৰকৃত অৰুণোদয় আঁচনিৰ ধন প্ৰাপ্য ব্যাক্তিক নিদি জালিয়াতিৰে একে নামৰে আন এগৰাকী মহিলাক প্ৰদান কৰিলে আঁচনিৰ টকা।CSP'ক ১৫০০ টকা নিদিয়া বাবেই সংগঠিত কৰিলে একাউণ্ট জালিয়াতিৰ ঘটনা, এই অভিযোগ বৰচাপৰি গাঁৱৰ অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত ৰফিকুল ইছলাম আৰু পত্নী হনুফা খাতুনৰ।দুখিয়া ৰফিকুল ইছলাম আৰু পত্নীয়ে অৱশেষত ন্যায় বিচাৰি কাষ চাপিছে সংবাদ মাধ্যমৰ ।শূন্য সহনশীল নীতিৰ কথা কোৱা অসমৰ…
