01
Mar
বিজনীত বন্যহস্তীয়ে এজন কৃষকৰ ঘৰ ভাঙি তহিলং।অতি শীঘ্ৰে চৰ্ট লাইনৰ ব্যৱস্থা কৰাৰ আহ্বান মূখ্যমন্ত্ৰীলৈ ।চিৰাং জিলাৰ বিজনীৰ ভাৰত ভূটান সীমান্তবৰ্তী অঞ্চলসমূহত অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকে যোৱানিশা বিজনী মহকুমাৰ অন্তৰ্গত ২নং দক্ষিণ মাক্ৰাত এজন কৃষকৰ ঘৰ ভাঙি তহিলং কৰিৰ উপৰিও ঘৰৰ সামগ্ৰী ভাঙি তছনছ কৰে । কৃষক গৰাকীৰ নাম উমাৰ আলী । অতি শীঘ্ৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ হাতী প্ৰতিৰোধী চৰ্ট লাইনৰ ব্যৱস্থা কৰি ৰাইজলৈ উপকৃত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় সংবাদ মাধ্যমৰ জৰিয়তে।উক্ত ঘটনা স্থলীত চিৰাং জিলা আম আদমী পাৰ্টীৰ এটা সজাতি দলে উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ উপৰিও…
