Dipshikha

3317 Posts

বুঢ়াচাপৰিৰ বাঘাটাপুত উত্তপ্ত পৰিস্থিতি

বুঢ়াচাপৰিৰ বাঘাটাপুত উত্তপ্ত পৰিস্থিতি। আৰক্ষী ,অৰ্ধ সামৰিক বাহিনীৰ লাঠি চাৰ্জ। বিদ্যালয় বন্ধ কৰি বন শিবিৰ বনোৱাত বাধা প্ৰদান উচ্ছেদিতা ৰাইজৰ।প্ৰথমে উচ্ছেদিতাক সংস্হাপন দিয়াৰ দাবী।বুঢ়াচাপৰিৰ বাঘাটাপু এল পি স্কুলত বন শিবিৰৰ বিৰুধীতাৰে ওলাই আহিল শ শ ৰাইজ।উত্তেজিত ৰাইজক ছত্ৰ ভংগ দিবলৈ আৰক্ষীৰ লাঠিচালনা।এতিয়াও উত্তেজনা অব্যাহত আছে বাঘাটাপুত
Read More

বিজনীত ড্ৰাগছসহ এজনক আটক আৰক্ষীৰ

বিজনীৰ ড্ৰাগছসহ এজনক আটক আৰক্ষীৰ।চিৰাং জিলাৰ বিজনীত ড্ৰাগছৰ বিৰূদ্ধে অভিযান অব্যাহত আছে বিজনী আৰক্ষীৰ । বুধবাৰ নিশা বিজনী আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত কাৱাটিকাত অভিযান চলাই কাৱাটিকাৰ তিনি আলীত ড্ৰাগছসহ এজনক আটক কৰে বিজনী আৰক্ষীয়ে। আটক কৰা লোকজনৰ নাম শ্বা মহম্মদ আলী(২৩) বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰীজন চাইকেলেৰে লৈ আহিছিল ড্ৰাগছসমূহ । পাছলৈ বিজনী আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰীজন । ধৃত সৰবৰাহকাৰীৰ পৰা ছয়টা কন্টেনাৰ ভৰ্তি ড্ৰাগছ, এটা চিৰিঞ্জ, এটা মোৱাইল, এটা চাইকেল জব্দ কৰিব সক্ষম হয় । জব্দকৃত ড্ৰাগছৰ ওজন ৭.৮৫ গ্ৰাম । জানিব পৰা মতে শ্বাহ মহম্মদ আলীৰ ঘৰ কাৱাটিকাত । পাছলৈ আৰক্ষীয়ে জব্দকৃত সামগ্ৰীসহ শ্বাহ মহম্মদ আলীৰ…
Read More

লখিমপুৰ জিলাৰ বিহপুৰীয়াত ভয়ংকৰ ডকাইতি কাণ্ড

লখিমপুৰ জিলাৰ বিহপুৰীয়াত নিশা ভয়ংকৰ ডকাইতি কাণ্ডলখিমপুৰৰ বিহপুৰীয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। বিহপুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত সন্তপুৰত বাহন ৰখাই চোকা অস্ত্ৰ দেখুৱাই লুটি নিলে ২.৫ লাখ টকা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
Read More

যোৰহাটত তেল পৰিবাহী টেংকাৰ পৰিল দ’ খালত

যোৰহাটত তেল পৰিবাহী টেংকাৰ পৰিল দ খালত।পশ্চিম যোৰহাটৰ বাই পাচত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।ট্ৰেভেলাৰ ছালকে আগ ভেটি ট্ৰেংকাৰ ছালকক মাৰ পিত কৰা অভিযোগ।ছালক জনে জানিবলৈ দিয়া মতে AS 03 BC 5111 নম্বৰৰ ছালক জনৰ বাবে এই দুৰ্ঘটনা সংঘটিত হল।এই দুৰ্ঘটনাত কোনো লোকৰ ক্ষয় খতি হোৱা নাইবৰ্তমান উদ্ধাৰ অভিযান চলি আছে আৰক্ষী আৰু জিলাপ্ৰশাসনৰ।টেংকাৰ খনৰ নাম্বাৰতো হৈছে AS 01 NC 8251
Read More

ধৰ্ষণকাৰীৰ গুপ্তাংগ কাটি ন্যায় বিচাৰি আৰক্ষী থানাত এজাহাৰ দাখিল মহিলাৰ

বটদ্ৰৱাত বীৰাংগনা মহিলা।ধৰ্ষণকাৰীৰ গুপ্তাংগ কাটি ন্যায় বিচাৰি আৰক্ষী থানাত এজাহাৰ দাখিল মহিলাৰ।এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা কৰিছিল কদমনি পথাৰৰ নুৰ হুছেইন নামৰ এটা লম্পটে।মহিলা গৰাকীক ধৰ্ষণৰ চেষ্টা চলোৱাৰ সময়তে নুৰ হুছেইন নামৰ ব্যক্তি গৰাকীৰ গুপ্তাংগ চোকা অস্ত্রৰে কাটে মহিলা গৰাকীয়ে।বৰ্তমান নুৰ হুছেইন নামৰ লম্পটো সংকটজনক অৱস্থাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।মহিলা গৰাকীয়ে ন্যায় বিচাৰি ঘটনা সন্দৰ্ভত বটদ্ৰৱা আৰক্ষী থানাত এজাৰৰ দাখিল কৰিছে যদিও নুৰ হুছেইনৰ পৰিয়ালে মহিলা গৰাকীৰ পৰিয়ালক ভাবুকি প্রদান কৰাৰ অভিযোগ। উঠিছে।
Read More

এছাটি পচোৱা বতাহৰ সৈতে আকৌ আহিল ফাগুন

এছাটি পচোৱা বতাহৰ সৈতে আকৌ আহিল ফাগুন ।ফাগুন । এছাটি পচোৱা বতাহৰ সৈতে আকৌ আহিল ফাগুন । ফাগুন মানেই যেন লঠঙা গছৰ লঠঙা পাত । এই লঠঙা ডালতেই ফাগুন তুমি পলাশ, শিমলু, মদাৰ হৈ ফুলিছা । প্ৰকৃতিৰ বুকুত যৌৱন নমাই বসন্তৰ আন এক নাম হল ফাগুন । ফাগুন তুমি উন্মনা-উতনুৱা, চঞ্চলা তোমাৰ যৌৱন । ফাগুনৰ ৰঙেৰে উজ্জীৱিত এটা মাহ, ফাগুন মানেই যেন আশাৰ বতৰা । ৰঙা মদাৰে কঢ়িয়াই আনে প্ৰেমৰ খবৰ । উন্মনা ফাগুনে জীপাল কৰি তোলে লঠঙা গছৰ মাদকতা । ফাগুন বুলি কলেই যে এক শুকান শুকান পৰিবেশ । কিন্তু ইমানতেই যানো শেষ হয় ফাগুনৰ বৰ্ণনা । কবিৰ কবিতাতো…
Read More

গৌৰীপুৰৰ তাৰঘাতত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে আটক কৰিলে এজন যুৱক

গৌৰীপুৰৰ তাৰঘাতত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে আটক কৰিলে এজন যুৱক। ড্ৰাগছ সেৱন কৰা যুৱক জনৰ নাম নুৰ আলম ঘৰ দক্ষিণ গেৰামাৰী বুলি জানিব পৰা গৈছে। মহিবুল নামৰ যুৱক জনৰ পৰা কিনি আনিছে বুলি স্বীকাৰ উক্তি দিয়ে যুৱক জনে। স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ যুৱক জনক থানালৈ অনা হয় ।গৌৰীপুৰ আৰক্ষীয়ে এনে ড্ৰাগছ সেৱন ওপৰত কি পদক্ষেপ লয় সেয়া হব পৰবৰ্তী সময়ত লক্ষণীয় বিষয়।
Read More

কলিয়াবৰত বিলাসী চেণ্ট্ৰ বাহনত চোৰাং গৰু

কলিয়াবৰত বিলাসী চেণ্ট্ৰ বাহনত চোৰাং গৰু। বিলাসী বাহনৰ ভিতৰত গৰু দেখি হতবাক স্থানীয় ৰাইজ।বিলাসী গাড়ীৰ ভিতৰত গৰুৰ গোবৰেৰে ভৰ্তি । এতিয়া গো সৰবৰাহকাৰী য়ে লৈ চোৰাং গৰু সৰবৰাহ ৰ ন ন কৌশল।মিছা আৰক্ষীয়ে জব্দ কৰে গৰু সহ চেন্ত্র বাহন খন।আৰক্ষীয়ে ৰখিবলৈ সংকেত দিয়াত গাড়ী ৰখাই পলাবলৈ চেষ্টা চেণ্ট্ৰ বাহনৰ চালকৰ কিন্ত আৰক্ষীৰ তৎপৰতাত চামগুৰিৰ বৰমাবিলৰ ৰচিদুল হক নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে মিছা আৰক্ষীয়ে।জব্দ কৰা বাহন খনৰ নাম্বাৰ হল AS 02D 1484মিছা ৰৌমাৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা গৰু সহ চেণ্ট্ৰ বাহন খনআৰু এতিয়া বিলাসী বাহনত গৰু অনা কাৰ্য্যই চকু কপালত তুলিছে স্থানীয় লোকৰ।ঘটনা সন্দৰ্ভত…
Read More

কণ-কণ শিশুসকলৰ জীৱনকলৈ হেতালি খেলা এটা অংগনবাড়ী

কণ-কণ শিশুসকলৰ জীৱনকলৈ হেতালি খেলা এটা অংগনবাড়ী বগৰীবাৰী নেহৰু স্মৃতি পুঠিভৰাল অংগনবাদী কেন্দ্ৰ ,হাজাৰ কৈ থাকিলেও ওৰকে নপৰে বিয়াগোম সমাজ কল্যাণ বিভাগটোৰ অনিয়ম-দুৰ্নীতিৰ কথা ।অংগনবাড়ী কেন্দ্ৰটোৰ জৰাজীৰ্ণ ৰূপত ক্ষোভিত হৈ পৰিছে অভিভাৱক সকল ।আজি পাঁচ বছৰে কেন্দ্ৰটোৰ জৰাজীৰ্ণ ৰূপতে চলিছে পাঠদান ।ৰাইজে অতিশীঘ্ৰে কেন্দ্ৰটো মেৰামতি কৰি শিশুসকলক বিপদমুক্ত কৰিবলৈ অনুৰোধ জনাইছে ।
Read More

নলবাৰীৰ বৰক্ষেত্ৰীত প্ৰশাসনৰ উচ্ছেদ

নলবাৰীৰ বৰক্ষেত্ৰীত প্ৰশাসনৰ উচ্ছেদ ৷নলবাৰীৰ বৰক্ষেত্ৰীৰ ২নং ভেলামাৰীৰ চৰকাৰী ভূমিত প্ৰশাসনৰ উচ্ছেদ ৷২নং ভেলামাৰীৰ ১৫০ বিঘা বেদখলকৃত ভূমিত চৰকাৰৰ উচ্ছেদ ৷চৰকাৰে উচ্ছেদ চলায় ১৬ টাকৈ পৰিয়ালক ৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ উদয় শংকৰ দত্ত আৰু নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈৰ নেতৃত্বত আৰক্ষী প্ৰশাসনৰ বিশাল বাহিনীৰ উচ্ছেদ ৷
Read More