Dipshikha

3317 Posts

হাইলাকান্দিৰ পিছত এইবাৰ হোজাই মোৰাঝাৰত নিশা মডেল পুলিচগিৰি

হাইলাকান্দিৰ পিছত এইবাৰ হোজাই মোৰাঝাৰত নিশা মডেল পুলিচগিৰি এই মডেল পুলিচগিৰিৰ আক্ৰমণৰ বলি এজন যুৱক নিজকে অবিবাহিত যুৱতী বুলি পৰিচয় দি ৰাতি ঘৰত মাতি নিছিল এজন যুৱকক এগৰাকী মহিলাই নিশা ফোন কৰে মাতিনি উপৰ্যুপৰি আক্ৰমণ কৰে যুৱকজনক। ইমানতে সান্ত নাথাকি চচিয়েল মিডিয়াত ভাইৰেল কৰে যুৱক জনক আক্ৰমণ কৰাৰ সমুহ ভিডিঅ আক্ৰমণ কাৰীৰ লগতে চচিয়েল মিডিয়াত ভিডিঅ ভাইৰেল কৰা লোকক আটক কৰাৰ বাবে ৰাইজে আহ্বান জনাইছে অসম আৰক্ষীক।
Read More

গৌৰীপুৰৰ গোলকগঞ্জত বৃহৎ পৰিমাণৰ চোৰাং ইউৰিয়া সাৰ জব্দ

গৌৰীপুৰৰ গোলকগঞ্জত বৃহৎ পৰিমাণৰ চোৰাং ইউৰিয়া সাৰ জব্দ।ৰাজ্যত পুনৰ অব্যাহত আছে চোৰাং ইউৰিয়া সাৰৰ ৰমৰমীয়া বেহা ৷ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ বানিয়ামাৰীত গাড়ী সহ চোৰাং ইউৰিয়া সাৰ জব্দ কৰে আৰক্ষীয়ে।জানিব পৰা মতে আজি দুপৰীয়াৰ ভাগত গোলকগঞ্জ থানাৰ যানবাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত কুমাৰ ৰায়ৰ নেতৃত্বত গোপন সুত্ৰৰ আধাৰত পশ্চিম বংগ পৰা ধুবুৰী অভিমুখে তীব্ৰ গতিত যোৱাৰ সময়ত WB— 63 A-5313 নম্বৰৰ ব্লুলোৰো পিকাআপ চোৰাংকৈ কঢ়িয়াই অনা গাড়ী খন পলাই যাবলৈ চেষ্টা কৰে যদিও কিন্তু সফল নহ'ল।পিছত গোলকগঞ্জ থানাৰ আৰক্ষীয়ে গাড়ীৰ পিছে— পিছে খেদি অৱশেষত বানিয়ামাৰী নতুন কৈ কাম আৰম্ভ কৰা 127 B ফোৰ লাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী খন আটক কৰিবলৈ…
Read More

আসাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱাৰকাৰ্ছ ইউনিয়নৰ বিজনী শাখা সমিতিয়ে বিজনী বিদ্যুৎ উপ-সংমণ্ডলৰ কৰ্মচাৰীৰ কৰ্মবিৰতি

সমগ্ৰ ৰাজ্যৰ লগতে আসাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱাৰকাৰ্ছ ইউনিয়নৰ বিজনী শাখা সমিতিয়ে বিজনী বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় চৌহদত আজি ৰাতিপুৱা ৫ বজাৰ পৰা আবেলি ৫ বজালৈ ১২ ঘন্টিয়া কৰ্মবিৰতী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যেঅস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু ১১দফীয়া দাবী পূৰণৰ দাবীত অনুষ্ঠিত কৰা হয় এই কৰ্মবিৰতি কাৰ্য্যসূচী।উল্লেখযোগ্য যে সমগ্ৰ অসমত বিদ্যুৎ বিভাগৰ বিভিন্ন পদত পাচঁ হাজাৰতকৈ অধিক অস্থায়ী কৰ্মচাৰী কৰ্মৰত হৈ আছে যদিও বিদ্যুৎ বিভাগে অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে অস্থায়ী কৰ্মচাৰীসকল।
Read More

গোৰেশ্বৰ কেৰ্পাভিঠাত কেৰ্পাভিঠা উপ স্বাস্থ্য কেন্দ্র মেৰামতিৰ নামত দূৰ্নীতি

গোৰেশ্বৰ কেৰ্পাভিঠাত কেৰ্পাভিঠা উপ স্বাস্থ্য কেন্দ্র মেৰামতিৰ নামত দূৰ্নীতি। নিজৰ ময় মতালিৰে কাম কৰি আহিছে ঠিকাদাৰ ছাদেক আলীয়ে ৰাইজে বাৰে বাৰে অভিযোগ উত্থাপন কৰি অহাৰ পিছত ও কাণসাৰ নাই ঠিকাদাৰ ছাদেক আলীৰ ভঙা কাঠতে ৰং খনাৰ লগতে সম্পূর্ণ কাম নকৰি দায়িত্ব সামৰিৱ বিছাৰিছে ঠিকাদাৰ গৰাকীয়ে। আজি অঞ্চলৰটোৰ কেইজনমান সচেতন যুৱকে উপস্থিত হৈ স্বাস্থ্য কেন্দ্রটোৰ হোৱা দুর্নীতিৰ বাবে কাম বন্ধ কৰি দিয়ে। লগতে ঠিকাদাৰ গৰাকীক নিজে উপস্থিত হৈ কাম সমূহ পৰিদৰ্শন কৰিৱ দিয়ে। ইপিনে ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে এই দুৰ্নীতিত চৰকাৰী বিষয়াও জড়িত হয় থকাৰ সন্দেহ কৰে ।ইয়াৰ লগতে কয় যে এই দুর্নীতিগ্ৰস্থ ঠিকাদাৰ গৰাকীক নাকী লগাবলৈ অনুৰোধ জনাই।
Read More

খাৰুপেটীয়া পৌৰসভাৰ নাভূত নাশ্ৰুত কাণ্ড

খাৰুপেটীয়া পৌৰসভাৰ নাভূত নাশ্ৰুত কাণ্ড । এশ শতাংশৰো অধিক হাৰত টেক্স বৃদ্ধি ।বছৰেকত হাজাৰ টকাৰ টেক্স বৃদ্ধি কৰিলে লাখ টকালৈকে দৰঙৰ খাৰুপেটীয়া পৌৰ সভাৰ Anual Rental Value অভাৱনীয় হাৰত বৃদ্ধিৰ জাননীক লৈ নগৰবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া ।অত্যাধিক হাৰত Land value বৃদ্ধিৰ জাননীয়ে হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বিশেষকৈ মধ্যবিত্ত আৰু দুখীয়া ৰাইজৰ মাজত। একাংশই দিলে আত্মহত্যাৰ ভাবুকি।এই বৃদ্ধিহাৰত অসমৰ্থ একাংশই খাৰুপেটীয়া টাউন এৰি গাঁৱলৈ গুচি যোৱাৰো হুংকাৰ দিয়ে। উল্লেখ্য যে অলপতে দৰঙৰ খাৰুপেটীয়া পৌৰসভাৰ সভানেত্ৰী কৃষ্ণা সাহাৰ স্বাক্ষৰিত জাৰি কৰা জাননীত উল্লেখ কৰা মতে ৰাষ্ট্ৰীয়পথতৰ সংলগ্ন ব্যক্তিগত ঘৰসমূহ , ব্যক্তিগত স্কুল, ৰাজহুৱা অনুষ্ঠান আদি নিম্নতম 270 টকাৰ পৰা 812 টকালৈ স্কুৱাৰফুট…
Read More

ঘোচ লোৱা অৱস্থাত হাতেলোটে গ্ৰেপ্তাৰ মাফিয়া

গোৱালপাৰা জিলাৰ মাটিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । ঘোচ লোৱা অৱস্থাত হাতেলোটে গ্ৰেপ্তাৰ মাটিয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বজলুল বাছিত সৰকাৰ ।কয়লাকান্তি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দেৱান ৰফিক আহমেদে লোনৰ আবেদন পত্ৰ অনুমোদনৰ বাবে প্ৰাথমিক শিক্ষা বিষয়াই এক হাজাৰ টকা উৎকোচ লওতে হাতে লোটে ধৰি গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই। মুখ্যমন্ত্ৰীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই তদন্ত অব্যাহত ৰাখিছে।
Read More

পথ সুৰক্ষা সজাগতা অভিযান শিৱসাগৰ যান বাহন আৰক্ষীৰ

পথ সুৰক্ষা সজাগতা অভিযান শিৱসাগৰ যান বাহন আৰক্ষীৰশিৱসাগৰত যানবাহন আৰক্ষী উদ্যোগত পথ সুৰক্ষা সজাগতা অভিযান ।ফাকুৱা দুৰ্ঘটনামুক্ত কৰাৰ লক্ষ্যৰে আৰক্ষী সঞ্চালক প্ৰধান জে পি সিং য়ে ৰাজ্যৰ সকলো আৰক্ষীলৈ বিষয়ালৈ নিদেৰ্শনা জাৰি কৰি যোৱাকালি এটা টুইত কৰিছিল ।য’ত উল্লেখ কৰা আছিল ফাকুৱা দুৰ্ঘটনামুক্ত কৰাৰ লক্ষৰে যান -বাহনৰ বহুকেইটা নীতিনিয়ম মানি চলিবলৈ আহ্বান জনাই ।সেয়েহে এই আহ্বান মৰ্মে আজি শিৱসাগৰ আৰক্ষী দ্বাৰা এটা সজাগতা ৰেলি বাহিৰ কৰা হয় ।
Read More

অভাৱনীয় ভাবে মুল্য বৃদ্ধিৰ প্ৰতিবাদত দৰং জিলা মহিলা কংগ্ৰেছৰ প্ৰতিবাদ

অভাৱনীয় ভাবে মুল্য বৃদ্ধিৰ প্ৰতিবাদত দৰং জিলা মহিলা কংগ্ৰেছৰ প্ৰতিবাদ।মঙলদৈত কান্ধত ৰন্ধন গেছৰ ছিলিন্দাৰ লৈ ৰাজপথত ওলাই আহিল মহিলা সকল।ৰাজপথতেই গেছৰ ষ্ট্রভত খৰিৰে ধৰিলে জুই।দেশৰ লগতে ৰাজ্যখনত অভাৱনীয় ভাৱে হোৱা মুল্য বৃদ্ধিৰ প্ৰতিবাদত দৰং জিলা মহিলা কংগ্ৰেছে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। মঙলদৈৰ ৰাজীৱ ভৱনৰ পৰা আৰম্ভ কৰিলেএই প্ৰতিবাদী কাৰ্যসূচী। জিলা খনত ১৪৪ ধাৰা চলি থকাৰ বাবে ঘাই পথৰ পৰা আঁতৰি যাৱলৈ কোৱাত ঘুৰি গৈ ৰাজীৱ ভৱনৰ চোতালত গৈ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে প্রতিবাদকাৰী সকলে ।শেহতীয়াকৈ ভাবে চিলিণ্ডাৰৰ মুল্য বৃদ্ধিৰ বাৱে মহিলা কংগ্ৰেছে গেছৰ চুলাত খৰিৰে জুই জ্বলাই এই প্ৰতিবাদ সাব্যস্ত কৰে। জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অনিতা ৰাজবংশীৰ নেতৃত্বত…
Read More

আৱিৰৰ ৰঙেৰে ৰঙীণ হ’ব গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা

বটদ্ৰৱাত পাচঁ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব শ্ৰী শ্ৰী কৃষ্ণ দৌল যাত্ৰা মহোৎসৱ ।তুংগত উঠিছে প্ৰস্তুতি।আৱিৰৰ ৰঙেৰে ৰঙীণ হ'ব গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱভাগ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ'ব । অহা ইং ৬ মাৰ্চ সোমবাৰৰ পৰা আৰম্ভ হ'বলগীয়া দৌল মহোৎসৱ ভাগ ১০ মাৰ্চ শুক্ৰবাৰে অন্ত পৰিব । ইতিমধ্যে দৌল মহোৎসৱৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে । ২০ লক্ষাধিক ভক্তৰ সমাগম ঘটিব দৌল মহোৎসৱভাগত । অতিথি সকলক আদৰিবলৈ প্ৰস্তুত প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে…
Read More

কলিয়াবৰত বনৰজাৰ মুক্ত বিচৰণ

কলিয়াবৰত বনৰজাৰ মুক্ত বিচৰণ ।বন্যহস্তীৰ পিছত এতিয়া কলিয়াবৰত দেখা গৈছে বনৰজাৰ মুক্ত বিচৰণ । শিলঘাট বনখণ্ডৰ আলেকাধীন কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচা আৰু ইয়াৰ পাৰ্চবৰ্তী অঞ্চলত প্ৰত্যক্ষ কৰা হৈছে ঢেকীয়াপতিয়া বাঘ । আজি কিছু দিন ধৰি চাহ বাগিচা খনৰ লগতে কাষৰীয়া শিলঘাট , সোনাৰী-কামাখ্যা , তপা হোলা আদি স্থানত ৰাইজে প্ৰত্যক্ষ কৰিছে ঢেকীয়াপতিয়া বাঘ । প্ৰথমে এটা বুলি ভবা হৈছিল যদিও ৰাইজে কেইবাটাও বাঘ থকা বুলি ধাৰণা কৰিছে । ইতিমধ্যে কাষৰীয়া অঞ্চলৰ পশুধন নিধন কৰিবলৈ আৰম্ভ কৰিছে ঢেকীয়াপতিয়াই । বাঘৰ উপস্থিতিক লৈ ৰাইজ আতংকিত হোৱাৰ বিপৰীতে কিছু অতুৎসাহী লোকে বাঘ চাবলৈ , কেমেৰাত বন্দী কৰিবলৈ চেষ্টা…
Read More