Dipshikha

3317 Posts

বজালীৰ ৰিহাবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

বজালীৰ ৰিহাবাৰীত ভয়ংকৰ অগ্নিকাণ্ডঅগ্নিকাণ্ডত জাহ যায় কিতাপ আৰু গেলামালৰ দুখনকৈ দোকান প্ৰায় ৮ লাখ টকাৰ সম্পত্তি জুইত জাহ যায় বুলি দোকান স্বত্ত্বাধিকাৰী ৰণজিৎ কলিতাই জানিব দিয়েবহু পলমকৈ ঘটনা স্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্ৱাপনৰ চেষ্টা কৰে ।
Read More

চৰকাৰী আঁচনি মানেই যেন লুণ্ঠন

চৰকাৰী আঁচনি মানেই যেন লুণ্ঠন। বাৰিষাৰ প্ৰাক মুহূৰ্তত বানে ত্ৰাসৰ সৃষ্টি কৰা নৈ উপনৈ সমূহৰ মথাউৰী ঠিক কৰাৰ বাবে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰাৰ পিছতেই ক্ষিপ্ৰতাৰে আৰম্ভ হৈছে মথাউৰী পুনৰ নিৰ্মাণৰ কাম। কিন্তু একাংশ বিষয়া কৰ্মচাৰী আৰু ঠিকাদাৰৰ লুণ্ঠনৰ বাবে বলিয়া বানৰ আশংকাত ভুগিছে গঞা ৰাইজ। লুইতৰ বানৰ আশংকাত থকা নগাঁও জিলাৰ উত্তৰ পশ্ছিম অঞ্চলৰ শতাধিক ৰাজহ গাঁৱৰ একমাত্ৰ ভৰসাৰ স্থল ধিং শিলঘাট সংযোগী মথাউৰী। ৰাজ্য চৰকাৰৰ কেইবাশ কোটি টকা ব্যয় সাপেক্ষে ব্ৰহ্মপুত্ৰৰ পাৰেৰে মথাউৰীৰ উপৰত পথ নিৰ্মাণ কৰাৰ কাম আৰম্ভ হৈছে যদিও ডুমডুমীয়া, পুঠিমাৰী, সূতিৰ পাৰ আদি অঞ্চলত এই পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ স্থানীয়…
Read More

চেন্নাইলৈ কৰ্মসূত্ৰে যোৱা অসমৰ যুৱক সন্ধানহীন

গোলাঘাটৰ কাছমাৰীৰ চামগুৰিৰ মিচিং গাঁৱৰ প্ৰয়াত তুচু চহ ৰ ৪৪ বছৰ বয়সীয়া পুত্ৰ অম্বেশ্বৰ চহ যোৱা শুক্ৰবাৰে চেন্নাইলৈ কৰ্মৰ সন্ধানত উপস্থিত হৈছিল ৷ চেন্নাইৰ আটিকুটু নামৰ ঠাইৰ পৰা যোৱা মঙ্গল বাৰ অৰ্থাৎ ২১ মাৰ্চৰ দিনা সন্ধানহীন হয় ৷ মঙ্গলবাৰৰ দিনাৰ পৰা অম্বেশ্বৰ 9707074925 নম্বৰত পৰিয়ালৰ লোকে বাৰেপতি ফোন কৰিও যোগাযোগ কৰিব পৰা নাই ৷ স্বাভাবিকতেই দুটা কণমানি সন্তানৰ পৃতি অম্বেশ্বৰৰ সৈতে সংযোগ বিছিন্ন হোৱা বিষয়টোৱে পত্নী তথা পৰিয়ালৰ লোকক চিন্তিত কৰি তুলিছে আৰু তেওঁৰ সন্ধান পালে *9859542743* নম্বৰত বা নিকটৱৰ্তী থানাত জনাবৰ বাবে পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷
Read More

বিজনী চহৰত হস্ত-তাত বস্ত্ৰ বিভাগ আৰু বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান

বিজনী চহৰত হস্ত-তাত বস্ত্ৰ বিভাগ আৰু বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে অভিযান।জব্দ গামোচা আৰু মেখেলা চাদৰ। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পাৱাৰলুমৰ গামোচা বন্ধ কৰাৰ বাবে নিষেধাজ্ঞা জাৰি কৰাৰ পিছত বিজনী মহকুমা প্ৰশাসন আৰু হস্ত-তাত বস্ত্ৰ বিভাগৰ তৰফৰ পৰা অব্যাহত ৰাখিছে।আজি দিনৰ ভাগত বিজনী চহৰত অভিযান চলাই জব্দ কৰে পাৱাৰলুমৰ গামোচা আৰু মেখেলা চাদৰ।ইতিমধ্যে হস্ত তাত বস্ত্ৰ আৰু বিজনী মহকুমা প্ৰশাসনে বিজনী চহৰত প্ৰায় ২২ হেজাৰ টকাৰ পাৱাৰলুমৰ গামোচা, মেখলা-চাদৰ, দখনা আদি জব্দ কৰিছে।থলুৱা শিপিনী সকলক উপকৃত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লোৱা পদক্ষেপৰ অংশ হিচাপে এই অভিযান চলোৱা হয় বুলি জানিব দিয়ে বিজনীৰ সহকাৰী চক্ৰ বিষয়া ইলা…
Read More

খেলপ্ৰেমী সকলৰ বাবে আহিছে এক সুখবৰ

খেলপ্ৰেমী সকলৰ বাবে আহিছে এক সুখবৰ।গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত বিশ্বকাপৰ মেচ অনুষ্ঠিতৰ সম্ভাৱনা।৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হব ODI ক্ৰিকেট বিশ্বকাপ।আৰু প্ৰথমবাৰৰ বাবে ভাৰতে এককভাবে আয়োজন কৰিব ODI বিশ্বকাপ।গুৱাহাটীৰ লগতে ভেনু তালিকাত অন্তৰ্ভুক্ত আছে দেশৰ ১২ খন চহৰৰ নাম।যিহেতু সম্ভাৱনা প্ৰকট হৈ উঠিছে। গুৱাহাটীত অনুষ্ঠিত হব বিশ্বকাপ ODI ক্ৰিকেট
Read More

তিনিচুকীয়াৰ পৌৰসভাৰ কাৰ্যলয়ৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী

তিনিচুকীয়াৰ পৌৰসভাৰ কাৰ্যলয়ৰ সন্মুখত তৃণমূল কংগ্ৰেছৰ ধৰ্ণা কাৰ্যসূচী।পৌৰ কৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। পৌৰ কৰ নিয়ন্ত্ৰণ নহ'লে অনাগত দিনত ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিছে তৃণমূল কংগ্ৰেছে ।মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক। মূল্যবৃদ্ধি ৰোধৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱা দেখা গৈছে ।কেৱল এয়াই নহয় চৰকাৰে বিভিন্ন ধৰণৰ কৰৰ বোজা সাধাৰণ জনতাৰ মূৰত জাপি দিছে । শেহতীয়াকৈ অসম চৰকাৰে পৌৰ কৰ বৃদ্ধি কৰাক লৈও বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।ইফালে ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি তৃণমূল কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।বুধবাৰৰ দিনটোত তিনিচুকীয়াত তৃণমূল কংগ্ৰেছ দলে তিনিচুতীয়াৰ থানাচাৰিস্থত পৌৰসভাৰ কাৰ্যলয়ৰ সন্মুখত পৌৰ কৰৰ বিৰুদ্ধে তীব্ৰ…
Read More

গোৱালপাৰা জিলাৰ ধনুভাঙাত গৰু সৰবৰাহ

গোৱালপাৰা জিলাৰ ধনুভাঙাত ৰাইজৰ সহযোগত ধূপধৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ২১ টা কৈ মেঘালয়লৈ সৰবৰাহ কৰিবলৈ লোৱা গৰু।ধনুভাঙাৰ জলাপাৰাত দুখনকৈ ডি আই বাহনেৰে মেঘালয়লৈ গৰু কেইটা সৰবৰাহ কৰি থকাৰ সময়তে ৰাইজে বাহন দুখন আবদ্ধ কৰাত পোহৰলৈ গৰু সৰবৰাহ ঘটনাটি।এজন সৰবৰহীক আটক কৰা হয় যদিও বাকী কেইজন এন্ধাৰ ৎৰ সুযোগ লৈ ঘটনাস্থলীত বাইক এৰি পলায়ন কৰে।উত্তেজিত ৰাইজে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰে বাইক দুখন।ডি আই বাহন দুখনতো আত্ৰমণ কৰি ক্ষতি সাধন উত্তেজিত ৰাইজৰ।ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে গৰু কেইটা জব্দ কৰি থানালৈ লৈ অনাৰ লগতে গৰু সৰবৰাহত ব্যৱহাৰ কৰা ডি আই বাহন, দুখন বাইক লৈ আনে থানালৈ।গৰু সৰবৰাহ কৰাৰ ক্ষেত্ৰত ৰংজুলি আৰু ধনুভাঙাৰ…
Read More

দৰঙৰ খাৰুপেটীয়াত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ

দৰঙৰ খাৰুপেটীয়াত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদচৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছে। অত্যাধিক হাৰত বৃদ্ধি কৰা পৌৰ কৰ প্ৰত্যাহাৰ দাবীত এই প্ৰতিবাদ।খাৰুপেটীয়াৰ পৌৰসভা কাৰ্যলয়ৰ সন্মুখত বিজেপি চৰকাৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ আদি শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
Read More

ৰাজ্যজুৰি সামাজিক মাধ্যমত ভাইৰেল হৈ থকা ৰিতুল হুছেইনক গ্ৰেপ্তাৰ

ৰাজ্যজুৰি সামাজিক মাধ্যমত ভাইৰেল হৈ থকা ৰিতুল হুছেইনক গ্ৰেপ্তাৰ।নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।লাভ জেহাদৰ সম্বোধন কৰিছিল সামাজিক মাধ্যমত।তাৰ পিছতে গ্ৰেপ্তাৰ কৰিছে ৰিতুল হুছেইনক।উল্লেখযোগ্য যে সংবাদমেলৰ জৰিয়তে লাভ জেহাদৰ অভিযোগ দিছিল যুৱতী গৰাকীক।তাৰ পিছতে যুৱতী গৰাকী আৰু পিতৃয়ে হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল।হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধানতেই গ্ৰেপ্তাৰ কৰিলে ৰিতুল হুছেইনক।কেবাটাও গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ৰিতুল হুছেইনক।বৰপেটাৰ মন্দিয়াৰ পৰা গ্ৰেপ্তাৰ কৰে ৰিতুল হুছেইনক।লাভ জেহাদৰ বলি হোৱা যুৱতী গৰাকীৰ গোচৰৰ ভিত্তিতেই গ্ৰেপ্তাৰ হয় ৰিতুল।
Read More

খালিস্তানী নেতা অমৃতপাল সিঙৰ খুড়াককো অনা হ’ল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ

খালিস্তানী নেতা অমৃতপাল সিঙৰ খুড়াককো অনা হ'ল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ।আজি আৰু ১১ জন খালিস্তানীক অনাৰ সম্ভাৱনা আছে।গুৱাহাটীৰ পৰা স্থলপথেৰে বিশাল কনভয়ৰ জৰিয়তে ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰলৈ অনা হয় খালিস্তানী নেতা অমৃতপাল সিঙৰ খুড়াক হৰজিৎ সিঙ সহ ব্যক্তিগত গাড়ীচালকগৰাকীক ।পঞ্জাৱ আৰক্ষীৰ আগত আত্মসমর্পণ কৰাৰ পাছতে হৰজিৎ সিঙক ডিব্ৰুগড়ৰ কাৰাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে পঞ্জাৱ আৰক্ষীয়ে।
Read More