Dipshikha

3317 Posts

শিশু সৰবৰাহৰ ক্ষেত্ৰত অসম আছে শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত

শিশু সৰবৰাহক লৈ অসম বিধানসভাত উন্মোচিত হৈছে উদ্বেগজনক তথ্য। শিশু সৰবৰাহৰ ক্ষেত্ৰত অসম আছে শীৰ্ষ ৫ খন ৰাজ্যৰ ভিতৰত। দেশৰ ভিতৰতে সৰ্বাধিক শিশু সৰবৰাহৰ ক্ষেত্ৰত অসমৰ স্থান তৃতীয়।আনহাতে অসমৰ পৰা সৰবৰাহ হোৱা শিশুৰ ভিতৰত ৭৯ শতাংশই হ'ল ছোৱালি আৰু ২১ শতাংশ ল'ৰা
Read More

৪ দিনৰ বাবে সতৰ্ক হওঁক অসমবাসী

অসমৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞৰ এক বিশেষ সতৰ্কবাণী।ইতিমধ্যেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰতিখন জিলালৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে।অনাগত প্ৰায় চাৰিটাকৈ দিনলৈ ৰাজ্যত কালৰূপ ধাৰণ কৰিব বতৰে।শিলাবৃষ্টি হোৱাৰ আকংসা কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।উজনিৰ পৰা নামনিলৈ প্ৰতিখন ৰাজ্যতে সতৰ্কবাণী প্ৰেৰণ কৰিছে।
Read More

কৰিমগঞ্জত এটা চুৰক খুটাত বান্ধি একাংশ লোকৰ মাৰ পিত

ৰাজ্যত সঘনাই সংঘটিত হৈছে এটাৰ পিছত আন এটা মৰেল পুলিচগিৰি ঘটনা।এইবাৰ স্থান কৰিমগঞ্জ।কৰিমগঞ্জত এটা চুৰক খুটাত বান্ধি একাংশ লোকে মাৰ পিত কৰে।উল্লেখযোগ্য যে দীর্ঘদিনৰ পৰা কৰিমগঞ্জত সংঘটিত হৈ আহিছে চুৰি কাণ্ডৰ ঘটনা।আজি ৰাইজে হাতে লুটে আটক কৰি এনেদৰে মাৰ পিত কৰে।দিনৰ পোহৰতে সংঘটিত কৰিছিল চুৰ।আৰু তাৰ পিছতে ৰাইজে আটক কৰি চুলি কাটি দি এনেদৰে মাৰপিত কৰা পৰিলক্ষিত হৈছে।যিহেতু দীৰ্ঘদিনৰে পৰা চুৰিকাণ্ড সংঘটিত হৈ আহিছে কৰিমগঞ্জত।অৱশেষত ৰাইজে অতিষ্ঠ হৈ পৰিছে।যাৰ ফলশ্ৰুতিত এনেদৰে মাৰ পিত কৰা পৰিলক্ষিত হৈছে।
Read More

বিজনীৰ গাঞ্জাৰ চিৰাল চিৰাল পাতৰ গানত বিজনী বনবিভাগৰ কাৰ্যালয়ৰ গেটত একাংশ মহিলাৰ ধৰ্ণা

বিজনীৰ গাঞ্জাৰ চিৰাল চিৰাল পাতৰ গানত বিজনী বনবিভাগৰ কাৰ্যালয়ৰ গেটত একাংশ মহিলাৰ ধৰ্ণা ।চিৰাং জিলাৰ বিজনীৰ বন বিভাগৰ কাৰ্যালয়ৰ গেটত একাংশ মহিলাৰ ধৰ্না । আজি বিজনী বৰগাৱত এছ এছ বিৰ অভিযানত AS 01Z 2683 নম্বৰৰ ওইৰিয়াম গছৰ কুণ্ডা ভৰ্তি এখন টাটা মোৱাইল গাড়ী জব্দ কৰে । পাছলৈ উক্ত গাড়ীসহ কুণ্ডাসমূহ বিজনীৰ বন বিভাগৰ কাৰ্যালয়ত চমজাই দিয়ে । উক্ত বন বিভাগৰ কাৰ্যালয় পৰা এছ এছ বিৰ গাড়ী ওলাই যাওতে সন্মুখত শাৰীপাতি বহি ধৰ্ণাত বহে একাংশ মহিলা । আমাৰ গছ আমাক ঘুৰাই দিয়ক । গছ ঘুৰাই নেদিলে বন বিভাগৰ কাৰ্যালয়ৰ পৰা এছ এছ বিৰ গাড়ী ওলাই যাব দিয়া নহ'ব বুলি উত্তাল কৰে…
Read More

গোৰেশ্বৰত চালানবিহীন ডাম্পাৰৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান কেইবাখনো ডাম্পাৰক জৰিমনা

গোৰেশ্বৰত চালানবিহীন ডাম্পাৰৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযানকেইবাখনো ডাম্পাৰক জৰিমনা ।অৱশেষত সাৰ পালে পৰিবহণ বিভাগে। নিশা পৰিবহণ বিভাগৰ এটা দলে গোৰেশ্বৰত চালানবিহীনভাবে অভাৰলোডিং কৰি শিল,বালি সৰবৰাহ কৰা ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলায়। বাক্সা জিলাৰ বগামাটিৰ বৰনদী, পুঠিমাৰী আৰু শুক্লাই নদীৰ পৰা ডাম্পাৰেৰে অভআৰলোডিং কৰি দিনে নিশাই শিল বালি সৰবৰাহ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ডাম্পাৰসমূহে এনেদৰে গোৰেশ্বৰ-বাইহাটা চাৰিআলি পথত দৌৰাত্ম্য চলাই অহাৰো অভিযোগ উত্থাপন হোৱাৰ লগতে এই বিষয়ে সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰচাৰ হৈছিল। ইয়াৰ পিছতে যোৱা নিশা পৰিবহণ বিভাগৰ দল এটাই গোৰেশ্বৰ চহৰত অভিযান চলায়। অভিযানকাৰী দলটোৱে চালান বিহীন ভাৱে আৰু আভাৰলোডিং কৰি শিল বালি কঢ়িওৱা কেইবাখনো ডাম্পাৰক জৰিমণা বিহে। চৰকাৰে দিয়া…
Read More

নাজিৰাত বিজেপিত খহনীয়া

নাজিৰাত বিজেপিত খহনীয়া।কংগ্ৰেছ দলৰ নীতি-আদৰ্শ প্ৰতি আকৃষ্ট হৈ বিজেপিৰ পৰা কংগ্ৰেছ দলত যোগদান বিজেপি যুৱ মৰ্চা জয়মতী মণ্ডলৰ উপসভাপতি।দোলাকাষৰীয়া গাঁও পঞ্চায়তৰ ১নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা জোনমণি বড়া আৰন্ধৰা।নাজিৰাৰ ৰাজীৱ ভৱনত এইগৰাকী বিজেপিকৰ্মীয়ে যোগদান কৰে কংগ্ৰেছত।
Read More

আজি আন্তৰ্জাতিক সুখ দিৱস

আজি আন্তৰ্জাতিক সুখ দিৱস।ৰাষ্ট্ৰসংঘৰ উদ্যোগত আন্তৰ্জাতিক সুখ দিৱস বিশ্বজুৰি উদযাপন কৰা হয়। এইবাৰ আন্তঃৰাষ্ট্ৰীয় সুখ দিৱসৰ থিম হৈছে ‘Be Mindful. Be Grateful. Be Kind’ অৰ্থাৎ 'সচেতন হওক, কৃতজ্ঞ হওক আৰু দয়াশীল হওক।" আন্তৰ্জাতিক সুখ দিৱস, যাক বিশ্ব সুখ দিৱস বা সুখ দিৱস বুলিও কোৱা হয়, প্ৰতি বছৰে ২০ মাৰ্চত উদযাপন কৰা হয়। সাধাৰণ পৰিষদে ২০১২ চনৰ ১২ জুলাইত ২০ মাৰ্চক আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস হিচাপে ঘোষণা কৰে।
Read More

মাৰ্ঘেৰিটা দিহিং চাহবাগিছাৰ সমিপত পথ দুৰ্ঘটনা

মাৰ্ঘেৰিটা দিহিং চাহবাগিছাৰ সমিপত পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত। দিহিং চাহবাগিছাৰ অল্ড লাইনৰ নটেল ছত্ৰিয়া (৫৭) নামৰ দিহিং চাহবাগিছাৰে শ্ৰমিক জনে নিজগৃহলৈ খোজ কাঢ়ি গৈ থকা অৱস্থাত পাছফালৰ পৰা তীব্ৰ বেগত আহি থকা AS23G 0646 নম্বৰৰ অটখনে খুণ্ডা মৰাৰ ফলত নটেল ছত্ৰিয়াৰ থিতাতে মৃত্যু হয়। ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ মৃতদেহ চমজিলৈ তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনা সংঘটিত কৰা অ'ট খন আৰক্ষীয়ে জব্দ কৰিছে যদিওঁ চালকজন পলায়ন কৰে।
Read More

পৌৰ কৰ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিবাদ

ৰাজ্যত শেহতীয়াকৈ বলবৎ কৰা অত্যাধিক পৌৰ কৰ বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে সমগ্ৰ অসম জুৰি পৌৰসভা ঘেৰাও কাৰ্য্যসূচী ৰূপায়ন কৰে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁৱতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,মৰিগাঁও জিলা সমিতিয়ে ঘেৰাও কৰে মৰিগাঁও পৌৰসভাৰ কাৰ্য্যালয়।বি জে পি ৱাক থু,বি জে পি গ' বেক,পৌৰ ক'ৰ বাতিল কৰক,আমাৰ দাবী মানি লঁওক,পৌৰপতি ওলাই আহক আদি প্ৰতিবাদী শ্ল'গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ।প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।
Read More

গৌৰীপুৰৰ ৰাজপথ কপালে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলে

বিভিন্ন দাৱীত আজি গৌৰীপুৰৰ ৰাজপথ কপালে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলে।আজি ধুবুৰী জিলাৰ গৌৰীপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনত নিয়োজিত হৈ থকা সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলে এনেদৰে বিভিন্ন দাৱীত গৌৰীপুৰৰ ৰাজপথ কপাই তোলে।মধ্যাহ্ন ভোজন এইসকল কৰ্মচাৰীয়ে দীৰ্ঘ দিনৰ পৰা ৰাজ্য চৰকাৰক বিভিন্ন দাৱী জনাই অহা সত্বেও কোনো দাৱী মানি লোৱা নাই বুলি ক্ষোভ উজাৰে।দাৱী সমৃহ হল মধ্যাহ্ন ভোজন আঁচনি অক্ষয়পাত্ৰক গতোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিৱ লাগে , মাননিৰ সলনি মজুৰি দিয়ক, মজুৰি দিব নোৱাৰিলে মাহে মাননি ১০ হেজাৰ টকা বাজেট প্ৰস্তাৱত সংযোগ কৰক ,বছৰি ১২ মাহৰ বাবেই মাননি দিয়ক, প্ৰতি মাহে মাননি দিয়াৰ ব্যৱস্থা কৰক ,বিদ্যালয় একত্ৰিত কৰাৰ ফলত…
Read More