Dipshikha

3317 Posts

সৰভোগৰ নিজদমোকাত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ

সৰভোগৰ নিজদমোকাত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ।সৰভোগৰ নিজদমোকাত মেজি ৰিৰ্চোছৰ ওচৰত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ । অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাতিপুৱা ভাগত পথাৰত গৰু দিবলৈ অহা ব্যক্তিয়ে পুখৰীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো। লগে লগে গাওবুঢ়া আৰু সৰভোগ আৰোক্ষী খৱৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় । সৰভোগ আৰোক্ষীয়ে উদ্ধাৰ কৰে এই মৃতদেহটো । কিন্তু এতিয়ালৈকে মৃতদেহটো পৰিচয় জানিব পৰা নাই । আচলতে হত্যা নে আত্মহত্যা তাৰ কোনো তথ্য লাভ কৰিব পৰা নাই আৰোক্ষীয়ে । মৰোনত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল হস্পিতালত প্ৰেৰণ কৰা হৈছে ।
Read More

দৰঙৰ খাৰুপেটীয়াত মেট্ৰিক পৰীক্ষা বাতিলৰ দাবীত ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

দৰঙৰ খাৰুপেটীয়াত মেট্ৰিক পৰীক্ষা বাতিলৰ দাবীত ছাত্ৰ ছাত্ৰীৰ উত্তাল প্ৰতিবাদ ।বিজ্ঞান আৰু অসমীয়া প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত পৰীক্ষাৰ পৰা বঞ্চিত হোৱাত ক্ষোভিত ছাত্ৰ ছাত্ৰীৰ এই প্ৰতিবাদ।খাৰুপেটীয়াৰ 15 নং ৰাষ্ট্ৰীয়পথত দুই শতাধিক ছাত্ৰ ছাত্ৰীৰ এই প্ৰতিবাদ। ছেবা গ বেক , শিক্ষামন্ত্ৰী মুৰ্দাবাদ আদি ধ্বনিৰে ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা বাতিলৰ দাবীত সাব্যস্ত কৰিলে এই প্ৰতিবাদ।
Read More

মৈৰাবাৰীৰ নিজ ধিংত ট্ৰাকৰ খুন্দাত গুৰুতৰ বাবে আহত এজন

মৈৰাবাৰীৰ নিজ ধিংত ট্ৰাকৰ খুন্দাত গুৰুতৰ বাবে আহত এজন। মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত নিজ ধিংত পশ্চিম বংগৰ পৰা অহা WB: 23D2430 নম্বৰৰ এখন 12 চকীয়া মালবাহী ট্ৰাকে খুন্দিয়াই এজন চাইকেল আৰোহীক গুৰুতৰ বাবে আহত কৰে।চাইকেল আৰোহী জনৰ নাম আব্দুল আজিজ।আব্দুল আজিজৰ ঘৰ নগাঁও জিলাৰ গায়নগাঁও বুলি জানিব পৰা গৈছে।আনহাতে গুৰুতৰ বাবে আহত আব্দুল আজিজক স্থানীয় ৰাইজে ততাতৈয়াকৈ মৈৰাবাৰী হস্পিতাললৈ লৈ আনে যদিও অৱস্থা সংকট জনক হোৱাত নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ট্ৰাক খনৰ চালকৰ লগতে ট্ৰাক খনো আৰক্ষীৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে।
Read More

পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ প্ৰধান মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্তৰ পথলিপাহাৰৰ বাসগৃহত চি আই ডিৰ অভিযান

পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ প্ৰধান মাষ্টাৰ মাইণ্ড প্ৰণৱ দত্তৰ পথলিপাহাৰৰ বাসগৃহত আজি চি আই ডিৰ অভিযান।লখিমপুৰৰ লুইত খাবলু হাইস্কুলৰ প্ৰধান শিক্ষক তথা পৰীক্ষা কেন্দ্ৰটোৰ তত্বাৱধানত থকা পথালিপাহাৰৰ প্ৰণৱ দত্তৰ ঘৰত আজি দুপৰীয়া বাৰ বজাত অভিযান চলাই আছে চি আই ডিয়ে।
Read More

চেবা অধ্যক্ষৰ পুত্তলিকা গছত চিপ দি ওলমাই প্ৰতিবাদ আছুৰ

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া প্ৰশ্নকাকত ফাদিল হোৱাৰ বিৰুদ্ধে নামৰূপ আছুয়ে শিক্ষামন্ত্ৰী ,চেবা অধ্যক্ষৰ পুত্তলিকা গছত চিপ দি ওলমাই প্ৰতিবাদ ।পুনৰ বাৰ প্ৰমাণিত হল চেবাৰ দায়িত্বৰ নমুনা।যাৰ বাবে আজি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই শিক্ষামন্ত্ৰী ৰুনোজ পেগু ,চেবা অধ্যক্ষ ৰমেশচন্দ্ৰ জৈন আৰু নয়নজ্যোতি শৰ্মাৰ পুত্তলিকা গছত চিপ দি ওলমাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, অহাকালিলৈ অনুষ্ঠিত হবলগীয়া অসমীয়া পৰীক্ষাৰ প্ৰশ্ন কাকত মবাইলে মবাইলে বিয়পি পৰাৰ পিছতে আছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে নামৰূপ সোনাৰী তিনিআলিত শিক্ষামন্ত্ৰী ৰুনোজ পেগু,চেবা অধ্যক্ষ ৰমেশচন্দ্ৰ জৈন আৰু নয়নজ্যোতি শৰ্মা পুত্তলিকা গছত চিপ দি ওলমাই চৰকাৰ বিৰোধী বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে।
Read More

প্ৰশ্ন কাকত ফাদিলক লৈ মাৰ্ঘেৰিটাত আছুৰ পুতলিকা দাহ

প্ৰশ্ন কাকত ফাদিলক লৈ মাৰ্ঘেৰিটাত আছুৰ পুতলিকা দাহ । প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া । মাৰ্ঘেৰিটাত আছুৰ উত্তাল প্ৰতিবাদ ৷ শিক্ষামন্ত্ৰীক পদত্যাগৰ দাবী ৷ অধ্যক্ষকক বহিস্কাৰ কৰাৰ দাবী মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ ।শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা দাহ ৷ মাৰ্ঘেৰিটাৰ চেগুনবাৰীত এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৱে ৷ মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ আহ্বান ।
Read More

কটাহবাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

কটাহবাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা।গঢ়চূক থানাৰ অন্তৰ্গত গুৱাহাটী কটাহবাৰিত ভয়ংকৰ পথ দৃৰ্ঘটনা ৷জানিব পৰা মতে ব্যক্তি গৰাকী বেহাৰবাৰীৰ ছবুড কুমাৰ বুলি জানিব পৰা গৈছে।আঘাতপ্ৰাপ্ত লোকজনক গঢ়চূক আৰক্ষীয়ে GMCH লৈ প্ৰেৰণ কৰিছে।
Read More

ৰাজ্যৰ শিক্ষা বিভাগত শনি লাগিছে

ৰাজ্যৰ শিক্ষা বিভাগত শনি লাগিছে।ইটোৰ পিছত সিটো দুৰ্নীতি সংঘটিত হৈছে এতিয়া শিক্ষা বিভাগত।শিক্ষা বিভাগটো ইমানেই সহজলভ্য হৈ পৰিছে যে মানুহে যি বিচাৰে সহজভাৱে উপলব্ধ হয় পৰে।টকাৰ লালসাত শিক্ষাৰ্থীৰ ভবিষ্যতকলৈ হেতালি খেলিছে একাংশ শিক্ষা বিষয়ৰ কৰ্মচাৰীয়ে।দুৰ্নীতি মুক্ত অসম গঢ় দিব খোজা হিমন্ত বিশ্ব শৰ্মা দিনতে কিন্তু এতিয়া ইটোৰ পিছত সিটো দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে।শিক্ষাৰ্থীৰ জীৱনকলৈ হেতালি খেলা মূল মাষ্টাৰমাইণ্ড অৱশেষত আত্মসমৰ্পণ কৰিলে। মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেল কৰা মাষ্টৰমাইণ্ড কুমুদ ৰাজখোৱাই।
Read More

গৌৰীপুৰত ৰাইজে আটক কৰে ড্ৰাগছ সহ এজন চাইকেল চোৰ

গৌৰীপুৰত ৰাইজে আটক কৰে ড্ৰাগছ সহ এজন চাইকেল চোৰ।গৌৰীপুৰ আৰক্ষী থানাৰ বাঘমাৰাত আজি এজন চাইকেল চোৰক আটক কৰি ৰাইজে গতাই দিয়ে গৌৰীপুৰৰ আৰক্ষীক।গাওঁখনৰ বাসিন্দা জহৰ উদ্দিন নামৰ ব্যক্তিজনৰ ঘৰৰ পৰা তিনিদিন পূৰ্বে চোৰ কৰিছিল এখন চাইকেল এখন, নিকটৱৰ্তী ১১নং ৰিভাৰ ব্লক মাজেৰচৰ গাওঁৰ মনিৰ উদ্দিন নামৰ এই চোৰে।যুৱকজনে আজি পুনৰ বাঘমাৰা গাওঁত ঘূৰা — ফুৰা কৰি থাকোতে সন্দেহ বশত:ৰাইজে চোৰজনক আটক কৰি সোধা পোছ কৰোতে জোলোঙাৰ মেকুৰী ওলাই পৰে।চাইকেলখন চুৰ কৰি নিকটৱৰ্তী মহম্মদ আলী নামৰ লোকজনৰ ওচৰত ৮০০ টকাত বিক্ৰী কৰা বুলি স্বীকাৰ কৰে এইগৰাকী চোৰ মনিৰ উদ্দিনে।তাৰ পাছত স্থানীয় ৰাইজে তেওঁৰ মোনাত তালাচী চলাওতে ওলাই পৰে হিৰ‌ইনৰ এটা কন্টিনাৰ…
Read More

লক্ষীমপুৰৰ নাৰায়ণপুৰ ভোলাবৰিত নৃশংস হত্যাকাণ্ড

লক্ষীমপুৰৰ নাৰায়ণপুৰ ভোলাবৰিত নৃশংস হত্যাকাণ্ড।স্বামী সুশান্ত বৰাই হত্যা কৰিলে পত্নী মমি বৰাক।দৰ্জা বন্ধ কৰি শোৱনি কোঠাতে নিশা পত্নীক হত্যা কৰি খিৰিকীৰে পলাই যায় হত্যাকাৰী সুশান্ত। পুৱা ভাতৃক ফোন যোগে পত্নীক হত্যা কৰাৰ খবৰ দিয়ে হত্যাকাৰী সুশান্তই।লগে লগে পৰিয়ালৰ লোকে আৰক্ষীক খবৰ দিয়ে।ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষীৰ লগতে দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে।শৰীৰত আঘাতৰ চিন স্পষ্ট। বৰ্তমানেও পলাতক অৱস্থাত আছে হত্যাকাৰী সুশান্ত বৰুৱা।হত্যাকাণ্ডৰ কাৰণ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। এগৰাকী কনমানি সন্তানৰ মাতৃ আছিল মৃত মমি বৰা।
Read More