Dipshikha

3317 Posts

লংকাৰ নখুটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

লংকাৰ নখুটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা৷ নখুটিৰ ১নং দেৱেন গাঁৱৰ চামছুদ্দিন নামৰ লোকজনৰ বাসগৃহটো সম্পূৰ্ণ ৰূপে জুইত যায়।অগ্নিকাণ্ডৰ ফলত প্ৰায় ৭/৮ লক্ষ্যাধিক টকাৰ সা-সামগ্ৰীৰ লগতে জুইত জাহ যায় পৰিয়ালটোৰ প্ৰয়োজনীয় নথি পত্ৰসমূহ।ঘৰৰ লোকসকল বাহিৰত কাম কৰিথকাৰ সময়ত সংঘটিত হয় এই অগ্নিকাণ্ড।বিদ্যুতিক ছৰ্ত ছাৰ্কিটৰ ফলতেই জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।ন-খুটি আৰক্ষীৰ দল আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নুমুৱাৱলৈ সক্ষম হয় যদিওঁ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় দুৰত হোৱাৰ বাবে গাড়ী পলম কৈ উপস্থিত হোৱাৰ অভিযোগ ৰাইজৰ।আনহাতে বৃহত্তৰ ন-খুটিত অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয় স্থাপনৰ দাবী তুলে স্থানীয় ৰাইজে।সৰ্বস্বান্ত হোৱা চামছু উদ্দিন উৰ্পে জলিল আৰু তেওঁৰ জীয়ৰীয়ে কৰযোৰে প্ৰাৰ্থনা জনাইছে যে তেওঁৰ বৰ্তমান অৱস্থাত পৰিয়াল টোৰে…
Read More

বকোৰ বিভিন্ন অঞ্চলত নিশা অহা ধুমুহা বৰষুনত বিস্তৰ ক্ষতি সাধন

বকোৰ বিভিন্ন অঞ্চলত নিশা অহা ধুমুহা বৰষুনত বিস্তৰ ক্ষতি সাধন ৷ ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰি যাতায়ত বন্ধ হৈ পৰে ৷ বৰষুণৰ মাজতে বকোৰ ৰাজাপাৰাত অঘটন। গাড়ীৰ ওপৰতে বাগৰি পৰিল প্ৰকাণ্ড গছ। বৰষুণৰ লগতে ধুমুহাৰ ফলত বকোৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে ঘটনা। ফলত বকোৰ ৰাজাপাৰাত গাড়ীৰ ওপৰতে বাগৰি পৰিল প্ৰকাণ্ড গছ।নিশা অহা ধুমুহা-শিলাবৃষ্টিৰ ফলত বকোৰ বিভিন্ন গাঁৱত বিস্তৰ ক্ষতিসাধন হোৱা‌ দেখা যায়।ধুমুহা-শিলাবৃষ্টিৰ ফলত বকোৰ বহু লোকৰ বাসগৃহৰ ক্ষতিসাধন হয়। আনহাতে বকোৰ চুকুনীয়াপাৰাৰ । ধুমুহাৰ ফলত বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে বৃহৎ বৃহৎ গছ।যাৰ ফলত আৱদ্ধ হৈ পৰিছে বহুকেইখন বাহন। একেদৰে জাৰিহাট,বন্দাপাৰা,গামেৰীমূৰা আদি গাঁও সমূহত বহু ঘৰ দুৱাৰ উৰুৱাই…
Read More

লখিমপুৰত আজিও অব্যাহত ছেবা কাণ্ডৰ প্ৰতিবাদ

লখিমপুৰত আজিও অব্যাহত ছেবা কাণ্ডৰ প্ৰতিবাদ । জিলা ছাত্র সন্হাই ওলোমালে শিক্ষা মন্ত্ৰী, ছেবাৰ অধ্যক্ষ, পৰীক্ষা নিয়ন্ত্রকৰ পুত্তলিকা। আছুৰ শ্বহীদ ভৱনৰ সমীপতে ছাত্র সন্হাই শিক্ষা মন্ত্ৰী ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ জৈন, পৰীক্ষা নিয়ন্ত্রক নয়ন শৰ্মাৰ পুত্তলিকা ওলোমাই উত্তাল প্ৰতিবাদৰ সৃষ্টি কৰে।
Read More

পাৱাৰলুমৰ গামোচা নিষিদ্ধ

পাৱাৰলুমৰ গামোচা নিষিদ্ধ।বিজনী চহৰত মহকুমা প্ৰশাসনৰ উদ্যোগত পাৱাৰলুমৰ বিৰুদ্ধে অভিযান।জব্দ গামোচা, মেখেলা চাদৰ। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পাৱাৰলুমৰ গামোচা বন্ধ কৰাৰ বাবে জনোৱা নিৰ্দেশৰ পিছতে তৎপৰ হৈ পৰিছে বিজনী মহকুমা প্ৰশাসন।ৰাজ্যৰ বিভিন্ন প্ৰান্তত পাৱাৰলুমৰ গামোচা জব্দ কৰাৰ পিছতো বিজনী মহকুমা প্ৰশাসনৰ উদ্যোগত বিজনী চহৰত অভিযান চলাই জব্দ কৰিবলৈ ৪০ খনতকৈও অধিক গামোচা আৰু মেখলা চাদৰ।থলুৱা শিপিনী সকলক উপকৃত কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লোৱা পদক্ষেপৰ অংশ হিচাপে এই অভিযান চলোৱা হয় বুলি জানিব দিয়ে বিজনীৰ সহকাৰী চক্ৰ বিষয়া ইলা বণিয়াই।এই সংক্ৰান্তত পুনৰ অভিযান চলাব বুলি উল্লেখ কৰে।
Read More

বিশ্বনাথ জিলা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ প্ৰতিকৃতি দাহ

বিশ্বনাথ জিলা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ প্ৰতিকৃতি দাহ ৷মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত পৰীক্ষা বাতিল কৰাক কেন্দ্ৰ কৰি বিশ্বনাথত আজিও চলি আছে প্ৰতিবাদ ৷ বিশ্বনাথত প্ৰতিবাদ কৰিবলৈ ওলাই অহিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতি ৷ আৰক্ষীৰ বাধা নেওচি দাহ কৰিলে শিক্ষামন্ত্ৰী ৰনোজ পেগু আৰু ছেবাৰ অধক্ষ্যৰ ৰমেশ চন্দ্ৰ জৈনৰ প্ৰতিমুৰ্তি ৷ৰণোজ পেগুৰ দৰে দায়িত্ব জ্ঞানহীন মন্ত্ৰীৰ পদত্যাগৰ দাবী ।
Read More

গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা

গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত কেইগৰাকী যাত্ৰী।গৌৰীপুৰ মলাতি খামাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।কোচবিহাৰৰ পৰা ধুবুৰীৰ অভিমুখে আহি থকা AS 17 8508 নম্বৰত দ্ৰুত বেগী যাত্ৰীবাঁহী অল্ট্ৰা বাছ খনে ধুবুৰীৰ অভিমুখে গৈ থকা টেম্পু গাড়ী এখনৰ পিছ ফালৰ পৰা সংসৰ্ষ কৰে । টেম্পুত থকা যাত্ৰী সকলে ৰাষ্ট্ৰীয় ঘাই পথত বাগৰি পৰে ফলত গুৰুত্বৰ ভাৱে আহত হয় কেইবা জন যাত্ৰী। আট্ৰা বাছ চালক জনক স্থানীয় ৰাইজে অটক কৰি আৰক্ষীৰ হাতত ছমজাই দিয়ে বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজৰ সহযোগ আৰু গৌৰীপুৰ আৰক্ষীয়ে আহত লোহত লোক সকলক উদ্ধাৰ কৰি গৌৰীপুৰ গ্ৰাম্য চিকিৎসালয় লৈ যায় বুলি জানিব পৰা গৈছে আৰু কেইবা জনক ধুবুৰী চিকিৎসালয়ত প্ৰেৰন…
Read More

প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰত্তিমুৰ্তি দাহ কাৰ্য্যসূচী

প্ৰশ্ন কাকত ফাদিলৰ সন্দৰ্ভত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰত্তিমুৰ্তি দাহ কাৰ্য্যসূচী।কেনা লাগিছে নেকি অসমৰ শিক্ষা বিভাগত ?কিয় বাৰে বাৰে ফাদিল হৈছে প্ৰশ্ন কাকত ?কেবল পৰীক্ষা বাতিল কৰিয়ে দ্বায়িত্ব সামৰি আছে নেকি ডাঃ ৰনোজ পেগুৰ শিক্ষা বিভাগে !অসমত অনুস্থিত হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২৩ বৰ্ষৰ প্ৰশ্ন কাকত বাৰে বাৰে ফাদিল হোৱা পিছত এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন । আজি সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই মৰিগাঁও চহৰৰ মাজমজিয়াত শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগুৰ প্ৰতিমূৰ্ত্তি দাহ কৰি এক বিৰল প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায় । শতাধিক ছাত্র নেতা কৰ্মীয়ে শিক্ষা মন্ত্ৰীৰ লগতে ব্যৰ্থ চৰকাৰ খনৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰে…
Read More

HSLC ৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ

HSLC ৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা বাতিলক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ।পৰীক্ষা বাতিল কৰা সিদ্ধান্তৰ পিছতেই হাহাকাৰ পৰিস্থিতি পৰীক্ষাৰ্থীৰ মাজত। চৰকাৰক সমালোচনা "নেমছু"ৰমাজনিশা হাই স্কুল শিক্ষান্ত পৰীক্ষা বাতিল কৰাৰ পিছতেই পিছতেই ৰাজ্যৰ লগতে দৰঙৰ ধূলা তো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কিছু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা কেন্দ্ৰৰ সন্মুখত ভিৰ কৰি থাকিবলৈ দেখা পোৱা যায়। পৰীক্ষা দিবলৈ আহি আধাবাটতে ঘূৰি যাব লগীয়া হৈছে পৰীক্ষাৰ্থীয়ে। এই ক্ষেত্ৰত চৰকাৰৰ লগতে শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু সন্থাই। ব্যৰ্থ শিক্ষামন্ত্ৰী গৰাকীয়ে অতি সোনকালে পদত্যাগ কৰিব লাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে NEMSUৰ দৰং জিলাৰ কাৰ্যকৰী সভাপতি মফিদুল ইসলামে।
Read More

পুনৰ জনতাৰ ওপৰত মাধমাৰ

৭.৫ শতাংশ বৃদ্ধি পাব পৌৰ কৰ।পুনৰ জনতাৰ ওপৰত মাধমাৰ।১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব পৌৰ এলেকাৰ সম্পত্তিৰ কৰনুন্যতম ৭.৫ শতাংশকৈ বাঢ়িব পৌৰ কৰপৌৰ কৰ বৃদ্ধিত অনুমোদন জনালে হিমন্ত বিশ্ব শৰ্মাই৩১ মাৰ্চৰ ভিতৰত পৌৰ এলেকাৰ অনাদায় সম্পত্তি কৰ সংগ্ৰহৰ নিৰ্দেশ বিভাগৰবিত্তীয় সংকটৰ কৰা সকাহ পাবলৈ সিদ্ধান্ত চৰকাৰৰ
Read More

কলিয়াবৰত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

কলিয়াবৰত ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ।মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত বাতিল আৰু পৰীক্ষা বাতিলৰ বিৰুদ্ধে কলিয়াবৰতো প্ৰতিবাদ । কুঁৱৰীটোল ৰাষ্ট্ৰীয় ঘাই পথত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ জনাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই । ছেৱা মূর্দাবাদ , ৰনোজ পেগু মূর্দাবাদ ধ্বনিৰে প্ৰতিবাদকাৰী সকলে উত্তাল কৰি তোলে ।
Read More