Dipshikha

3317 Posts

প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল সন্দৰ্ভত বিজনীত এবছুৰ প্ৰতিবাদ

প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল সন্দৰ্ভত বিজনীত এবছুৰ প্ৰতিবাদ।পৰীক্ষা সুচাৰুভাৱে পাতিব নোৱাৰা শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱা কাণ্ডক লৈ সৰব হৈ উঠিছে বিজনী আঞ্চলিক এবছু।প্ৰশ্নকাকত ফাদিল হোৱা বিষয়ৰ ওপৰত সমগ্ৰ অসমত বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চিৰাং জিলাৰ বিজনীতো বিজনী আঞ্চলিক এবছুৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।এবছুৱে বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰশ্নকাকত ফাদিল কৰা কাৰ্যত জড়িত লোকক শাস্তিৰ দাবী উত্থাপন কৰাৰ লগতে মেট্ৰিকৰ দৰে পৰীক্ষা এটা ভালদৰে পাতিব নোৱাৰা শিক্ষামন্ত্ৰী আৰু ছেবাক অকৰ্মণ্য আখ্যা দিয়ে।এই ক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰে এবছুৱে।
Read More

বিহুবৰত অবৈধ শিল খননত এজনৰ মৃত্যু

বিহুবৰত অবৈধ শিল খননত এজনৰ মৃত্যু।নাজিৰাত দীৰ্ঘ দিনৰ পৰা চলি অহা অবৈধ খনন কাৰ্য্যৰ বাতৰি সংবাদ মাধ্যমত বাৰমবাৰ সস্প্ৰচাৰিত হোৱাৰ পাছোতো গা নলৰিল উদ্ধতম কতৃপক্ষ্যৰ যাৰ ফলত আজি নাজিৰা বিহুবৰত সংঘটিত হল এক ভয়ংকৰ দুৰ্ঘটনাৰ। কৰ্মৰত অৱস্থাতে এজন ফকলেনৰ চালকে মৃত্যুক সাৱতি লয়। মৃত ব্যক্তিজনৰ নাম ধৃৰাজ শইকীয়া আৰু তেখেতৰ বয়স ৩১ বছৰ বুলি জানিব পৰাৰ লগতে তেখেতৰ ঘৰ লক্ষীমপুৰত বুলি জানিব পৰা গৈছে।ৰহস্য জনকভাৱে আজি ফকলেন চালকৰ মৃত্যুৰ বাতৰিটোও এক প্ৰকাৰৰ গাপ দিবলৈ চেষ্টা কৰা হৈছিল যদিও সংবাদ মাধ্যম উপস্থিত হোৱাত কিছু কথা স্পষ্ট হৈ পৰে । উল্লেখযোগ্য যে বিগত সময়টো এখন দাম্পাৰ একে এক পৰিস্থিতিত ৰসহ্যজনক ভাৱে বাগৰি…
Read More

মঙ্গলদৈৰ নিকতৱৰ্তী মোৱামাৰীত দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি

মঙ্গলদৈৰ নিকতৱৰ্তী মোৱামাৰীত দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি।প্ৰাণৰক্ষাৰ বাবে ব্যৱসায়ী পবিত্ৰ ডেকাৰ দুই জাই শূন্যলৈ গুলীচলনা।দক্ষতা বিশ্ববিদ্যালয়ৰ বাবে মাটি সংগ্ৰহকলৈ এই পৰিস্থিতি।ডাম্পাৰে স্থানীয় নিমাই সৰকাৰ নামৰ এজন বাইক আৰোহীক খুন্দিওৱাৰ পিছত হয় এই পৰিস্থিতি।ঘটনাস্থলীত মঙলদৈ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
Read More

কাজিগাওঁ আৰক্ষীৰ জিম্মাত দুগৰাকী ড্ৰাগছ সৰবৰহকাৰী

কাজিগাওঁ আৰক্ষীৰ জিম্মাত দুগৰাকী ড্ৰাগছ সৰবৰহকাৰী।দুয়োগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে খেদী— খেদী গতালে আৰক্ষীক।দীৰ্ঘ দিনৰ পৰা ধুবুৰীৰ গৌৰীপুৰ আৰু পৰ্বতঝোৰাত একাংশ যুৱকে চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।গৌৰীপুৰ আৰু কাজিগাওঁ আৰক্ষী থানাৰ আৰক্ষীয় এজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি অহা সত্বেও এতিয়াও চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা।আজি কাজিগাওঁ আৰক্ষী থানাৰ শান্তিপুৰ গাওঁত এইদুগৰাকী ড্ৰাগছ সৰবৰাহকাৰীক ৰাইজে—খেদী—খেদী আটক কৰি কাজিগাওঁ আৰক্ষীক চমজাই দিয়ে।ইতিমধ্যে কাজিগাওঁ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰমজান আলী সেখে তদন্ত অৱ্যহত ৰাখিছে।ড্ৰাগছ সৰবৰাহকাৰী দুজন হল কাজিগাওঁৰ ফিজো মুছাহাৰী (২২)আৰু শান্তিপুৰ ৰাভাপাৰাৰ গোলজাৰ হোছেন (২৪)বুলি জানিৱ পৰা গৈছে।
Read More

ধুবুৰীৰ মহামায়া উন্নয়ণ খণ্ড কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ধুবুৰীৰ মহামায়া উন্নয়ণ খণ্ড কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহক লৈ খণ্ড উন্নয়ণ বিষয়াৰ ভেকো ভাওনাৰ অভিযোগ দৰিদ্ৰ ৰাইজৰ।আজি প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহকলৈ দৰিদ্ৰ হিতাধিকাৰীয়ে ঘেৰাও কৰিলে মহামায়া উন্নয়ণ খণ্ড কাৰ্য্যালয়ত এক উত্তপ্ত পৰিস্থিতি অৱশেষত আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা পৰিলক্ষিত হয়।উল্লেখ্যযে ধুবুৰী জিলাৰ মহামায়া উন্নয়ণ খণ্ড কাৰ্য্যালয়ৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহত প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহৰ ঘৰ সমূহত টকা মোকোলাই নিদিয়াৰ বাবে আজি দৰিদ্ৰ হিতাধিকাৰী সকলে উন্নয়ণ খণ্ড কাৰ্য্যালয় ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা পৰিলক্ষিত হয়।প্ৰধান মন্ত্ৰী আৱাস যোজনা গৃহৰ ঘৰ সমূহৰ প্ৰথম আৰু দ্বিতীয় কিস্তি মোকোলাই দিয়াৰ পিছত হিতাধিকাৰী সকলোৱে ঘৰৰ কাম কৰাৰ…
Read More

কংগ্ৰেছৰ আমন্ত্ৰনত বিৰোধী শিবিৰৰ বৈঠকত নিমন্ত্ৰণ নাপালে আপ আৰু তৃণমূল কংগ্ৰেছে

কংগ্ৰেছৰ আমন্ত্ৰনত বিৰোধী শিবিৰৰ বৈঠকত নিমন্ত্ৰণ নাপালে আপ আৰু তৃণমূল কংগ্ৰেছে ।তাকে কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া ব্যক্ত আম আদমী পাৰ্টিৰ ।ভূপেন বৰাই কিয় আপক আমন্ত্ৰন নিদিলে সেই সন্দৰ্ভত আচৰ্য প্ৰকাশ আম আদমী পাৰ্টিৰ ।পাঠশালাত সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে আম আদমী পাৰ্টিৰ অসমৰ যুটীয়া সমন্বয়ক কমল কুমাৰ মেধীয়ে।আনকি ৰাষ্ট্ৰীয় নেতৃত্বৰ সতেও এই সন্দৰ্ভত কোনো যোগাযোগ হোৱা নাই বুলি স্পষ্ট কৰে কমল কুমাৰ মেধিয়ে ।মণিশ চিছোদিয়াৰ গ্ৰেপ্তাৰ সন্দৰ্ভতো কংগ্ৰেছে এতিয়া লৈ মাত নমতাত আক্ষেপ প্ৰকাশ আম আদমী পাৰ্টিৰ ।
Read More

হাঁহচৰা লাটুম গাঁৱৰ ঘটাচুকত অবৈধ মাটিখনন

হাঁহচৰা লাটুম গাঁৱৰ ঘটাচুকত অবৈধ মাটিখনন । অবৈধ মাটিখনন বন্ধৰ নামত নাটক কৰি আহিছে শিৱসাগৰৰ বনবিভাগে।যি সময়ত ৰাজ্যচৰকাৰে চিণ্ডিকেট,অবৈধ খননৰ বিৰুদ্ধ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক সেই সময়ত একাংশ অসাধু ব্যৱসায়ে ৰাজ্য চৰকাৰৰ নীতি আদৰ্শকো বুঢ়া আঙুলি দেখুৱাই চলাই নিছে অবৈধ মাটিখনন।অনুজ্ঞাপত্ৰবিহীনভাৱেই শিৱসাগৰৰ হাঁহচৰা লাটুম গাঁৱৰ ঘটাচুকত প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলাই একাংশ অসাধু ব্যৱসায়ে চলাই গৈছে অবৈধ মাটিখনন।এই অবৈধ মাটিখনন ৰোধৰ ক্ষেত্ৰত অসমৰ্থ শিৱসাগৰ বনসংমণ্ডলৰ বিষয়া।শিৱসাগৰৰ হাঁহচৰাৰ লাটুম গাঁৱৰ ঘটাচুকৰ এখন জংঘলত বিস্তৃৰ্ণ এলেকা অসাধু ব্যৱসায়ে অনুজ্ঞাপত্ৰবিহীন ভাৱে চলাইছে অবৈধ মাটিখন।আগে আগে অবৈধ মাটিখননৰ লগত জড়িত যানবাহন পিছে পিছে শিৱসাগৰৰ বনবিভাগৰ এখন বিলাসী বাহনত শিৱসাগৰৰ বনবিভাগৰ বনবিষয়া যানবাহন জব্দ কৰিবলৈ…
Read More

কলিয়াবৰত ৰহস্যজনক ভাবে উদ্ধাৰ এটি মৃতদেহ

কলিয়াবৰত ৰহস্যজনক ভাবে উদ্ধাৰ এটি মৃতদেহ ।কলিয়াবৰৰ শিলঘাট তিমনাবস্তি গাওঁত উদ্ধাৰ হৈছে এটি মৃতদেহ । নিজৰ ঘৰৰ বিছনাতে নিশা উদ্ধাৰ কৰা হয় মৃতদেহটো । মৃত লোকজনৰ নাম ৰুছন শেখ। ঘটনাস্থলীত স্থানীয় আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নাগাওঁলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ।স্থানীয় ৰাইজে এইয়া এক হত্যা কাণ্ড বুলি সন্দেহ কৰিছে । মৰণোত্তৰ পৰীক্ষাৰ পাছতহে এইয়া হত্যা নে সাধাৰণ মৃত্যুৰ ঘটনা এই কথা পোহৰলৈ আহিব ।
Read More

গৌৰীপুৰত বৃহৎ পৰিমানৰ জব্দ বাৰ্মীজ ছুপাৰী

গৌৰীপুৰত বৃহৎ পৰিমানৰ জব্দ বাৰ্মীজ ছুপাৰী ।ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অধীনৰ কালিবাৰীত আৰক্ষীয়ে জব্দ কৰে ১০১ বস্তা বাৰ্মিজ চুপাৰি ।গৌৰীপুৰ কালিবাৰী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই দুখন ECHAR বাহনত প্ৰায় ১০১ বস্তা বাৰ্মীজ ছুপাৰী জব্দ কৰে। জব্দ কৰা বাহন দুখনৰ নং AS 28A C0549 আৰু আন এখন বাহনৰ নং AS 28C 9587 বৰপেটাৰ পৰা পশ্চিম বংশ অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে গৌৰীপুৰ আৰক্ষীয়ে।জব্দ কৰা এই বাৰ্মিজ চুপাৰিৰ বজাৰ মুল্য ১২ লক্ষ্য টকা হব বুলি অনুমান কৰিছে আৰক্ষীয়ে।
Read More

হাটশিঙিমাৰীত দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদ

হাটশিঙিমাৰীত দক্ষিণ শালমাৰা মানকাচৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদLIC আৰু SBI ৰ দৰে প্ৰতিষ্ঠানৰ পৰা গৌতম আদানীৰ গ্রুপত কৰা বিপদজনক বিনিয়োগৰ বিৰুদ্ধে এক বৃহত প্ৰতিবাদী কাৰ্যসূচী ।ষ্টেট বেংকৰ সম্মুখত BJP চৰকাৰ হায় হায় ,দেশৰ সম্পদ বনীয়া গোষ্ঠীক বিক্ৰী কৰা বন্ধ কৰক ,আদানী কাণ্ডৰ তদন্তৰ বাবে JPC গঠন কৰিব লাগিব , আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।উল্লেখ্যনীয় যে SBI ৰ কাৰ্যালয়ৰ পাচত সমান্তৰাল ভাবে প্ৰতিবাদী কংগ্ৰেছী কৰ্মী সকলে হাটশিঙিমাৰী LIC ৰ অফিচত গৈ একেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তলৈ এখন লিখিত অভিযোগ দাখিল কৰে ।
Read More